অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকালৰ বিষ আৰু ইয়াৰ ফিজিঅ’থেৰাপি চিকিৎসা

কঁকালৰ বিষ আৰু ইয়াৰ ফিজিঅ’থেৰাপি চিকিৎসা

 

আমি সচৰাচৰ ভোগ কৰি থকা এটা বিষজনিত সমস্যা হ’ল কঁকালৰ বিষ।কঁকালৰ বিষ পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰতে হোৱা দেখা যায় যদিও মহিলাসকলৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণটো অলপ বেছি পৰি লক্ষিত হয়।

কঁকালৰ বিষ কি কি কাৰণত হ’ব পাৰে আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জনাৰ আগতে কঁকালটোৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ।কঁকাল বুলিলে আমি দেহৰ কোনটো অংশক বুজো আৰু এই কঁকালৰ কাম কি কি?

আমাৰ কঁকালটোৱেই আমাৰ শৰীৰৰ সৰ্বোচ্চ ভৰ বহন কৰে।এতিয়া আহো কঁকালৰ গঠনৰ বিষয়ে।আমাৰ শৰীৰত ৰাজহাড় বা মেৰুদণ্ড বুলি এডাল হাড় আছে।এই ৰাজহাড় ব মেৰুদণ্ডডাল কিছুমান খলপেৰে গঠিত,যাক আমি ‘কশেৰুকা’(Vertebra)বুলি কওঁ।

এনেকুৱা সৰ্বমুঠ ৩৩ টা কশেৰুকাৰে আমাৰ ৰাজহাড় বা মেৰুদণ্ডাল গঠিত।ইয়াৰে প্ৰথমটোক Cervical Vertebra তাৰ পিছৰ ১২ Thoracic Vertebra টাক আৰু তাৰ পিছৰ ৬ টাক Lumber Vertebra বোলে।এই ২৪ টা  Vertebra ক Presacral Vertebra বোলা হয়।বাকী ৫ টা (Fused Sacral Vertebra)আৰু ৪ টা(Fused Coccyx Vertebra) বোলে।এই ৯ টা Vertebra ক Fused Vertebra বোলা হয়।

আমাৰ ৰাজহাড় আৰু মেৰুদণ্ডডাল সাধাৰণতে দেখিবলৈ ইংৰাজী বৰ্ণমালাৰ S আখৰটোৰ দৰে।Cervical Vertebra অংশক আমি ডিঙি,Throcic Vertebra অংশক পিঠি,Lumber আৰু Sacral Vertebra অংশক একেলগে কঁকাল বুলি কোৱা হয়।আনহাতে Coccyx Vertebra অংশক Tailbone  বুলিও কোৱা হয়,যাৰ প্ৰয়োজন বাকীবোৰ Vertebra ৰ তুলনাত অলপ কম।

সাধাৰণতে ডিঙি আৰু কঁকালৰ তুলনাত আমাৰ পিঠি অংশৰ বিষ কম হোৱা দেখা যায়।

কঁকালৰ বিষ কি কি কাৰণত হ’ব পাৰে-

 

*সাধাৰণতে গধুৰ বস্তু কঢ়িওৱাৰ পিছত কঁকালৰ বিষ হোৱা দেখা যায়।

*কঁকালৰ বিষৰ এটা প্ৰধান কাৰণ হৈছে Postural Problem ।বেছি হাউলি বা কুঁজা হৈ বহিলে কঁকালৰ বিষ হোৱা দেখা যায়।সেইকাৰণে যিমান পাৰি পোন হৈ বহিবলৈ চেষ্টা কৰিব লাগে।

*কশেৰুকাবিলাকৰ মাজত এটা কোমল অংশ থাকে,যাক আমি Intervertebral Disc বুলি কওঁ।এই Intervertebral Disc  বিলাকে কশেৰুকাবিলাকৰ মাজত Shock Absover ৰ দৰে কাম কৰে।কেতিয়াবা এই কোমল অংশ বা Intervertebral Disc  ওলাই আহি স্নায়ু (Nerve)ত খুন্দা বা চেপা মাৰি ধৰে।ইয়াকে ‘শ্লীপ ডিস্ক’(Slip Disc))বোলে।এই শ্লীপ ডিস্ক কঁকালৰ বিষৰ এটা প্ৰধান কাৰণ।

*ৰাজহাড় বা মেৰুদণ্ডৰ ক্ষয় যোৱা ৰোগ হ’লেও কঁকালৰ বিষ হয়।

*লাম্বাৰ স্পণ্ডিলাইটিছ,ৰিউমেটয়ড আৰ্থ্ৰাইটিছ,এনক্লজিং স্পণ্ডিলাইটিছ আদি ৰোগৰ ফলতো কঁকালৰ বিষ হোৱা দেখা যায়।

*অষ্টিঅ’পৰোচিছ বা হাড়ত কেলচিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলতো কঁকালৰ বিষ হয়।

*ভিটামিন-‘ডি’ৰ অভাৱতো কঁকালৰ বিষ হ’ব পাৰে।

*ৰাজহাড়ৰ কেন্সাৰ হোৱা ৰোগীৰ ক্ষেত্ৰতো কঁকালৰ বিষ হোৱা দেখা যায়।

*সাধাৰণভাৱে হোৱা পানীলগা জ্বৰ আদিৰ পিছতো কেতিয়াবা কঁকালৰ বিষ হয়।

*গলব্লাডাৰ ষ্টোন,কিডনি ষ্টোন,এপেনডিক্স আদি ৰোগৰ লক্ষণ হিচাপেও কঁকালৰ বিষ হোৱা পৰিলক্ষিত হয়।

*মহিলাৰ মাহেকীয়া হোৱাৰ আগতো কেতিয়াবা কঁকালৰ বিষ হোৱা দেখা যায়।

কঁকালৰ বিষ চিনাক্তকৰণ কৰি তাৰ উপযুক্ত চিকিৎসা কৰিবলৈ কিছুমান পৰীক্ষা-পাতিৰ প্ৰয়োজন হয়।সেইবোৰ হৈছে-

 

*MRI

*CT-Scan

*X-Ray

*Ultrasonography

* HLA-B27 (বিশেষ পৰীক্ষা Ankylosing Spondylitis ৰোগৰ বাবে)

কঁকালৰ বিষৰ চিকিৎসা

 

কঁকালৰ বিষৰ বহুতো চিকিৎসা আছে,যেনে-এলোপেথিক  চিকিৎসা,আয়ুৰ্বেদিক চিকিৎসা,হোমিওপেথিক চিকিৎসা ইত্যাদি।তথাপি আজি ইয়াত কঁকালৰ বিষত ‘ফিজিঅ’থেৰাপি’(Physiotherapy)চিকিৎসাৰ ভুমিকাৰ বিষয়েহে অলপ বিশেষভাৱে আলোচনা কৰিম।

কঁকালৰ বিষ নিৰাময় কৰাৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপি চিকিৎসাই এটা গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে।কোনো ধৰণৰ দৰবৰ পাৰ্শ্বক্ৰিয়া নাই বা অস্ত্ৰোপচাৰ নকৰাকৈ কেৱল Exercise Therapy আৰু Electro Therapy চিকিৎসা পদ্ধতিৰ সহায় এই কঁকালৰ বিষৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়।ফিজিঅ’থেৰাপি চিকিৎসাতElectro Therapy  চিকিৎসাৰ সহায়ত ৰোগীজনৰ কঁকালৰ বিষটো প্ৰথমতে কমাই লোৱা হয় আৰু তাৰ পিছত Exercise Therapy  চিকিৎসাৰ অন্তৰ্গত কিছুমান Exercise ৰ দ্বাৰা কঁকালৰ মাংসপেশীবোৰ শক্তিশালী কৰি তোলা হয়।এজন কঁকালৰ বিষত ভোগা ৰোগীয়ে ফিজিঅ’থেৰাপি চিকিৎসা ভালদৰে কৰালে অস্ত্ৰোপচাৰৰ দৰে ব্যয়বহুল চিকিৎসাৰ পৰা আঁতৰত থাকিব পাৰে।

যিসকল ৰোগীয়ে কঁকালৰ বিষত ভুগি আছে,তেওঁলোকে অতি সোনকালে চিকিৎসাৰ বাবে এজন ভাল ফিজিঅ’থেৰাপি চিকিৎসকৰ কাষ চাপিব পাৰে।ইয়াতে এটা কথা ক’বলৈ বিচাৰিছো যে ফিজিঅ’থেৰাপি চিকিৎসকক দেখুৱাবলৈ অন্য চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন নাই।নিজেই ৰোগী এজনে ফিজিঅ’থেৰাপি চিকিৎসকৰ কাষ চাপিব পাৰে চিকিৎসাৰ বাবে।

আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কঁকালৰ বিষৰ সমস্যাৰ সন্মুখীন হৈছো।গতিকে যিসকল ৰোগীয়ে কঁকালৰ বিষত ভুগি আছে তেওঁলোকক মই কব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে ইয়াৰ চিকিৎসা কৰাওক।কেতিয়াবা কঁকালৰ বিষ আন কোনো ৰোগৰ উপসৰ্গও হ’ব পাৰে।তেতিয়া প্ৰকৃত ৰোগটো চিনাক্তকৰণ কৰি তাৰ চিকিৎসা কৰাটো অত্যন্ত প্ৰয়োজনীয়।

লেখক:ডা: বিপ্লৱ ভুঞা (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate