চিকিৎসক তথা সাধাৰণ ব্যক্তি প্ৰায় সকলোৱে ধাৰণা কৰে যে ৰক্তচাপ বয়স্ক লোকৰহে হয়। এ এক ভুল ধাৰণা। উচ্চ ৰক্তচাপ যি কোনো বয়সৰ লোকৰেই হ’ব পাৰে। বহু চিকিৎসকেও বিশ্বাস নকৰে যে কিশোৰ আৰু যুৱক সকলৰ মাজতো উচ্চ ৰক্তচাপ থাকিব পাৰে। চিকিৎসকসকলেও শিশু আৰু যুৱকসকলৰ ৰক্তচাপ পৰীক্ষা কৰাৰ আৱশ্যকতা অনুভৱ নকৰে। বহু চিকিৎসকৰ ওচৰত শিশুৰ ৰক্তচাপ পৰীক্ষা কৰাৰ সুবিধাই নাথাকে।
আমাৰ শৰীৰৰ ৰক্তবাহী নলীসমূহৰ মাজেৰে বৈ যাওঁতে তেজে এক পাৰ্শ্বীয় ক্ৰিয়াৰ সৃষ্টি কৰে। ফলত শৰীৰৰ আভ্যন্তৰীণ অংগবোৰে সঞ্চালিত ৰক্তৰ পৰা প্ৰয়োজনীয় পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰি তাত থকা দূষিত দ্ৰব্যবোৰক নিৰ্গত কৰিব পাৰে। সাধাৰণ ভাষাত ৰক্ত ধমনীৰ বেৰত পৰা চাপক ৰক্তচাপ বা ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। ৰক্তচাপ স্বাভাৱিক অৱস্থাত থকাটো প্ৰয়োজনীয়। যদি ৰক্তচাপ স্বাভাৱিক অৱস্থাত নাথাকে তেনেহ’লে ইয়াৰ কু-প্ৰভাৱ শৰীৰৰ অংগ-প্ৰত্যংগৰ ওপৰত পৰে।
স্বাভাৱিক অৱস্থাতকৈ ৰক্তচাপ (১৩০-৮৫) ওপৰত থাকিলে তাক উচ্চৰক্তচাপ বা হাইপাৰটেনচন বোলে। প্ৰায় ৫-১০ শতাংশ বয়স্ক লোক স্বাভাবিকভাবে উচ্চ ৰক্তচাপত ভোগে। বয়স বাঢ়ি যোৱাৰ লগে লগে ক্ৰমান্বয়ে ইয়াৰ প্ৰকোপ বাঢ়ি যায়। বয়স্ক আৰু শিশুৰ ৰক্তচাপৰ মাজত কিছু পাৰ্থক্য আছে। উচ্চ ৰক্তচাপ বয়স্কসকলৰ বাবে এক সাধাৰণ সমস্যা।
ৰক্তচাপ জোখাৰ উচিত সময় আৰু সমস্যা
মানুহৰ শৰীৰত সকলো সময়তে ৰক্তচাপ স্থিৰ হৈ নেথাকে। ৰক্তচাপ দিনৰ বিভিন্ন সময়ত বিভিন্ন ধৰনৰ কামৰ মাজত সলনি হৈ থাকে। আহাৰ গ্ৰহণ, খেলা-ধূলা, শুই থকা ইত্যাদি অৱস্থাত ৰক্তচাপৰ হীন-দেঢ়ি হয়। শিশুসকলৰ ৰক্তচাপ জোখাৰ সঠিক সময় আৰাম কৰি থকা সময়কণেই। কেতিয়াবা কেতিয়াবা শিশুৱে ডাক্তৰসকলৰ প্ৰতি অনাহকতে ভয় কৰাৰ কাৰণেও উত্তেজনা বৃদ্ধি পায় আৰু তাৰ ফলতো ৰক্তচাপ বৃদ্ধি পাব পাৰে।
শিশু অৱস্থাত হোৱা উচ্চ ৰক্তচাপৰ কাৰণ
বৰ্তমানলৈকে ৯০ শতাংশ ৰোগীৰ উচ্চ ৰক্তচাপ হোৱাৰ কাৰণ বিচাৰি উলিয়াব পৰা হোৱা নাই। উচ্চ ৰক্তচাপৰ এই অৱস্থাটোক প্ৰাথমিক উচ্চ ৰক্তচাপ বুলি কোৱা হয়। ১০ শতাংশ বয়সীয়াল ৰোগীৰি উচ্চ ৰক্তচাপ বৃক্ক, অন্ত্ৰ নলী ইত্যাদিত হোৱা ৰোগৰ বাবেও হ’ব পাৰে। উচ্চ ৰক্তচাপৰ এই অৱস্থাক দ্বিতীয় পৰ্যায়ৰ উচ্চ ৰক্তচাপ বুলি কোৱা হয়।
শিশু আৰু যুৱকসকলৰ মাজত হোৱা উচ্চ ৰক্তচাপ তেনেই চালুকীয়া অৱস্থাত থাকে। আনকি উচ্চ ৰক্তচাপৰ প্ৰাথমিক স্তৰলৈ যোৱাৰ সম্ভৱানাও ক্ষীণ। শিশু আৰু যুৱকসকলৰ মাজত উচ্চ ৰক্তচাপৰ তীব্ৰতা বৃদ্ধি পালে তাৰ উপযুক্ত চিকিৎসা কৰাব লাগে। কাৰণ তেওঁলোকৰ শৰীৰত হোৱা আন কোনো ৰোগৰ বাবেহে উচ্চ ৰক্তচাপৰ তীব্ৰতা বৃদ্ধি পায়। শিশু আৰু যুৱকসকলৰ উচ্চ ৰক্তচাপ কেতিয়াবা হঠাৎ হ’ব পাৰে বা একেৰাহেও হৈ থাকিব পাৰে।
হৃদৰোগ বা থাইৰয়ড হৰমোনজনিত কাৰণতো শিশুৰ ৰক্তচাপৰ দৰে ৰোগ হ’ব পাৰে। বৃক্ক ৰোগ, মগজুৰ অতিৰিক্ত চাপ, শৰীৰত চডিয়ামৰ মাত্ৰা বাঢ়ি যোৱা আদি কাৰণতো উচ্চ ৰক্তচাপ হ’ব পাৰে।
কেনেধৰণৰ শিশু আৰু যুৱক উচ্চ ৰক্তচাপৰ দ্বাৰা বিপদগ্ৰস্ত হ’ব পাৰে
যিসকল শিশু, যুৱকৰ পিতৃ-মাতৃ উভয়ে ৰক্তচাপত ভুগি আছে, যাৰ শৰীৰৰ ওজন বেছি, যিসকলে ধূমপান-সুৰা ইত্যাদি মাদক দ্ৰব্য সেৱন কৰে, তেনে ধৰণৰ কিশোৰ, যুৱক-যুৱতীৰ উচ্চ ৰক্তচাপত ভোগাৰ সম্ভাৱনা বেছি।
উচ্চ ৰক্তচাপৰ কাৰণ আৰু সমস্যা
উচ্চ ৰক্তচাপৰ কাৰণ, স্তৰ আৰু বয়সৰ ওপৰতহে ইয়াৰ লক্ষণসমূহ নিৰ্ভৰ কৰে। বহুতো শিশু আৰু যুৱকৰ ৰক্তচাপৰ পৰা কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়। স্বাভাৱিক অৱস্থাত মূৰ বিষোৱা, মূৰ ঘূৰোৱা, নাকৰ পৰা তেজ ওলোৱা ইত্যাদি ধৰণৰ সমস্যাই দেখা দিব পাৰে। শিশু আৰু যুৱকৰ দ্বিতীয় পৰ্যায়ৰ ৰক্তচাপ হ’লে ইয়াৰ লক্ষণসমূহৰ লগতে মূল ৰোগৰ লক্ষণসমূহো একে সময়তে প্ৰকট হয়। উচ্চ ৰক্তচাপত ভুগিলে বৃক্ক বিকল হোৱা, দেহত তেজৰ পৰিমাণ কমি যোৱা, প্ৰস্ৰাৱৰ পৰিমাণ কম-বেছি হোৱা, পিয়াহ লগা, দূৰ্বল হৈ যোৱা, ওজন কমি যোৱা, শৰীৰ হালধীয়া ৰঙৰ হৈ যোৱা ইত্যাদি ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
শিশুৰ উচ্চ ৰক্তচাপৰ লক্ষণ
শিশুৰ ৰক্তচাপ বৃদ্ধি পালে হৃদযন্ত্ৰ ক্ৰমান্বয়ে বিকল হ’বলৈ ধৰে। উশাহ-নিশাহত কষ্ট পায়। বমি হয়, মানসিক উত্তেজনা বৃদ্ধি পায়। মূৰ বিষোৱা, প্ৰস্ৰাৱ বেছিকৈ লগা, পিয়াহ অধিক লগা, ভাগৰ লগা, পেট বিষ ইত্যাদি ধৰণৰ লক্ষণসমূহো উচ্চ ৰক্তচাপৰ বাবে কিশোৰ-কিশোৰীসকলৰ মাজত দেখা দিব পাৰে।
উচ্চ ৰক্তচাপৰ বাবে শিশু, কিশোৰ, যুৱকসকলৰ ওপৰত পৰা কুপ্ৰভাৱ
উচ্চ ৰক্তচাপ কিশোৰ আৰু বৃদ্ধ লোকসকলৰ বাবে এক গভীৰ সমস্যা। বয়স বাঢ়ি যোৱাৰ লগে লগে উচ্চ ৰক্তচাপৰ তীব্ৰতা ক্ৰমান্বয়ে বৃদ্ধি পায়। বৰ্তমান প্ৰায় সকলোৱে মানি ল’ব খুজিছে যে উচ্চ ৰক্তচাপ কিশোৰ অৱস্থাত হোৱা এক দূৰাৰোগ্য ৰোগ। শিশু অৱস্থাতেই এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে বয়স বাঢ়ি যোৱাৰ লগে লগে এই ৰোগৰ তীব্ৰতা অধিক তীব্ৰতৰ হৈ যোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপক আৰম্ভণি অৱস্থাতে চিকিৎসা কৰি নিৰ্মূল নকৰিলে এই ৰোগৰ পৰা ৰোগী এজন বহু বিপদজনক অৱস্থা, যেনে- হাৰ্ট এটেক, পক্ষাঘাত, এনজাইনা, বৃক্কৰ ৰোগ, চকুৰ ৰোগ ইত্যাদিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
সাৱধানতা
হৃদৰোগ, বৃক্ক ৰোগ আদি বিশেষকৈ এই দুই ৰোগ হ’লে উচ্চ ৰক্তচাপ পৰীক্ষা কৰোৱাটো অত্যন্ত প্ৰয়োজনীয়। অন্য কেবাটিও ৰোগৰ বাবে শিশুৰ উচ্চ ৰক্তচাপ হয় বাবে ইয়াৰ কাৰণ নিৰ্ণয় কৰি উচিত চিকিৎসা কৰাটো অত্যন্ত প্ৰয়োজন।
শিশু আৰু যুৱকৰ উচ্চ ৰক্তচাপ হোৱা মুখ্য কাৰণটো নিৰ্ণয় কৰি উপযুক্ত চিকিৎসা কৰোৱালে উচ্চ ৰক্তচাপৰ পৰা সম্পূৰ্ণ ৰুপে মুক্তি পাব পৰা যায়। উচ্চ ৰক্তচাপত ভোগা কিশোৰৰ ওজন বেছি হ’লে ওজন কমোৱাটো প্ৰয়োজন।
আহাৰৰ পৰা কলেষ্টৰেল কমাই শাক-পাচলি, ফল-মূল বেছিকৈ সেৱন কৰিব লাগে আৰু শৰীৰৰ পৰাও কলেষ্টৰেলৰ মাত্ৰা কমোৱাৰ চেষ্টা কৰিব লাগে। ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি ৰক্তচাপ প্ৰতিৰোধী ঔষধ নিয়মীয়াকৈ সেৱন কৰাব লাগে। লগতে আহাৰৰ লগত নিমখৰ পৰিমাণ কমাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।
ডা: ৰুবী বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।
শেহতীয়া উন্নীতকৰণ: : 3/13/2020
ইয়াত উচ্চ ৰক্তচাপৰ বিষয়ে আলোচনা কৰা হৈছে।
অমিতা, আমলখি, মৌচম্বী, আপেল, তৰমুজ, নেমুটেঙা, দৈ-ঘ...