অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিডনি বা বৃক্কত পাথৰ হোৱা লোকৰ বাবে পথ্যাপথ্য -

কিডনি বা বৃক্কত পাথৰ হোৱা লোকৰ বাবে পথ্যাপথ্য -

 


সাধাৰণতে যিসকল লোকে পানী কম পৰিমাণে সেৱন কৰে বা শৰীৰৰ পৰা বেছিকৈ ঘাম ওলাই তেনে লোকৰ কিডনিৰ পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। উদাহৰণ স্বৰূপে পথাৰত অতিপাত ৰ'দত কাম কৰা মানুহৰ কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। কাৰণ অতিপাত ৰ'দত কাম কৰাৰ ফলত অত্যধিক ঘাম ওলায় আৰু সেই অনুপাতে পানী সেৱন নকৰাৰ ফলত পেচাবৰ পৰিমাণ কমি যায় আৰু তেতিয়াই কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আনহাতে এবাৰ কিডনিত পাথৰ হৈ যোৱা লোকৰ ভৱিষ্যত জীৱনত পুনৰ পাথৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে তেনে লোকে খাদ্যাভ্যাসৰ ওপৰত বিশেষ মনোযোগ দিব লাগে যাতে সেই খাদ্যৰ পৰা উৎপন্ন অক্সেলেটে পুনৰ পাথৰৰ সৃষ্টি কৰিব নোৱাৰে। তলত কিডনিত পাথৰ হোৱা ৰোগীসকলৰ বাবে কিছুমান পথ্যাপথ্যৰ আভাষ দিয়া হ'ল।

অপথ্য :- বেঙেনা, বীন, ভেণ্ডি, কেপ্সিকাম, বিলাহী, তিয়ঁহ, পালেং, ক'লা আঙুৰ, আমলখি, কিৱি ফল, ষ্ট্ৰবেৰি, ময়দা আৰু ময়দাৰ দ্বাৰা বনোৱা খাদ্য, অ'টচ্,অত্যধিক মিঠাবস্তু, কফি, কাজু বাদাম, চকলেট, আফিং, ৰাজমাহ, মাছৰূম, মটৰমাহ, কেলছিয়ামৰ পৰিপূৰক, অত্যধিক নিমখীয়া খাদ্য, অত্যধিক প্ৰটিনযুক্ত খাদ্য, শীতল পানীয়, অত্যধিক পিউৰিন যুক্ত খাদ্য যেনে - মাংস, মছলাযুক্ত খাদ্য, ফাষ্টফুড, পেকেটত ৰখা খাদ্য, ফুলকবি, ব্ৰুকলি, কিছুমান সাগৰীয় মাছ ইত্যাদি।
পথ্য:-

গাজৰ, তিতা কেৰেলা, আলু, মূলা, ৰঙালাও, কল, নেমু, এপ্ৰিকট, আহোম বগৰী, আপেল, আলমণ্ড, বাৰ্লি, চিৰা, মূগদাইল, মাটি মাহ, নাৰিকল আৰু নাৰিকলৰ পানী, এলোভেৰাৰ ৰস, নেমুৰ ৰস বা চাইট্ৰাচযুক্ত ফল যেনে- কমলা, মৌচুমী ইত্যাদি , মাকৈ ফলৰ ওপৰৰ ফালে থকা চুলিৰ নিচিনা অংশ, আনাৰস, দৈ, দৈৰঘোল, অমিতা, নহৰু, পাষাণভেদ বা পাতেগজা পাতৰ ৰস ইত্যাদি । কিডনিত পাথৰ হোৱা ৰোগীয়ে দৈনিক অতি কমেও বাৰ গিলাচ পানী সেৱন কৰিব লাগে। ৰাতিপুৱা খালি পেটত নেমুৰ চৰবত আৰু দৈনিক এটাকৈ কল খোৱা উচিত।

লেখক: ডা: মুকুল শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate