অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিড্‌নি ষ্ট’ন বা পাথৰ

কিড্‌নি ষ্ট’ন বা পাথৰ

 

কিড্‌নি ৰোগে এতিয়া সমগ্র বিশ্বতে এক জটিল সমস্যাৰূপে থিয় দিছে। কিড্‌নি আমাৰ শৰীৰৰ এক গুৰুত্বপূর্ণ অংগ। দেহৰ মাজেৰে প্রবাহিত তেজ কিড্‌নিয়ে শোধন কৰে আৰু বৰ্জনীয় পদাৰ্থবোৰ মলমূত্ৰৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। আৰু এনেকৈয়ে আমি সুস্থ থাকো। এই কিড্‌নি ভালদৰে কাৰ্যক্ষম হৈ নাথাকিলে জটিল শাৰিৰীক সমস্যাত ভুগিব লগা হ’ব পাৰে। কিড্‌নি সমস্যাৰ প্ৰথম অৱস্থাটোৱে হৈছে কিড্‌নি ষ্ট’ন বা কিড্‌ত পাথৰ জমা হোৱা। যদি সঠিকভাবে শৰীৰৰ ক্ষতিকাৰক টক্সিনবোৰ বাহিৰ কৰি দিয়া নহয়, তেন্তে কিড্‌নিত পাথৰ হোৱাতো স্বাভাৱিক।

বিশেষজ্ঞসকলৰ মতে, ডি-হাইড্ৰেছন, অত্যধিক মদ্যপান, বংশগত কাৰণ, অত্যধিক ওজন বা অনিয়মীয়া খাদ্যগ্ৰহণৰ ফলতো কিড্‌নিত পাথৰ জমা হ'বলৈ আৰম্ভ কৰে। কিড্‌নিত পাথৰ হ’লে অতিমাত্ৰা বিষ অনুভৱ হোৱাৰ লগতে মূত্ৰনলী বন্ধ হৈ যোৱাৰ ফলত প্ৰস্ৰাৱ কৰিবলৈ অসুবিধা হয়। এনে অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো বিকল্প নাথাকে। সেয়ে আগতীয়াকৈ জানিলে অর্থাৎ পাথৰ সৰু হৈ থকাৰ অৱস্থাতে ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ সেৱন আৰু খাদ্যাভ্যাস পৰিবৰ্তনৰ জৰিয়তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ, কাৰণ সৰু আকৃতিৰ পাথৰ সাধাৰণতে প্ৰস্ৰাৱৰ লগতে বাহিৰ হৈ যায়।

ঘনে ঘনে বিভিন্ন কাৰণত প্ৰস্ৰাৱ হ’ব পাৰে। তাৰ ভিতৰত কিড্‌নিত পাথৰ জমা হোৱাতো অন্যতম কাৰণ। বেছিভাগ ক্ষেত্ৰতে পেট বেয়া হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। ইয়াৰ লগতে বমি বমি ভাবো হ’ব পাৰে। সাধাৰণতে, বুকুৰ ঠিক তলত, পিঠিত আৰু পেটৰ কাষত বিষ হয়। তলপেটতো প্রচণ্ড বিষ হয়। প্ৰস্ৰাৱৰ জ্বলাপোৰা হ’ব পাৰে। প্ৰস্ৰাৱৰ ৰং ঘোলা হ’লে কেৱল কিড্‌নিৰ পাথৰেই নহয় নানা ধৰণৰ সংক্রমণো হ’ব পাৰে। এনে সমস্যা হ’লে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব লাগে। এনে সমস্যা হ’লে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব লাগে। কিড্‌নীৰ সমস্যা হ’লে জ্বৰ হ’ব পাৰে। শৰীৰ গৰম হৈ গ’লে নিয়ন্ত্ৰণত অনাৰ ব্যৱস্থা কৰিব লাগে। অত্যাধিক ঘামিলেও কিড্‌নি সমস্যাৰ লক্ষ্য হ’ব পাৰে। যদি প্ৰস্ৰাৱৰ ৰং ৰঙা বা গুলপীয়া হয় আৰু দুৰ্গন্ধযুক্ত হয়, তেন্তে পলম নকৰি চিকিৎসকৰ কাষ চাপিব লাগে

পর্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে। তদুপৰি কিছুমান বিশেষ খাদ্য আপোনাৰ খাদ্য তালিকাত ৰাখিলেও কিড্‌নীত পাথৰ হোৱাৰ পৰা মুক্তি পাব পাৰিব।

ধনিয়া পাতৰ ৰসে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে। ই প্ৰ'টিন আৰু ভিটামিন চি সমৃদ্ধ, যিয়ে কিড্‌নিক পাথৰ হোৱাৰ পৰা মুক্তি দিয়ে। সেয়ে ধনিয়া পাত কেঁচাকে বা ৰস প্রস্তুত কৰি পান কৰিব পাৰে।

তুলসী পাতৰ অনেক গুণ। নানা ধৰণৰ ৰোগৰ ঔষধ তুলসী। তুলসী ৰসত মৌ মিহলাই নিয়মিত খালে কিড্‌নিত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়। বেদনা বা ডালিমৰ ৰসো কিড্‌নি পাথৰ দূৰ কৰাত উপকাৰী।

উৎস: সাদিন।

 

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate