অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিমান ধৰণৰ জীৱাণু বহন কৰে মাখিয়ে :

কিমান ধৰণৰ জীৱাণু বহন কৰে মাখিয়ে :

 

মাখিয়ে নানা ধৰণৰ ৰোগৰ জীৱাণু কঢ়িয়াই ফুৰে বুলি আমি সকলো অৱগত। কিন্তু এই ধাৰণাৰ বাস্তৱ ভিত্তি কি, কিমান ৰোগৰ বীজাণু বহন কৰে মাখিয়ে সেই সন্দৰ্ভত কোনোধৰণৰ নিৰ্দিষ্ট তথ্য নাছিল। কিন্তু শেহতীয়াভাৱে এই অজানা তথ্য উদঘাটন কৰিছে বিজ্ঞানীসকলে। গৱেষকসকলৰ মতে আমি ভবাতকৈও বহু বেছি ৰোগৰ জীৱাণু বহন কৰে মাখিয়ে। মাখিৰ ডি এন এ বিশ্লেষণ কৰি গৱেষকসকলে জানিবলৈ দিয়া মতে ঘৰৰ সাধাৰণ মাখি আৰু নীলা মাখিয়ে ৬০০ তকৈও অধিক ৰোগৰ বীজাণু কঢ়িয়ায়। ইয়াৰ মাজত বহু জীৱাণু মানুহৰ শৰীৰৰ সংক্ৰমণৰ বাবে দায়ী, যাৰ মাজত আছে পেটৰ অসুখৰ বাবে দায়ী জীৱাণু, তেজত বিষক্ৰিয়া ঘটোৱা আৰু নিউম’নিয়াৰ জীৱাণু। পৰীক্ষাত দেখা গৈছে যে মাখিয়ে এই সকলো জীৱাণু এখন ঠাইৰ পৰা অন্য এঠাইলৈ সিহঁতৰ ভৰি আৰু ডেউকাৰ মাধ্যমেৰে কঢ়িয়ায়। গৱেষকসকলে আৰু কৈছে যে মাখিয়ে তাৰ প্ৰত্যেকটো খোজতে সক্ৰিয় জীৱাণু এৰি দিবলৈ সক্ষম। বিবিচিক দিয়া সাক্ষাৎকাৰত পেন ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষক-অধ্যাপক ড’নালড ব্ৰায়ন্টে কৈছে যে এই গৱেষণাত ডি এন এৰ বিন্যাস পদ্ধতি ব্যৱহাৰ কৰি ঘৰৰ মাখি আৰু নীলা মাখিৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা আণুবীক্ষণিক জীৱাণু পৰীক্ষা কৰা হৈছে। দেখা গৈছে ঘৰৰ মাখি, যি পৃথিৱীৰ বিভিন্ন দেশত উপলব্ধ সেইবোৰে ৩৫১ ধৰণৰ ৰোগৰ বীজাণু বহন কৰে। একেদৰে নীলা মাখি, যিবিলাক প্ৰধানতঃ গৰম দেশসমূহত দেখা পোৱা যায়, সেইবোৰে ৩১৬ ধৰণৰ ৰোগৰ বীজাণু বহন কৰে। ইয়াৰ মাজতে বেছিভাগ জীৱাণু দুয়ো ধৰণৰ মাখিয়ে বহন কৰে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate