অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশক দ্ৰব্য আৰু ডায়েবেটিছঃ

কীটনাশক দ্ৰব্য আৰু ডায়েবেটিছঃ

 

কীটনাশক দ্ৰব্যৰ সামান্য পৰিমাণেই কীট-পতংগৰ মৃত্যু ঘটাব পাৰে। কিন্তু তামিলনাডুত কৰা এক কৌতূহলোদ্দীপক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে অতি সামান্য পৰিমাণৰ কীটনাশক দ্ৰব্য দীৰ্ঘদিন ধৰি সেৱন কৰিবলগীয়া হ’লে মানুহৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ কৃষিকাৰ্যত জড়িত ব্যক্তিসকলৰ যিসকলে কীটনাশক দ্ৰব্য মিহলি কৰে আৰু ছটিয়াই তেওঁলোকৰ ডায়েবেটিছ হ’ব পাৰে।

অধ্যয়ন কৰিছিল মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে। তেওঁলোকৰ মতে আমাৰ উদৰত থকা কেতবোৰ বেক্টেৰিয়াই কীটনাশক দ্ৰব্য ৰাসায়নিকভাৱে চূৰ্ণ কৰি এচিটিক এচিডৰ লেখীয়া হ্ৰস্ব শৃংখলাযুক্ত দ্ৰব্য তৈয়াৰ কৰে আৰু অৱশেষত গ্লুক’জৰ সৃষ্টি বৰ্ধিত কৰে। এটা সময়ত গ্লুক’জ অসহন সৃষ্টি হৈ ডায়েবেটিছ ৰোগ হয়। আমাৰ শৰীৰত প্ৰায় ৩৫ লক্ষ কোটি কোষ থাকে। শৰীৰৰ বহিৰ্ভাগ আৰু অন্তৰ্ভাগত তাৰ তিনিগুণ বেক্টেৰিয়া থাকে। পাকস্থলী আৰু অন্ত্ৰত থাকে ৩,০০০-৪,০০০ প্ৰজাতিৰ বেক্টেৰিয়া। ইয়াৰ ভিতৰত ভাইৰাছ আৰু অন্যান্য অণুজীৱৰ হিচাপ ধৰা নাই। বেক্টেৰিয়াসমূহৰ কিছুসংখ্যক অপকাৰী, কিছুসংখ্যক নিৰ্লিপ্ত আৰু কিছুসংখ্যক উপকাৰী। শেহৰ বেক্টেৰিয়াখিনিয়ে উদৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে আৰু ইহঁতক প্ৰোবায়’টিক বোলা হয়। এই তথ্যৰ ভিত্তিতে বিশ্বজুৰি প্ৰোবায়’টিকৰ বজাৰ এখন গঢ়ি উঠিছে। মাদাৰ ডেইৰী, আমুল আৰু নেষ্টলে ইণ্ডিয়া আদিয়ে প্ৰোবায়’টিকযুক্ত খাদ্য আৰু পানীয় উৎপাদনত মুখ্যস্থান অধিকাৰ কৰিছে। এই কাম কৰিছে লেক্ট’বেছিলাছ আৰু বাইফিড’বেক্টেৰিয়া ব্যৱহাৰ কৰি। এই বেক্টেৰিয়াই উদৰৰ ব্যাধি উপশম কৰিব পাৰে। আমাৰ অন্ত্ৰ উপকাৰী আৰু অপকাৰী অণুজীৱৰ ভঁৰাল। দেখা গৈছে এথেৰ’স্কেলৰ’ছিছ, মেদবহুলতা, আন্ত্ৰিক ৰোগ, মানসিক ৰোগ আদি হ’লে উদৰৰ অপকাৰী অণুজীৱসমূহ অধিক সক্ৰিয় হ’ব পাৰে। এই তথ্যই ফলপ্ৰসূ নতুন ঔষধ আৰু চিকিৎসা প্ৰক্ৰিয়া সৃষ্টি কৰাত সহায় কৰে। উদৰৰ উপকাৰী বেক্টেৰিয়া উৎপৰিৱৰ্তিত নিগনিক খুৱাই মাল্টিপ’ল স্কেলৰ’ছিছ আৰু ৰিউমেটয়ড সৃষ্ট উদৰৰ প্ৰদাহ উপশম ঘটাবলৈ সক্ষম হৈছে। আন্তৰ্জাতিক কোম্পানী ফাইজাৰে উদৰৰ প্ৰদাহ উপশম কৰিব পৰা ঔষধৰ পৰীক্ষা-নিৰীক্ষা কৰি আছে। প্ৰসংগক্ৰমে ব্যৱহৃত নিগনিবোৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াসদৃশ কৰি লোৱা হৈছে।

কাৰেণ্ট ছায়েন্স জাৰ্নেলত প্ৰকাশিত এটা নিৱন্ধত এইবুলি সকিয়াই দিয়া হৈছে যে যদিহে ভাৰতীয় বিজ্ঞানীসকল সজাগ নহয়, তেনেহ’লে তেওঁলোক উদৰৰ ৰহস্য ভেদ কৰাৰ ক্ষেত্ৰত অন্যান্য দেশৰ বিজ্ঞানীসকলতকৈ পিছ পৰি থাকিব। ইতিমধ্যে অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইন, চীন, কানাডা, জাপান, ইউৰোপিয়ান ইউনিয়ন আদি দেশবোৰত উদৰ প্ৰকল্পৰ কাম ক্ষীপ্ৰগতিত আগবাঢ়িছে। ভাৰতৰ পুনে নেচনেল চেণ্টাৰৰ কোষ বিজ্ঞানী যোগেশ চৌছে আৰু শেখৰ মান্দেৰ মতে ভাৰতীয়সকলৰ উদৰৰ বেক্টেৰিয়া বৈশিষ্ট্যপূৰ্ণ। আমাৰ দেশত এনে এটা প্ৰকল্প আৰম্ভ কৰিবলৈ হ’লে বহু বিভাগীয় নৈপুণ্য আৰু যথেষ্ট ধন যোগানৰ প্ৰয়োজন হ’ব।

জিন’ম বায়’লজী জাৰ্ণেলত এক অধ্যয়নৰ ওপৰত যুগুতোৱা নিবন্ধ এটা প্ৰকাশ হৈছে। এই অধ্যয়নত মাদুৰাই জিলাৰ ৱাড়াপালানজি পঞ্চায়তৰ ৩,০৮০ জন কৃষকৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল। নিবন্ধত কোৱা হৈছে যিসকল কৃষকে ডায়েবেটিছ ৰোগত ভোগে, তেওঁলোকে নিয়মিতভাৱে অৰ্গেন’ফচফেটিক কীটনাশক দ্ৰব্য মিহলি কৰিছিল অথবা ছটিয়াইছিল। এই কৃষকসকলৰ শতকৰা ১৮.৩ ভাগৰেই ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। প্ৰসংগক্ৰমে এই মানুহখিনিৰ মেদবহুলতা, তেজৰ কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি আৰু শাৰীৰিক শ্ৰমৰ অভাৱ হোৱা নাছিল। উক্ত কীটনাশক দ্ৰব্যই স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ ওপৰত ক্ৰিয়া কৰি কীট-পতংগ আৰু স্তন্যপায়ী জন্তুৰ মৃত্যু ঘটায়। কিন্তু যদি নিগনিক কম মাত্ৰাত এই কীটনাশক দ্ৰব্যৰ সংস্পৰ্শলৈ অনা হয়, তেতিয়া তেজৰ এচিটাইকলিনিষ্টাৰেজৰ মাত্ৰাৰ পৰিৱৰ্তন হয়। উক্ত কীটনাশক দ্ৰব্যৰ মাত্ৰা বৃদ্ধি কৰিলে ধীৰে ধীৰে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হয় আৰু গ্লুক’জ অসহনৰ মাত্ৰাও বৃদ্ধি হয়। ইয়াৰ ফলতেই ডায়েবেটিছ ৰোগ হয়।

এই প্ৰসংগত উদৰৰ অণুজীৱৰ বৰঙণি কি সেই কথা জানিবলৈ গৱেষকসকলে অৰ্গেন’ফচফেটিক বীজাণুনাশক দ্ৰব্যৰ সংস্পৰ্শলৈ অহা নিগনিৰ বিষ্ঠা স্বাভাৱিক নিগনিৰ শৰীৰত সংৰোপণ কৰা হৈছিল। দেখা গৈছিল যে ইযাৰ ফলত স্বাভাৱিক নিগনিৰো গ্লুক’জ অসহন বৃদ্ধি হৈছিল। মানুহৰ ক্ষেত্ৰতো এই পৰীক্ষা কৰি একেধৰণৰ ফলাফল পোৱা গৈছে। এই তথ্যৰ পৰা থিৰাং কৰিব পাৰি যে কীটনাশক দ্ৰব্যৰ সংস্পৰ্শলৈ বাৰম্বাৰ আহিলে মানুহৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate