অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেলচিয়াম ছাপ্লিমেন্ট সেৱনৰ ফলত হৃদৰোগ হ’ব পাৰে:

কেলচিয়াম ছাপ্লিমেন্ট সেৱনৰ ফলত হৃদৰোগ হ’ব পাৰে:

কেলচিয়াম ছাপ্লিমেন্ট সেৱনৰ ফলত হৃদৰোগ হ’ব পাৰে: কেলচিয়ামে আমাৰ শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবিধ খনিজ উপাদানে শৰীৰক অধিক শক্তি আহৰণত সহায় কৰে, বিশেষকৈ হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে। শৰীৰত কেলচিয়ামৰ অভাৱে হাড় দুৰ্বল কৰি তোলে। শৰীৰৰ দাঁত আৰু হাড় মজবুত কৰি ৰাখিবলৈ কেলচিয়াম অতিকৈ প্ৰয়োজনীয়। আমি ইয়াৰ উপলব্ধি কৰিব লাগে। ই শৰীৰত এনে কিছুমান কাম কৰে, যাৰ অবিহনে আমাৰ শৰীৰ বিকল হৈ পৰিব। আপোনাৰ বাবে দৈনিক কিমান পৰিমাণৰ কেলচিয়ামৰ প্ৰয়োজন- সেই কথা আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। মহিলাৰ পঞ্চাছ বছৰ বয়সলৈকে নিয়মিতভাৱে দৈনিক ১০০০ মিঃগ্ৰাঃ কেলচিয়ামৰ প্ৰয়োজন। ৫০ বছৰৰ ঊৰ্ধৰ হ’লে ইয়াৰ পৰিমাণ ১২০০ মিঃগ্ৰাঃলৈ বৃদ্ধি কৰিব লাগে। আনহাতে পুৰুষক ৭০ বছৰ বয়সলৈকে ১০০০ মিঃগ্ৰাঃ নিয়মিতভাৱে আৰু ৭০ বছৰৰ পিছত নিয়মিতভাৱে ১২০০ মিঃগ্ৰাঃ কেলচিয়ামৰ প্ৰয়োজন। বিশেষজ্ঞ এৰিন মাৰ্কছে কয় যে ছাপ্লিমেন্টৰ জৰিয়তে গ্ৰহণ কৰা অতিৰিক্ত মাত্ৰাৰ কেলচিয়ামে আপোনাৰ স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে। যদি আপুনি ছাপ্লিমেন্টৰ জৰিয়তে শৰীৰত অতিৰিক্ত কেলচিয়ামৰ যোগান ধৰি আহিছে, তেন্তে ই আপোনাক বিপদত পেলাব পাৰে। শেহতীয়াকৈ বিজ্ঞানীসকলে চলোৱা এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে ছাপ্লিমেন্টৰ জৰিয়তে শৰীৰত অধিক পৰিমাণৰ কেলচিয়াম যোগান ধৰাৰ ফলত হৃদৰোগ আৰু ধমনীত ‘প্লেক’ জমা হোৱাৰ আশংকাই দেখা দিয়ে। আমেৰিকাৰ জন্স হপকিন্স ইউনিভাৰচিটি স্কুল অব মেডিচিনৰ বিশেষগই শৰীৰত অতিৰিক্ত পৰিমাণৰ কেলচিয়ামৰ প্ৰতিক্ৰিয়াৰ বিষয়ে দহ বছৰত ২৭০০ গৰাকী লোকৰ ওপৰত গৱেষণা চলাইছিল। উক্ত গৱেষণাৰ পিছত পোৱা তথ্যৰ মতে ছাপ্লিমেন্টৰ ৰূপত লোৱা অতিৰিক্ত কেলচিয়ামে হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰমাণিত হৈছে। ইউনিভাৰচিটি অব নৰ্থ কেৰ’লিনাৰ জন এণ্ডাৰচনে এইক্ষেত্ৰত কয় যে শৰীৰত যোগান ধৰা অতিৰিক্ত কেলচিয়ামে হাড়ত পৰিৱৰ্তে আন কোমল অংগত থিতাপি লয়। বৃদ্ধাৱস্থাত ছাপ্লিমেন্টৰ ৰূপত লোৱা কেলচিয়াম হাড়লৈ গৈ নাপায়। কেলচিয়ামৰ বিভিন্ন নেতিবাচক দিশৰ বিষয়ে আমি ওপৰত উল্লেখ কৰিছো। এতিয়া শৰীৰত কিয় অতিৰিক্ত কেলচিয়ামৰ যোগান ধৰিব নালাগে, সেই কথাও এই প্ৰসংগতে চমুকৈ আলোচনা কৰো। হৃদৰোগৰ সমস্যা: গৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে যে যিসকল লোকে ছাপ্লিমেন্টৰ জৰিয়তে শৰীৰত অতিৰিক্ত কেলচিয়ামৰ যোগান ধৰে, তেনে লোকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া যিকোনো সময়তে বন্ধ হোৱাৰ আশংকা বৃদ্ধি পায়। যিসকল লোকে দৈনিক ১০০০ মিঃগ্ৰাঃতকৈ অধিক কেলচিয়াম ছাপ্লিমেন্ট গ্ৰহণ কৰে তেনে লোকৰ হঠাৎ মৃত্যু হোৱাৰ আশংকা ২০ শতাংশতকৈ অধিক হয়। প্ৰোষ্টেট কেন্সাৰ: কেলচিয়াম ছাপ্লিমেন্টৰ আধিক্যই পুৰুষৰ প্ৰোষ্টেট গ্ৰন্থিৰ কেন্সাৰ হোৱাত সহায় কৰে। প্ৰোষ্টেট গ্ৰন্থিৰ পৰা বীৰ্য উৎপন্ন হয়। আৰু এইবিধ তৰল দ্ৰব্যই শুক্ৰাণুক কঢ়িয়াই জননাংগইদি নিৰ্গত কৰাত সহায় কৰে। কেলচিয়াম ছাপ্লিমেন্টৰ সলনি কেলচিয়ামযুক্ত খাদ্য খালে প্ৰোষ্টেট গ্ৰন্থিৰ সমস্যা নহয়। গৱেষণাৰ ফলত এইটোও জানিব পৰা গৈছে যে ছাপ্লিমেন্ট গ্ৰহণৰ ফলত মহিলাৰ স্তন কেন্সাৰ হোৱাৰ আশংকাও বৃদ্ধি পায়। হাড় ভগাৰ সম্ভাৱনা: বিজ্ঞানীসকলে চলোৱা এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে ছাপ্লিমেন্ট গ্ৰহণৰ ফলত কিলাকুটিৰ হাড় ভঙাৰ সম্ভাৱনা বাঢ়ে। হাড় শক্তিশালী কৰি ৰখাৰ বাবে কেলচিয়াম ছাপ্লিমেন্ট খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কেলচিয়াম ছাপ্লিমেন্ট তেনেহ’লে হাড়ৰ বাবে কিয় অনুপযোগী হৈ উঠে? যদি আপুনি শৰীৰত হঠাৎ কেলচিয়ামৰ পৰিমাণ ছাপ্লিমেন্ট সেৱনৰ জৰিয়তে বৃদ্ধি কৰে তেন্তে আমাৰ শৰীৰৰ হাড়ে বৰ্ধিত কেলচিয়াম শোষণ কৰিব নোৱাৰা হয়। ফলত এই অতিৰিক্ত কেলচিয়াম পেচাবৰ সৈতে বাহিৰ হৈ যায়। কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা: শৰীৰত অধিক পৰিমাণৰ কেলচিয়াম প্ৰৱেশ কৰিলে কিডনিলৈ গুচি যায়। পিছত কিডনিৰ পৰা পেচাৱৰ সৈতে বাহিৰলৈ ওলাই যায়। আনহাতে কিছু কেলচিয়াম কিডনিত জমা হৈ ৰৈ যায়। পিছত এইবিলাক সৰু সৰু কেলচিয়ামৰ টুকুৰাত পৰিণত হয়গৈ আৰু পাথৰৰ আকাৰ লয়। যাক ‘কেলচিয়াম পাথৰ’ বুলি কোৱা হয়। সেয়ে কেলচিয়াম ছাপ্লিমেন্ট অথবা কেলচিয়াম টেবলেট চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ খাব নালাগে। অতিৰিক্ত মাত্ৰাৰ কেলচিয়ামে শোষক তন্ত্ৰৰ অৱশোষণত বাধাৰ সৃষ্টি কৰে। কেলচিয়াম ছাপ্লিমেন্টে আয়ৰণ, জিংক, মেগনেছিয়াম আৰু ফচফৰাছ অৱশোষণ প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে। যদি শৰীৰত প্ৰয়োজনীয়তকৈ অধিক মাত্ৰাত কেলচিয়াম থাকে, তেন্তে আয়ৰণ, জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলেও শৰীৰে এই দ্ৰব্যসমূহ শোষণ কৰিব নোৱাৰা হয়। কাৰণ কেলচিয়ামে ইয়াৰ অৱশোষণত বাধা দিয়ে। উপায়: কেলচিয়াম ছাপ্লিমেন্টৰ পৰিৱৰ্তে কেলচিয়ামযুক্ত খাদ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ শৰীৰ নিৰোগী হোৱাৰ লগতে কোনোধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়। সেয়ে আহাৰৰ তালিকাত বাদাম, কেলচিয়ামযুক্ত শাক-পাচলি, গাখীৰ আৰু দুগ্ধজাত খাদ্য অন্তৰ্ভূক্ত কৰক।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 12/21/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate