অংশিদাৰী

কৰʼনা ভাইৰাছ

কৰʼনা ভাইৰাছ ৰোগ কি? ক’ৰণা ভাইৰাছৰ সংমণৰ লক্ষণবোৰ। হোম কোৱাৰেন্টিন কি? কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লবলগীয়া পদক্ষেপবোৰ আৰু অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা

কৰʼনা ভাইৰাছ

কৰʼনা ভাইৰাছ ৰোগ কি? কৰʼণা ভাইৰাছৰ সংমণৰ লক্ষণবোৰ। হোম কোৱাৰেন্টিন কি? কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লবলগীয়া পদক্ষেপবোৰ আৰু অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা

কৰ'না ভাইৰাছ ৰোগ

ধীৰে ধীৰে সমগ্ৰ বিশ্বৰ বুকুত বিয়পি পৰিব ধৰা কৰ'না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিজ্ঞানীজগত তৎপৰ হৈ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থ্যাই কৰ'নাক মহামাৰী ৰোগ বুলি ঘোষণা কৰিছে। কিদৰে আক্ৰান্ত ৰোগীসকলক চিনাক্ত কৰা যাব আৰু চিনাক্তকৰণৰ পিচত চিকিৎসা চলোৱা যাব তাৰো নীতি-নিৰ্দেশনা তৈয়াৰ কৰিছে। কোৱা হৈছে যে মানুহে জীৱনকালত কিবা নহয় কিবা কৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। সুস্থ হৈ উঠে আৰু কেইমাহমানৰ পিচত পুনৰ সংক্ৰমিত হ’ব পাৰে। মানুহৰ দেহত ৬ ধৰণৰ কৰ'না ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। যেনে- আলফা কৰ'না(NL63, 229E), বিটা কৰ'না ভাইৰাছ(HKU1 আৰু OC43) আৰু বাকী দুটা ছাৰ্ছ আৰু মাৰ্চ পৰিচিত প্ৰাণঘাতী ভাইৰাছ হিচাপে। ক’ভিড-১৯ এবিধ নতুন কোৰোনা ভাইৰাছ বুলি ধাৰণা কৰা হৈছে। হিউমেন কৰ'না ভাইৰাছ বিয়পাৰ কাৰণ মানুহ নিজেই। কৰ'না ভাইৰাছে সাধাৰণতে এজন ব্যক্তিৰ শ্বাসনলীক প্ৰভাৱিত কৰে। শ্বাসনলীত সংক্ৰমিত তৰল কাহ বা হাঁচিওৱাৰ সময়ত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি যায় বতাহৰ মাজেৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ স্পৰ্শ বা তেওঁ স্পৰ্শ কৰা বয়বস্তুৰ মাজেৰে সংক্ৰমিত হ’ব পাৰে। এই ভাইৰাছৰ লক্ষণ NL63, আৰু 229E, HKU1 আৰু OC43ৰ বাবে হোৱা ফ্লুৰ দৰেই।

ক’ৰণা ভাইৰাছৰ সংমণৰ লক্ষণ:

চৰ্দি, ডিঙিৰ বিষ, কাহ, মূৰৰ বিষ, জ্বৰ, হাঁচি, অৱসাদ, শ্বাসকষ্ট, নিউম’নিয়া আৰু কোনো কোনো ক্ষেত্ৰত ডায়েৰিয়া আৰু বমি।

এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যায়। বয়স্কসকল সহজে আক্ৰান্ত হ’ব পাৰে। ইতিমধ্যে যিসকলে কাহ, নিউমোনিয়া, শ্বাসনলীৰ ব্যাধিত ভোগা বা অন্যান্যধৰণে অসুস্থ ৰোগীৰ দুৰ্ভাৱনা অধিক। কৰ'না আক্ৰান্তই শ্বাসকষ্ট, কিডনীৰ সমস্যা, ডায়েৰিয়াত ভুগিব পাৰে আৰু শেহত মৃত্যুক সাবটিও ল’বলগা হ’ব পাৰে। হিউমেন কৰ'না ভাইৰাছৰ সঠিক চিকিৎসাৰ উপায় উদ্ভাৱন হোৱা নাই। ভেকচিনৰ গৱেষণা চলিছে। আমেৰিকাই ভেকচিন উদ্ভাৱন কৰা বুলি দাবী কৰিছে, কিন্তু ফলাফল এই পৰ্যন্ত জানিব পৰা নাই। মজলীয়াধৰণৰ উপসৰ্গসমূহত বিষ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধো প্ৰয়োগ কৰা হৈছে।

হোম কোৱাৰেন্টিন কি?

কৰ'না ভইৰাছৰ এক প্ৰতিৰোধমূলক ব্যৱস্থাৰ নাম ‘হোম কোৱাৰেন্টিন’। হোম কোৱাৰেন্টিন হ’ল চৈধ্য দিন নিজ গৃহত আবদ্ধ হৈ ৰোগ প্ৰতিৰোধৰ চেষ্টা চলোৱা এক সুৰক্ষা ব্যৱস্থা, যাতে জনসমাগমলৈ আহি ৰোগ বিয়পাব নোৱাৰে। এইবিধ ভাইৰাছৰ ৰোগৰ লক্ষণ প্ৰকাশ পাবলৈ চৈধ্য দিন লাগে। গতিকে এইকেইদিন ৰোগত আক্ৰান্ত হ’ব পৰা সন্দেহজনক ব্যক্তিগৰাকীক ‘গৃহবন্দী’ কৰি ৰাখি পৰ্যবেক্ষণ কৰা হয়। পিচে কোনো এজন এনেদৰে কোৱাৰেন্টিন হ’ব লগা হ’লে তেওঁ কি কৰিব? নিজৰ শোৱনি কোঠাত থাকক, সম্ভৱ হ’লে পৃথক শৌচাগাৰ, স্নানাগাৰ ব্যৱহাৰ কৰক। নিজৰ কাপোৰ ব্যৱহাৰ কৰক। পৰিয়ালৰ সদস্যৰ স’তেও সাক্ষাৎ বন্ধ কৰক। মুখামুখি হ’বলগা হ’লে মাস্ক পৰিধান কৰক আৰু দূৰত্ব বজাই ৰাখক। বাৰে বাৰে হাত পৰিষ্কাৰ কৰক। হাতেৰে স্পৰ্শ কৰা আচবাবসমূহো বীজাণুনাশ কৰে পৰিষ্কাৰ কৰক। ‘পৰিজিভ’ বুলি চিহ্নিত হ’লেও চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব।

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লবলগীয়া পদক্ষেপ

  • জনবহুল ঠাইলৈ পাৰ্যমানে কমকৈ যাব। অদৰকাৰী ভ্ৰমণ পৰিহাৰ কৰক
  • পানী-লগা, কাহ বা জ্বৰ হৈ থকা ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখিব।
  • পানী-লগা, কাহ বা জ্বৰ হ’লে মুখত ‘মাস্ক’ পৰিধান কৰক।
  • সঘনাই হাত ধোৱক। চাবোনেৰে হাত ধুলে কমেও ১ মিনিট সময় ঘঁহিব।
  • এলক’হলযুক্ত চেনিটাইজাৰেৰে হাত পখালক।
  • অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব।
  • কৰমৰ্দন আৰু আলিংগন পৰিহাৰ কৰক।
  • ভালকৈ সিজোৱা খাদ্যহে গ্ৰহণ কৰক।
  • ব্যৱহৃত ৰুমাল ভালকৈ ধোৱক।
  • ব্যৱহৃত ‘টিছ্যু’ ঢাকনি থকা ডাষ্টবিনতহে পেলাব।
  • যদি আপুনি বা পৰিয়ালৰ কোনো সদস্য ক’ৰনা ভাইৰাছ আক্ৰান্ত স্থানৰ পৰা ভ্ৰমণ কৰি আহিছে তেন্তে সেই তথ্য ওচৰৰ স্বাস্থ্য কেন্দ্ৰত তৎকালীনভাৱে দাখিল কৰক।

অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা

  • অসমৰ সকলো বিমান বন্দৰতে ২৪ ঘন্টীয়া নিৰীক্ষণ শিবিৰ স্থাপন কৰা হৈছে।
  • ২৪ ঘন্টীয়া নিৰীক্ষণ কক্ষ অসমৰ সকলো জিলাতে স্থাপন কৰা হৈছে।
  • অসমৰ সকলো মেডিকেল কলেজ, চিকিৎসালয় আৰু সকলো জিলাতে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক আছুতীয়াকৈ ৰাখিবলৈ বাবে বিশেষ কক্ষৰ ব্যৱস্থা কৰা হৈছে।
  • এম্বুলেঞ্চ সেৱা পৰ্যাপ্ত পৰিমাণে অসমৰ সকলো জিলাৰ চিকিৎসালয়তে ৰখা হৈছে।
  • এই ৰোগ পৰীক্ষা কৰিব পৰা ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কৰা হৈছে।
  • অসমৰ সকলো চিকিৎসালতে পৰ্যাপ্ত পৰিমাণে PPE(Personal Protection Equipment, N95 Mask) ৰখাৰ ব্যৱস্থা কৰা হৈছে।
  • এই ৰোগৰ বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
  • এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে বিশেষ ধৰণৰ প্ৰশিক্ষণ অসমৰ চিকিৎসা কৰ্মীক দিয়া হৈছে।

উৰাবাতৰিক প্ৰশ্ৰয় নিদিব। যিকোনো তথ্য আৰু সহায়ৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰক।

অসমৰ বাবে হেল্পলাইন নম্বৰ- ৬৯১৩৩৪৭৭৭০

আপোনাৰ সজাগতাই ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব

কৰʼনা ভাইৰাছৰ জাননি

কৰʼনা ভাইৰাছৰ

দিক্‌ নিৰ্ণায়ক
Back to top