অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট প্ৰতিৰোধ :

 

কৰ্কট ৰোগ আৰু অসম -

প্ৰতি বছৰে অসমত প্ৰায় বিশ হেজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত হয়। অসম চৰকাৰৰ এক তথ্যমতে যোৱা পাঁচ বছৰত অসমত নব্বৈ হেজাৰতকৈও অধিক কৰ্কট ৰোগী চিনাক্ত হৈছে। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ নামৰ সংস্থাটোৱে শেহতীয়াভাৱে প্ৰকাশ কৰা নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰিৰ তথ্য অনুসৰি চলিত কেইবছৰমান অসমত কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে। এই তথ্য অনুসৰি অসমত ২০১১ বৰ্ষত ২৪,৮৪৬ গৰাকী, ২০১২ বৰ্ষত ২৫,১১৯ গৰাকী, ২০১৩ বৰ্ষত ৩০,৭৭৫ গৰাকী, ২০১৪ বৰ্ষত ৩১,১২৪ গৰাকী আৰু ২০১৫ বৰ্ষত ৩১,৪৭৪ গৰাকী কৰ্কট ৰোগী থকাৰ বিপৰীতে ২০১১ বৰ্ষত ১০,৯৩২ গৰাকী, ২০১২ বৰ্ষত ১১,০৫২ গৰাকী, ২০১৩ বৰ্ষত ১৫,৬৭৭ গৰাকী, ২০১৪ বৰ্ষত ১৫,৮৫৩ গৰাকী আৰু ২০১৫ বৰ্ষত ১৬,০২৯ গৰাকী কৰ্কট ৰোগীৰ মৃত্যু হৈছিল। অসমৰ কামৰূপ মহানগৰ জিলাত পুৰুষ কৰ্কট ৰোগীৰ সংখ্যা(২০৬/১,০০,০০০) দেশৰ ভিতৰতে চতুৰ্থ হোৱাৰ বিপৰীতে মহিলা কৰ্কট ৰোগীৰ সংখ্যা(১৬৫/১,০০,০০০) তৃতীয়। এই জিলাখনতে হাইপ’ফেৰিংছ, মুখ আৰু জিলাৰ মহিলা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰত ক্ৰমান্বয়ে প্ৰথম, তৃতীয় আৰু চতুৰ্থ হোৱাৰ বিপৰীতে হাইপ’ফেৰিংছৰ পুৰুষ কৰ্কট ৰোগীৰ সংখ্যা দ্বিতীয়। অসমত থকা খাদ্যনলীৰ মহিলা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰতে প্ৰথম। তদুপৰি অসমত শিশুসকলৰ মাজত হোৱা কৰ্কট ৰোগীও যথেষ্ট।

অণুজীৱ সংক্ৰমণ প্ৰতিৰোধ -

মানৱ শৰীৰত সংক্ৰমণ কৰা নানাবিধ অণুজীৱ(ভাইৰাছ, বেক্টেৰিয়া আৰু পৰজীৱীয়েও) কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ভাইৰাছ সংক্ৰমণৰ বাবে লিভাৰৰ কৰ্কট ৰোগ হ’ব পাৰে। হিউমেন পেপিলোমা ভাইৰাছে জৰায়ুৰ মুখৰ কৰ্কট ৰোগ কৰিব পাৰে। হিউমেন টি লিমফোছাইট ভাইৰাছে লিমফোমা কৰিব পাৰে। হেলিকোবেক্টাৰ পাইলোৰি বেক্টেৰিয়াই পাকস্থলীৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰে বহুবিধ ভাইৰাছৰ(যেনে- হেপাটাইটিছ বি, হিউমেন পেপিলোমা ভাইৰাছ) বিৰুদ্ধে উপলব্ধ ভেকচিন দি এইবোৰ সৃষ্টি কৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। তদুপৰি এনে অনুজীৱবোৰ আমাৰ দেহলৈ সংক্ৰমিত নহ’বৰ বাবে কৰিবলগীয়া ভালদৰে পালন কৰিও আমি এনেবোৰ সৃষ্টি কৰিব পৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰো।

ধপাত সেৱন পৰিহাৰ -

আমি জানো যে ধপাত সেৱন কৰা লোকৰ শৰীৰত বহুবিধ কৰ্কট ৰোগে দেখা দিব পাৰে। ধোঁৱাহীন ধপাত- চাধা, গুটখা, জৰ্দা, পাণ মছলা আদি সেৱন কৰি মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ, পাকস্থলী আৰু অগ্ন্যাশয় আদিত কৰ্কট ৰোগ কৰিব পাৰে। ধোঁৱাযুক্ত ধপাত- বিড়ি, চিগাৰেট, হোকা আদি সেৱনৰ ফলত হাওঁফাওঁ আৰু শ্বাসনলীৰ কৰ্কট ৰোগ হ’ব পাৰে। মানুহে ইচ্ছা কৰিলেই এৰিব পৰা এই ধপাত সেৱন বন্ধ কৰি, প্ৰায় ২২ শতাংশ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

তামোল-পাণ, চাধা পৰিহাৰ -

তামোল-পাণ, চূণ আৰু চাধা আদি খোৱাৰ ফলত মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ আদিত কৰ্কট ৰোগ হ’ব পাৰে। অসমীয়া সমাজত তামোল-পাণৰ বহুল ব্যৱহাৰ আৰু প্ৰায় প্ৰতিজন অসমীয়াই তামোল-পাণ খায় বাবে অসমত এনেবোৰ কৰ্কট ৰোগ অধিক হোৱা দেখা যায়। আমাৰ সমাজৰ এই তামোল-পাণ খোৱা ৰীতি-নীতি বাদ দিলেও বহু পৰিমাণে কৰ্কট ৰোগ প্ৰতিৰোধ হ’ব।

জীৱন শৈলী, খাদ্যাভ্যাসৰ পৰিবৰ্তন -

সাধাৰণতে মানুহৰ মাজত দেখা দিয়া সৰ্বমুঠ কৰ্কট ৰোগৰ মাত্ৰ পাঁচ শতাংশহে বংশগত। বাকী ৯৫ শতাংশৰে কাৰণ হ’ল আমাৰ জীৱন শৈলী, খাদ্যাভ্যাস, শাৰীৰিক শ্ৰমহীনতা, আমাৰ সমাজৰ কিছু ৰীতি-নীতি আৰু আমি বাস কৰা অঞ্চলটোৰ পৰিবেশ। মানৱ শৰীৰৰ বিভিন্ন অংগত হ’ব পৰা কৰ্কট ৰোগৰ ভিতৰত মহিলাৰ স্তন আৰু জৰায়ুমুখৰ কৰ্কট ৰোগ, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি আৰু অশুকোষৰ কৰ্কট ৰোগ, পুৰুষ আৰু মহিলা উভয়ৰে হাওঁফাওঁ, অন্ত্ৰ, মলভাণ্ডাৰ, মলদ্বাৰ, ছাল, ডিঙি আৰু মুখগহ্বৰৰ কৰ্কট ৰোগ আদি জীৱন শৈলী, খাদ্যাভ্যাসৰ অলপ সংশোধন ঘটাই কিছু সাৱধানতা অৱলম্বন কৰিলেই প্ৰতিৰোধ কৰিব পাৰি। শৰীৰৰ ওজন বৃদ্ধি, শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা, অতিপাত মাংস ভক্ষণ, অতিমাত্ৰা কেলৰিযুক্ত খাদ্যগ্ৰহণ, অতিমাত্ৰা জাংক ফুড গ্ৰহণ, কোমল পানীয় গ্ৰহণ, অতিমাত্ৰা মিঠাই আদি খোৱাৰ ফলত খাদ্যনলী, বৃহদান্ত্ৰ, মলভাণ্ডাৰ, মলদ্বাৰ, স্তন, বৃক্ক আৰু এণ্ডোমেট্ৰিয়াম আদিৰ কৰ্কট ৰোগ হ’ব পাৰে। প্ৰচুৰ পৰিমাণে গাহৰি, গৰু, ছাগলী আৰু ভেড়া আদিৰ মাংস, সংৰক্ষিত পূৰ্ব প্ৰস্তুত খাদ্য আদি খালে বৃহদান্ত্ৰ, মলভাণ্ডাৰ আৰু মলদ্বাৰ আদিৰ কৰ্কট ৰোগ হোৱা দেখা যায়। সেয়েহে এনে বদঅভ্যাসবোৰ বাদ দি শাৰীৰিক শ্ৰম, নিয়মিত ব্যায়াম কৰি শৰীৰৰ স্বাস্থ্যসন্মত ওজন সঠিক ৰাখি আমাৰ খাদ্যাভ্যাসৰ অলপ পৰিৱৰ্তন কৰি পুষ্টিকৰ আহাৰ গ্ৰহণ, প্ৰচুৰ শাক-পাচলি আৰু ফল-মূল আদি খালে এই অংগবোৰৰ কৰ্কট ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি। তদুপৰি সম্প্ৰতি আমি গ্ৰহণ কৰিবলগীয়া হোৱা সকলো খাদ্য সামগ্ৰীয়ে নানা অপকাৰী কৃত্ৰিম ৰাসায়নিক ৰং, ধূলি, ইটাৰ গুড়ি, চাবোন, শিলগুটি, নানাবিধ শৰীৰৰ বাবে অপকাৰী ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য, সংযোজক আৰু সংৰক্ষণ দি ভেজাল কৰা দেখা গৈছে। এনে ভেজাল খাদ্যৰ লগত ভেজাল কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য, ৰাসায়নিক সাৰ আৰু কীটনাশক বিহবোৰ খোৱাৰ ফলতো আমাৰ শৰীৰত নানাবিধ কৰ্কট ৰোগে দেখা দিব পাৰে। যিমান পাৰি এনে খাদ্যবোৰ পৰিত্যাগ কৰিও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

প্ৰদূষণ বৰ্জন -

প্ৰদূষিত পৰিৱেশ, প্ৰদূষিত ধূলি-বালি, ধোঁৱা আদিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগ কৰিব পাৰে। সেয়েহে কল-কাৰখানা আৰু গাড়ী-মটৰে কৰিব পৰা প্ৰদূষিত পৰিবেশৰ পৰা আঁতৰি থকা, মুখত মাস্ক আদি ব্যৱহাৰ কৰিও এইবোৰে কৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ৰ’দত ওলাই নগৈ, ওলালেও কাপোৰেৰে শৰীৰৰ ওলাই থকা অংশ ঢাকি ৰাখি অথবা উপযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰি ৰ’দত থকা আল্ট্ৰা ভায়’লেট ৰশ্মিৰ পৰা আমাৰ ছালখনক বচাই ৰাখিও আমি ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰো।

মাদক দ্ৰব্য সেৱন পৰিহাৰ -

অত্যধিক মদ্যপানৰ বাবে মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ, খাদ্যনলী, লিভাৰ, অন্ত্ৰ, স্তন আৰু অগ্ন্যাশয় আদিৰ কৰ্কট ৰোগ হ’ব পাৰে। মদ্যপানৰ মাত্ৰা যিমানে বৃদ্ধি হয়, এনেবোৰ কৰ্কট ৰোগ হোৱাৰ আশংকা সিমানে বাঢ়ি যায়। মদ্যপানৰ লগত যদি ধূমপানো কৰে, তেন্তে মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ, হাওঁফাওঁ আৰু শ্বাসনলীৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পায়। লগতে যদি তামোল-পাণো খায়, তেন্তে এইবোৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা আৰু বহুগুণে বাঢ়ে। সেয়েহে মাদক দ্ৰব্য আৰু এনে ৰাগিয়াল দ্ৰব্য সেৱন পৰিহাৰ কৰিলে এনেবোৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(সম্ভাৰ)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate