অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ সম্পৰ্কীয় নতুন তথ্য:

কৰ্কট ৰোগ সম্পৰ্কীয় নতুন তথ্য:

 

কৰ্কট ৰোগত কিছুমান লোকহে আক্ৰান্ত হয়, আনবোৰ নহয় কিয়? এয়া এটা অজান সাঁথৰ হৈ আহিছে। জীৱন শৈলীৰ বাবে বা বংশগত কাৰণত কৰ্কটৰোগ হ’ব পাৰে বুলি সাধাৰণতে ধাৰণা কৰি অহা হৈছিল যদিও তেনে ধাৰণা প্ৰকৃততে যে সত্য নহয়, সেয়া প্ৰমাণিত হৈছে। শেহতীয়াকৈ এটা গৱেষণাত এই তথ্য লাভ কৰা হৈছে যে মানুহৰ দেহত হোৱা সকলো প্ৰকাৰৰ কৰ্কট ৰোগৰ দুই-তৃতীয়াংশৰ ক্ষেত্ৰত কোষ-বিভাজনৰ সময়ত ডি এন এত বিশৃংখলভাৱে পৰিৱৰ্তন বা ভ্ৰান্তিৰ বাবে কৰ্কট ৰোগ হয়। এই পৰিৱৰ্তনবোৰ ধূমপান বা হানিকাৰক ৰাসায়নিক উন্মুক্তকৰণ আদিৰ দৰে বাহ্যিক কাৰকৰ ফলত অথবা বংশগত কাৰকৰ ফলত নহয়। আচলতে এইটো দুৰ্ভাগ্য ক্ৰমে আণৱিক পৰ্যায়ত হোৱা ঘটনা। এক কথাত ক’বলৈ গ’লে কৰ্কটৰোগ যিকোনো ব্যক্তিৰ হ’ব পাৰে। গৱেষণাৰ এই তথ্যই ধূম্ৰপান, হানিকাৰক ৰাসায়নিক আদিৰ দৰে পাৰিপাৰ্শ্বিকতাৰ কাৰক আৰু মেদবহুলতাৰ ফলত কৰ্কটৰোগ হোৱা বুলি ধাৰণাটো ভ্ৰান্ত বুলি প্ৰতিপন্ন কৰিছে। নতুন গৱেষণাটোৰ মতে ধূম্ৰপান, মেদবহুলতা, হানিকাৰক ৰাসায়নিক আদি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ কাৰক যদিও এই দুৰাৰোগ্য ৰোগৰ প্ৰধান চালিকা হৈছে ডি এন এৰ বিশৃংখল পৰিৱৰ্তন। গৱেষণাটোত ভাৰত সহিতে বিশ্বৰ ৬৯খন দেশৰ ৪০০ কোটি ৮০ লাখ অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ আধাতকৈ বেছি লোকৰ কৰ্কট ৰোগৰ তথ্যৰ পৰিসংখ্যা বিশ্লেষণক সামৰি লোৱা হৈছে। আমেৰিকা যুক্তৰাজ্যৰ বাল্টিম’ৰেত অৱস্থিত জ’নছ হ’পকিনছ কিমেল কেঞ্চাৰ চেন্টাৰৰ বিজ্ঞানীসকলে সম্পন্ন কৰা এই গৱেষণা ‘ছায়েন্স’ নামৰ প্ৰকাশ কৰা হৈছে।

উল্লেখ্য, পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বৰ সংযোজনাৰ ফলত প্ৰথমটো কোষ সৃষ্টি হোৱাৰেপৰা ধাৰাবাহিকভাৱে কোষৰ বিভাজন ঘটি মানৱ শৰীৰৰ বিকাশ হয়। প্ৰতিবাৰেই এটা কোষ দুটালৈ বিভাজিত হয়। য’ত ডি এন এই কঢ়িয়াই নিয়া জেনিটিক ক’ড বা অনুবংশীয় সাংকেতিক চিহ্নৰ নকল হয়। বিজ্ঞানীসকলে ক’ব বিচাৰে যে জেনটিক ক’ড নকল কৰা প্ৰক্ৰিয়াত কেতিয়াবা বিসংগতি হ’ব পাৰে। সময় যোৱাৰ লগে লগে ই পঞ্জীভূত হৈ পৰে আৰু অৱশেষত কৰ্কট ৰোগৰ সৃষ্টি কৰে। ক’ড নকল কৰাৰ সময়ত হোৱা এই বিসংগতি কৰ্কটৰ মৌলিক পৰিৱৰ্তনৰ এটা শক্তিশালী উৎস। যিটো দিশ বছৰ ধৰি বৈজ্ঞানিকভাৱে আওকাণ কৰি অহা হৈছিল। এই নতুন গৱেষণাটোৱে প্ৰথমবাৰৰ বাবে প্ৰতিপন্ন কৰিছে যে ক’ড নকলৰ বিসংগতিৰ ফলতেই মৌলিক পৰিৱৰ্তন ঘটে। গৱেষকসকলে আটাইকেইটা ৩২ প্ৰকাৰৰ কৰ্কট ৰোগ অধ্যয়ন কৰি দেখা পাইছে যে ৬৬ শতাংশ কৰ্কটৰ মৌলিক পৰিৱৰ্তন ক’ড নকলৰ ভুলৰ বাবে হয়। ২৯ শতাংশ জীৱনশৈলী বা পৰিৱেশ সম্পৰ্কীয় কাৰক আৰু বাকী ৫ শতাংশ বংশানুক্ৰমে হোৱা। সোতৰ প্ৰকাৰৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত দেশ, পৰিৱেশ বা অৰ্থনৈতিক বিকাশৰ পৰ্যায় নিৰ্বিশেষে কৰ্কটৰোগৰ ঘটনা আৰু স্বাভাৱিক কোষ বিভাজনৰ মাজত এটা শক্তিশালী যোগসূত্ৰ লাভ কৰিছে। ইয়াৰ অৰ্থ এইটো যে ধূম্ৰপান বা হানিকাৰক ৰাসায়নিক উন্মুক্তকৰণ আদিৰ দৰে জীৱনশৈলীৰ সৈতে সম্পৰ্ক থকা কাৰকে মুঠ কৰ্কট ৰোগীৰ এক তৃতীয়াংশকহে প্ৰভাৱিত কৰে। গৱেষক বাৰ্ট ভ’গেলষ্টিনে এই বুলি পৰামৰ্শ আগবঢ়াইছে যে ধূম্ৰপান, হানিকাৰক ৰাসায়নিক উন্মুক্তকৰণৰ ফলত মুঠ ৰোগীৰ এক তৃতীয়াংশহে কৰ্কট ৰোগৰ কবলত পৰে যদিও কৰ্কটৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা এনেবোৰ কাৰকৰপৰা পৰাপক্ষত আঁতৰত থাকিব লাগে। বিশ্বজুৰি কৰ্কট ৰোগীক অধ্যয়ন কৰা দেখা গৈছে যে অস্বাস্থ্যকৰ পৰিৱেশ আৰু জীৱনশৈলী পৰিহাৰ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় ৪০ শতাংশলৈ হ্ৰাস কৰাটো সম্ভৱ। কিন্তু এই গৱেষণাটোৰে দেখুৱাব বিচৰা হৈছে স্বাস্থ্যকৰ জীৱন ধাৰা, স্বাস্থ্য সন্মত আহাৰ, ধূম্ৰপান বৰ্জন, হানিকাৰক ৰাসায়নিক অতি কম উন্মুক্তকৰণ বা উন্মুক্তকৰণৰ পৰা মুক্ত, বংশত কৰ্কট ৰোগৰ ইতিহাস নথকা ব্যক্তিৰো কৰ্কট ৰোগ কিয় হয়? গৱেষকসকলে দেখিবলৈ পাইছে যে বিভিন্ন প্ৰকাৰৰ কৰ্কটৰ উৎপত্তিৰ ধৰণজ ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে, পাচনগ্ৰন্থীৰ কৰ্কট ৰোগৰ ৭৭ শতাংশই ডি এন এৰ নকলৰ বিসংগতিৰ ফলত হয়। ১৮ শতাংশ পৰিৱেশ সম্পৰ্কীয় কাৰক- যেয়ে ধূম্ৰপান আৰু বাকী ৫ শতাংশ বংশানুক্ৰমে হোৱা। মূত্ৰাশয়ী, মস্তিষ্ক বা অস্থি আদিৰ দৰে কৰ্কটৰ ক্ষেত্ৰত ৯৫ শতাংশৰো অধিক মৌলিক পৰিৱৰ্তন নকলকৰণৰ ভুলৰ ফলত হোৱা। হাওঁফাওঁৰ কৰ্কট প্ৰায়ে ধূম্ৰপানৰ দৰে পৰিৱেশ সম্পৰ্কীয় কাৰণত হয়। প্ৰায় ৬৫ শতাংশই ধূম্ৰপানৰ ফলত আৰু ৩৫ শতাংশ ডি এন এৰ নকলকৰণৰ ভূলৰ বাবে হয়। এই ক্ষেত্ৰত বংশগত কাৰকৰ ভূমিকা অতি নগণ্য দেখা গৈছে।

লেখক:অমৰজ্যোতি ভূঞা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate