অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ, সাৱধানতা, চিকিৎসা সংক্ৰমণ তথা প্ৰতিকাৰৰ উপায় সম্বন্ধে জানিবলগীয়া কিছু কথা :

কৰ্কট ৰোগ, সাৱধানতা, চিকিৎসা সংক্ৰমণ তথা প্ৰতিকাৰৰ উপায় সম্বন্ধে জানিবলগীয়া কিছু কথা :

 

কৰ্কট ৰোগ কি?

কৰ্কট কেৱল এটা ৰোগ নহয়। ই বহু ধৰণৰ ৰোগৰ সমষ্টি। ১০০ তকৈ অধিক ধৰণৰ কৰ্কট ৰোগ আছে। বেছিভাগ কৰ্কট ৰোগৰ নামেই মানুহৰ অংগ বা দেহৰ কোষত আৰম্ভ হোৱাৰ ওপৰত নিৰ্ভৰ কৰি ৰখা হয়।

উদাহৰণস্বৰূপে, মলভাণ্ডাৰত আৰম্ভ হোৱা কৰ্কট ৰোগক মলভাণ্ডাৰ কৰ্কট ৰোগ, ছালৰ বেচেল কোষত আৰম্ভ হোৱা কৰ্কট ৰোগক বেচেল চেল কাৰ্চিন’মা আদি বোলা হয়।

যেতিয়া কোনো ৰোগৰ ফলত অস্বাভাৱিক আৰু নিয়ন্ত্ৰণহীনভাৱে দেহৰ কোষবিলাক বৃদ্ধি হ’বলৈ ধৰে আৰু আন কলাসমূহক আক্ৰমণ কৰে তাকেই কৰ্কট ৰোগ বোলা হয়। তেজ আৰু লিম্ফ প্ৰক্ৰিয়াৰ দ্বাৰা কৰ্কট কোষবোৰ দেহৰ আন আন অংগলৈ বিয়পি পৰিব পাৰে।

কৰ্কট ৰোগৰ প্ৰধান ভাগসমূহ:

কাৰ্চিন’মা:

এই কৰ্কট ৰোগ ছাল বা কলাৰ মাজত বা আভ্যন্তৰীণ অংগৰ আৱৰণীত আৰম্ভ হয়।

চাৰ্কোমা:

এই কৰ্কট ৰোগ হাড়, অস্থি সন্ধি, চৰ্বী, মাংসপেশী, ৰক্তকোষ বা আন সংযোগী বা সহায়ক কলাসমূহত আৰম্ভ হয়।

লিউকেমিয়া:

এই কৰ্কট ৰোগবিধ ৰক্ত সৃষ্টিকাৰী কলা যেনে, হাড়ৰ মজ্জা আদিত আৰম্ভ হয় আৰু বহু সংখ্যক অস্বাভাৱিক ৰক্তকোষ সৃষ্টি কৰি ৰক্ত প্ৰবাহৰ মাজত সোমায় পৰে।

লিম্পোমা আৰু মায়েলোমা:

এই কৰ্কট ৰোগ দেহৰ প্ৰতিৰোধ ব্যৱস্থাৰ কোষসমূহত আৰম্ভ হয়।

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কৰ্কট:

এই কৰ্কট ৰোগ মগজু আৰু মেৰুদণ্ডৰ কলাসমূহত আৰম্ভ হয়।

কৰ্কট ৰোগ উৎপত্তি -

শৰীৰৰ জীৱনৰ প্ৰাথমিক একক কোষত কৰ্কট ৰোগ আৰম্ভ হয়। কৰ্কট ৰোগক বুজি পাবলৈ হ’লে এটা স্বাভাৱিক কোষ কেনেকৈ কৰ্কট কোষলৈ পৰিৱৰ্তন হয় সেইটো জানিবলৈ সহায়ক হ’ব।

শৰীৰটো বহু বিভিন্ন ধৰণৰ কোষসমূহেৰে গঠিত হয়। শৰীৰৰ সু-স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিতভাৱে এই কোষসমূহ বৃদ্ধি পায় আৰু বিভাজিত হৈ অধিক কোষৰ সৃষ্টি কৰে।

যেতিয়া কোষসমূহ বৃদ্ধ হয় বা কিবা কাৰণত ধ্বংস হয় তেতিয়া এইবোৰৰ মৃত্যু হয় ইয়াৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়।

তথাপিও কেতিয়াবা এই ক্ৰম অনুসৰি থকা প্ৰক্ৰিয়াত বিসংগতি ঘটে। কোষৰ জিনগত সামগ্ৰী (ডিএনএ) কেতিয়াবা ধ্বংস হ’ব পাৰে বা সলনি হ’ব পাৰে, ৰূপান্তৰ হোৱাৰ ফলত কোষৰ স্বাভাৱিক বৃদ্ধি আৰু বিভাজনত প্ৰভাৱ পেলাব পাৰে। যেতিয়া এনে হয় তেতিয়া কোষবোৰৰ সময়ত মৃত্যু নহয় আৰু শৰীৰটোক প্ৰয়োজন নথকা অৱস্থাতো নতুন কোষৰ সৃষ্টি হয়।

এনে অতিৰিক্ত আৰু অপ্ৰয়োজনীয় নতুন কোষবোৰে এটা মাংসপিণ্ডৰ সৃষ্টি কৰে। এইবোৰকে টিউমাৰ বোলা হয়। সকলোবোৰ টিউমাৰেই কৰ্কট ৰোগ নহয়, টিউমাৰবোৰ ক্ষতিকাৰক নহ’বও পাৰে বা ক্ষতিকাৰক মেলিগনেন্টো হ’ব পাৰে।

অবিপদজনক টিউমাৰবোৰ কৰ্কট ৰোগ নহয়। এইবোৰ আঁতৰাই পেলাব পৰা যায় আৰু এইবোৰ পুনৰাই সৃষ্টি নহয়। অবিপদজনক টিউমাৰত থকা কোষসমূহ দেহৰ আন অংশলৈ বিয়পি নপৰে।ক্ষতিকাৰক মেলিগনেন্ট টিউমাৰবোৰৰ পৰা কৰ্কট ৰোগ হয়।

এনে টিউমাৰত থকা কোষবোৰে ওচৰৰ কলাসমূহ ক্ষতি কৰিব পাৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰিব পাৰে। এনেদৰে এই কৰ্কট কোষবোৰ এটা অংগৰ পৰা আন এটা অংগলৈ বিয়পি পৰাতো মেটাছটাছিছ বোলা হয়। লিউকেমিয়া- এই কৰ্কট ৰোগবিধ হাড়ৰ মজ্জা আৰু তেজত হয়।

ই কোনো টিউমাৰৰ সৃষ্টি নকৰে।কৰ্কট ৰোগৰ কিছুমান লক্ষণ সমূহ: স্তন বা শৰীৰৰ আন ঠাইত নতুনকৈ টেমুনা বা মঙহৰ টুকুৰা সৃষ্টি হোৱা।নতুন তিল বা মাহ সৃষ্টি হোৱা বা পুৰণি কোনো তিল বা মাহৰ পৰিৱৰ্তন হোৱা।

চিকিৎসাৰ পিছতো বহুদিনলৈ ঘাঁ আৰোগ্য নোহোৱা। বহুদিন ধৰি কাঁহ হৈ থকা। শৌচ প্ৰস্ৰাৱৰ অভ্যাস পৰিৱৰ্তন হোৱা। খাদ্য গ্ৰহণৰ পিছত অস্বস্তিবোধ হোৱা। ঢোক গিলোতে কষ্ট পোৱা। কোনো কাৰণ নোহোৱাকৈ অস্বাভাৱিকভাৱে ওজন বৃদ্ধি বা হ্ৰাস পোৱা। অস্বাভাৱিক ৰক্তপাত বা ৰক্তক্ষৰণ হোৱা।দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰি থকা।

বেছিভাগ ক্ষেত্ৰতে এই লক্ষণসমূহ কৰ্কট ৰোগৰ বাবেই যে হৈছে সেইটো নহয়। এনেবোৰ লক্ষণ টিউমাৰ বা আন সমস্যাৰ বাবেও হ’ব পাৰে। কেৱল চিকিৎসকেহে নিশ্চিতভাৱে ক’ব পাৰিব।

যদি কোনো ব্যক্তিৰ এনে লক্ষণসমূহ থাকে বা স্বাস্থ্য সম্পৰ্কীয় আন পৰিৱৰ্তন দেখা যায় তেন্তে ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ কাষ চাপিব লাগে আৰু যিমান শীঘ্ৰে সম্ভৱ হয় চিকিৎসা কৰাব লাগে। সাধাৰণতে কৰ্কট ৰোগৰ প্ৰাথমিক অৱস্থাত কোনো বিষ অনুভূত নহয়। যদিহে আপোনাৰ এই লক্ষণবোৰে দেখা দিছে তেন্তে বিষ উপলব্ধি কৰালৈকে অপেক্ষা কৰি নাথাকি চিকিৎসকক দেখুৱাওঁক।

নিৰ্ণায়ক পৰীক্ষা:

ৰোগ নিৰ্ণয় কৰাত চিকিৎসকক তেজ, প্ৰস্ৰাৱ বা শৰীৰৰ আন জুলীয়া পদাৰ্থৰ পৰীক্ষাই সহায় কৰে। এই পৰীক্ষাসমূহে শৰীৰৰ অংগসমূহে কেনেদৰে কাম কৰি আছে সেইটো দেখুৱাই। আকৌ কিছুমান পদাৰ্থৰ পৰিমাণ অতি বেছিকৈ থাকিলেও কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

এই পদাৰ্থসমূহক টিউমাৰ সৃষ্টিকাৰী বুলি কোৱা হয়। তথাপিও পৰীক্ষাগাৰত অস্বাভাৱিক ফলাফল পোৱাটোও কৰ্কট ৰোগৰ নিশ্চিত লক্ষণ নহয়। চিকিৎসকে কেৱল পৰীক্ষাগাৰৰ পৰীক্ষাসমূহৰ ওপৰতেই কৰ্কট ৰোগ নিৰ্ণয় কৰিব নোৱাৰে।

ছবি পদ্ধতি:

শৰীৰৰ ভিতৰৰ ছবিয়ে চিকিৎসকক টিউমাৰ আছেনে নাই সেইটো নিৰ্ণয় কৰাত সহায় কৰে। এই ছবিসমূহ বিভিন্ন ধৰণে তুলিব পৰা যায়।

ৰঞ্জন ৰশ্মি:

শৰীৰৰ ভিতৰৰ অংগসমূহ আৰু হাড়বোৰ চাবলৈ ৰঞ্জন ৰশ্মি অতি সহজ ব্যৱস্থা।

চিটি স্কেন:

এটা ৰঞ্জন ৰশ্মি যন্ত্ৰৰ লগত কম্পিউটাৰ সংলগ্ন কৰি পুংখানুপুংখভাৱে তুলনামূলক সামগ্ৰীৰে অংগসমূহৰ ছবি তোলা হয়। যাতে ছবিসমূহ স্পষ্ট আৰু সহজভাৱে দেখা পোৱা যায়।

ৰেডিঅ নিউক্লাইড স্কেন:

এনে ক্ষেত্ৰত অতি কম পৰিমাণৰ ৰেডিঅ’এক্টিভ পদাৰ্থ শৰীৰলৈ বেজীৰে ভৰাই দিয়া হয়। এইবোৰ ৰক্তশ্ৰোতত উটি যায় আৰু কিছুমান বিশেষ হাড় আৰু অংগত জমা হয়। স্কেনাৰ নামৰ যন্ত্ৰৰ সহায়ত ইয়াক চিনাক্ত কৰা হয় আৰু ৰেডিঅ’এক্টিভিটি জোখা হয়। স্কেনাৰটোৱে হাড় বা অংগৰ ছবি কম্পিউটাৰত বা ফ্লিমত তোলে। শৰীৰে তৎক্ষণাত ৰেডিঅ’এক্টিভ উপাদানসমূহ বাহিৰ উলিয়াই দিয়ে।
এম আই আৰ:

অতি শক্তিশালী চুম্বকযুক্ত এটা কম্পিউটাৰ ব্যৱহাৰ কৰি শৰীৰৰ অংগৰ পুংখানুপুংখ ছবি তোলা হয়। চিকিৎসকে এই ছবিসমূহ কম্পিউটাৰৰ পৰ্দাত চাব পাৰে বা ছপা কৰি উলিয়াব পাৰে।

পিইটি স্কেন:

এই পৰীক্ষা কম পৰিমাণৰ ৰেডিঅ’এক্টিভ পদাৰ্থ বেজীৰে সুমুৱাই দিয়াৰ পিছত কৰা হয়। এই যন্ত্ৰটোৰে শৰীৰৰ ৰাসায়নিক কাম-কাজসমূহৰ ছবি তোলে। কৰ্কট কোষসমূহত কেতিয়াবা অতি বেছি কাম-কাজ হোৱাতো দেখা যায়।

বেছিভাগ ক্ষেত্ৰতে কৰ্কট ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকে বায়’প্সি কৰাৰ প্ৰয়োজন হয়। বায়’প্সিত চিনাক্ত কৰা টিউমাৰৰ কলাৰ পৰা সৰু অংশ লোৱা হয় আৰু পৰীক্ষাগাৰলৈ পঠিওঁৱা হয়। পৰীক্ষকে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই কলা পৰীক্ষা কৰে।

বায়প্সি:

কলাৰ নমুনা কেইবাটাও ধৰণে ল’ব পাৰি।

বেজীৰ সহায়ত:

চিকিৎসকে কলা বা জুলীয়া পদাৰ্থ বেজীৰেও আনিব পাৰে।

এণ্ড’স্কোপেৰে:

শৰীৰৰ ভিতৰখন চাবলৈ চিকিৎসকে অতি মিহি, পোহৰ থকা নলী এডাল শৰীৰৰ ভিতৰলৈ সুমুৱাই দিয়ে। চিকিৎসকে কলা বা কোষ এই নলীৰ যোগেৰে উলিয়াই আনিব পাৰে।

অস্ত্ৰোপচাৰেৰে:

অস্ত্ৰোপচাৰ চেদন বা কৰ্তনো হ’ব পাৰে।

কৰ্তন বায়’প্সিত চিকিৎসকে গোটেই টিউমাৰটো আঁতৰাই আনে। সাধাৰণতে টিউমাৰৰ কাষত থকা স্বাভাৱিক কলা কিছুমানো আঁতৰাই পেলোৱা হয়।

ছেদন বায়’প্সিত চিকিৎসকে টিউমাৰৰ এটা অংশহে আঁতৰাই আনে। যদিহে লক্ষণসমূহ বা পৰীক্ষাসমূহৰ ফলাফলে কৰ্কট ৰোগ হোৱা বুলি দেখুৱায় তেন্তে চিকিৎসকে এইটো কৰ্কট ৰোগৰ বাবে হৈছে নে আন কিবা কাৰণত হৈছে বিচাৰি উলিয়ায়।

১৮ এফ ছডিয়াম ফ্ল’ৰাইড ব’ন স্কেন:

১৮ এফ ছডিয়াম ফ্ল’ৰাইড ব’ন স্কেন হ’ল পিইটি-চিটি স্কেনাৰেৰে কৰা এক স্বয়ং সম্পূৰ্ণ হাড়ৰ চাইটিগ্ৰাফি। আন পাৰমাণৱিক এমডিপি ব’ন স্কেন আদিৰ তুলনাত এইটো অতিশয় স্পৰ্শকাতঁৰ আৰু উন্নত পৰীক্ষা। তলত উল্লেখ কৰা ৰোগৰ অৱস্থাতো ইয়াত ব্যৱহাৰ কৰিব পাৰি।

স্কেলেটেল মেটাছটাছিছ (কৰ্কট ৰোগ হাড়লৈ বিয়পি পৰা) কৰ্কট ৰোগ হোৱা ৰোগীত। সাধাৰণ ৰঞ্জন ৰশ্মিত ধৰা নপৰা হাড় ফটাটো নিৰ্ণয় কৰা।সাধাৰণ নিয়মীয়া ৰঞ্জন ৰশ্মিত ধৰা নপৰা হাড়ৰ সংক্ৰমণ নিৰ্ণয় কৰা। খেলোতে দুখ পোৱা, মেটাবলিক হাড়ৰ ৰোগ, পাগেট ৰোগ আদিবিলাকতো ইয়াত ব্যৱহাৰ কৰা হয়।

গতানুগতিক হাড় স্কেনৰ লগত ইয়াৰ পাৰ্থক্য কি?

১৮এফ ছডিয়াম ফ্ল’ৰাইড হাড় স্কেন যে গতানুগতিক এমডিপি হাড় স্কেনতকৈ হাড়ৰ ঘাঁ প্ৰাৰম্ভিক সময়তে নিৰ্ণয় কৰাত অতি উন্নত তাৰ যথেষ্ট লিখিত প্ৰমাণ পোৱা গৈছে।

১৮এফ হাড় স্কেনৰ লগত অতিৰিক্তভাৱে চিটি স্কেনৰ তথ্য উপলব্ধ হোৱাৰ বাবে ইয়াত ই এনাটমিকেল তথ্যসমূহ প্ৰদান কৰে আৰু চিকিৎসকক সঠিক ৰোগ নিৰ্ণয় কৰি সঠিক চিকিৎসাৰ পৰিকল্পনা কৰাত সহায় কৰে।

এইটো কেনেকৈ কৰা হয়?

অতি সূক্ষ্ম আৰু অতি নিৰাপদ আইভি বেজীৰে ১৮এফ ছডিয়াম ফ্ল’ৰাইড সুমুৱাই দিয়া হয় আৰু আধা ঘন্টাৰ ভিতৰত স্কেন কৰি অতি সহজভাৱে অনুসন্ধান কৰিব পাৰি।

এই পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেদৰে কৰা হয়?

এই হাড় স্কেনৰ বাবে কোনো আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন নাই। স্কেনৰ আগত আৰু পিছত আপুনিস্বাভাৱিকভাৱেই খাদ্য আৰু পানীয় গ্ৰহণ কৰিব পাৰে। যদিহে আপুনি কিবা ঔষধ খাই আছে তেন্তে সেইবিলাকো নিয়মীয়াকৈ খাই থাকিব পাৰিব। তথাপিও আগতীয়া সাক্ষাতৰ সময় ঠিক কৰাতো বাধ্যতামূলক। সৰ্তকতা:

১) চিকিৎসকে পৰামৰ্শ প্ৰদান নকৰিলে এই স্কেন গৰ্ভৱতী মহিলাক কৰা নহয়। অনুগ্ৰহ কৰি পৰীক্ষাৰ আগতে সকলো ব্যক্তিগত তথ্য চিকিৎসকক জনাওঁক।

২) স্তনপান কৰায় থকা মহিলাক এই বেজী প্ৰদান কৰিলে গোটেই দিনটো শিশুক স্তনপান কৰোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।

ইয়াৰ কাৰ্য্য প্ৰণালী কেনেধৰণৰ?

ৰোগীৰ অৱস্থাৰ সংক্ষিপ্ত ইতিহাস আৰু পূৰ্বৰ প্ৰাসঙ্গিক প্ৰতিবেদনসমূহ সংগ্ৰহ কৰা হয়। ৰোগীক আৰামদায়ক পোছাক পৰিধান কৰিবলৈ দিয়া হয়।

সুনিশ্চিতভাৱে আইভি কেন’লাত আইচ’টপ বিধ সুমুৱাই দিয়া হয়। ইয়াৰ পিছত ৰোগীক এটা কোঠাত ৩০-৬০ মিনিট সময় অপেক্ষা কৰিবলৈ কোৱা হয়। ৰোগীৰ মুত্ৰথলী খালী হোৱাৰ পিছত স্কেন কৰা হয়।

স্কেন কৰোঁতে ২০-২৫ মিনিট সময় লাগে।স্কেন হোৱাৰ পিছত আইভি কেন’লা আঁতৰাই পেলোৱা হয়। ৰোগীক পোছাক সলনি কৰিবলৈ কোৱা হয় আৰু অলমান লঘু আহাৰ প্ৰদান কৰা হয়।সাক্ষাতৰ সময়ত পুৰণি আৰু নতুন প্ৰতিবেদনসমূহ সংগ্ৰহ কৰিবও পাৰে।

৬৮ গালিয়াম দি অ টি এ পেপটাইড পিইটি/চিটি স্কেন ৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন নিউৰ’ এণ্ডক্ৰাইন টিউমাৰৰ ৰোগ নিৰ্ণয় আৰু ব্যৱস্থাপনাৰ বাবে চূড়ান্ত ব্যৱস্থা।

নিউৰ’ এণ্ডক্ৰাইন টিউমাৰবোৰ কি?

এনে টিউমাৰবোৰে পূৰ্ব প্ৰভাৱশালী অংগসমূহ যেনে জিআইটি, অগ্নাশয়, হাওঁফাওঁ ইত্যাদিক প্ৰভাৱিত কৰে।

জিআইটি আৰু হাওঁফাওঁত কাৰ্চিনইদ টিউমাৰ, অগ্নাশয়ত ইনচুলিমনমাচ, গেষ্ট্ৰিনমাচ আদি এনে ধৰণৰ টিউমাৰৰ নাম।

এনেবোৰ টিউমাৰ থকা কিছুমান ৰোগীৰ অত্যন্ত পেটচলা, পনীয়া পায়খানা হোৱা আদি ধৰণৰ লক্ষণে দেখা দিয়ে আৰু এইবোৰক চিকিৎসাগতভাৱে কাৰ্চিনইদ চিনদ্ৰম শ্ৰেণীত ভাগ কৰা হৈছে।

৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন কি?

৬৮ গালিয়াম দিঅটিএ পেপটাইড হ’ল এবিধ কম সময় সক্ৰিয় হৈ থকা ৰেডিঅ’ নিউক্লাইড যিয়ে নিউৰ’ এণ্ডক্ৰাইন টিউমাৰ গোটৰ টিউমাৰসমূহত জমা হয়।

এনে ধৰণৰ টিউমাৰসমূহ নিৰ্ণয় কৰিবলৈ, ৰোগৰ অৱস্থা নিৰ্ণয় কৰিবলৈ আৰু চিকিৎসাৰ বিকল্পসমূহৰ সিদ্ধান্ত ল’বলৈ এইবোৰ ব্যৱহাৰ কৰা হয়।

৬৮ গালিয়াম দিঅটিএ পেপটাইড প্ৰদান কৰাৰ পিছত পিইটি/চিটি স্কেন কৰাটোকেই ৬৮ গালিয়াম দিঅটিএ পেপটাইড পিইটি/চিটি স্কেন বোলা হয়।

আন চিটি স্কেন আৰু এমআৰআই বোৰৰ লগত ইয়াৰ তুলনা বা পাৰ্থক্যবোৰ কি?

নিউৰ’ এণ্ডক্ৰাইন টিউমাৰৰ ক্ষেত্ৰত গতানুগতিক ফটো তোলা চিটি আৰু এমআৰআই বোৰতকৈ ইয়াক অধিক কাৰ্য্যকৰী আৰু উচ্চ মাত্ৰাৰ স্পৰ্শকাতঁৰ আৰু সুনিৰ্দিষ্ট বুলি প্ৰমাণিত হৈছে।

ই চিকিৎসাৰ বিকল্পসমূহৰ সিদ্ধান্ত লোৱাত সহায়ক হোৱাৰ লগতে চিকিৎসাৰ সঁহাৰি ভালদৰে জানিব পৰাত সহায় কৰে।

পৰীক্ষাৰ পূৰ্বে ল’ব লগা সতৰ্কতাসমূহ কি?

যদিহে ৰোগীয়ে ইতিমধ্যেই চিটি স্কেনৰ ৰোগ নিৰ্ণয় কৰিছে তেন্তে কোনো ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন নাই৷ কিন্তু যদিহে ৰোগীক ৬৮ গালিয়াম পিইটি ৰ লগত চিইচিটি ৰ প্ৰয়োজন হয় তেন্তে দুঘন্টা অনাহাৰে থকাটো বাধ্যতামূলক।

ইয়াৰ পাৰ্শ্ব প্ৰভাৱসমূহ কি কি?

৬৮ গালিয়াম দিঅটিএ পেপটাইড সম্পূৰ্ণ নিৰাপদ। ইয়াৰ কোনো পাৰ্শ্ব প্ৰভাৱ নাই।

নিউট্ৰোপেনিয়া আৰু সংক্ৰমণৰ আশংকা:

তেজত শ্বেতৰক্ত কণিকাৰ পৰিমাণ কমি যোৱাটোকে নিউট্ৰোপেনিয়া বোলা হয়। সংক্ৰমণৰ পৰা শৰীৰটোক এই কোষবিলাকে প্ৰতিৰক্ষা প্ৰদান কৰে।

সাধাৰণতে কেম’থেৰাপী প্ৰদান কৰাৰ পিছত নিউট্ৰোপেনিয়া হোৱা দেখা যায় আৰু ইয়াৰ ফলত সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়।

কেম’থেৰাপী কিয় নিউট্ৰোপেনিয়াৰ কাৰণ হয়?

কৰ্কট ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰা ঔষধসমূহে দ্ৰুতভাৱে বৃদ্ধি পোৱা শৰীৰৰ ভাল আৰু বেয়া দুয়োবিধ কোষেই মাৰি পেলায়। এইবোৰে কৰ্কট কোষসমূহৰ লগতে শ্বেতৰক্ত কোষবোৰো মাৰি পেলায়।

মোৰ নিউট্ৰোপেনিয়া হোৱা বুলি কেনেদৰে গম পাম?

আপোনাৰ চিকিৎসক বা নাৰ্চে আপোনাক জনাব। যিহেতু কেম’থেৰাপী প্ৰদান কৰাৰ পিছত নিউট্ৰোপেনিয়া হোৱাটো স্বাভাৱিক সেয়েহে আপোনাৰ চিকিৎসকে নিউট্ৰোপেনিয়া হৈছেনে নাই সেয়া জানিবলৈ আপোনাৰ তেজ পৰীক্ষা কৰিব।

মোৰ কেতিয়া নিউট্ৰোপেনিয়া হোৱাৰ সম্ভাৱনা অধিক হয়?

কেম’থেৰাপী প্ৰদান কৰাৰ ৭-১২ দিনৰ ভিতৰত স্বাভাৱিকতেই নিউট্ৰোপেনিয়া হয়। অৱশ্যে প্ৰদান কৰা কেম’থেৰাপীৰ ওপৰত নিৰ্ভৰ কৰি এই সময় ভিন্ন হ’ব পাৰে।

আপোনাৰ শৰীৰত শ্বেতৰক্ত কণিকাৰ সংখ্যা কেতিয়া আটাইতকৈ নিম্নতম হ’ব সেয়া আপোনাৰ চিকিৎসক বা নাৰ্চে আপোনাক জনাব। এই সময়ছোৱাত আপুনি সংক্ৰমণৰ লক্ষণবোৰৰ সম্পৰ্কে সজাগ হৈ থাকিব লাগিব।

মই কেনেকৈ নিউট্ৰোপেনিয়া প্ৰতিৰোধ কৰিব পাৰিম?

আপুনি নিউট্ৰোপেনিয়া হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বিশেষ একো কৰিব নোৱাৰে৷ কিন্তু যেতিয়া শ্বেতৰক্ত কণিকাৰ পৰিমাণ কম থাকে তেতিয়া যাতে সংক্ৰমণ নহয় সেই আশংকা কমাই ৰাখিব পাৰে।

মই কেনেকৈ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিম?

আপোনাৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসাৰ উপৰিও তলত দিয়া পৰামৰ্শবোৰ মানি চলিলে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

সঘনাই আপোনাৰ হাত দুখন পৰিষ্কাৰ কৰক জনসমাগম হোৱা স্থানৰ পৰা আঁতৰি থাকিবলৈ আৰু ৰুগীয়া ব্যক্তিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

খাদ্য, পিয়লা, বাচন-বৰ্তন বা দাঁত মজা ব্ৰাছৰ দৰে আনৰ ব্যক্তি ব্যক্তিগত সামগ্ৰী ব্যৱহাৰ নকৰিব।

প্ৰতিদিনে নিয়মীয়াকৈ স্নান কৰক আৰু ছাল শুকান আৰু নাফাটিবলৈ গোন্ধ নথকা তৈল সামগ্ৰী ব্যৱহাৰ কৰক।

মাংস আৰু কণী ভালদৰে সিঁজাই সকলো বিজাণু মুক্ত কৰি গ্ৰহণ কৰক।

কেঁচা ফল-মূল আৰু পাচলি সযতনে ধুই ব্যৱহাৰ কৰক।

পোহনীয়া জীৱ-জন্তুৰ প্ৰস্ৰাৱ পায়খানাৰ প্ৰত্যক্ষ স্পৰ্শৰ পৰা আপোনাৰ ছালখনক আঁতৰাই ৰাখক।

এনেবোৰ প্ৰাণীক স্পৰ্শ কৰিব লগা হ’লে হাত মোজা ব্যৱহাৰ কৰক। এনে কাৰ্য্যৰ পিছত তৎক্ষণাত পৰিষ্কাৰকৈ হাত দুখন ধোৱক।

ফুলনি বাগিছাত কাম কৰোতে হাত-মোজা ব্যৱহাৰ কৰক।

চিকিৎসক বা নাৰ্চে অনুমোদন কৰা বা কোমল দাঁত মজা ব্ৰাছেৰে দাঁত আৰু আলু পৰিষ্কাৰ কৰক।

মুখত ঘাঁ হোৱাৰ পৰা আঁতৰি থাকিবলৈ মাউথওৱাছ ব্যৱহাৰ কৰক। ঘৰুৱা সা-সামগ্ৰীৰ উপৰিভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।

উপলব্ধ হোৱাৰ লগে লগে বতৰৰ ফল-মূল ব্যৱহাৰ কৰক।

জৰুৰীকালীন কোঠালৈ যাব লগা হ’লে মই কি কৰিব লাগিব?

কেম’থেৰাপী প্ৰদান কৰা কৰ্কট ৰোগীয়ে অপেক্ষা কক্ষত অধিক সময়ৰ বাবে বহি থাকিব নালাগে। যেতিয়া কেম’থেৰাপী গ্ৰহণ কৰি থাকিব সেই সময়ত জ্বৰ উঠাতো সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। সংক্ৰমণ তৎকালে অতি জটিল হৈ পৰিব পাৰে।

যেতিয়া আপুনি এনে কোঠাত প্ৰৱেশ কৰিব তেতিয়া আপুনি স্পষ্টকৈ জনাব লাগে যে আপুনি কেম’থেৰাপী ব্যৱহাৰ কৰি আছে আৰু আপোনাৰ জ্বৰ উঠিও আছে৷ এইটো সংক্ৰমণৰ লক্ষণ হ’বও পাৰে।

উৎস: আই এন ডি জি দল।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate