অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কটৰ শংকা বৃদ্ধি কৰে পেটৰ চৰ্বিয়ে

কৰ্কটৰ শংকা বৃদ্ধি কৰে পেটৰ চৰ্বিয়ে

শৰীৰৰ যিকোনো অংশৰ তুলনাত তলপেটৰ চৰ্বি বৃদ্ধি অধিক বিপজ্জনক হ’ব পাৰে । ইয়াৰ সৈতে হৃদৰোগ,ষ্ট্ৰোক আৰু টাইপ টু ডায়েবেটিছ আদি ৰোগৰ কথা জড়িত হৈ আছে।সাধাৰণতে জিনগত কাৰণত তলপেটত চৰ্বি বৃদ্ধি হ’ব পাৰে । একেদৰে খাদ্যাভ্যাস আৰু ক্ৰটিপুৰ্ণ জীৱন-যাপনৰ পদ্ধতিৰ বাবেও পেটত চৰ্বি জমা হ’ব পাৰে।যিয়েই নহওক শৰীৰৰ আকাৰ আপেল আকৃতিৰ হোৱাৰ ফলত হাওঁফাওঁ আৰু তলপেটৰ কৰ্কটত আক্ৰান্ত হোৱাৰ শংকা বহু পৰিমাণে বৃদ্ধি পায় । বিশেষকৈ যুৱতীসকলৰ ক্ষেত্ৰত এই সম্ভাৱনা অতি বেছি । শেহতীয়াভাৱে চলোৱা গৱেষণাত এই তথ্য প্ৰকাশ পাইছে । গৱেষকসকলৰ মতে দেহত ইনছুলিনৰ পৰিমাণ বৃদ্ধি পালে সি বিভিন্ন ধৰণৰ হৰম’ন ক্ষৰণত ব্যাঘাত সৃষ্টি কৰে । ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংশত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায় । যিসকল মহিলাৰ তলপেটত চৰ্বিৰ পৰিমাণ অধিক,তেওঁলোকৰ হাওঁফাওঁ আৰু তলপেটৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকাও বহু বেছি । ডেনমাৰ্কৰ নৰ্দিক বায়’ছায়েঞ্চৰ গৱেষকৰ মতে মেন’পজৰ পিছত যুৱতীসকলৰ শৰীৰৰ নিম্নাংশত চৰ্বি জমা হোৱাৰ সম্ভাৱনা দেখা যায় । ইয়াৰ ফলত কৰ্কটৰ শংকাও বৃদ্ধি পায় । সেয়ে বয়স বৃদ্ধিৰ লগে লগে যুৱতীসকলে জীৱন-ধাৰণৰ প্ৰণালীৰ প্ৰতিও গুৰুত্ব দিয়া উচিত ।আনহাতে,ইতালীৰ এদল গৱেষকৰ মতে কৰ্কটৰ বাবে বহু পৰিমাণে দায়ী মেদবহুলতা । গৱেষকসকলে কয় যে খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু জীৱন-যাপনৰ পদ্ধতিৰ পৰিৱৰ্তন কৰি পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰি । তেওঁলোকৰ মতে পেটৰ চৰ্বি কমোৱাত গ্ৰীন টী বহু পৰিমাণে সুফলদায়ক । গ্ৰীন টীত থকা কেটেচিন নামৰ পদাৰ্থই শৰীৰৰ কেলৰি প্ৰদাহ কৰি তলপেটৰ চৰ্বি কমোৱাত সহায় কৰে । একেদৰে প্ৰচুৰ পৰিমাণৰ ফলমুল ,শাক-পাচলি খোৱাৰ উপৰি নিতৌ ৩০ ৰ পৰা ৬০ মিনিটৰ ব্যায়ামেও শৰীৰৰ ওজন হ্ৰাস কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে ।

উৎস:নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate