অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাইনেকোমেষ্টিয়া: পুৰুষক অস্বস্তিত পেলোৱা এবিধ ৰোগ

গাইনেকোমেষ্টিয়া: পুৰুষক অস্বস্তিত পেলোৱা এবিধ ৰোগ

গ্ৰীক শব্দ গাইনেকৰ অৰ্থ হ’ল মহিলা আৰু মেষ্টিয়াৰ অৰ্থ হ’ল স্তন৷ গতিকে গাইনেকোমেষ্টিয়া হ’ল পুৰুষৰ বক্ষৰ এনে অৱস্থা য’ত পুৰুষৰ স্তনৰ আকাৰ বাঢ়ি মহিলাৰ স্তনৰ দৰে ডাঙৰ হবলৈ ধৰে৷ এনে অৱস্থা পুৰুষৰ এটা নাইবা দুয়োটা স্তনৰে হব পাৰে৷ শৰীৰৰ এনে বিসংগতিয়ে পুৰুষজনক বেচ অস্বস্তিত পেলাব পাৰে আৰু তেওঁ দুঃচিন্তাগ্ৰস্তহৈ মানসিকভাবে ভাগি পৰিব পাৰে৷ একেষাৰে ক’বলৈ হ’লে গাইনেকোমেষ্টিয়া হ’ল হৰম’নৰ  বিসংগতিৰ ফলত হোৱা পুৰুষৰ এক ৰোগ য’ত পুৰুষৰ শৰীৰত থকা ইষ্ট্ৰ’জেন নামৰ স্ত্ৰী হৰম’নে পুৰুষ  হৰম’নৰ এণ্ড্ৰজেনক চেৰাই সক্ৰিয় ভূমিকা লয়৷ সচৰাচৰ একে সময়তে আমাৰ দেহত এক সন্তুলিত পৰিমাণত এই দুয়োবিধ হৰম’ন উপস্থিত থাকে৷

মানুহৰ শৰীৰৰ তিনিটা পৰ্য্যায়ত স্বাভাবিকভাৱে গাইনেকোমেষ্টিয়া দেখা দিব পাৰে৷

১)  ৬০ৰ পৰা ৯০শতাংশ নৱজাতক শিশুৰ জন্মৰ লগে লগে পুত্ৰ সন্তানৰ ২ৰ পৰা ৪সপ্তাহলৈ বৰ্ধিত আকাৰৰ স্তন দেখা যাব পাৰে৷ মাতৃ গৰ্ভৰ ইষ্ট্ৰ’জেন  হৰম’ন  প্লেচেণ্টাৰ মাধ্যমেৰে  সন্তানৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত এনে সাময়িক গাইনেকোমেষ্টিয়া দেখা দিব পাৰে৷

২) ৭০শতাংশ কৈশোৰৰ ১২ৰ পৰা ১৪বছৰ বয়সত দেখা দিয়া সাময়িক গাইনেকোমেষ্টিয়া ১৮মাহৰ পৰা দুবছৰ পৰ্য্যন্ত থাকিব পাৰে৷ হৰম’নৰ সন্তুলন লগে লগে বক্ষ ক্ৰমশঃ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে৷

৩) বাৰ্ধক্যজনিত সাময়িক গাইনেকোমেষ্টিয়া – ৫৫ বছৰৰ পৰা ৭৫ বছৰৰ পুৰুষৰ এনে হ’ব পাৰে৷ এক তৃতীয়াংশ বয়সিয়াল লোক এনে অৱস্থাৰ মাজেদি যায়৷

এক সমীক্ষামতে জীৱনকালত এক তৃতীয়াংশ পুৰুষে গাইনেকোমেষ্টিয়াত ভোগে৷ প্ৰায় সকলো গাইনেকোমেষ্টিয়া নিৰীহ হলেও ইয়াৰে এক শতাংশ কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়৷ কেতিয়াবা বক্ষত খহু হ’লেও গাইনেকোমেষ্টিয়া বুলি ভুল ধাৰণা হ’ব পাৰে৷ কিন্তু খহুৰ লগত সাধাৰণতে জ্বৰ-বিষ থাকিবই৷ গাইনেকোমেষ্টিয়া হলে নিপলৰ তলৰ বক্ষৰ আকাৰ ২ চেণ্টিমিটাৰ বা ততোধিক হ’ব পাৰে৷ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি গাইনেকোমেষ্টিয়াক চাৰিটা ষ্টেজত ভগাব পাৰি৷ কম পৰিমাণৰ পুৰুষৰ বংশগতিৰ কাৰণত গাইনেকোমেষ্টিয়া হয়৷ কদাচিত গাইনেকোমেষ্টিয়াৰ একো কাৰণ বিচাৰি পোৱা নাযায়৷

গাইনেকোমেষ্টিয়া প্ৰস্ফুটিত হোৱাৰ আন কিছুমান কাৰণ হ’ল

নানাবিধ দৰব (১০ৰ পৰা ২৫ শতাংশলৈকে) উদাহৰণ– এণ্টিবায়টিক-মেট্ৰনিডাজল, এণ্টিফাংগেল-কিটকনাজল, এণ্টি এচিডিটিৰ দৰব-চিমেটিডিন, অমিপ্ৰাজল, এণ্টিটিবি-আইচনিয়াজাইড,  এণ্টিভাইৰেল, এণ্টিকেঞ্চাৰ, এইডচ প্ৰতিৰোধক, হৃদৰোগৰ দৰব–যেনে ডিগস্কিন, মিথাইলডোপা, এম্লডেপিন, ভেৰাপ্ৰমিল, নিফেডেপিন, স্পাইনোলেক্টন, চিকিৎসাত ব্যৱহৃত নানাবিধ হৰম’ন, থিয়োফাইলিন, ৰেচপিডন, ডায়েজেপাম আৰু নানাবিধ এণ্টিডিপ্ৰেচেণ্ট দৰব৷

কিছুমান ক্ৰনিক ৰোগ বিশেষকৈ লিভাৰ আৰু কিডনিৰ অসুখত, লিম্ফমা, পুষ্টিহীনতা আদিত গাইনেকোমেষ্টিয়া দেখা দিব পাৰে৷

হিৰইন, মেৰিজুৱানা আদি ড্ৰাগছ আৰু মদে গাইনেকোমেষ্টিয়া সৃষ্টি কৰে৷ অবেচিটি আৰু অতিমাত্ৰা ষ্ট্ৰেচ গাইনেকোমেষ্টিয়াৰ কাৰক বুলি চিনাক্ত হৈছে৷ চাবোন, পাৰফিউমত থকা লেভেন্দাৰো গাইনেকোমেষ্টিয়াৰ কাৰক হ’ব পাৰে৷

থাইৰইডৰ সক্ৰিয়তা, টেষ্টিজৰ টিউমাৰ, এড্ৰিনেলিনৰ টিউমাৰ, পিটিউটেৰিৰ টিউমাৰ, হাওঁফাওঁৰ টিউমাৰ, প্ৰষ্টেটৰ টিউমাৰ আদিও গাইনেকোমেষ্টিয়াৰ কাৰক বুলি প্ৰমাণিত হৈছে৷

গাইনেকোমেষ্টিয়াৰ চিনাক্তকৰণ সাধাৰণতে জটিল নহয়৷ ৰোগীৰ ইতিহাস কাৰণ উদ্ধাৰ কৰিবৰ বাবে ভালদৰে লোৱাটো অতীৱ প্ৰয়োজনীয়৷ প্ৰকৃততে গাইনেকোমেষ্টিয়া হৈছেনে মাত্ৰ স্তনত চৰ্বিহে জমা হৈছে সেয়া চিকিৎসকে স্পৰ্শ কৰিয়েই ঠাৱৰ কৰিব পাৰে৷ যি কোনো সন্দেহ নিৰাময়ৰ বাবে মেম’গ্ৰাফী, আলট্ৰচন’গ্ৰাফী, চিটিস্কেন বা এম.আৰ.আই কৰিব পাৰি৷ বিভিন্ন হৰম’ন যেনে প্ৰলেক্টিন, ইষ্ট্ৰ’জেন, টেষ্টষ্টেৰন আদিৰ পৰীক্ষা প্ৰয়োজন সাপেক্ষে কৰা যায়৷ নিডল বায়’প্সি কৰি স্তনৰ আকৃতিৰ বুজ লব পাৰি৷

আগতেই কোৱা হৈছে গাইনেকোমেষ্টিয়া এটা বা দুয়োটা স্তনৰে হব পাৰে৷ স্তনৰ বৰ্ধিত আকাৰে ৰোগীক লজ্জাৱনত কৰাৰ ওপৰিও কেতিয়াবা কিছু পৰিমাণে বিষো অনুভৱ হব পাৰে৷ স্তনাগ্ৰ বা নিপলেদি গাখীৰ জাতীয় দ্ৰব্য বা সামান্য ৰক্তিম পানীও কেতিয়াবা নিৰ্গত হব পাৰে৷ কিছুমান ৰোগীৰ কাষলতিৰ তলত গাঙঠিও উঠে৷

গাইনেকোমেষ্টিয়াৰ প্ৰসংগত ক্লিনফেল্টাৰ চিনড্ৰমক জানক৷ ই হ’ল এবিধ জেনেটিক ব্যাধি৷ প্ৰতি ৬৫০জন পুৰুষৰ ভিতৰত এজনৰ এই বিসংগতি থাকিব পাৰে৷ এনেলোকৰ জিনত এটা অতিৰিক্ত x ক্ৰম’জম থাকে – সেয়ে  ইয়াক XXY- চিনড্ৰমো বোলে৷ সাধাধাৰণতে এনে  ৰোগীৰ ৮০শতাংশৰ গাইনোকোমেষ্টিয়া থাকে৷ পুং জননাংগ অবিকশিত হয় আৰু এওঁলোকৰ অধিকাংশৰে প্ৰজনন ক্ষমতা নাথাকে৷

চিকিৎসা

কিছুমান ৰোগীৰ বাবে কাউঞ্চেলিঙেই যথেষ্ট৷ দৰব বা আন কটা-চিঙা চিকিৎসাৰ সকলো ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়৷ নিয়মিত দৌৰা, ওজন উঠোৱা, পুচ-আপ, স্কিপিং, সাঁতোৰ, যোগাসন গাইনোকোমেষ্টিয়া ৰোগীৰ বাবে উপযোগী প্ৰমাণিত হৈছে৷ আৰম্ভণিতে কিছুমান গাইনোকোমেষ্টিয়া ৰোগীয়ে ব্যায়াম কৰোতে ‘মে’ল টাইপ ব্ৰা’ সাময়িকভাবে ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে৷ খাদ্যৰ দিশত এনেলোকে বেছি ফল মূল, শাকপাচলি আৰু প্ৰচুৰ পানী সেৱন কৰিব লাগে৷

দুবছৰৰ ওপৰকাল কষ্টদায়ক গাইনোকোমেষ্টিয়াত ভোগা ৰোগীক টেমফিস্কেন নামৰ এণ্টি-অষ্ট্ৰিজেন দৰব দি নাইবা এনাষ্ট্ৰজল ঔষধৰে চিকিৎসাৰ বাবে নিৰ্বাচিত কৰিব পাৰি৷ এনাষ্ট্ৰজলে ইষ্ট্ৰ’জেন হৰম’নৰ উৎপাদনত বাধা প্ৰদান কৰে৷ আন একাংশক প্লাষ্টিক চাৰ্জনে কচমেটিক চাৰ্জাৰীৰ বাবে বাচনি কৰে৷ টেষ্ট’ষ্টেৰনৰ অভাৱত ইৰেক্টাইল ডিচফাংচনত ভোগা ৰোগীক টেষ্টষ্টেৰন হৰমোন দি চিকিৎসা কৰিবলগীয়া হয়৷

লিখক: ডা০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate