এষাৰ কথা সত্য যে সমগ্ৰ বিশ্বতে গৰমৰ প্রকোপ বেছিকৈ অনুভূত হৈছে। অর্থাৎ আজিৰ পৰা দুটামান দশকৰ আগলৈকে গৰমৰ দিনবোৰত যিমানখিনি উষ্ণতা অনুভূত হৈছিল, আজিৰ তাৰিখত তাৰ মাত্রা যেন বহু বেছি। এই বিষয়ে সম্প্রতি চলি থকা বৈজ্ঞানিক সমীক্ষাৰ বিষয়ে উল্লেখ কৰাৰ পূর্বে উল্লেখ কৰিম ব্ৰিটিছসকলৰ মাজত প্রচলিত এটা চিৰাচৰিত প্ৰথাৰ বিষয়ে। দুজন ব্রিটিছ ভদ্রলোকে বহু দিনৰ মূৰত দেখা সাক্ষাৎ হ’লে সৌজন্যতামূলক বার্তালাপ কৰাৰ পাছত অন্য বিষয় এৰি সেইদিনাখনৰ বতৰৰ বিষয়ে আলোচনা কৰিহে তেওঁলোকৰ কথোপকথন অন্য দিশলৈ নিয়ে। এই নিবন্ধটোত অত্যধিক গৰমৰ হেতুকে মানৱ স্বাস্থ্যৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ বিষয়েহে আলোচনা কৰিম।
‘গোলোকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি থকা বিশ্বাসৰ ভেটি অত্যধিক জহৰ দিনবোৰে কেনেদৰে বৃদ্ধি কৰিছে।” (অসমীয়া অনুবাদ)—শীর্ষক এখন আন্তঃৰাষ্ট্ৰীয় গৱেষণাপত্ৰৰ এক সমীক্ষাত কেতবোৰ নতুন দিশ উন্মোচন হৈছে। এই সমীক্ষাৰ প্রতি সঁহাৰি জনোৱা ব্যক্তিসকলে সর্বান্তিঃকৰণেৰে বিশ্বাস কৰে যে আজিৰ তাৰিখত বছৰৰ প্ৰতিটো দিনৰে গড় উষ্ণতা পূৰ্বতকৈ বহু বেছি আৰু ফলত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ এক কাৰক হৈছে। তদুপৰি এই সমস্যা গৱেষণাৰ জৰিয়তে সমাধানৰ উপায় নির্ণয় কৰিবলৈকে এইসকলে নিজৰ গাঁঠিৰ ধন আগবঢ়াইছে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ ব্যয়ৰ অৰ্থে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পুনেত থকা গৱেষণাগাৰৰ বিজ্ঞানী এ কে জয়ছোৱালে ১৯৬৯ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতত গ্রীষ্মকালিন (মার্চৰ পৰা মে’ মাহলৈকে) উষ্ণতা বৃদ্ধিৰ পৰিঘটনাটোৰ ওপৰত জলবায়ুবিজ্ঞান বিষয়ৰ ব্যাখ্যাৰ বিষয়ে এখন গৱেষণা পত্র প্রকাশ কৰিছে। এই মাহকেইটাত দেশৰ ১৭৬খন মহানগৰত যিকেইটা দিনত তাপমাত্ৰা ৩৭° চেটিগ্ৰেডতকৈ বাঢ়িছিল তাৰ হিচাপ লোৱা হৈছিল। আমাৰ শৰীৰৰ গড় উষ্ণতা ৩৭° চেঃ গ্রেঃ হোৱা বাবেই এই পৰিসীমা গ্রহণ কৰা হৈছিল। গতিকেই চৌদিশৰ উষ্ণতা ইয়াতকৈ বেছি হ’লেই অস্বস্তিদায়ক অনুভূতিৰ সৃষ্টি হয়। বিগত শতিকাৰ নব্বৈৰ দশকৰ পৰাই গ্রীষ্মকালত গড় উষ্ণতাৰ মাত্রা বৃদ্ধি হোৱা বুলি উপৰিউক্ত সমীক্ষাৰ জৰিয়তে প্রতীয়মান হৈছে। তদুপৰি দেশৰ ২৫খন “মেগাচিটিত” উষ্ণতা বৃদ্ধিৰ মাত্রা সবাতোকৈ বেছি। এনেবোৰ মেগাচিটিৰ ভিতৰত উল্লেখনীয় হৈছে—নতুন দিল্লী, চেন্নাই, মুম্বাই আৰু জয়পুৰ। এইবোৰ মহানগৰীত গৰমৰ প্ৰকোপ অত্যধিক বেছি। এনেকি চৌপাশে আগুৰি থকা অঞ্চলবোৰৰ তুলনাত মহানগৰীসমূহৰ মাজ মজিয়াত যেন গৰমৰ অত্যাচাৰ মাত্ৰাধিক। ইয়াৰ ফলতে UHI (আর্বান হিট আইলেণ্ড বা নগৰীয়া উষ্ণ দ্বীপ) শীর্ষক ধাৰণাৰ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হৈছে এনেকুৱা মানুহক বিভিন্ন ধৰণৰ কার্যকলাপৰ হেতুকে সৃষ্টি হোৱা প্ৰদূষণৰ হেতুকে ডাঙৰ ডাঙৰ মহানগৰবোৰৰ মাজভাগত উষ্ণতা বৃদ্ধিৰ মাত্রা বেছি। চৌদিশৰ অঞ্চলবোৰৰ উষ্ণতা তুলনামূলকভাৱে সামান্য হ’লেও কম হয়। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতেই এই কথাষাৰ প্ৰযোজ্য। শিলপুখুৰী বা ফাঁচিবজাৰ আদি অঞ্চলৰ তুলনাত মির্জা, সোণাপুৰ বা এনেকি জালুকবাৰীতো পৰিৱেশজনিত উষ্ণতা বৃদ্ধি কমকৈ অনুভূত হয়।
অত্যধিক উষ্ণতা বৃদ্ধিৰ হেতুকে মানৱ দেহত নানা ধৰণৰ পৰিৱর্তন দেখা দিব পাৰে। ইয়াৰে ভিতৰত উল্লেখনীয় হৈছে তাপজনিত চাপ (HEAT STRESS)। ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ অধ্যাপক টম মেথিউজৰ মতে ভাৰতীয় উপমহাদেশখনৰ প্ৰায় আটাইবোৰ ডাঙৰ মহানগৰীৰ বাসিন্দাসকল এই অৱস্থাত আক্রান্ত হোৱাৰ শঙ্কা বিৰাজমান। ইয়াৰ ফলত নির্জলী ভৱন (DEHYDRATION) অৱস্থাৰ সৃষ্টি হয় আৰু আক্রান্ত ব্যক্তিগৰাকী বাৰুকৈ নিশকটীয়া হৈ পৰে। এনে পৰিস্থিতিত গ্রীষ্মকালি শৰীৰ-মন সুস্থ হৈ থাকিবলৈ আৰু হিট্ষ্ট্ৰ'ক আদিকে ধৰি নানা ধৰণৰ ৰোগ-ব্যাধিৰ বিপক্ষে প্রতিষেধকমূলক ব্যৱস্থা গ্রহণ হৈছে স্বাস্থ্য সচেতনতাৰ চানেকি। গ্রীষ্মকালিৰ উৎকট গৰমৰ দিনকেইটাৰ মাজতে আগমন ঘটে বাৰিষাৰ। এনে সময়ত চৌপাশৰ পৰিৱেশ (বিশেষকৈ বায়ু) অতি বেছিকৈ প্ৰদূষিত হয়। তদুপৰি পানী আৰু মাটিৰো প্ৰদূষণ ঘটে। সেয়েহে শৰীৰত ৰোগৰ আক্ৰমণৰ বিপক্ষে সতর্ক হোৱা উচিত।
গতিকে অৱধাৰিতভাৱেই গ্ৰীষ্মকালি মাছৰ জোলৰ উপৰি অমৰাৰে গৰৈ খাদ্যকে ধৰি জীৱন ধাৰণৰ শৈলীৰ নানা অবিচ্ছেদ্য অংগবোৰৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত বিধি মানি চলা উচিত। আহাৰ গ্ৰহণৰ বিষয়টো প্রথমেই উল্লেখ কৰিব পাৰি।
সহৃদয় পঢুৱৈসকলৰ মনত এইখিনিতে এটা প্রশ্ন নিশ্চয়কৈ জাগ্রত হ’ব যে স্বাস্থ্য বিষয়ক নিৱন্ধ এটাত জুতি-বুধিৰ সম্বন্ধেহে কিয়নো কৰ্ণনা কৰিছে। প্রকৃততে এই দিশটো সম্বন্ধে প্রাসংগিকতা আছে বাবেহে উল্লেখ কৰা হৈছে। অসমীয়া মানুহে বিশেষকৈ উঠি অহা প্রজন্মই নিজৰ খোৱা-বোৱাৰ ৰুচি পৰিৱর্তন কৰি আমাৰ জলবায়ুৰ সৈতে খাপ নোখোৱা বিধৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছে। দেৱভাষা সংস্কৃতত এষাৰ উক্তি আছে যে— ‘যস্য দেশস্য যে মগুস্তস্য এজৌ ষধং হিতং। অর্থাৎ যিদেশৰ যি প্রাণী সেই দেশৰ থলুৱা আহাৰ সেই প্ৰাণীৰ বাবে উপযোগী। স্বাস্থ্য বিজ্ঞানীসকলেও গৱেষণাৰ জৰিয়তে এই উক্তিষাৰ সমৰ্থন কৰিছে। আমেৰিকাৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত এক বৈজ্ঞানিক সমীক্ষা চলোৱা হৈছিল। ইয়াৰ ফলাফলৰ জৰিয়তে জনা গৈছিল যে কোনো এটা অঞ্চলৰ মানুহে সুস্বাস্থ্য অটুট ৰখাৰ উদ্দেশ্যে বোপা-ককাৰ দিনৰেপৰা সেই অঞ্চলত প্রচলিত খাদ্যহে খাব লাগে। অর্থাৎ মই ইয়াকে ক’ব খুজিছোঁ যে থলুৱা পদ্ধতিৰে ৰন্ধা খাদ্য হৈছে মানৱ দেহৰ বাবে সর্বোত্তম। হট ডগ, ফ্রাইড কাবাব বা চিকেন চাওমিন আদিকে ধৰি আহাৰবোৰ (আধুনিক!) ভক্ষণৰ ফলত গৰমৰ দিনত দৈহিক উষ্ণতা বাঢ়ি এক অস্বস্তিদায়ক পৰিস্থিতিৰ সৃষ্টি কৰে। পাছে আধুনিকতাৰ কোবাল কৃত্রিম বানৰ একঘেয়ামি সোঁতত যেন সুষম খাদ্য, থলুৱা আহাৰ, আটিল শৰীৰ আদি শব্দবোৰেও যেন চিকিৎসা বিজ্ঞানত স্বকীয় স্থান হেৰুৱাই উটি-ভাঁহি যায়।
আহাৰৰ বিষয়ে ইমানখিনি আলোচনা কৰাৰ পাছত মই এনে কেতবোৰ ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ ক’ব খুজিছে—যাৰ জৰিয়তে দেই পুৰি যোৱা গৰমৰ পৰা কিছু মাত্ৰাত সকাহ লভিব আৰু লগতে সুস্বাস্থ্য অটুট ৰাখিব পাৰি।
শেহত HEAT EXHAUSTION বা উত্তাপজনিত অৱসাদগ্ৰস্ততাৰ বিষয়ে চমুকৈ হ’লেও উল্লেখ কৰা একান্তই বাঞ্ছনীয়। দেহাৰ অন্তৰ্ভাগৰ পৰা নানা অত্যাৱশ্যকীয় ইলেক্ট্র’লাইটৰ (ছডিয়াম, পটাছিয়াম) বহিৰ্গমণ ঘটিলে মানুহজন দুর্বল হৈ অনৱৰতে ভাগৰুৱা অনুভৱ কৰে। অত্যধিকভাৱে ঘামিলে এনে হয়। গতিকেই সতর্কতামূলক ব্যৱস্থা হিচাপে ইতিমধ্যে উল্লেখ কৰা ধৰণে নিয়মীয়াভাৱে পানী আৰু অন্যান্য তৰল দ্রব্য গ্রহণ কৰিব লাগিব।
লেখক: ডা: মিহিৰ কুমাৰ গোস্বামী, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023