অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰল ৰোগৰ পৰা সাৱধান

গৰল ৰোগৰ পৰা সাৱধান

ডিঙিৰ ভিতৰত থকা থাইৰয়ড গ্ৰন্থি কেতিয়াবা ফুলি উঠে।ফলত ডিঙি উখহি উঠে।এই বিসংগতিকে গৰল অথবা গলগণ্ড বুলি কোৱা হয়।এই গ্ৰন্থিত এবিধ হৰমোন উৎপন্ন হয়,যিয়ে শৰীৰৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।শৰীৰত আয়োডিনৰ নাটনি হ’লে এই বেমাৰে দেখা দিয়ে বুলি প্ৰমাণ পোৱা গৈছে।বেমাৰৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সততে সেৱন কৰা নিমখৰ লগত আয়োডিন উপযুক্ত পৰিমাণে মিহলি কৰাৰ ব্যৱস্থা হৈছে।আজিকালি স্বাস্থ্য সচেতন লোকসকলে খাদ্যৰ লগত সাধাৰণ নিমখ গ্ৰহণ কৰাৰ পৰিৱৰ্তে আয়োডিনযুক্ত নিমখ ব্যৱহাৰ কৰে।

এই ৰোগ দৈহিক পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰিব পাৰি যদিও তেজ পৰীক্ষা কৰিলেও ইয়াক চিনাক্ত কৰাটো সম্ভৱ হয়।এই বিকাশৰ কোনো লক্ষণ প্ৰকাশ নাপায় যদিও ডিঙি যথেষ্ট ফুলি উঠিলেহে ইয়াৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰ চপা হয়।থাইৰয়ড গ্ৰন্থি অতিশয় সক্ৰিয় হ’লে দৰব প্ৰয়োগ কৰা হয় যদিও কম সক্ৰিয় গ্ৰন্থিৰ বেলিকা সংশ্লেষিত হৰমোনৰ জৰিয়তে চিকিৎসা কৰা হয়শ্বাস-প্ৰশ্বাস তথা খাদ্য চোবোৱাত অসুবিধা হ’লে শল্য চিকিৎসাৰ সহায় লোৱা হয়।যিবোৰ অঞ্চলত আয়োডিন সমৃদ্ধ খাদ্যৰ অভাৱ,য’ত মানুহে আয়োডিন সমৃদ্ধ খাদ্য,যেনে-গৰুৰ গাখীৰৰ নাখায় আয়োডিনযুক্ত মাটিত গজা গছ তথা সাগৰীয় খাদ্য গ্ৰহণ নকৰে,তেওঁলোক গৰলৰ কবলত পৰে।আয়োডিনৰ অভাৱত থাইৰয়ড গ্ৰন্থি সঠিকভাৱে সক্ৰিয় নহয়,ফলত হৰমোনৰ উৎপাদনত বাধা পৰে।পৰিণতিত গৰল ৰোগ হয় বুলি ঠাৱৰ কৰিব পাৰি।শৰীৰত থাইৰক্সিন হৰমোনৰ নাটনি হ’লে থাইৰয়ড গ্ৰন্থিক সক্ৰিয় সক্ৰিয় কৰি অধিক হৰমোন উৎপাদন কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয়।

এই ৰোগৰ কাৰণ বহুতো।মুখ্য কাৰণকেইটা আলোচনা কৰিব পাৰি।এক বা একাধিক মৃদু টেমুনা গঠন হোৱাৰ ফলত এই বেমাৰে দেখা দিব পাৰে।এই ৰোগৰ আন এক কাৰণ ধুমপান বুলি ঠাৱৰ কৰা হৈছে।ধপাতৰ ধোঁৱাত থকা থায়’চায়ানেট নামৰ পদাৰ্থই আয়োডিন ব্যৱহাৰত বাধা প্ৰদান কৰে।গৰ্ভধাৰণ,যৌৱনৰ আৰম্ভণি তথা ৰজোনিবৃত্তিয়ে থাইৰয়ড গ্ৰন্থিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।মানসিক ৰোগৰ দৰবে থাইৰয়ডৰ কামত বিধি পথালি দিব পাৰে।

গলগণ্ড ৰোগে বিশেষ কোনোধৰণৰ লক্ষণ স্পষ্ট নকৰে যদিও ডিঙি ফুলি অহাৰ লগেলগে কেতবোৰ লক্ষণো চকুত পৰে।থাইৰয়ড গ্ৰন্থি বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ওজনো বৃদ্ধি পাব পাৰে।ডিঙি কঠিন,কৰ্কশ হৈ কফেৰে ভৰি পৰে।চৰম অৱস্থাত উশাহ লোৱাত কষ্ট হয়,যাৰ পৰিণতিত গলৰ পৰা ঘেৰ ঘেৰ শব্দ হয়।আয়োডিনৰ মাত্ৰা আতিপাত বাঢ়ি গৈ হোৱা গৰল ৰোগত ঠাণ্ডা সহিব নোৱাৰা,স্মৃতি বিভ্ৰম,কোষ্ঠকাঠিন্য,ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটাৰ উপৰিও দেহৰ ওজন বৃদ্ধি পায়।বহুতো ক্ষেত্ৰত ডিঙি ফুলি উঠে যদিও আন কোনো ধৰণৰ লক্ষণ প্ৰকাশ নাপায়।

গৰল ৰোগ নিৰাময় কৰিবলৈ ,দৰব সেৱন,হৰমোন চিকিৎসা তথা শল্য চিকিৎসাৰ উপায় আছে।অৱশ্যে গলগণ্ডৰ আকৃতি,লক্ষণ,থাইৰয়ড গ্ৰন্থিৰ অতিমাত্ৰা ক্ৰিয়া অথবা নিম্নমাত্ৰাৰ ক্ৰিয়া আদিৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা প্ৰণালী নিৰ্ধাৰণ কৰা হয়।যদিহে গলগণ্ডৰ আকৃতি নিচেই সৰু আৰু পৰীক্ষাৰ জৰিয়তে থাইৰয়ড গ্ৰন্থিৰ কাৰ্য স্বাভাৱিক বুলি ধৰা পৰে,তেতিয়া কোনো ধৰণৰ তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন নাই।মাথোন ইয়াক নিৰীক্ষণত ৰখাৰ প্ৰয়োজন।থাইৰয়ড গ্ৰন্থিয়ে সমস্যাৰ সৃষ্টি কৰিলে চিকিৎসাৰ  প্ৰয়োজন হৈ পৰে।যদি দৰব প্ৰয়োগে কাম নিদিয়ে,তেতিয়া শল্য চিকিৎসা অনিবাৰ্য হৈ পৰে।

পৰীক্ষাৰ জৰিয়তে গম পোৱামতে প্ৰতি সাতজন ৰোগীৰ এজনৰ ক্ষেত্ৰতহে শল্য চিকিৎসাৰ বিকল্প নাথাকে।থাইৰয়ডৰ বিকাৰ হোৱা বুলি পৰীক্ষাৰ জৰিয়তে জনা গ’লে এই গ্ৰন্থিৰ কাম নিয়মীয়া কৰিবলৈ সংশ্লেষিত হৰমোন প্ৰয়োগ কৰি সুফল পোৱা যায়।এই হৰমোন প্ৰতিদিনে এবাৰ মুখেৰে গ্ৰহণ কৰিলেই হ’ল।অতিমাত্ৰা লিভ’থাইৰক্সিন হৰমোন ব্যৱহাৰ কৰিলে পাৰ্শ্বপ্ৰতিক্ৰিয়া ঘটে।নাড়ীবেগ অনিয়মীয়া বা ত্বৰান্বিত হয়,পেশীৰ সিৰামুৰি ঘটে,বমি,পনীয়া শৌচ হয়,দেহৰ ওজন কমে,মুৰ বিষায়,দেহ ঘামে আৰু টোপনিত ব্যাঘাত জন্মে।কেইদিনমানৰ মুৰত এইবোৰ প্ৰতিক্ৰিয়া নোহোৱা হয়।ইয়াৰ অন্যথা ঘটিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

থাইৰয়ড গ্ৰন্থি অতিশয় সক্ৰিয় হলে দৰব সেৱন কৰি গ্ৰন্থিৰ হৰমোন উৎপাদন হ্ৰাস কৰিব পাৰি।এনে দৰবৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া নথকা নহয়।এইবিলাকৰ ভিতৰত গাঁঠিৰ বিষ,ছালৰ বিকাৰ,খজুৱতি ,উকালি আদি প্ৰধান।কেতিয়াবা তেজত শ্বেত কণিকাৰ সংখ্যা হঠাতে হ্ৰাস পায়।এই অৱস্থা বিৰল।অত্যধিক সক্ৰিয় থাইৰয়ড গ্ৰন্থি নিয়ন্ত্ৰণ কৰিবলৈ থাই’নেমাইড নামৰ দৰব দুই-তিনিমাহ্ ব্যৱহাৰ কৰা হয়।শিশুৰ দেহৰ উষ্ণতা বাঢ়িলে ,মুখত ঘা হ’লে,ডিঙিৰ বিষত ভুগিলে চিকিৎসকৰ সহায় লোৱা উচিত।তেজষ্ক্ৰিয় আয়োডিন ব্যৱহাৰ কৰিও অতিমাত্ৰা সক্ৰিয় থাইৰয়ড গ্ৰন্থি নিয়ন্ত্ৰণলৈ আনিব পাৰি।ইয়াক মুখেৰে গ্ৰহণ কৰিলে থাইৰয়ডৰ বৰ্ধিত কোষবোৰ ধ্বংস কৰি গৰলৰ আকৃতি হ্ৰাস কৰে।সুষম খাদ্যত যথেষ্ট পৰিমাণে আয়োডিন থাকে যদিও ইয়াৰ আৱশ্যকতাৰ পৰিমাণ মানুহভেদে ভিন ভিন হোৱা বাবে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।শৰীৰত আয়োডিনৰ মাত্ৰা অত্যন্ত বৃদ্ধি পালে ভালেমান স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে।

গৰলৰ আকৃতি বাঢ়ি অহাৰ ফলত ডিঙি বেছি পৰিমাণে ফুলি উশাহ-নিশাহ বাধাগ্ৰস্ত কৰিব পাৰে।আনকি খাদ্যবস্তু গিলোতে কষ্ট হ’ব পাৰে কিন্তু দৰৱ সেৱন কৰি এইক্ষেত্ৰত সুফল পাব পাৰি।নহ’লে শল্য চিকিৎসা অনিবাৰ্য হৈ পৰে।শল্য চিকিৎসকে ডিঙিৰ ফুলি উঠা অংশ কাটি পেলাই দিয়ে।

লেখক:আনন্দদেৱ গোস্বামী (স্বাস্থ্য)

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate