অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থাত এইচ আই ভি সংক্ৰমণ :

কাৰকসমূহ -

কোনবোৰ কাৰকে মাকৰ পৰা শিশুটিলৈ এইচ আই ভি সংক্ৰমণ কৰায়, তলত আলোচনা কৰা হ’ল-

১) মাতৃৰ শৰীৰত থকা এইচ আই ভি বীজাণুৰ পৰিমাণ একে সময়তে মাতৃগৰাকীৰ গাত দেখা দিয়া আন যৌন সংক্ৰামক ৰোগ, অসুৰক্ষিত যৌনাভ্যাস, মাকৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, পৰিপুষ্টি, ধূমপান তথা মদ খোৱাৰ অভ্যাস । নিচাযুক্ত ঔষধ ব্যৱহাৰকাৰী মাতৃৰ যৌনাংগত থকা ভাইৰাছৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে । যিমানে মাতৃগৰাকীৰ শৰীৰত ভাইৰাছৰ পৰিমাণ বেছিকৈ থাকে, সিমানে শিশুটিলৈ এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পায় ।

২) প্ৰসৱৰ ধৰণ – স্বাভাৱিক প্ৰসৱ বা অস্ত্ৰোপচাৰ বা ছিজাৰিয়ান অস্ত্ৰোপচাৰ, সকলোতে শিশুটি আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ।

৩) শিশুটিৰ বংশগত গাঁথনি, জন্মৰ সময়, শিশুটিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, মাকৰ দুগ্ধপান আদিৰ ওপৰত নিৰ্ভৰ কৰে শিশুটিৰ সংক্ৰমণৰ প্ৰৱণতা । এইডছ আক্ৰান্ত মাতৃয়ে দুগ্ধ পান কৰালে শিশুটি এইডছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে ।

৪) মাকৰ পৰা শিশুটিলৈ গৰ্ভাৱস্থাৰ বিভিন্ন সময়ত হোৱা সংক্ৰমণৰ পৰিসংখ্যা এনেধৰণৰ-গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহৰ আগলৈ ২০ শতাংশ, প্ৰসৱৰ সময়ত ৫০ শতাংশ আৰু দুগ্ধপানৰ দ্বাৰা ৩০ শতাংশ ।

ৰোগৰ লক্ষণসমূহ -

এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো প্ৰায় অকামিলা হৈ পৰে । ইয়াৰ ফলত সাধাৰণ অৱস্থাত সুপ্তপ্ৰায় হৈ থকা বেমাৰৰ বীজাণুবোৰ সক্ৰিয় হৈ পৰে আৰু মানুহগৰাকীক আক্ৰমণ কৰে । ইয়াৰ ফলত মানুহগৰাকীক বিভিন্ন ৰোগে হেঁচি ধৰি কোঙা কৰি পেলায় । প্ৰথমাৱস্থাত জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ আদি সৰু-সুৰা লক্ষণবোৰে দেখা দিয়ে । লাহে লাহে শৰীৰত থকা গ্ৰন্থিসমূহ বাঢ়িবলৈ ধৰে । গাঁত ৰঙা ৰঙা গুটি ওলায় । প্ৰথমাৱস্থাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মহিলাগৰাকীৰ কোনো লক্ষণে দেখা নিদিব পাৰে । লাহে লাহে সকলো লক্ষণে দেখা দিয়ে । যক্ষ্মা, কৰ্কট ৰোগ, যেনে জৰায়ুৰ কৰ্কট ৰোগ, কেপ’ছিছ ছাৰক’মা, লিমফ’মা আদি ৰোগৰ আৱিৰ্ভাৱ ঘটে । ওজন কমে । গোটেই গাৰ গ্ৰন্থিবোৰ বাঢ়ি যায়, পনীয়া শৌচ হয় । দীঘলীয়া সময়জুৰি হোৱা পনীয়া শৌচ আদি কেতবোৰ লক্ষণ ।

চিকিৎসা-

গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল- এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰা । অপ্ৰয়োজনীয় গৰ্ভাৱস্থা ৰোধ কৰা, মাকৰ পৰা শিশুটিলৈ হোৱা সংক্ৰমণ ৰোধ কৰা আৰু এইচ আই ভি সংক্ৰমিত মহিলাগৰাকীৰ লগতে শিশু আৰু পৰিয়ালৰ আন লোকসকলৰ যত্ন তথা চিকিৎসা কৰা ।

গৰ্ভাৱস্থাৰ সময়ত লোৱা যতন -

১) এইচ আই ভি সংক্ৰমিত গৰ্ভৱতী মহিলা এগৰাকীৰ চিকিৎসা স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা ভেষজ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা মিলি কৰা হয়।

২) সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰি কিবা ইনফেকচন থাকিলে চিকিৎসা কৰি সুস্থ কৰি তোলা হয় । পুষ্টিহীনতাত ভোগা মহিলাৰ স্বাস্থ্য পুষ্টিকৰ খাদ্যৰে সুস্থ কৰি তোলা হয় ।

৩) মহিলাগৰাকীক গৰ্ভপাতৰ বিষয়ে বুজোৱা হয় , সন্মত হ’লে সকলো সাৱধানতা অৱলম্বন কৰি গৰ্ভপাত কৰোৱা হয় ।

৪) গৰ্ভাৱস্থা ৰাখিব বিচাৰিলে, মহিলাগৰাকীৰ তেজৰ সকলো পৰীক্ষা তথা আল্ট্ৰাছাউণ্ড কৰি গৰ্ভস্থ শিশুটিৰ সুস্থতা নিৰুপণ কৰা হয় ।

৫) এইচ আই ভিৰ ঔষধ সাধাৰণতে তিনি প্ৰকাৰৰ । উদাহৰণস্বৰুপে যিড’ভিউডিন, নেভিৰেপিন, টেন’ফ’ভিৰ, লোম ভিউডিন, ইফা ভিৰেঞ্জ আদি । ইয়াৰে তিনিবিধ ঔষধ গৰ্ভাৱস্থাৰ সময়ত আৰম্ভ কৰা হয় ।

পৰীক্ষা -

প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ এইচ আই ভি পৰীক্ষা কৰোৱাটো দৰকাৰ । এই পৰীক্ষা কৰোৱাৰ আগেয়ে মহিলাগৰাকীক ইয়াৰ পৰা হ’ব পৰা বিপদসমূহৰ বিষয়ে ভালকৈ বুজোৱা হয় ।

১) ‘এলাইজা’ পৰীক্ষাৰ সহায়ত তেজত থকা এইচ আই ভিৰ এণ্টিবডিৰ উপস্থিতি ধৰা পেলোৱা হয় । ইয়াত এণ্টিব’ডি থকাটো ধৰা পৰিলে ‘ৱেষ্টাৰ্ন ব্ল’ট’ পৰীক্ষা কৰি তাক নিশ্চিত কৰা হয় । ‘পি চি আৰ’ আন এবিধ এইচ আই ভি নিশ্চিতকৰণ পৰীক্ষা ।

২) এইচ আই ভি থকাটো নিশ্চিত হ’লে আন কেতবোৰ পৰীক্ষা কৰা হয় । যেনে- ভি ডি আৰ এল, টক্স’প্লাজমা, হেপাটাইটিছ বি, চি, টৰ্চ আদি ।

৩) স্বামীৰো এইচ আই ভি পৰীক্ষা কৰোৱাটো দৰকাৰী।

৪) যক্ষ্মা ৰোগৰ উপস্থিতি ধৰা পেলাবৰ বাবে বুকুৰ এক্স-ৰে, টিউবাৰকুলিন টেষ্ট কৰোৱাব লাগে ।

৫) তেজত থকা ‘চি ডি ফ’ৰ’ কোষৰ মাত্ৰা চাবলৈ কৰা পৰীক্ষা ।

প্ৰসৱৰ সময়ত ল’ব লগা যতন -

১) এইচ আই ভিত আক্ৰান্ত মহিলাৰ চিকিৎসালয়ত প্ৰসৱ কৰোৱাটো দৰকাৰী । এইচ আই ভিৰ ঔষধ আগৰ দৰেই চলি থাকে । অস্ত্ৰোপচাৰ পৰাপক্ষত এৰাই চলিব লাগে । যিমানে কম অস্ত্ৰোপচাৰ, সিমানেই কম হয় সংক্ৰমণৰ সম্ভাৱনা । আনলৈ সংক্ৰমণ নহ’বলৈ লিখিত ব্যৱস্থাসমূহ মানি চলিব লাগে ।

২) সাধাৰণ প্ৰসৱৰ সময়তো এই নিয়মসমূহ মানি চলা হয় । প্ৰসৱৰ পিচতো মহিলাগৰাকীয়ে এইচ আই ভিৰ ঔষধসমূহ খাই থাকিব লাগে ।

৩) প্ৰসৱৰ পিচত শিশুটিক ভালকৈ ধুৱাই লোৱাৰ পিচতহে ভেকচিন দিয়া হয় । শিশুটোৰো সম্পূৰ্ণ তেজৰ পৰীক্ষা কৰা হয় । কিমান পৰিমাণে এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হৈছে ঠাৱৰ কৰা হয় ।

প্ৰসৱৰ পিচৰ যতন -

১) মাতৃদুগ্ধপান দুখীয়া দেশবোৰত বন্ধ কৰিব নোৱাৰি । মাতৃদুগ্ধৰ পৰা ৩০ শতাংশ শিশু এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হয় । যিড’ভিউডিন নামৰ দৰববিধ পনীয়া আকাৰে শিশুটিক প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে খুওৱা হয়।

২) এইচ আই ভি আক্ৰান্ত লোকৰ বাবে ‘কনডম’ এক উত্তম গৰ্ভনিৰোধক ব্যৱস্থা ।

৩) ‘কাউন্সেলিং’ হ’ল এইচ আই ভিৰ অতি দৰকাৰী পদক্ষেপ । ইয়ে নিয়মীয়াকৈ ঔষধ খোৱাৰ লগতে আনলৈ এই ৰোগ বিয়পাত বাধা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয় । পৰামৰ্শদাতাই মানুহগৰাকীক মানসিকভাৱে সবল কৰি তোলে । সকলোৰে প্ৰচেষ্টাইহে এইচ আই ভি সমাজৰ পৰা নিশ্চিহ্ন কৰাত সহায় কৰিব ।

লেখক : ডা: ৰাজীৱলোচন শৰ্মা

উৎস : দেওবৰীয়া সম্ভাৰ

 

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate