অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাৰভাইকেল স্পনডাইলোচিচ কি জানো আহক

সাধাৰণ অসমীয়া ভাষাত ইয়াক ঘাৰ বাত বোলা হয় ।নামনি অসমত ইয়াক সিকা-লৰা বুলিও কোৱা শুনা যায় । ই হ'ল মেৰুদণ্ডৰ ঘাৰ বা কান্ধৰ অংশৰ কশেৰুকা বিলাকৰ মাজৰ ডিস্ক বা চকৰিসদৃশ কোমল হাড়ৰ ক্ষয়প্রাপ্তি। মানুহৰ মেৰুদণ্ড ৩৩ডাল সৰু সৰু হাড় বা কশেৰুকাৰে (ভার্টিব্রা) তৈয়াৰ হয়। কান্ধৰ অংশত থাকে সাতটা কশেৰুকা (cervical vertebrae) । এই কশেৰুকা বিলাক এটা আনটোৰ লগত ডিস্ক আৰু লিগামেন্টৰ দ্বাৰা সংযুক্ত হৈ থাকে। মেৰুদণ্ডৰ কান্ধৰ অংশ সন্মুখৰ ফালে উত্তলভাবে বেকা। সকলোতকৈ বেছি বেকা থাকে পঞ্চম আৰু ষষ্ঠ কশেৰুকাৰ মাজৰ ডিস্ক । এই ডিস্কতেই স্পনডাইলোচিচ বেছি হয় কাৰণ এই পইণ্টত সকলোতকৈ বেছি চাপ পৰে ।

ক্ষয়প্রাপ্তিৰ প্রক্রিয়াত ডিস্কবোৰৰ মাজৰ তৰল পদাৰ্থ কমি যায় আৰু শুকান হৈ পৰে। সুস্থ অবস্থাত ডিস্কবিলাক নৰম, স্থিতিস্থাপক আৰু বেছি মজবুত। ডিস্কবিলাক যেতিয়া ক্ষয় যোৱা আৰম্ভ হয় তেতিয়া তাৰ নমনীয় তন্তুবোৰ টান হৈ পৰে আৰু চাপৰ ফলত ভাঙি যায়। দুটা কশেৰুকাৰ মাজত থকা ডিস্ক ক্ষয় যায় আৰু পাতল হৈ পৰে। ইয়াৰ ফলত কশেৰুকাবোৰৰ দুইপ্রান্ত পৰস্পৰে ঘহনি খাই থাকে আৰু বিভিন্ন জোখৰ নতুন হাড়ৰ দানা সৃষ্টি হোৱা দেখা পোৱা যায় ।
এই হাড়ৰ দানাবোৰ সৰু আৰু ধাৰ থকা । এক্সৰে পৰীক্ষাত এইবোৰ ধৰা পৰে । যদি এই হাড়ৰ দানাবিলাকৰ কোনোবাটোৱে স্নায়ুৰ মূলত খোঁচা মাৰে তেতিয়া তীব্র বিষৰ উদ্রেক হয়। এই বিষ হাত, ডিঙিৰ পিছফাল আদিত বেছি অনুভৱ হয়। হাড়ৰ দানাবোৰে মাজে মাজে স্নাযুৰজ্জুকতো চাপ দিব পাৰে আৰু হাত বা ভৰিৰ অসাৰতা ঘটাব পাৰে ।

ক্ষয়প্রাপ্ত ডিস্ক তাৰ স্বাভাবিক অৱস্থানৰ পৰা পিচলি যোৱাও দেখা যায় , যাক বোলা হয় ‘স্লিপড ডিস্ক’। এইক্ষেত্ৰত ডিস্ক স্নায়ুমূলৰ ওপৰত চাপ দি বিষৰ সৃষ্টি কৰে । স্লিপড ডিস্ক সাধাৰণতে হয় দুর্ঘটনা, হঠাৎ পৰি যোৱা অথবা কান্ধত হোৱা আঘাতৰ কাৰণে । যি হওক , ডিস্কৰ স্থিতিস্থাপকতা হেৰাই গলে ক্ষয়প্রাপ্ত মেৰুদণ্ড লৰচৰ কৰা কঠিন হৈ পৰে ।

স্পনডাইলোচিচ সাধাৰণতে হয় কান্ধৰ তলৰ চাৰিটা কশেৰুকাত অর্থাৎ চতুর্থৰ পৰা সপ্তম কশেৰুকাত। ওপৰৰ তিনিটা কশেৰুকাত স্পনডাইলোচিচ খুব কম হয় কাৰণ সেইখিনি ঠাইত খুব এটা চাপ বা হেচাঁ নপৰে । চাৰভাইকেল স্পনডাইলোচিচৰ বিষ সদায় ডিঙিৰ পিছফালে অনুভূত হয়, কেতিয়াও ডিঙিৰ সন্মুখৰ ফালে অনুভূত নহয় । বিষ তীব্রতৰ হলে, কান্ধ আৰু বাহুৰ পৰা কিলাকুটি বা কেতিয়াবা আঙুলি পর্যন্ত অনুভৱ হয়।

স্পনডাইলোচিচ ৰোগ নির্ণয় -

স্পনডাইলোচিচ হৈছে নে নাই সেইটো নিশ্চিত হোৱাৰ বাবে এক্স ৰে কৰা হয়। তদুপৰি কোনো কোনো ক্ষেত্ৰত চিটি স্ক্যান অথবা এম আৰ আই (MRI) কৰাও হয়।

স্পনডাইলোচিচ চিকিৎসা পদ্ধতি -

চাৰভাইকেল স্পনডাইলোচিচৰ কাৰণে কান্ধত তীব্র বিষ হলে সাধাৰণতে নিম্নলিখিত পদক্ষেপ গ্রহণ কৰা হয়-

১. কান্ধৰ লৰচৰ বন্ধ কৰি দিয়া।

২. বিষনাশক ঔষধ সেৱন কৰা ।

৩. গৰম সেক দিয়া ।

৪. ট্রেকচন।

৫. মালিচ কৰা, যিয়ে কান্ধৰ  মাংসপেশী শক্তিশালী কৰি তোলে।

৬. টান হৈ পৰা পেশী শিথিল কৰিবলৈ ব্যায়াম।

লেখক: ডাঃ মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate