অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিকিৎসকৰ পৰামৰ্শ নেমানিলে ৰক্তচাপে বিপদ মাতিব পাৰে:

 

বৰ্তমান সমাজৰ পুৰুষ মহিলা, ডেকা, বুঢ়া, ধনী, দুখীয়া সকলো প্ৰকাৰৰ মানুহে ৰক্তচাপ(ব্লাড প্ৰেছাৰ)ৰ আশংকাত ভোগে। কিছুমানে নিজৰ সজাগতাৰ বাবে চিকিৎসা গ্ৰহণ কৰি প্ৰাকৃতিক জীৱনকাল সম্পূৰ্ণ কৰে আন কিছুমানৰ সজাগতাৰ অভাৱত অকল মৃত্যু ঘটে। ৰক্তচাপ হ’ল ৰক্তসঞ্চালনৰ বাবে ৰক্তবাহী নলীৰ ওপৰত পৰা চাপ। ৰক্তচাপ কোনো ৰোগ নহয় যদিও হৃদৰোগ, হাৰ্টএটেক, ষ্ট্ৰোক, কিডনি বিকল হৈ মৃত্যু মুখত পৰাৰ কাৰক হ’ব পাৰে।

ৰক্তচাপ হ’ল এক নীৰৱ মৃত্যুদূত:

 

বিষয়টোৰ জৰিয়তে কোনো চিকিৎসা শাস্ত্ৰৰ জ্ঞানৰ কথা আলোচনা কৰিব খোজা নাই। জনসাধাৰণৰ মাজত প্ৰচলিত ৰক্তচাপৰ কিছুমান ভুল ধাৰণা আঁতৰাই তথা শংকাবোৰ দূৰ কৰি জনসজাগতা সৃষ্টি কৰাটোহে এই লেখাৰ মূল উদ্দেশ্য।

ৰক্তচাপ প্ৰকৃততে ৰক্ত সঞ্চালনৰ বাবে ৰক্তবাহী নলীকাত উৎপত্তি হোৱা ৰক্তৰ চাপ। বহু মানুহে ৰক্তচাপ যেতিয়ালৈ চৰম সীমা নাপায়গৈ তেতিয়ালৈকে দৰব সেৱন বা প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰে, একমাত্ৰ কিছুমান ভুল ধাৰণাই সৃষ্টি কৰা শংকাৰ বাবে। বহুতো মানুহৰ মুখত শুনা যায় যে মোৰ খং নুঠে গতিকে মোৰ উচ্চ ৰক্তচাপ হ’বই নোৱাৰে অথবা মই ইমান শকত আৰু মোৰ মূৰ নুঘূৰাই গতিকে মোৰ নিম্ন ৰক্তচাপ হ’বই নোৱাৰে। এই ধাৰণাৰ বাবে মানুহে চিকিৎসক বা ৰক্তচাপ জোখা যন্ত্ৰৰ ওপৰত সন্দেহ কৰি চিকিৎসা পৰামৰ্শ পালন নকৰে। ইয়াৰ বিপৰীতে কিছুমানে সঘনাই ৰক্তচাপ জুখি নিজে নিজে অশান্তিত ভোগে আৰু নিজৰ ইচ্ছামতেই ৰক্তচাপৰ দৰব সলাই থাকে। এইবোৰ ধাৰণা দূৰ কৰিবলৈ প্ৰথমতে ৰক্তচাপ বৃদ্ধি বা কম হোৱাৰ কাৰণবোৰ জনা উচিত। ৰক্তচাপ বৃদ্ধিৰ কাৰণবোৰ হ’ল-

    বংশগত:

কিছুমানৰ পিতৃ-মাতৃৰ ৰক্তচাপ অধিক থাকিলে সন্তানৰো ৰক্তচাপ বাঢ়িব পাৰে। উপযুক্ত দৰব লৈ ৰক্তচাপ নিয়ন্ত্ৰণ নকৰিলে আয়ুস হ্ৰাস পায়।

  • মেদবহুলতা বা শৰীৰৰ ওজন:

শৰীৰৰ ওজন বৃদ্ধিৰ ফলত অথবা চৰ্বি জমা হোৱাৰ ফলতো ৰক্তচাপ বৃদ্ধি পায়। এইধৰণৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ দৰবৰ ব্যৱহাৰৰ লগতে জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়।

  • মানসিক চাপ:

মানসিক চাপ বা বিভিন্ন ধৰণৰ পৰিস্থিতি সাপেক্ষে হোৱা ৰক্তচাপ মেডিটেচন আৰু জীৱনশৈলী পৰিৱৰ্তনেৰে নিয়ন্ত্ৰণ কৰিব পাৰি। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ মতে দৰব ব্যৱহাৰ কৰাটো উপকাৰী।

  • কলেষ্টেৰল বৃদ্ধি:

শৰীৰত প্ৰয়োজনীয় কলেষ্টেৰলৰ মাত্ৰা অত্যধিক হ’লে ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। এনে অৱস্থাত দৰব সেৱন কৰাটো অপৰিহাৰ্য।

  • মাদক দ্ৰব্য সেৱন:

মাদক দ্ৰব্য সেৱনকাৰীসকলৰ সাধাৰণতে ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়। কলেষ্টেৰল বৃদ্ধি হৈ অথবা মগজুৰ পৰা অহা সংকেতবোৰৰ বিজুতিৰ বাবেও মাদক দ্ৰব্য সেৱনকাৰীৰ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে।

  • জীৱনশৈলী:

অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবেও ৰক্তচাপৰ তাৰতম্য দেখা যায়। কোনোধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা বা শৰীৰচৰ্চা একেবাৰে নকৰা মানুহৰ ৰক্তচাপ কমি যায়। তেওঁৰ উচ্চ ৰক্তচাপৰ সমস্যা নাই বুলি প্ৰথম অৱস্থাত বহুত সুখী হৈ থাকে। কিন্তু পাছলৈ নিজৰ জীৱন শৈলীৰ কাৰণে ৰক্তাচাপ বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে ৰক্তচাপৰ দৰব সেৱনৰ লগতে সুস্থ জীৱনশৈলী অনুকৰণ কৰাটো সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।

উপৰোক্ত কাৰণবোৰ নিয়ন্ত্ৰণ কৰি ৰক্তচাপ সঠিকভাৱে ৰাখিব পৰাটো অতি উত্তম। কিন্তু ৰক্তচাপ নিয়ন্ত্ৰিত কৰি নাৰাখিলে হৃদযন্ত্ৰত চাপ পৰাৰ ফলত হৃদযন্ত্ৰটো আকাৰত ডাঙৰ হৈ পৰে(Cardiomegaly), হৃদযন্ত্ৰৰ মাংসপেশীবোৰ দুৰ্বল কৰে, হৃদযন্ত্ৰৰ কৰ্মশক্তি নিম্নগামী কৰে, শেষত হাৰ্ট এটেক বা হাৰ্ট ফেইল হৈ মৃত্যুমুখত পৰে।

হাৰ্ট এটেক বা হাৰ্ট ফেইল কৰাটো এদিনতে হোৱা ৰোগ নহয়। ইয়াৰ কাৰক হিচাপে ৰক্তচাপৰ তাৰতম্য বহুদিন আগতে দেখুৱায়। উচিত দৰব সেৱন আৰু কাৰণবোৰক দূৰ কৰি ৰাখিলেই ৰক্তচাপৰ কবলৰ পৰা মুক্তি পাব পাৰি। যিকোনো মানুহৰ হাৰ্ট এটেক আৰম্ভ হোৱাৰ লগে লগে যদি ‘চৰ্বিট্ৰেট’ ৫ মিলিগ্ৰামৰ টেবলেট(Teb. Sorbitrate 5mg) এটা জিভাৰ তলত ৰাখি আৰু ‘ইকোস্প্ৰিন’ ১৫০ মি.গ্ৰামৰ টেবলেট(Teb. Ecosprin 150mg) এটা পানীৰে খাবলৈ দিয়া হয়, তেন্তে ৰোগীজন অতি কমেও নিকটবৰ্তী ভাল চিকিৎসালয় এখনলৈ সুস্থ অৱস্থাতে লৈ যাব পাৰি। (এটা কথা মনত ৰাখিব যে এনেধৰণৰ ঔষধ সেৱনৰ আগতে উচ্চ ৰক্তচাপৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী)। এই ইমাৰজেন্সি টেবলেট দুটাই ৰোগীজনক দুই-তিনিঘন্টালৈ বিপদমুক্ত কৰি ৰাখিব পাৰে। অতি কম মূল্যৰ এই দুটা টেবলেট যথেষ্ট মূল্যৱান যদিও মানুহৰ উচিত জ্ঞানৰ অভাৱত বা প্ৰাথমিক চিকিৎসাৰ জ্ঞানৰ অভাৱত এনেকুৱা দৰববোৰ ব্যৱহাৰ কৰিবলৈ সংকোচ কৰে।

সাধাৰণ মানুহে হাৰ্ট এটেক হোৱা বুলি কেনেকৈ জানিব:

 

যদি ৰোগীজনৰ পূৰ্বৰ পৰা উচ্চৰক্তচাপ আছে, বুকুৰ বাঁওফালে বিষ অথবা ডিঙিত জ্বলন বা বিষ দেখা যায়, লগতে হৃদস্পন্দন বাঢ়ি যায় আৰু ঘাম ওলাবলৈ আৰম্ভ কৰে, তেনেকুৱা লক্ষণত উপৰোক্ত দৰব দুটা ব্যৱহাৰ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। ৰোগে বিষম ৰূপ লোৱাৰ পাছতহে দিব পৰা ই এক প্ৰাথমিক ব্যৱস্থা। কিন্তু প্ৰতিৰোধ চিকিৎসাতকৈ উত্তম।

সৰ্বসাধাৰণ লোক ৰক্তচাপৰ প্ৰতি সজাগ নহয় বাবে অসংখ্য লোক মৃত্যুমুখত পৰে। ৰক্তচাপৰ অৱহেলাৰ বাবেই ষ্ট্ৰোক হৈ পেৰালাইচিচ হয় আৰু জীৱনৰ বাকীছোৱা কাল পংগু হৈ বিছনাত পৰি থাকিবলগীয়া হয়। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানি সজাগ হোৱাটো অতি প্ৰয়োজনীয়। ৰক্তচাপৰ দৰব এবাৰ খআলে জীৱনলৈ খাই থাকিব লাগিব, এই ধাৰণাৰ বশৱৰ্তী হৈ নিজৰ জীৱন নষ্ট কৰা লোকৰ সংখ্যা অনেক।

দৰব নোখোৱাকৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে খাদ্যত নিমখ কম খাব লাগে, শৰীৰৰ ওজন কম কৰিব লাগে, দৈনিক শৰীৰ চৰ্চা কৰিব লাগে, কলেষ্টেৰল লেভেল নিয়ন্ত্ৰণত ৰাখিব লাগে। এইবোৰ নকৰি যদি দৰবো প্ৰয়োগ কৰা নহয়, তেন্তে ই নিৰৱ ঘাতক হিচাপে দেখা দিব পাৰে।

কিছুমান লোকে ৰক্তচাপ বঢ়া যেন অনুভৱ হ’লে দৰবৰ দোকানৰ পৰা যিকোনো ৰক্তচাপ কমোৱা দৰব কিনি আনি সেৱন কৰে। কিন্তু চিকিৎসকৰ সঠিক পৰামৰ্শ অবিহনে ৰক্তচাপৰ দৰব সেৱন কৰা উচিত নহয়। কাৰণ ৰক্তচাপৰ দৰব বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়, ইয়াৰ প্ৰয়োগ বিধিবোৰ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, বয়সস্থ লোকৰ বাবে ৰক্তচাপ নিৰ্ণয় চিকিৎসকসকলে অতি সাৱধানে কৰে। কিডিনিৰ ৰোগ থকা ৰোগীসকলৰ বাবে আৰু এনজাইটি আদি ৰোগৰ দ্বাৰা পীড়িত লোকসকলৰ বাবে ৰক্তচাপৰ দৰব নিৰ্বাচনত অতিৰিক্ত সাৱধানতা লয়। মানসিক ভাৱে অৰ্থাৎ হতাশা, বিষন্নতা আদিৰ দ্বাৰা আক্ৰান্ত হ’লে যদি নিজে কিনি ‘বিটা ব্লকাৰ এন্টি হাইপাৰটেনছিভ’ দৰব খোৱা হয় তেন্তে এনজাইটি বাঢ়িবহে। গতিকে এনে ক্ষেত্ৰত নিৰ্দিষ্ট চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে দৰব নিৰ্বাচন কৰাটো বিপজ্জনক। দৰব খোৱা আৰম্ভ কৰাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অবিহনে বন্ধ কৰিব নালাগে।

এইখিনিতে এটা সচৰাচৰ ঘটা ঘটনা উল্লেখ কৰিব বিচাৰিছো। এজন লোক বহুদিনৰ পৰা বাওঁ হাতৰ বিষত ভুগিছিল। ৰক্তচাপো বেছি আছিল। এজন বন্ধুৰ পৰামৰ্শমতে তেওঁ চিকিৎসালয়লৈ গৈছিল। চিকিৎসকে সঠিক উপদেশৰ সৈতে দৰবৰ পৰামৰ্শ দিছিল। ৰোগীজনে দৰববোৰ কিছুদিন খাইছিল। তাৰ পাছত আন এজন বন্ধুয়ে ক’লে- ‘তইচোন কাম কৰিয়ে আছ, একো অসুবিধা হোৱা নাই। অমুক কবিৰাজৰ দৰব খাই চাচোন। তেওঁৰ দৰব খাই সকলোৱেচোন অতি সোনকালে ভাল পায়। তাৰ কিছুদিন পাছত সেই অৰ্হতাবিহীন কবিৰাজে দিয়া ৰঙা-নীলা বড়িবোৰৰ কোনো ধৰণৰ ক্ৰিয়া দেখা নগ’ল। এদিন হঠাতে তেওঁৰ মৃত্যু হ’ল। লগত পোৱা গ’ল বহু ধৰণৰ কবিৰাজী দৰব। এই ধৰণৰ ঘটনাবোৰে প্ৰমাণ কৰে চিকিৎসাৰ ওপৰত ভৰষা নথকা অথবা দৰব প্ৰয়োগৰ শংকাৰ ফলতেই এনে ঘটনা সংঘটিত হয়।

ৰক্তচাপৰ দৰ্ব ব্যৱহাৰৰ শংকা আঁতৰাবলৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক। যিহেতু হৃদযন্ত্ৰটো মাকৰ গৰ্ভত প্ৰতিষ্ঠাপনৰ দিনাৰ পৰা অবিৰতভাৱে মৃত্যুৰ দিনালৈ কাৰ্যৰত থাকে। এই অংগটোৰ ওপৰত অনিয়ন্ত্ৰিতভাৱে ৰক্তচাপৰ ভাৰ দিয়াটো উচিত নহয়। ইয়াৰ যতনৰ বাবে নিয়মীয়া দৰব সেৱন আৰু শৰীৰ চৰ্চাৰ লগতে নিয়ন্ত্ৰিত জীৱনশৈলীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। ইয়াৰ উপৰি মধুমেহ বা বৃক্কৰোগৰ নিচিনা আন ৰোগৰ বাবেও ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়। সময়মতে শংকাবিহীনভাৱে দৰব সেৱন নকৰিলে এনেধৰণৰ ৰোগ নিৰাময় কৰাটো কঠিন। ই অতি সোনকালে মৃত্যুক আমন্ত্ৰণ কৰে। গতিকে ৰক্তচাপৰ বাবে দৰব সেৱনৰ ইচিত পৰামৰ্শ মানি শংকাবোৰ আঁতৰোৱাটো জীৱন ৰক্ষাৰ অন্যতম উপায়।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate