অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰ্দিৰ পৰা সকাহ পোৱাৰ উপায়

চৰ্দিৰ পৰা সকাহ পোৱাৰ উপায়

চর্দি সাধাৰণতে মাৰাত্মক ৰোগ নহয়; অৱশ্যে বেদনাদায়ক। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি (Immunity) স্বাভাৱিক অৱস্থাৰ থাকে, তেনেহ’লে সাতদিনৰ ভিতৰতে সাধাৰণতে চর্দি নিৰাময় হয় কোনো ধৰণৰ ঔষধ নাখালেও কিন্তু যদি একেৰাহে কেইবা সপ্তাহো চর্দি হৈ থাকে, তেনেহ’লে চিকিৎসকৰ পৰামর্শ লোৱা উচিত; কিয়নো চর্দিৰ কাৰণ অন্য ৰোগো হ’ব পাৰে— যেনে ব্রংকাইটিচ, দীৰ্ঘম্যাদী ছাইন'চাইটিচ অথবা এলাষ্টী।

ছাইন'চাইটিচত মুখমণ্ডৰ হাড়ৰ ভিতৰত থকা ছাইনাচৰ প্রদাহ হয়। এইৰোগ ১২ সপ্তাহ ততোধিক সময়লৈ হৈ থাকিব পাৰে। এই ৰোগত নাকত পৰা পানী তথা শেঙুন ওলোৱা, কাহ, মুখণ্ডল চুলে বিষোৱা আদি হ’ব পাৰে। চর্দিৰ নিচিনাকৈ সঘনে হাঁচিও আহিব পাৰে। শেঙুনৰ ৰং অনুসৰি কাৰণ নিৰ্ধাৰণ কৰিব পাৰি। যেনে বগা হ’লে এলাৰ্জী, হালধীয়া হ’লে বেক্টেৰিয়াৰ সংক্রমণ। সেই অনুসাৰে চিকিৎসা হ’ব। নাকৰ ভিতৰত "নাসাৰ্বুদ’ (Polyp) ও হ’ব পাৰে। এলাৰ্জী হ’লে হিষ্টামিৰোধক সংক্রমণ হ’লে এণ্টিবায়’টিক আৰু নাসাৰ্বুদ হ’লে অস্ত্ৰোপচাৰ কৰাৰ প্রয়োজন হয়।

দীর্ঘদিন ধৰি চর্দি হৈ থকাৰ আন এটা কাৰণ হ’ল এবিধ ভাইৰাছৰ সংক্রমণ নিৰাময় হোৱাৰ পাছত আন এক প্রজাতিৰ চর্দি ভাইৰাছৰ সংক্রমণ। চর্দিৰ ক্ষেত্ৰত দুশতকৈও অধিক সংখ্যক ভাইৰাছৰ সংক্রমণ হ’ব পাৰে। এই ভাইৰাছসমূহৰ নিৰন্তৰ উৎপৰিৱৰ্ধন (Mutation) হৈ থাকে আৰু সকলোবোৰ ভাইৰাছৰ বিৰুদ্ধে আমাৰ দেহত ৰোগ প্রতিৰোধ শক্তি সৃষ্টি সম্ভৱ নহ’বও পাৰে।

চর্দি ৰোগৰ সম্পূর্ণ নিৰাময়ক বা নিৰোধক ঔষধ নাই; কিন্তু কেতবোৰ ব্যৱস্থাৰে চর্দিৰ পৰা আৰাম পাব পাৰি অথবা প্ৰতিৰোধ কৰিব পাৰি:

পৰিষ্কাৰকৈ হাত ধুব। চর্দিৰ ভাইৰাছ বতাহত উৰি থাকে আৰু গাৰু, ছাল অথবা অন্য বস্তুত তিনি ঘণ্টা পর্যন্ত জীয়াই থাকিব পাৰে। এনে ঠাই চুই নাক লৈ হাত নিলে চর্দিৰ সংক্রমণ হ’ব পাৰে। গতিকে সঘনে হাত পৰিষ্কাৰকৈ ধুই শুকানকৈ হাত মচিব; কিয়নো সেমেকা হাতত বহু দেৰিলৈ চৰ্দিৰ ভাইৰাছ বৰ্তি থাকিব পাৰে। চৰ্দি হ’লে নাকৰ পৰা যথেষ্ট পানী ওলায়। এই পানী মচিবলৈ কাগজৰ ‘নেপকিন’ অথবা শুকান ৰুমাল, টাৱেল ব্যৱহাৰ কৰিব। কাগজৰ নেপকিন এবাৰহে ব্যৱহাৰ কৰিব। ৰুমাল বা টাৱেল হ’লে সঘনে সলাই থাকিব।

দস্তাযুক্ত লজেন্স খাওক। ভিটামিন ‘চি’ পৰ্য্যাপ্ত পৰিমাণে খাব। দস্তাই চৰ্দিৰ পৰা আৰাম দিয়ে। দস্তাযুক্ত ভিটামিনো পোৱা যায়।

চৰ্দি হোৱাৰ সম্ভাৱনা থাকিলে ভিটামিন ‘চি’ খাওক। এই ভিটামিনে চৰ্দিৰ প্ৰাবল্য হ্ৰাস কৰে।

প্ৰ’বায়টিক ঔষধ ব্যৱহাৰ কৰক। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে এই ক্ষেত্ৰত ‘বাইফিড’বেক্টেৰিয়াম বাইকিডাম প্ৰজাতিৰ প্ৰ’বায়টিকে চৰ্দি সোনকালে নিৰাময় কৰে।

পৰ্য্যাপ্ত টোপনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। দিনে অন্ততঃ সাত ঘণ্টা গভীৰ টোপনি হোৱা উচিত। যিসকল ব্যক্তিয়ে কম সময়ৰ বাবে টোপনি যায়, তেওঁলোকৰ সঘনে চর্দি হোৱাৰ সম্ভাৱনা থাকে।

যথেষ্ট পৰিমাণে জুলীয়া খাদ্য, যেনে পানী, চৰৱৎ, “চুপ, লেমলেড, সেউজীয়া চাহ আদি খালে চর্দিত আৰাম পাব পাৰিব।

অধিক ষ্ট্ৰেছ হ’লে শৰীৰৰ ৰোগ প্রতিৰোধ শক্তি দুর্বল হয়। গতিকে ষ্ট্ৰেছৰ মাত্রা হ্রাস কৰাৰ চেষ্টা কৰক। জানিব পৰা গৈছে, ধ্যান (Meditation) কৰি ষ্ট্ৰেছৰ মাত্রা নিয়ন্ত্ৰণ কৰিব পাৰি।

গৰম পানীৰ ভাপ নাকেৰে উজাবলৈ চেষ্টা কৰক (Steam inhalation)। তেনে কৰিলে নাকত জমা হোৱা শেঙুন পাতলীয়া কৰে আৰু ৰোগীক আৰাম দিয়ে।

আপুনি থকা ঘৰ বা কর্মক্ষেত্ৰৰ আদ্রতা সঠিক কৰি ৰখাৰ ব্যৱস্থা কৰক। আৰ্দ্ৰতা হ্রাস হ’লে নাকৰ ভিতৰখন শুকাই যায় আৰু নাকত সোপা মাৰি ধৰা যেন লাগে।

নাকৰ ভিতৰত সোপা মাৰি ধৰা (Nasal Block) হ’লে ঔষধিযুক্ত ‘দ্রপ’ বা স্প্ৰে ব্যৱহাৰ কৰিব। তেনে কৰিলে নাকতে উশাহ-নিশাহ লোৱাত কষ্ট নহয়।

লিখক: ডাঃ জীৱন দত্ত বৰুৱা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate