বৰ্তমান চিকিৎসা বিজ্ঞানৰ নিত্য-নতুন ঔষধ-চিকিৎসা পদ্ধতিয়ে এনে পৰ্যায় পাইছে যে ২০-৩০ বছৰ আগৰ পদ্ধতি আজি পুৰণি হৈ পৰিছে। বোন গ্ৰাফ্টিঙৰ এক পৰিৱৰ্তন হৈছে- যাৰ নাম ছিন্থেটিক বোন গ্ৰাফ্টিং। আমাৰ যেতিয়া হাত-ভৰি ভাঙে তেতিয়া চিকিৎসকৰ ওচৰলৈ যাওঁ। তেতিয়া চিকিৎসকে প্লাষ্টাৰ কৰি হাড় জোৰা দিয়ে আৰু কিছু বিশেষ ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। কিন্তু কেতিয়াবা এক্স-ৰে কৰাৰ পিছত দেখা যায় যে হাড় ভালদৰে জোৰা লগা নাই বা দুডাল হাড়ৰ মাজত ফাক আছে নাইবা সংক্ৰমণ হৈছে। এনে ক্ষেত্ৰত প্ৰয়োজন হয় বোন গ্ৰাফ্টিঙৰ। এই বোন গ্ৰাফ্টিং কোনো নতুন পদ্ধতি নহয়। এক ঠাইৰ পৰা হাড় আনি আন ঠাইত প্ৰতিষ্ঠাপিত কৰাকে বোন গ্ৰাফ্টিং বুলি কোৱা হয়। আমাৰ শৰীৰৰ আন ঠাইৰ পৰা হাড় আনিও বোন গ্ৰাফ্টিং কৰিব পাৰি- আনকি আন জীৱ-জন্তুৰ পৰা হাড় আনিও বোন গ্ৰাফ্টিং কৰিব পাৰি। এই পদ্ধতিৰ বিপদ হ’ল- সংক্ৰমণ হোৱাৰ প্ৰৱণতা থাকে। আৰু এটা সমস্যা হ’ল- শৰীৰৰ দুই ঠাইত অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। বৰ্তমান অতি উন্নত বিশ্বমানৰ পদ্ধতি হ’ল ছিন্থেটিক বোন গ্ৰাফ্টিং। এই পদ্ধতিটো হ’ল কেলচিয়াম ছালফেট-কেলচিয়াম ফছফেট-হাইড্ৰক্সি অপেটাইট- এই কেইবিধৰ সংমিশ্ৰণ বা এটাৰ দ্বাৰা কৃত্ৰিম উপায়ে গ্ৰাফ্টিং উপাদান বা হাড় তৈয়াৰ কৰা হয়। ধৰি লোৱা হ’ল- হাড় ভঙাৰ অপাৰেশ্বন কৰাৰ পিছত পৰীক্ষা কৰাত দেখা গ’ল যে হাড়ৰ মাজত ফাক আছে। এতিয়া কিন্তু আগৰ দৰে সেই ঠাইত অপাৰেশ্বন কৰি গ্ৰাফটিং কৰিব নালাগে। চিকিৎসকে ৰোগীক বহাই লৈ কম্পিউটাৰত এই ফাক লক্ষ্য কৰি মাত্ৰ বিশেষ ইনজেকশ্বনৰ সহায়ত গ্ৰাফ্টিং আৰু কৃত্ৰিম ছিন্থেটিক উপাদান সুমুৱাই দিব। ইয়াক মাইক্ৰ ছাৰ্জাৰী বুলিও কোৱা হয়। তদুপৰি আমাৰ যেতিয়া চিষ্ট- টিউমাৰ হয়, তেতিয়াও অস্ত্ৰোপচাৰ কৰি সেই চিষ্ট বা টিউমাৰ কাটি বাদ দিয়াৰ পিছত গ্ৰাফ্টিং কৰি সেই ঠাই পূৰাই দিয়া হয়। শৰীৰৰ যন্ত্ৰণা নোহোৱাকৈ এনেদৰে গ্ৰাফ্টিং কৰি সম্পূৰ্ণ সুস্থ হৈ উঠিব।
আকৌ কেতিয়াবা সংক্ৰমণ হ’লে এণ্টিবায়টিক মিশ্ৰিত ছিন্থেটিক গ্ৰাফটৰ সহায়ত অত্যন্ত আধুনিক উপায়েৰে চিকিৎসা কৰা হয়। কিছু বছৰ আগলৈ হাড়ত সংক্ৰমণ হ’লে সেই হাড় পৰিষ্কাৰ কৰি জীৱাণুমুক্ত কৰি চিমেণ্টিং কৰা হৈছিল। হাড় জোৰা লগাৰ পিছত পুনৰাই অস্ত্ৰোপচাৰ কৰি সেই চিমেণ্ট বাহিৰ কৰা হৈছিল। আধুনিক চিকিৎসা পদ্ধতিত এইবোৰৰ প্ৰয়োজন একেবাৰে নহয়। কাৰণ ছিন্থেটিক গ্ৰাফটিঙত কেলচিয়াম ছালফেটৰ লগত এণ্টিবায়’টিক মিহলাই হাড় জোৰা লগালে সংক্ৰমণৰ কোনো ভয় নাথাকে, বৰঞ্চ নতুন হাড় গজি ক্ষতস্থান ঠিক হোৱাৰ লগে লগে সেই সংক্ৰমণো শোষণ হৈ যায়। ইয়াৰ ফলত পুনৰাই অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়।
আমাৰ প্ৰধান দায়িত্ব হ’ল হাড় ভঙাৰ লগে লগে অৰ্থ’পেডিক ছাৰ্জনৰ ওচৰলৈ গৈ পৰীক্ষা-নিৰীক্ষাৰ অন্তত উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা। আমি বৰ্তমান অতি আধুনিক চিকিৎসা পদ্ধতিৰ সহায়ত চিকিৎসা লোৱা বাঞ্ছনীয়। ইয়াৰ বাবে আপুনি যাব লাগিব চৰকাৰী-বেচৰকাৰী চিকিৎসালয়লৈ, য’ত আধুনিক চিকিৎসাৰ সকলো ব্যৱস্থা আছে।
(উৎসঃ নিয়মীয়া বাৰ্তা, ড০ সনাতন ডেকা)।

শেহতীয়া উন্নীতকৰণ: : 2/2/2023