ছোৱাইন ফ্লু আৰু হোমিঅ’পেথীঃ
HINI এবিধ বিশেষ ইনফ্লুয়েঞ্জা।
ফ্লু কেনেকৈ হ’ব পাৰেঃ আক্ৰান্ত ৰোগীৰ পৰা প্ৰত্যক্ষভাৱে, উশাহ-নিশাহৰ দ্বাৰা। এই ৰোগ হোৱা বুলি কেনেকৈ জানিব ?
তলত দিয়াবোৰ এই ৰোগৰ লক্ষণ-
- ১০০০ ৰ অধিক উষ্ণতাৰ জ্বৰ
- -ভাগৰ লগা
- -নাক বৈ থকা
- -কফ ডিঙি সুৰসুৰাই থকা
- -ঠাণ্ডা লগা
- -ডিঙিৰ বিষ
- -বমিৰ ভাব
- -বমি কৰা
- -ভোক নলগাৰ দৰে লক্ষণ দেখা পায়।
-
জীৱনৰ বাবে শংকাঃ
এই ৰোগৰ অসুবিধাসমূহ বাঢ়ি গলেহে জীৱনৰ বাবে শংকাৰ সৃষ্টি হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা নথকা বা আন ৰোগত আক্ৰান্ত ৰোগীৰ বাবেও এই শংকাৰ কাৰণ।
কাৰ বাবে বেছি ভয়াবহঃ
- গৰ্ভৱতী মহিলা
- ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোক
- ৫ বছৰৰ তলৰ শিশু
- যদি হঠাৎ ফ্লুৰ অৱস্থা বেয়ালৈ যায় অথবা এনে অৱস্থা ৭ দিনৰ পাছতো থাকে
- কিডনী, হাঁওফাঁও, লিভাৰ, নিউৰলজিকেল অসুখৰ দৰে বহুদিনীয়া ৰোগত ভুগি থকা ৰোগীয়ে সাৱধানতা অৱলম্বণ কৰিব লাগে।
এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈঃ
- নাক-মুখ বাৰে বাৰে হাতেৰে নুচুব। চাবোন পানীৰে নিয়মীয়াকৈ হাত ধোৱক, ভিৰৰ মাজত নাথাকিব।
- আপুনি থকা স্থানত পৰ্যাপ্ত পৰিমাণে বায়ু সোমাবলৈ দিয়ক।
- দৰ্জা, ৰিমোটৰ দৰে সদায় চুই থাকিব লগা বস্তুবোৰ নিয়মীয়াকৈ সময়ৰ মূৰে মূৰে চাফা কৰিব।
- পৰ্যাপ্ত পৰিমাণে পানী খোৱা, পুষ্টিদায়ক খাদ্য খোৱাৰ অভ্যাস কৰক।
(উৎসঃ অসমীয়া খবৰ)।
শেহতীয়া উন্নীতকৰণ: : 2/6/2023
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.