অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলাতংক :

জলাতংক :

 

আমি সাধাৰণতে আওকাণ কৰা এবিধ মাৰাত্মক ৰোগ হ’ল জলাতংক৷ এবছৰ মানৰ আগতে এজন বিশিষ্ট সাংবাদিক জলাতংক ৰোগত আক্ৰান্ত হৈ দুখজনক ভাবে মৃত্যুমুখত পৰিছিল৷ সেই সময়ত এই বিষয়ে পেপাৰে পত্ৰই কিছু আলোচনা হৈছিল, কিন্তু এতিয়াও বহুতে ইয়াৰ বিষয়ে ভালকৈ নজনাৰ বাবে কেতিয়াবা ভয়ানক বিপদৰ সন্মুখীন হব লগা হব পাৰে৷

জলাতংক, যাক ইংৰাজীত ৰেবিছ বুলি কোৱা হয়, ৰেবিছত আক্ৰান্ত জন্তুৰ লেলাৱতিৰ পৰা বিয়পে৷ তেনে জন্তুৱে কামুৰিলে তাৰ মুখত থকা ৰেবিছ ভাইৰাচ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু লাহে লাহে মানুহৰ মাংসকোষত ইয়াৰ বৃদ্ধি হৈ মগজুত প্ৰৱেশ কৰে আৰু স্নায়ুতন্ত্ৰৰ বিজুতি ঘটায়৷

সাধাৰণতে প্ৰায় ৯৫% ৰ ক্ষেত্ৰত কুকুৰে কামুৰিলে এই বীজাণু মানুহৰ শৰীৰলৈ আহে৷ কিন্তু বান্দৰ, মেকুৰী, বাদুলি, নিগনি আদিয়ে কামুৰিলেও এই ৰোগ হোৱাৰ আশংকা থাকে৷ এই বীজাণুৱে মানুহৰ মগজুৰ লগতে স্নায়ুতন্ত্ৰৰ ক্ষতি কৰে৷

মাংসপেশীৰ জঠৰতা আনে৷ আক্ৰান্ত লোকজনে গিলিবলৈ অসুবিধা পোৱা বাবে পানী বা জুলীয়া খাদ্যও খাব নোৱাৰা হয় আৰু পানী খোৱাৰ কথা কলেও বা কোনোবাই খুৱাবলৈ যত্ন কৰিলেও ভয় খায়৷ সেয়ে এই ৰোগে জলাতংক (জল + আতংক) বুলি নাম পালে৷ ইংৰাজীত ইয়াক হাইড্ৰ’ফবিয়া (ফিয়েৰ অফ ৱাটাৰ) বুলি কয়৷

তৃতীয় বিশ্বৰ দেশ সমূহৰ লগতে আমাৰ দেশতো বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ ই এটা অতি মাৰাত্মক ৰোগ আৰু এবাৰ বীজাণু শৰীৰত বিয়পি পৰাৰ পিছত ৰোগীক মৃত্যুমুখৰ পৰা ঘূৰাই আনিবলৈ বহুত কঠিন৷ সেইবাবে ইয়াক প্ৰতিৰোধ কৰাটোহে গুৰুত্বপূৰ্ণ কথা৷

সেয়ে অচিনাকি, ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰ মেকুৰী আদি জন্তুক কিবা খুৱাবলৈ যোৱা বা স্পৰ্শ কৰা অনুচিত৷

ৰুগীয়া বা শুই থকা বা আহাৰ খাই থকা অচিনাকি জন্তুক আমনি কৰিব নালাগে আৰু নিজৰ ঘৰত পোহা কুকুৰ, মেকুৰী আদিক সময়মতে ৰেবিছ ভেকচিন দিয়াব লাগে৷

ঘৰৰ পোহনীয়া জন্তুটোৱে, ধৰক কুকুৰটোৱে যাতে বাহিৰা কুকুৰৰ সংস্পৰ্শলৈ নাহে, তাৰ বাবেও সচেতন হব লাগে, যাতে বাহিৰৰ জন্তুৰ পৰা ই এই ৰোগ কঢ়িয়াই আনিব নোৱাৰে৷

কুকুৰ বা ওপৰত উল্লিখিত আন কোনো জন্তুৱে কামুৰিলে, এই ঠাইখিনি ডেটল আদিৰ দ্বাৰা ভালদৰে চাফাকৈ ধুব লাগে৷

তেজ ওলাই থাকিলে কপাহেৰে হেঁচি ধৰি ৰাখিলে তেজ ওলোৱা বন্ধ হব৷ তাৰ পিছত অনতিপলমে বা ২৪ ঘণ্টাৰ ভিতৰত এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷

ৰেবিছ প্ৰতিহত কৰিবলৈ ৰেবিছ ভেকচিন দিয়া হয়৷ অসমত বৰ্তমান ৰেবিপুৰ, ভেৰ’ৰেব আদি কিছুমান নামত এই ভেকচিন উপলব্ধ৷

কামোৰা দিনটো ০ দিন বুলি ধৰি, ০, ৩, ৭, ১৪, আৰু ২৮ দিনত মুঠ পাঁচটা ভেকচিন লব লাগে৷

ৰেবিছ সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ এই পাঁচোটা ভেকচিন বা প্ৰতিষেধক লোৱাটো অত্যন্ত জৰুৰী৷ এইখিনিতে এটা কথা, এজন মানুহৰ গালৈ এই ভাইৰাছ আহিবলৈ হলে কুকুৰটো বা কামোৰা জন্তুটো ৰেবিছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হব লাগিব, আৰু যদি জন্তুটো ৰেবিছ আক্ৰান্ত তেন্তে ১০ দিনৰ ভিতৰত সেই কুকুৰটো বা জন্তুটোৰ মৃত্যু হব৷

গতিকে ৩টা বেজী লোৱা পিছত( সাত দিনলৈকে, তাৰ পিছৰটো চৈধ্য দিনত) যদি ১০দিন বা তাৰ পিছলৈকো কুকুৰটো/ জন্তুটো ঠিকে থাকে, আৰু নললেও হয়৷

কিন্তু যদি কামোৰা কুকুৰটো/ জন্তুটো অচিনাকি, তাক নিৰীক্ষণ কৰিব নোৱাৰে, বা ঘৰুৱা কুকুৰ হলেও যদি পলাই গুচি গল বা পগলা হল বুলি মাৰি পেলালে, এনেবিলাক ক্ষেত্ৰত গোটেই কেইটা ভেকচিন লোৱা জৰুৰী৷

ঘৰত পোহা, সময়মতে প্ৰতিষেধক দি থকা জন্তুৱে কামুৰিলেও পিছে মই ভাবো প্ৰথম তিনিটা ভেকচিন লৈ লোৱাটোৱে ভাল৷

কিয়নো জন্তুটোক দিয়া প্ৰতিষেধকৰ গুণাগুণ বা সি কিমানখিনি কাম কৰিছে সেই বিষয়ে আমি একো গম নাপাওঁ৷

গতিকে ৰিস্ক লোৱাটো সঠিক নহয়৷ আমি শুনামতে, সেই সাংবাদিক গৰাকীৰ পোহনীয়া কুকুৰটোক নিয়মীয়া ভাবে ভেকচিন দিয়া আছিল!

আন এটা গুৰুত্বপূৰ্ণ কথা৷ মোৰ বন্ধু এজনৰ লগতে এনে হৈছিল৷ কুকুৰে কামুৰিলে, ভেকচিনবিলাক ললে, তাৰ কিছুদিনৰ পিছতে আকৌ কুকুৰে কামুৰিলে, তেতিয়াও কিন্তু ০ আৰু ৩ দিনত দুটা ভেকচিন আকৌ লব লাগিবই৷ গতিকে ভেকচিন লোৱা আছে বুলি বহি নাথাকি, চিকিৎসকৰ পৰামৰ্শ লব লাগে৷

ৰেবিছ আক্ৰান্ত জন্তুয়ে কামুৰিলে, সাধাৰণতে ৩ সপ্তাহৰ পৰা ৮ সপ্তাহৰ ভিতৰত মানুহৰ দেহত এই ৰোগৰ লক্ষণ বিলাক দেখা দিয়ে৷

কিন্তু কিছু ক্ষেত্ৰত ৯ দিন মানতে লক্ষণ ওলায় আৰু আন কিছু ক্ষেত্ৰত এই ভাইৰাছ শৰীৰত বহু দিনলৈ সুপ্ত থাকি, হঠাৎ কামোৰাৰ বহুদিন পাছত (৭ বছৰ মানলৈকে) দেখা দিব পাৰে৷

বহুলোকে বিশেষকৈ গাঁও অঞ্চলত কুকুৰে কামুৰিলে বেজ, কবিৰাজ আদিৰ ওচৰলৈ যায় আৰু তেনে বেজ কবিৰাজে কিবা কিবি জৰা-ফুঁকা কৰি, কিবা বনৌষধি ঘঁহি দি চিকিৎসা কৰে৷

ইয়াৰ পাছত যেতিয়া মানুহৰ একো নহয় তেতিয়া মানুহে সেই বেজ কবিৰাজৰ চিকিৎসাতে ভাল পোৱা বা একো বিঘিনি নহল বুলি বিশ্বাস কৰি লয়৷

কিন্তু আচলতে কুকুৰে বা আন কোনো জন্তুৱে কামুৰিলেই ৰেবিছ নহয়, সেই জন্তুটো ৰেবিছ আক্ৰান্ত হব লাগিব৷

সেয়ে একো নোহোৱা মানে সেই জন্তুটোৰ শৰীৰত ৰেবিছ ভাইৰাছ নাছিল, সেয়েহে একো নহল, ইয়াত বেজ বা কবিৰাজৰ চিকিৎসাৰ কোনো অৱদান নাই৷

গতিকে সাৱধান হব! জীৱনটো বহু মূল্যবান, এনে সময়ত বেজ বা কবিৰাজৰ ওচৰলৈ নাযাব৷ চিকিৎসকৰ পৰামৰ্শ লওক৷

কেইটামান বেজীৰ খোঁচলৈ ভয় কৰি যাতে কাৰো মাৰাত্মক কিবা এটা নহয়, তাৰ প্ৰতি সকলো সচেতন হোৱাৰ খুবেই প্ৰয়োজন৷

লেখক: ড: পাৰ্থ সাৰথি ভুঞা(সাহিত্য.অৰ্গ)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate