অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জ্বৰ কোনো ৰোগ নহয়

জ্বৰ কোনো ৰোগ নহয়

 

শিশুসকলক অভিভাৱকে শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ গ’লে বিশেষজ্ঞজনে পোনেই প্রশ্ন কৰে—“কি অসুবিধা পাইছে?” অধিকাংশ ক্ষেত্ৰত অভিভাৱকসকলে কয়-“শিশুটিৰ জ্বৰ হৈ আছে।” কিন্তু বহু লোক এই সন্দৰ্ভত অজ্ঞ যে, জ্বৰ কোনো ৰোগ নহয়৷ ই হ’ল বিভিন্ন ৰোগৰ উপসর্গ। শিশু বিশেষজ্ঞসকলে অভিভাৱকসকলৰ পৰা জানিব বিচাৰে, জ্বৰৰ লগতে শিশুটিৰ অন্যান্য লক্ষণ কি কি ? জুৰৰ লগতে শিশুটিয়ে পাতল শৌচ কৰিছে নেকি? অথবা শৰীৰৰ কোনো অংশ ৰঙা পৰিছে শৰীৰৰ কোনো অংশ বিষাইছে নেকি? অথবা জ্বৰৰ লগতে বমিও হৈছে নেকি ইত্যাদি। এনে আনুষংগিক লক্ষণসমূহৰ মাধ্যমেৰেই চিকিৎসকে দৰাচলতে শিশুটি কেনে জ্বৰত আক্রান্ত হৈছে তাৰ ধাৰণা কৰে। জ্বৰ ভাইৰাছজনিত অথবা বেক্টেৰিয়াজনিত হ’ব পাৰে। বেক্টেৰিয়াজনিত জ্বৰৰ ভিতৰত পৰে মেলেৰিয়া, টাইফয়েড ইত্যাদি। জ্বৰৰ সমান্তৰালভাৱে কাঁহ, শ্বাস-প্রশ্বাস লোৱাত কষ্ট পালে শিশুটি নিউমোনিয়াত আক্রান্ত হৈছে বুলি বুজিব পাৰি। আনহাতে জ্বৰৰ লগতে শিশুৰ পাতল শৌচ হ’লে বুজিব লাগিব সেই জ্বৰৰ কাৰণ হ’ল ডায়েৰিয়া।

বহু সময়ত অভিভাৱকে আচৰিত হৈ কয়- ‘জ্বৰৰ বাহিৰে অন্য কোনো অসুবিধা নাই।’ তেনেক্ষেত্ৰত মন কৰিব লাগিব যে, সেই জ্বৰ হ’ব কোনো সাধাৰণ ভাইৰাছজনিত জ্বৰ। কিয়নো এনে জ্বৰৰ লগত অন্য কোনো ভিতৰুৱা জটিলতা নাথাকিলে, অন্য কোনো উপসর্গ শিশুৰ মাজত পোৱা যায়। এনেক্ষেত্ৰত কিন্তু পৰীক্ষা-নিৰীক্ষা কৰি নিশ্চিত হোৱাটো প্রয়োজনীয়। কিয়নো বহু ৰোগৰ লক্ষণ হয়তো শিশুৰ মাজত লুপ্ত হৈ থাকে, প্রকাশিত নহয়। পিচলৈহে প্রকাশ পাব পাৰে। তেনে সময়ত কেৱল জ্বৰ হৈ থাকিলে শিশুটি কোন ৰোগত আক্রান্ত নিশ্চিত হ’বলৈ যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰোৱাটো অতি প্রয়োজনীয় হৈ পৰে।

অন্য বহু সময়ত আকৌ বহু শিশুৰ জ্বৰৰ লগতে কাণ, ডিঙি আদিৰ বিষ হয়। এনে বিষৰ কাৰণ কি? দৰাচলতে শিশুৰ শৰীৰৰ যিকোনো এটি অংগ-প্রত্যংগ কোনো ৰোগৰ জীৱাণুৰ দ্বাৰা আক্রান্ত হ’লে সাধাৰণতে দুই ধৰণৰ লক্ষণ পৰিলক্ষিত হয়। তেনে এক লক্ষণ হ’ল জেনেৰেল বা সাধাৰণ। অন্য লক্ষণটি হ’ল লোকেল বা স্থানীয়। সাধাৰণ লক্ষণৰ মাজত কোনো শিশুৰ জ্বৰ হ’লে শিশুটিয়ে সঠিকভাবে খোৱা-বোৱা কৰিবলৈ মন নকৰে। খালেও বমি কৰে। শিশুটিয়ে নিজে উঠি চলা-ফুৰা কৰিবলৈ মন নকৰে। শিশুটিয়ে নিজে উঠি চলা-ফুৰা কৰিবলৈ মন নকৰে। এনেধৰণৰ সমস্যাৰ কথাই শিশুটিয়ে কয় । সমান্তৰালভাবে হয়তো শিশুটিয়ে ডিঙিৰ বিষৰ কথাও কয়। তেনেক্ষেত্ৰত টনচিল হৈছে নেকি প্ৰাৰম্ভিক পৰ্য্যায়ত পৰীক্ষা কৰোৱাটো উচিত। তদুপৰি কাণৰো দ্রুতভাবে পৰীক্ষা কৰোৱাটো উচিত। কিয়নো এনেক্ষেত্ৰত কাণৰ ভিতৰত পুঁজ-পানী জমা হৈ সংক্রমণো হ’ব পাৰে।

আনহাতে কোনো কোনো শিশুৰ জ্বৰ হ’লে তাৰ সমান্তৰালভাবে সৰু সৰু পানীজলাও উঠা দেখা যায়। তেনেক্ষেত্ৰত শিশুটিৰ বসন্ত ৰোগ (চিকেন পক্স) হৈছে নেকি মন কৰা উচিত। জ্বৰৰ লগতে অন্য কোনো লক্ষণে দেখা দিলে, সেই জ্বৰ কোনো অন্য ৰোগৰ বাবে হৈছে বুলি বুজিব লাগিব। অন্যান্য লক্ষণ নাথাকিলে পৰীক্ষা-নিৰীক্ষা কৰোৱাটো জৰুৰী। পিচে কোনো বিশেষ লক্ষণে দেখা নিদিলে সেই জ্বৰ বুলিয়ে বুজিব লাগিব, যাক ইংৰাজীত 'ছেলফ লিমিটিং’ বোলা হয়। এনে জ্বৰ কিছুদিনৰ ভিতৰতে ভাল হৈ যায়৷

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate