অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তা

জৰায়ুৰ মুখৰ কৰ্কট-

 

জৰায়ুৰ মুখৰ কৰ্কট ৰোগক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত চাৰভাইকেল কেন্সাৰ বোলা হয়। আমাৰ দেশত হোৱা মহিলাৰ কৰ্কট ৰোগৰ ভিতৰত জৰায়ুৰ মুখৰ কৰ্কটৰ হাৰ সৰ্বাধিক যদিও বিশ্বব্যাপী পৰিসংখ্যাৰ হিচাপ ল’বলৈ হ’লে মহিলাৰ স্তনৰ কৰ্কটকহে সৰ্বাধিক বুলি কোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষামতে সমগ্ৰ বিশ্বৰ ভোগা জৰায়ুৰ মুখৰ কৰ্কট ৰোগীৰ ভিতৰত একপঞ্চমাংশ ৰোগী হ’ল ভাৰতবৰ্ষৰ। আমাৰ দেশত প্ৰতি বছৰে প্ৰায় ৬০ হেজাৰৰো বেছি মহিলাই জৰায়ুৰ মুখৰ কৰ্কট ৰোগত মৃত্যুবৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ৰোগত মৃত্যুবৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আৰু ভাবিলেও আচৰিত হ’ব লাগে যে যদিহে প্ৰথম অৱস্থাতে ধৰা পৰে ১০০ ভাগ জৰায়ুৰ মুখৰ কৰ্কটেই অস্ত্ৰোপচাৰৰ আৰু ৰেডিঅ’থেৰাপীৰ দ্বাৰা নিৰাময় কৰিব পাৰি। প্ৰথম অৱস্থাতে ধৰা পেলাবলৈ হ’লে প্ৰাথমিক পৰীক্ষা হিচাপে PAP Testৰ (Papanicolaou Smear Test) বিকল্প একোৱেই নাই। সমগ্ৰ পৃথিৱীত উন্নতমানৰ দেশসমূহৰ সকলো চৰকাৰী, বেচৰকাৰী সামৰিক আনকি ব্যক্তি খণ্ড উন্নত মানৰ চিকিৎসালয়সমূহতো এই টেষ্টৰ প্ৰচলন এটা বাধ্যতামূলক সৰ্ব্ব্যাপী পালিত কৰ্মসূচী আৰু সেই কাৰণেই হয়তো উন্নত দেশসমূহত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত জৰায়ুৰ কৰ্কট ভীষণভাৱে কমি গৈছে। অৱশ্যে উন্নত দেশসমূহত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত জৰায়ুৰ কৰ্কট ভীষণভাৱে কমি গৈছে। অৱশ্যে উন্নত দেশবোৰত জৰায়ুৰ কৰ্কটতকৈ স্তনৰ কৰ্কটৰ হাৰ বেছি। চাৰভাইকেল বা জৰায়ুৰ মুখ আৰু স্তন দুয়োবিধ কৰ্কটৰ ক্ষেত্ৰতেই এষাৰ কথা সমানে প্ৰযোজ্য যে দুয়োবিধ কৰ্কটৰ পূৰামাত্ৰাই প্ৰতিৰোধৰ একমাত্ৰ অস্ত্ৰ হ’ল সচেতনতা আৰু সজাগতা। কিন্তু সবাতোকৈ পৰিতাপৰ কথা এয়া যে আমাৰ দেশত এইক্ষেত্ৰত জনসচেতনতা একেবাৰে কম। এইখন ভাৰতবৰ্ষত এইবিধ ৰোগ যেতিয়া জৰায়ুত হোৱা বুলি গম পোৱা যায় তেতিয়া আৰু উপযুক্ত চিকিৎসাৰ যোগ্য হৈ নাথাকে। ৪০-৫০ বছৰ বয়সৰ মহিলাৰ মাজতেই এই কৰ্কট অধিক হয়। ইয়াতকৈ বেছি বয়সতো নাইবা যুৱতী বয়সতো(২০-২৫ বছৰ) এই ৰোগত আক্ৰান্ত হোৱাৰ নজিৰ নোহোৱা নহয়। বিশেষকৈ যিসকল যুৱতী অসামাজিক যৌন সংসৰ্গৰ লগত অভ্যস্ত। কম বয়সৰপৰাই যাৰ যৌন সংগী থাকে, সেইবোৰ যুৱতীয়েই কম বয়সতে জৰায়ু মুখৰ কৰ্কটৰ চিকাৰ হয়। অৱশ্যে সাম্প্ৰতিক কালত জৰায়ুৰ মুখৰ কৰ্কটৰ এবিধ গুৰুত্বপূৰ্ণ কাৰণ হিচাপে ‘হিউমেন পেপিলোমা ভাইৰাছ’(HPV) নামৰ ভাইৰাছ এবিধৰ সংক্ৰমণ ধৰা পৰিছে। HPV সংক্ৰমণ হৈ যৌনাংগৰ বাহিৰত প্ৰথমতে ‘জেনিটেল ৱাট’ বা ‘কণ্ডাইলোমোটা-একুমিনাটা’ নামৰ মাৰাত্মক এবিধ যৌন ৰোগে দেখা দিয়ে। তাৰ পিছত ইয়াৰপৰা যৌন মিলনৰদ্বাৰা জৰায়ুৰ মুখলৈ বিয়পি যায় আৰু সৰ্বশেষত এণ্ডোচাৰভাইকেল সংক্ৰমণ হয়। যিসকল মহিলাৰ টাইপ HPV ১৬, ১৮, ৩১ আৰু ৩৩ৰ দ্বাৰা এণ্ডোচাৰভাইকেল সংক্ৰমণ হয়, তাৰে ভিতৰত Cervical Intraepithelial Newplasm(CIN)আৰু Cervixinvasiveৰ প্ৰৱণতা বেছি থাকে। CIN হৈছে চাৰভাইকেল কেন্সাৰৰ একেবাৰে প্ৰাথমিক ষ্টজবা ‘O’ ষ্টেজ। চেল বা কোষৰ  প্ৰকৃতি জানিবলৈ হ’লে চাৰভাইকেল কেন্সাৰৰ ভিতৰত সংহভাগেই হৈছে ৮০-৮৫% ‘স্কোৱামাছ চেল কাৰ্চিনোমা হয় আৰু বাকীখিনিত ‘এডেনো কাৰ্চিনোমা’ হয়। কাচিৎহে ‘চাৰকোমা’ দেখা যায়।

ইনভেচিভ কেন্সাৰ হোৱাৰ লগে লগে চাৰ্ভিক্স বা জৰায়ুৰ মুখৰপৰা কৰ্কটৰ কোষে লাহে লাহে জৰায়ুৰ গভীৰতাত প্ৰৱেশ কৰি ভিতৰত থকা ক্ষুদ্ৰ-ক্ষুদ্ৰাতি ৰক্তনলী, লিমফবাহী জালিকাৰে প্ৰথমে অন্তৰ্জননেন্দ্ৰিয়, পিছত দেহৰ অন্যান্য অংশলৈকো বিয়পি পৰিব পাৰে(Metastasis)। প্ৰথম অৱস্থাত চাৰ্ভিক্সৰ কেউপিনে থকা টিচু, পেলভিক ৱাল, লিমফগ্লেণ্ড, যোনি, মলাশয়, প্ৰস্ৰাৱস্থলী আৰু সৰ্বশেষত দেহৰ দূৰৱৰ্তী অংগসমূহতো প্ৰৱেশ কৰিব পাৰে।

লক্ষণ: প্ৰথম অৱস্থাত ৰোগীয়ে বিষ-বেদনা বা তেনে কোনো যন্ত্ৰণা অনুভৱ নকৰে বা সন্দেহ কৰিবলগীয়া আন কোনো লক্ষণো ৰোগীৰ দৃষ্টিগোচৰ নহয়। যৌন মিলনৰ পিছত হঠাতে কেতিয়াবা মাহেকীয়াৰ দৰে ৰক্তপাত দেখা গ’লে সেই ৰক্তস্ৰাৱে মহিলাগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে যে কিবা এটা হোৱা যেন লাগিছে। চাৰ্ভিক্সৰ কৰ্কট খুব লাহে লাহে

গভীৰতালৈ প্ৰৱেশ কৰে। ধৰা নপৰিলে বা চিকিৎসা নাপালে ই প্ৰসাৰিত হৈ কিছুমান গুৰুতৰ লক্ষণো দেখা দিব পাৰে। তাৰ ভিতৰত প্ৰচুৰ পৰিমাণৰ ৰক্তক্ষৰণ, দুৰ্গন্ধযুক্ত যোনিস্ৰাৱ, প্ৰস্ৰাৱ অৱৰোধ অনিয়মিত পেটৰ আহুকাল, কঁকালৰ অসহ্য বিষ, ভৰি ফুলা, ৰক্তহীনতাত ভোগা আদি।

ৰোগ নিৰ্ণয়: একেবাৰে প্ৰাৰম্ভিক কালতে এই ৰোগ দৃষ্টিগোচৰ হ’ব পাৰে ‘পেপ টেষ্ট’ৰ মাধ্যমেৰে। নহ’লে বায়’ন্সিৰদ্বাৰা ইয়াৰ ৯০ শতাংশ ধৰা পেলাব পৰা যায়। সেয়েহে মহিলাসকলে যুৱতী কালতে ৰুটিন হিচাপেই এই টেষ্ট প্ৰতিবছৰে এবাৰ কৰি চাব লাগে। যদি দুই-তিনি বছৰ ধৰি টেষ্ট নিগেটিভ হয় তেনেহ’লে তিনি বা চাৰি বছৰৰ ব্যৱধানত এই টেষ্ট পুনৰ কৰা দৰকাৰ। উন্নত ৰাষ্ট্ৰসমূহৰ মহিলাৰ ৫০ শতাংশ মহিলাই ইয়াক মানি চলে। আমেৰিকাত প্ৰায় প্ৰতিগৰাকী মহিলাই ইয়াক মানে আৰু মানি চলাটো বাধ্যতামূলক আৰু ভাৰতবৰ্ষৰ কথানো কি কোৱা যাব? ‘পুথিগত দিহা’ বুলি কেৰেপকে নকৰে। সেইবাবেই হয়তো প্ৰতি বছৰে প্ৰায় ৬০ হেজাৰতকৈও বেছি মহিলা চাৰ্ভিক্সৰ কৰ্কট ৰোগত মৃত্যুবৰণ কৰে। PAP টেষ্টত অস্বাভাৱিক কিবা পোৱা গ’লে বায়’ন্সি কৰি নিশ্চিত হোৱাৰ প্ৰয়োজন। Colposcop যন্ত্ৰৰপৰা জৰায়ুৰ মুখৰ সঠিক ঠাইডোখৰ চিনাক্ত কৰি বা বাচি লৈ সেইখিনিৰপৰাই বায়’ন্সিৰ নমুনা সংগ্ৰহ কৰি টিচু কাটি আনি পৰীক্ষা কৰা হয়। দেহৰ অন্যান্য অংশলৈ ৰোগ বিয়পিছে নেকি তাক চাবলৈ তলৰ সকলো পৰীক্ষাই কৰি চোৱা দৰকাৰ। অৱশ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এইসমূহ অত্যন্ত খৰচী পৰীক্ষা। বুকুৰ এক্সৰে, পেলভিচন চি টি স্কেন আৰু MRI স্কেন, পেলভিচন এক্সৰে, চিষ্টস্কোপি, IVP, ছিগময়েডোস্কপি, বেৰিয়াম, এনেমা ইত্যাদি।

ষ্টেজিং নিৰ্দ্ধাৰণ: চাৰ্ভাইকেল কৰ্কটৰ কেন্সাৰ চেলসমূহৰ বৃদ্ধি কিমান দূৰলৈ বিস্তাৰিত হৈছে আৰু চিকিৎসাৰ প্ৰকাৰ কি হ’ব, তাক নিৰ্ণয় কৰিবলৈ যাওঁতে ষ্টেজিং কৰাৰ প্ৰয়োজন হৈ পৰে।

ষ্টেজ ০: ছাৰ্ভিক্সৰ আৱৰণখনত অস্বাভাৱিক কৰ্কট কোষৰ উপস্থিতি দৃষ্টিগোচৰ হৈছে যদিও আৱৰণখনতেই সীমাবদ্ধ হৈ আছে। তাৰপৰা কিঞ্চিতো বিস্তাৰ হোৱা নাই। ইয়াকেই ষ্টেজ ‘০’ বা Carcinoma in Situ বুলি কোৱা হয়।

ষ্টেজ ১: চাৰ্ভিক্সৰ গভীৰতালৈ কৰ্কটৰ কোষে কমেও তিনি মি: মি: মান আক্ৰান্ত কৰিছে। কিন্তু পেলভিচৰ বেৰ অতিক্ৰম কৰি বাহিৰলৈ বিস্তাৰিত হৈ পৰা নাই। ইয়াক Cervical Intraepithelial Neoplasm বা CIN বোলা হয়।

ষ্টেজ ২: ষ্টেজ ১তকৈ কিছু অধিক মাত্ৰাত বিয়পিছে। হ’লেও পেলভিচৰ বেৰখন পাৰ হৈ বাহিৰলৈ যোৱা নাই।

ষ্টেজ ৩: পেলভিচৰ বেৰলৈ বিস্তাৰিত হৈছে।

ষ্টেজ ৪: পেলভিচৰ বেৰ অতিক্ৰমি চাৰ্ভিক্সৰ কাষতে থকা প্ৰস্ৰাৱৰ নলী, মলাশয় আৰু যোনী পথলৈ বিয়পিছে।

চিকিৎসা; চাৰ্ভিক্সৰ কৰ্কটৰ চিকিৎসা ওপৰত দেখুওৱা ৰোগ বিয়পি যোৱাৰ ষ্টেজিঙৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰাথমিক অৱস্থাত ষ্টেজ আৰু ষ্টেজ ১ৰ ক্ষেত্ৰত সাধাৰণভাৱে জৰায়ুটো ছেদন কৰি উঠাই পেলালেই হ’ল(Simple Hystereetomy) কিন্তু কৰ্কট কোষৰ বিস্তৃতি যদি ৩ৰপৰা ৫ মি:মি: হৈছেগৈ, তেতিয়াহ’লে আকৌ Total Hystereetomy অৰ্থাৎ সম্পূৰ্ণভাৱে জৰায়ু ছেদন কৰি পেলাব লাগে(সম্পূৰ্ণভাৱে মানে দুয়োটা ডিম্বকোষ আৰু দুয়োডাল ডিম্বনলীৰে সৈতে সমস্ত জৰায়ু)। ইয়াতকৈ বেছি হ’লে অৰ্থাৎ ষ্টেজ ২ৰ ক্ষেত্ৰত Radical Hystereetomy কৰি পেলোৱাই উচিত অৰ্থাৎ সম্পূৰ্ণ জৰায়ু ছেদন কৰি দুয়োফালৰ ডিম্বকোষ, ডিম্বনলী, দুয়োফালে থকা ওচৰৰ লিগামেন্টসমূহ, লিমফ গ্ৰন্থীসমূহ, যেনে- পেৰামেট্ৰিয়েল, অবটুৰেটৰ, ইন্টাৰনেল আৰু এক্সাটাৰ্নেল ইলিয়াক(আৰু কেতিয়াবা কমন ইলিয়াক গ্ৰুপ) গুচাই পেলোৱা হয়। এই অপাৰেচনটোৰ নাম Wertheim’s Operation বুলিও কোৱা হয়। এনে অস্ত্ৰোপচাৰৰদ্বাৰা বেছিভাগ ক্ষেত্ৰতে ৰোগীক পাঁচ বছৰ কাললৈ নিৰাপদে ৰাখিব পাৰি। ইয়াৰ পিছত কেনেবাকৈ যদি কোনো লিমফ গ্ৰন্থীত কৰ্কটৰ কোষে পুনৰ উক দিয়ে বা ধৰা পৰে তেন্তে ৰেডিঅ’ থেৰাপীৰ সহায়েৰে চিকিৎসা কৰাৰ প্ৰয়োজন হৈ পৰে। আকৌ ষ্টেজ ৩ৰ ক্ষেত্ৰত ৰেডিঅ’ থেৰাপী মাধ্যমেৰেই চিকিৎসা কৰা হয়। যদিহে পেলভিচৰ বাহিৰলৈ কৰ্কট কোষ সঞ্চাৰিত হয়(মেটাষ্টচিচ হোৱাৰ ক্ষেত্ৰত) কেম’থেৰাপীৰ সহায়ত চিকিৎসা কৰা হয়। বিভিন্ন গ্ৰুপৰ চাইটোটক্সিক দৰবৰ সহায়েৰে এনে চিকিৎসা চলোৱা হয়, য’ত ২০-২৫ শতাংশ ক্ষেত্ৰত টিউমাৰৰ আকৃতি সৰু হয় আৰু ৰোগৰ উপশম ক্ষীণ মাত্ৰাত হয়। কেতিয়াবা যদি ৰেডিঅ’ থেৰাপীৰদ্বাৰা উপযুক্ত ফল পোৱা নাযায় তেনে ক্ষেত্ৰতো কেম’থেৰাপীৰ প্ৰয়োগ হয়। এইবিধ কৰ্কটৰ চিকিৎসা সম্পৰ্কীয় সকলো পৰামৰ্শ অভিজ্ঞ চাৰ্জিকেল অঙ্গলজিষ্ট আৰু ৰেডিঅ’ থেৰাপিষ্টৰ লগত আলোচনা কৰিহে আগবঢ়া উচিত। আমি মাত্ৰ এই লেখাৰ জৰিয়তে আলোচনাৰ বাট মুকলি কৰি দিলো।

লেখক:ডা: দীপক শৰ্মা(দৈনিক অসম)

পাৰ্কিনছন ৰোগ:

 

আপোনাৰ ঘৰলৈ মানুহ এজন ফুৰিবলৈ আহিছে। মানুহজনক ৰোগ-ব্যাধি নথকা সুস্থ লোক যেনেই দেখিছে। পিছে তেওঁলৈ বুলি চাহকাপ আগবঢ়াই দিওঁতে দেখিলে যে তেওঁৰ হাতখন কঁপি আছে আৰু এহাতেৰে তেওঁ কাপটো তুলি ল’ব পৰা নাই। তেওঁক সোধাত ক’লে- তেওঁৰ পাৰ্কিনছনছ ডিজিছ হৈ আছে। এতিয়া এইবিধ ৰোগৰ বিষয়ে নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে। স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগৰ ভিতৰত অন্যতম হ’লপাৰ্কিনছনৰ ৰোগ বা পাৰ্কিনছনছ ডিজিছ। জেমছ পাৰ্কিনছনে এইবিধ ৰোগৰ প্ৰথম বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়োৱাৰ বাবে তেওঁৰ নামেৰেই এই ৰোগবিধ নামকৰণ কৰা হৈছিল।

পাৰ্কিনছনছ ৰোগ এবিধ স্নায়ৱিক ৰোগ। এই ৰোগত শাৰীৰিক আৰু মানসিক ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি হয় আৰু লগতে মাংসপেশীসমূহ পৰ্যায়ক্ৰমে জঠৰ হ’বলৈ ধৰে। সাধাৰণতে এই ৰোগ প্ৰথমে শৰীৰৰ যিকোনো এফালে আৰম্ভ হোৱাৰ পিছত লাহে লাহে গোটেই শৰীৰত বিয়পি পৰা দেখা যায়।

লক্ষণসমূহ: পাৰ্কিনছনত আক্ৰান্তব্যক্তিৰ শাৰীৰিক লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়। এনে ৰোগীৰ শৰীৰত কঁপনি উঠি থাকে। দেহৰ বিভিন্ন অংশত কঁপনি উঠি থাকে যদিও স্থিতাৱস্থাত এই কম্পন হাত, ভৰি, ডিঙি আদিত দেখা যায়। ৰোগীৰ মাংসপেশীসমূহ লাহে লাহে জঠৰ হৈ পৰে আৰু ফলত শৰীৰৰ চলন শক্তি বা গতিশীলতা হ্ৰাস পায়। হাত-ভৰিৰ সঞ্চালনৰ জড়তা তথা কাৰ্যক্ষমহীনতা এই ৰোগৰ প্ৰধান লক্ষণ। পাৰ্কিনছনছ ডিজিছৰ ৰোগীৰ শৰীৰটো ভাৰসাম্যহীন হ’বলৈ ধৰে। ৰোগীয়ে বেছি সময় থিয় হৈ অথবা বহি থাকিব নোৱাৰে। এনে ৰোগীয়ে খোজ কাঢ়োতে চুটি চুটি খোজ দিবলগীয়া হয়। তদুপৰি ৰোগীৰ কোষ্ঠকাঠিন্য আৰু টোপনিৰ সমস্যাই গা কৰি উঠে।

কেনেকৈ হয় এই ৰোগ:

আলফা ছাইনুক্লেইন নামৰ এবিধ প্ৰ’টিন মানুহৰ মগজুত বিশেষকৈ অ’লফেক্টবী বালব, হাইপোথেলামাছ আৰু চাবষ্টেনচিয়া নিগ্ৰাত পৰ্যাপ্ত পৰিমাণে থাকে। এই প্ৰ’টিনবিধ যদি কিবা কাৰণত বেছিকৈ নি:সৰিত হয়, তেন্তে ই মগজুৰ কোষবোৰত জমা হৈ লাহে লাহে কোষবোৰ ধ্বংস কৰিবলৈ ধৰে, ফলত মগজুৰ চাবষ্টেনচিয়া নিগ্ৰাত ডোপামাইন নামৰ নিউৰো ট্ৰেন্সমিটাৰৰ পৰিমাণ হ্ৰাস হ’বলৈ ধৰে। ইয়াৰ ফলতে স্থিৰেৰে থাকিবলগা মাংসপেশীত কঁপনি হয় আৰু পেশশ্বোৰ ক্ৰমে দুৰ্বল হৈ আহে।

তদুপৰি, এই ৰোগ সৃষ্টিত আন বহু কাৰকে অৰিহণা যোগায়। শাক-পাচলি আৰু খাদ্যত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যৰ যোগেদি ডোপামাইন থকা মগজুৰ কোষবোৰ লাহে লাহে বিনষ্ট হৈ পৰে। পৰৱৰ্তী সময়ত পাৰ্কিনছন ৰোগ হ’ব পাৰে। যদি মগজুৰ বেছাল গেংলিয়ন নামৰ ঠাই চাৰিডোখৰৰ যিকোনো এডোখৰত ষ্ট্ৰোকৰদ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ’লে ৰোগী পাৰ্কিনছন ৰোগত আক্ৰান্ত হ’ব পাৰে (পোষ্ট ষ্ট্ৰোক পাৰ্কিনছনিজম)। মগজুত আঘাত পালেও এই ৰোগ হ’ব পাৰে। কিছুমান বিশেষ ঔষধ সেৱনৰ ফলতো এই ৰোগ হ’ব পাৰে। কিছুমান বিশেষ ঔষধ সেৱনৰ ফলতো এই ৰোগ হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে কয়।

বৃত্তিগত কাৰক:

কাৰ্বন মনোক্সাইডৰ সংস্পৰ্শতো এই ৰোগ হ’ব পাৰে। গতিকে কল-কাৰখানাত কাম কৰা লোকসকল সাৱধান হ’ব লাগে। সাধাৰণতে মেংগানিজ খনিত কাম কৰা বনুৱাসকল এই ৰোগৰ চিকাৰ হ’ব পাৰে। যিসকল লোকে ৱেলডিঙৰ কাম কৰে, তেওঁলোকক অতি সহজে এই ৰোগবিধে আক্ৰমণ কৰিব পাৰে। লোহা গলালে যি ধোঁৱা ওলায়, সেই ধোৱা শ্বাসৰদ্বাৰা শৰীৰত প্ৰৱেশ কৰিলে ডোপামাইন আক্ৰান্ত হয়। প্ৰফেচনেল বক্সিং খেলুৱৈসকলে সঘনাই মূৰত আঘাত পালেও পাৰ্কিনছন ৰোগৰ চিকাৰ হ’ব পাৰে।

কাৰ কাৰ এই ৰোগ হ’ব পাৰে:

এই স্নায়ৱিক ৰোগবিধ যিকোনো বয়সতে হ’ব পাৰে যদিও পঞ্চাশোৰ্দ্ধ ব্যক্তিৰ পাৰ্কিনছন ৰোগ হোৱাৰ আশংকা অধিক। অৱশ্যে পঞ্চাশ বছৰৰ তলত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। পাৰ্কিনছনছ ৰোগ পুৰুষ-মহিলা উভয়ৰে হয় যদিও আক্ৰান্ত ৰোগী মহিলাতকৈ পুৰুষৰ সংখ্যা বেছি। এই ৰোগবিধ বংশগতও হ’ব পাৰে। পৰিয়ালত যদি এই ৰোগত আক্ৰান্ত লোক থাকে, তেন্তে আন সদস্যসকল আক্ৰান্ত হোৱাৰ আশংকা ২০ৰ পৰা ২৫ শতাংশ থাকে।

মানসিক অৱস্থা:

সাধাৰণতে পাৰ্কিনছনছ ৰোগ আক্ৰান্ত ব্যক্তিৰ ৬০ শতাংশইহে মানসিক ভাৰসাম্য হেৰুওৱা দেখা যায়। মনত সদায় সন্দেহৰ ভাব জাগ্ৰত হৈ থাকে আৰু আচৰণ ক্ৰুটি আৰম্ভ হয়। পৰৱৰ্তী পৰ্যায়ত স্মৃতিশক্তি হ্ৰাস পায় আৰু বিচাৰ কৰিব পৰা ক্ষমতা লোপ পাবলৈ ধৰে।

নিৰাময় হয়নে:

পাৰ্কিনছনছ ডিজিছ কেতিয়াও সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি। মাত্ৰ ৰোগবিধক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। সেয়েহে এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। প্ৰাথমিক পৰ্যায়ত চিকিৎসা কৰিলে যথেষ্ট সুফল পোৱা যায়। ৰোগীয়ে নিয়মিত ঔষধ খাব লাগে। আজিকালি বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্ৰোপচাৰৰ সহায়ত শৰীৰৰ কম্পন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

ফিজিঅ’থেৰাপীৰ প্ৰভাৱ:

এই ৰোগত ৮আক্ৰান্ত ব্যক্তিয়ে ফিজিঅ’থেৰাপীৰ সহায়ত বহু পৰিমাণে উপশম লাভ কৰিব পাৰে। ফিজিঅ’থেৰাপীৰ প্ৰভাৱ অপৰিসীম। ঔষধ খোৱাৰ উপৰি নিতৌ ব্যায়াম কৰিব লাগে। অৱশ্যে এইক্ষেত্ৰত অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ ল’ব লাগে।

পাৰ্কিনছনছ ডিজিছত আক্ৰান্ত ৰোগীৰ মূলত: দেহভংগীমাত বিসংগতিয়ে দেখা দিয়ে। কিছুমান সন্ধি আৰু পেশীৰ জঠৰতা আৰু বিসংগতি লক্ষণীয় হয়। ব্যায়ামৰ যোগেদি প্ৰকৃত ভংগী বাহাল ৰখাৰ ব্যৱস্থা কৰা হয়। এনে ৰোগীৰ চলন ভংগী আৰু চলন শক্তিত ব্যাঘাত জন্মে। ৰোগীয়ে Hell-teo চলন ভংগীৰ বিষয়ে পাহৰি থাকি বিসংগতিপূৰ্ণভাৱে খোজ দিবলৈ আৰম্ভ কৰে। ফিজিঅ’থেৰাপিষ্টে ৰোগীক প্ৰকৃত ভংগী আৰু গতি মিলাই চলা-ফুৰা কৰাৰ প্ৰশিক্ষণ দিয়ে। দেহৰ কঁপনিৰ বাবে বহু সৰু সৰু কাম ৰোগীয়ে কৰিব নোৱৰা হয়। বিভিন্ন পেশীৰ বাবে বেলেগ বেলেগ ব্যায়ামৰ জৰিয়তে কম্পন ৰোধ কৰাৰ প্ৰচেষ্টা ফিজিঅ’থেৰাপীৰ যোগেদি কৰা হয়। শাৰীৰিক বাধা বিসংগতিসমূহৰ উপৰি ৰোগী বহুক্ষেত্ৰত খুব খঙাল বা নিৰুৎসাহিত হৈ পৰা দেখা যায়। ৰোগীৰ মানসিক অৱস্থালৈ লক্ষ্য কৰি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁক উৎসাহিত কৰি ৰখাৰ কামো ফিজিঅ’থেৰাপিষ্টে কৰে। অৱশ্যে এইক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ আন সদস্যসকলৰ সহযোগ নিতান্তই প্ৰয়োজন। তদুপৰি, এটা প্ৰধান বিষয় হ’ল- ৰোগীৰ শাৰীৰিক ভাৰসাম্য সঠিককৈ ৰখাৰ বাবে ব্যায়াম শিকোৱা।

এই ৰোগৰ চিকিৎসা সদায় দীঘলীয়া। গতিকে সময়ৰ অজুহাতত নিৰুৎসাহিত হোৱাৰ কোনো কাৰণ নাই। চিকিৎসাৰ সুফল খুব লাহে লাহে ৰোগীয়ে লাভ কৰে। এটা কথা মন কৰিবলগীয়া যে ৰোগীয়ে লাভ কৰে। এটা কথা মন কৰিবলগীয়া যে ৰোগীয়ে ইচ্ছাকৃতভাৱে কোনো কাম নকৰাকৈ থকা নাই। তেওঁ হয়তো অশেষ চেষ্টা কৰিও কোনো এটা সাধাৰণ কামো কৰিব নোৱাৰিব পাৰে, গতিকে কোনো ক্ষেত্ৰতে তেওঁক নিৰুৎসাহিত নকৰিব। এই ৰোগ সম্বন্ধে মানুহৰ সজাগতাৰ খুব অভাৱ। পৰিয়ালৰ যিজন সদস্য ইয়াৰ বিষয়ে জ্ঞাত, তেওঁ এই সম্বন্ধে বাকীসকলক জনাই দিব লাগে। ফিজিঅ’থেৰাপী চিকিৎসা চলি থাকোতে হঠাৎ চিকিৎসা বন্ধ কৰি দিব নালাগে। কিবা বিশেষ কাৰণত তেনে কৰিবলগা হ’লে ঘৰৰ কোনো এজন সক্ৰিয় সদস্যই চিকিৎসকৰপৰা নিত্যন্তই প্ৰয়োজনীয় ব্যায়াম কিছু শিকি লৈ নিয়মিত ৰোগীজনক কৰিবলৈ দিব লাগে। এই ৰোগত আক্ৰান্ত ব্যক্তিক পৰাপক্ষত জুই, পানী আদিৰ ওচৰত থাকিব দিব নালাগে। শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি কিবা দুৰ্ঘটনাত পতিত হ’ব পাৰে। আংশিকভাৱে আক্ৰান্ত ৰোগীকো বাইক, গাড়ী আদি চলোৱাত বাধা দিয়া ভাল। কিন্তু তেওঁ যাতে মানসিক চাপত নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰোগীৰ প্ৰয়োজনীয় দৰবো পৰিয়ালৰ সদস্যই সময়মতে যোগান ধৰিব লাগে। ৰোগীয়ে নিজে এই কাম কেতিয়াও নিয়মিত নকৰে।

লেখক:ডা: প্ৰণৱ চক্ৰৱৰ্তী(দৈনিক অসম)

কৰ্কট কোষ:

 

কৰ্কট ৰোগত আক্ৰান্তজনৰ শৰীৰত খুব দ্ৰুতগতিত কোষৰ প্ৰসাৰ ঘটে। ফলত কম সময়ৰ ভিতৰতে ৰোগবিধে জটিল ৰূপ ধাৰণ কৰে। কিন্তু খুব সোনকালেই এই পৰিস্থিতিৰ যৱনিকা পেলাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে আমেৰিকাৰ ইউনিভাৰ্ছিটী অব ৰোচেষ্টাৰৰ গৱেষক ডা: ৰেয়ণ্ড এ এলবাৰবৰীয়ে। অতি শেহতীয়াকৈ পকৰা এক অধ্যয়নৰ জৰিয়তে গৱেষকগৰাকীয়ে কৰ্কট কোষৰ শ্ৰীবৃদ্ধি যাতে ধীৰ গতিত হয় তাৰ উপায় বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। গৱেষণাৰ কালত ডা এলবাৰবৰীয়ে টিউডৰ এছ এন নামৰ এবিধ বিশেষ প্ৰ’টিনৰ বিষয়ে জানিব পাৰে। গৱেষকগৰাকীৰ মতে, সুস্থ কোষৰ তুলনাত কৰ্কট কোষত এই প্ৰ’টিনবিধ অধিক মাত্ৰাত মজুত থাকে। এই প্ৰ’টিনবিধক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ জৰিয়তে কৰ্কট কোষৰ তুলনাত কৰ্কট কোষত এই প্ৰ’টিনবিধ অধিক মাত্ৰাত মজুত থাকে। এই প্ৰ’টিনবিধক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ জৰিয়তে কৰ্কট কোষৰ প্ৰসাৰ ৰোধ কৰাটো সম্ভৱ হৈ উঠিব। এনেকুৱা কিছু দৰব আছে, যিয়ে টিউডৰ এছ এনক বাধা দিব পাৰে। গৱেষণাৰপৰা প্ৰাপ্ত ফলাফলৰ আধাৰত গৱেষক ডা: ৰেয়ণ্ড এ এলবাৰবৰীয়ে আশা ব্যক্ত কৰে যে অচিৰেই কৰ্কট ৰোগৰ প্ৰভাৱী চিকিৎসাৰ পথ মুকলি হ’ব।

উৎস:দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate