অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টাইফয়ড

টাইফয়ড

টাইফয়ড ৰোগৰ সৃষ্টিকাৰী বীজাণুবিধৰ নাম হৈছে চালমোনেলা। প্রায় ১৭০০বিধ বিভিন্ন ধৰণৰ বেক্টেৰিয়া এই শ্রেণীৰ বীজাণুৰ অন্তর্গত।

ইয়াৰে ভিতৰত তিনিবিধেই হ’ল:-

 

১) চালমোনেলা টাইফি,

২) কলেৰাছাচ আৰু

(৩) এণ্টেৰাইটিছিছ।

এইবোৰ বীজাণুৱে মূলতঃ চাৰিটা ৰোগৰ সৃষ্টি কৰিব পাৰে-

 

(ক) টাইফয়ড

(খ) পেৰাটাইফয়ড

(গ) একিউট গেষ্ট্ৰো’এণ্টেৰাইটিছ

(ঘ) কেতবোৰ স্থানীয় বীজাণুজনিত ৰোগ।

ইয়াত টাইফয়ড ৰোগৰ বিষয়েহে আলোচনা কৰা হ’ব। পাঁচৰ পৰা পয়ত্ৰিশ বছৰৰ ভিতৰৰ নাৰী-পুৰুষ নির্বিশেষে (অৱশ্যে পুৰুষৰ সংখ্যা সৰহ) সাধাৰণতে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। সাধাৰণতে শাৰদীয় বতৰত আৰু গ্ৰীষ্মকালত এই ৰোগাক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি যোৱা দেখা যায়। বসন্ত কালত যেনেদৰে বসন্ত ৰোগ, শৰৎ কালত তেনেদৰে সন্নিপাত জ্বৰ। অৱশ্যে অন্য সময়ত যে এই ৰোগ নহয়, সেই কথা ক’ব নোৱাৰি। পৃথিৱীত এনে কেতবোৰ দেশ আছে, য’ত এই ৰোগত ৰোগাক্রান্ত মানুহৰ সংখ্যা তেনেই তাকৰ। এই ৰোগৰ কাৰক হিচাপে জগৰীয়া কৰিব পাৰি— ইংৰাজী বর্ণমালাৰ এফ (F) আখৰেৰে আৰম্ভ হোৱা ছটা বস্তুক-

১) খাদ্য (ফুড),

২) অপৰিষ্কাৰ আঙলি (ফিংগাৰ),

৩) মল বা শৌচ (ফিছেছ) আৰু

(৪)   মাখি (ফ্লাই)।

  • উপসর্গ : ৰোগৰ বীজাণু মুখেদি দেহত প্ৰৱেশ কৰাৰ পাচত পাকস্থলী পায়গৈ। পাকস্থলীৰ পাচন ৰসে এইবোৰ ধ্বংস কৰিব নোৱাৰে। গতিকে অতি সহজেই এই বীজাণু আহি অন্ত্রত উপনীত হয়। অন্ত্ৰত থকা লসিকা গ্ৰন্থিবোৰত এই বীজাণুৰ সংখ্যা বাঢ়ি যায়। তাৰ পাচত এই বেক্টেৰিয়াবোৰ তেজৰ জৰিয়তে সমগ্ৰ দেহতে বিয়পি পৰে আৰু নানা উপসৰ্গই দেখা দিয়ে। ৰোগীৰ বমি আৰু মল-মুত্ৰৰ ওপৰত মাখি পৰিলে, সেই মাখিৰ সর্বাংগতে বীজাণু বিয়পি পৰে। তাৰ দ্বাৰাও অতি সহজতেই ৰোগৰ সংক্রমণ ঘটে। তদুপৰি খোৱা পানীৰ পুখুৰীৰ পৰাও এই ৰোগ বিয়পিব পাৰে। গাঁও অঞ্চলৰ ৰাইজ সাধাৰণতে নিজৰ কাম-কাজৰ বাবে পুখুৰীৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়েহে এবাৰ পুখুৰীৰ পানী দূষিত হ’লে এই ৰোগে মহামাৰীৰ আকাৰত দেখা দিব পাৰে।

ৰোগৰ সংক্ৰমণ কাল হৈছে সাতৰ পৰা একৈশ মূৰ ঘূৰণি, জ্বৰ জ্বৰ ভাৰ, উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰা, অনিদ্ৰা আদি উপসৰ্গই লগ দিয়াৰ পিচতেই প্ৰায়েই লগে লগেই জ্বৰ উঠে। কোনো কোনো ক্ষেত্ৰত আকৌ হঠাতে জ্বৰ উঠে, বমি হয় আৰু ৰোগীয়ে ভ্ৰম বকিব পাৰে।

প্রথম সপ্তাহত ৰোগীৰ মুখখন ৰঙচুৱা হ’ব পাৰে, জিভাখন বগা আৱৰণৰ দ্বাৰা আচ্ছাদিত হৈ থাকে। যদিও যথেষ্ট পৰিষ্কাৰ হৈয়েই থাকে। চকুকেইটা ডাঙৰ যেন দেখা যায়। পেটৰ বিষ আৰু অস্বস্তিও অনুভূত হয়।  ৰোগীৰ জ্বৰটো ষ্টেপ লেডাৰ (জখলাকৃতিৰ) বুলি বৰ্ণনা কৰা হয়। সন্ধিয়াৰ সময়ত জ্বৰ বাঢ়ি যায় আৰু পুৱাৰ সময়ছোৱাত জ্বৰ প্রায় এক ডিগ্ৰী কমি যায়। প্রথম সপ্তাহৰ শেষৰপিনে জ্বৰৰ মাত্রা ১০২ ডিগ্ৰীৰ পৰা ১৩৩ ডিগ্ৰী ফাৰেনহাইটলৈ উঠিব পাৰে। পাকস্থলী আৰু অন্ত্ৰত বায়ুৰ উপস্থিতিৰ বাবে পেটটো সামান্য ফুলিব পাৰে। প্লীহা সামান্য ডাঙৰ হ’ব পাৰে। সপ্তম দিনাখন টাইফয়ডৰ দাগ (গুলপীয়া ৰঙৰ চাপ) দেখা যায়। নাভিৰ ওপৰৰ পেটৰ অংশ আছে তাতেই সাধাৰণতে এনেবোৰ দাগ বেছিকৈ দেখা যায়। এনে দাগৰ সংখ্যা চাৰিটাৰ পৰা দহোটালৈ হ’ব পাৰে। ছালত থকা কৌশিক নলীকাবোৰত লোহিত ৰক্তকণিকাৰ সংখ্যা বাঢ়ি যায় বাবেই এই গুলপীয়া দাগবোৰ পৰিস্ফুট হৈ উঠে। জ্বৰ উঠাৰ ফলত ছালৰ কণিকাৰ সংখ্যা বাঢ়ি যোৱাৰ সুবিধা হয়।

দ্বিতীয় সপ্তাহত ৰোগী আৰু দুর্বল হৈ পৰে। মূৰৰ বিষ তীব্রতৰ হৈ উঠে আৰু বধিবতায়ো দেখা দিব পাৰে। জিভাখন শুকাই যায় আৰু তাৰ মাজখণ্ডত বগা ময়লা জমা হ'ব পাৰে। অৱশ্যে জিভাৰ দুয়োকাষ পৰিস্কাৰ হৈয়েই থাকে। অনিদ্ৰাৰ ভাব দেখা দিয়াৰ ফলত ৰোগীয়ে বৰ কষ্ট অনুভৱ কৰে আৰু কেতিয়াবা স্নায়ৱিক বিকৃতি দেখা দিব পাৰে। জ্বৰ ১০১° ৰ পৰা ১০৩° ফাৰেনহাইটলৈ উঠিব পাৰে। আৰু নাড়ীৰ গতি তীব্রতৰ হৈ পৰে। এই সময়ত ৰোগীৰ পেটৰ অসুখ হ’ব পাৰে।

তৃতীয় সপ্তাহত ৰোগীৰ অৱস্থাৰ অধিক অৱনতি ঘটে। অৱশ্যে এনে অৱস্থাত সঠিক দৰৱ ব্যৱহাৰ কৰিলে ৰোগী আৰোগ্যৰ ফালে আহিব পাৰে। চতুর্থ সপ্তাহত জ্বৰ কমি যায়। জ্বৰ কমাৰ আনুষংগিকভাৱে অন্যান্য উপসৰ্গবোৰ লাহে লাহে কমি যায়। অৱশ্যে এসপ্তাহমান স্বাভাৱিক অৱস্থাত থকাৰ পাচত দেহৰ উত্তাপ পুনৰায় বৃদ্ধি পাব পাৰে। আকৌ প্লীহা ডাঙৰ হৈ পেটত গুলপীয়া দাগ দেখা দিলে বুজিব লাগিব যে, ৰোগীজন পুনৰায় আক্রান্ত হৈছে।

  • বিভিন্ন শ্রেণী: টাইফয়ড ৰোগ কেইবাটাও শ্রেণীৰ হ’ব পাৰে: (১) সাধাৰণ, (২) জ্বৰবিহীন,  (৩) গুৰুতৰবিহীন ধৰণৰ-

ক) ৰক্তস্ৰাৱযুক্ত,

খ) নিউমোটাইফয়ড,

গ) বৃক্ক আৰু,

(ঘ) মগজুৰ আৱৰণিৰ সম্বন্ধীয় টাইফয়ড।

এই ৰোগ হ’লে নানা তৰহৰ জটিলতাই দেখা দিব পাৰে। ইয়াৰে কেতবোৰ শ্বাসতন্ত্র সম্বন্ধীয় ৰোগ যেনে- লেৰিঞ্জাইটিছ, ব্রংকাইটিছ। তৃতীয় সপ্তাহত নিউমোনিয়া, প্লুৰেচী আদি নানা ধৰণৰ কলিজা আৰু মগজুৰ ৰোগ হোৱাও অস্বাভাৱিক নহয়। টাইফয়ড ৰোগৰ বাবে গলষ্টোল বা পিত্তস্থলীত পাথৰো হ’ব পাৰে।

  • চিকিৎসা : বর্তমান কালত ক্লোৰামফেনিকোল নামৰ এন্টিবায়’টিক বিধ আৱিষ্কাৰ হোৱাৰ ফলত এই ৰোগত মৃত্যুৰ হাৰ কমি শতকৰা এভাগহে হৈছেগৈ। অৱশ্যে এইবিধ দৰবৰ 'এপ্লাষ্টিক এনিমিয়া’ নামৰ এবিধ ৰক্তহীনতাৰ দৰে গুৰুত্বৰ পার্শ্ব প্রতিক্রিয়াও আছে। কিন্তু চিকিৎসা বিজ্ঞানৰ কেতবোৰ পুথিৰ মতে এনে পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ঘটনা তেনেই বিৰল আৰু প্ৰতি চল্লিশ হাজাৰজন ৰোগীৰ ভিতৰত এজনৰহে হোৱা দেখা যায়। সাধাৰণতে প্রাপ্তবয়স্ক মানুহক এই দৰব পাঁচশ মিলিগ্ৰামকৈ ছঘণ্টাৰ মূৰে মূৰে মুখেদি খাবলৈ বা মাংসপেশীত বেজী হিচাপে দিয়া হয়। শিশুৰ ক্ষেত্ৰত প্রতি কিলোগ্রাম ওজনৰ বাবে নিতৌ ২৫-৫০ মি.গ্রাম হিচাপত দিয়া হয়। ইয়াৰ বাহিৰেও এম্পিছিলিন নামৰ এন্টিবায়’টিকবিধো একেই নিৰিখত ব্যৱহাৰ কৰিব পাৰি। এই ৰোগত ব্যৱহাৰ হোৱা অন্যান্য দৰবসমূহ হৈছে ফুৰাজোলিডিন, কৰ্টিকো ষ্টেৰইড।

ওপৰত উল্লেখ কৰা দৰববোৰৰ বাহিৰেও ভিটামিন আৰু উপসর্গ অনুযায়ী অন্যান্য দৰব দিব লাগে। উদাহৰণস্বৰূপে মূৰৰ বিষৰ বাবে এস্পিৰিন,বমিৰ বাবে বেগলান বা এভ’মিন আদি। ক্লোৰামফেনিকোলৰ সৈতে অবিঅ’মাইছিল বা টেট্টাচাইক্লিনো দিয়া হয়। এই দৰবকেইটা একেলগে প্রয়োগ কৰিলে উত্তম ফলাফল পোৱা যায় বুলি বহু চিকিৎসকে মত প্রকাশ কৰে। অৱশ্যে তেতিয়া দৰবৰ নিৰিখ সুকীয়া হ’ব।

  • প্রতিৰোধ ব্যৱস্থা : এই ৰোগ প্রতিৰোধ কৰাৰ ব্যৱস্থাও আছে। সেই ব্যৱস্থা অৱলম্বন কৰিলে ৰোগ হোৱাৰ সম্ভাৱনা প্রায় নাথাকেই। সেয়া হৈছে টাইফয়ডৰ ভেকচিন বা ছিটা লোৱা। প্রতি বছৰে নহ’লেও দুবছৰৰ মূৰে মূৰে চিকিৎসকৰ  পৰামৰ্শক্ৰমে এই ছিটা সকলোৱেই গ্ৰহণ কৰা উচিত। কি নিৰিখত ছিটা ল’ব লাগে। সেইটো চিকিৎসকসকলেই নিৰ্ধাৰণ কৰি দিব।

ৰোগীক এটা বেলেগ কোঠালীত ৰাখিব পাৰিলে ভাল। দেহৰ তাপমাত্রা স্বাভাবিক অবস্থালৈ নাহিলে দুসপ্তাহলৈ ৰোগীক বিছনা ত্যাগ কৰি উঠিবলৈ দিয়া উচিত নহয়। ৰোগীৰেহ নহয় অন্যান্য মানুহৰো খোৱাপানী, গাখীৰ আদি উতলাই চেঁচা  কৰিহে খাব লাগে।

মল-মূত্ৰ আদিত বীজাণুনাশক দ্রব্য ব্যৱহাৰ কৰি সেইবোৰ সাৱধানে পৰিষ্কাৰ কৰা উচিত। এইক্ষেত্ৰত ১/২০ কার্বলিক এচিড লোচন ব্যৱহাৰ কৰিব পাৰি। ৰোগৰ সূত্রপাত ঘটাৰ মুহুর্তৰ পৰাই উপযুক্ত চিকিৎসকৰ পৰামর্শ লোৱা উচিত। নিজেই নিজৰ চিকিৎসক হোৱা বাঞ্ছনীয় নহয়।

শেষত কওঁ যে, এই ৰোগত আক্রান্ত হ’লে তেজত কেতবোৰ পৰিবর্তন দেখা যায়। তেজত স্বাভাৱিকতে শ্বেত শ্বেত ৰক্ত কণিকাৰ সংখ্যা হৈছে প্ৰতি মিলিলিটাৰত ৪,০০০-১০,০০০টা। এই ৰোগ হ’লে এই সংখ্যা হ্রাস পায় আৰু নিউট্রোফিল কোষৰ পৰিমাণো তাকৰ হৈ যায়। তেজত ‘ৱাইডেল ৰিয়েকচন নামৰ পৰীক্ষাটি দ্বিতীয় সপ্তাহৰ পৰাহে ধনাত্মক হয়।

উৎস: সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate