অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ আৰু লোকবিশ্বাসঃ

ডায়েবেটিছ আৰু লোকবিশ্বাসঃ

 

আপুনি ডায়েবেটিছত আক্ৰান্ত নহ’ব পাৰে, কিন্তু আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে এজন ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি কিমান সতৰ্ক হ’ব লাগে। প্ৰকৃততে ডায়েবেটিছ এনে এটা দীৰ্ঘস্থায়ী ৰোগ, য’ত ৰোগী যথেষ্ট মানসিক চাপত ভুগিবলগীয়া হয়। এনে ৰোগত কেতিয়াবা ৰোগীয়ে মানসিক ৰোগত আক্ৰান্ত হ’ব পাৰে। আমাৰ সমাজত ডায়েবেটিছ সম্বন্ধে বহুত লোকবিশ্বাস প্ৰচলন হৈ আছে, যি মানুহক বিভ্ৰান্ত কৰে। তলত এনে কিছুমান লোকবিশ্বাস আৰু সেইসমূহৰ সত্যতা উল্লেখ কৰা হ’ল-

লোকবিশ্বাসঃ টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছ একে ধৰণৰ।

 

সত্যঃ আচলতে দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। আমাৰ শৰীৰৰ অগ্ন্যাশয় গ্ৰন্থি (পেনক্ৰিয়াছ)-ত ইনছুলিন উৎপন্ন হয়। ইনছুলিনে বহুত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। আমাৰ শৰীৰত প্ৰৱেশ কৰা বিভিন্ন বীজাণুবোৰ ধ্বংস কৰিবলৈ শৰীৰৰ এটা প্ৰতিৰোধ কৰা ক্ষমতা আছে, যাক চিকিৎসা বিজ্ঞানত ‘ইমিউন’ ছীষ্টেম’ বুলি কয়। কেতিয়াবা এই প্ৰতিৰোধ কৰা ক্ষমতাই ভুলতে নিজৰ শৰীৰৰ অগ্ন্যাশয়ৰ কোষবোৰ আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। ফলত ইনছুলিন উৎপন্ন নোহোৱা হৈ যায়। ইয়াকে টাইপ-১ ডায়েবেটিছ বুলি কোৱা হয়।

আনহাতে, টাইপ-২ ডায়েবেটিছত আমাৰ শৰীৰত ইনছুলিন উৎপন্ন হয়, কিন্তু শৰীৰে সেই ইনছুলিন ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াকে ‘ইনছুলিন ৰেজিষ্টেন্স’ বুলি কোৱা হয়। টাইপ-১ত প্ৰত্যেক ৰোগীয়েই সদায় ইনছুলিন ব্যৱহাৰ কৰিব লাগে। কিন্তু টাইপ-২ত প্ৰায় ৩০ শতাংশ ৰোগীয়েহে ইনছুলিন ব্যৱহাৰ কৰিব লগা হয়।

লোকবিশ্বাসঃ ডায়েবেটিছ হ’লেই ইনছুলিন ল’ব লাগে।

 

সত্যঃ কেৱল টাইপ-১ ডায়েবেটিছতহে ইনছুলিন ব্যৱহাৰ কৰিব লাগে। টাইপ-২ ডায়েবেটিছ বেছিভাগ ক্ষেত্ৰতে মুখেৰে খোৱা ঔষধেৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

লোকবিশ্বাসঃ ডায়েবেটিছ হ’লে শ্বেতসাৰ খাদ্য (কাৰ্ব’হাইড্ৰেট) খাব নালাগে।

 

সত্যঃ ডায়েবেটিছ হ’লেও শ্বেতসাৰ খাদ্য খাব পাৰি, কিন্তু তেনে খাদ্যৰ পৰিমাণ খুব নিয়ন্ত্ৰণ কৰি খাব লাগে। আঁহজাতীয় (ফাইবাৰ) বেছি থকা শ্বেতসাৰ খাদ্য যেনে- উখোৱা চাউল, ব্ৰাউন ৰাইচ, আটা, বিভিন্ন দাইল আৰু শাক-পাচলি কম পৰিমাণে খাব পাৰি। এনেবোৰ খাদ্য খুব লাহে লাহে হজম হয় বাবে ৰক্তত চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখে।

লোকবিশ্বাসঃ খুব বেছি চেনি খালে ডায়েবেটিছ হয়।

 

সত্যঃ চেনিয়ে টাইপ-১ ডায়েবেটিছ নকৰে। টাইপ-২ ডায়েবেটিছ সাধাৰণতে বংশগত কাৰণ আৰু জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। চেনিয়ে প্ৰত্যক্ষভাৱে ডায়েবেটিছ সৃষ্টি নকৰে। কিন্তু বেছি পৰিমাণৰ চেনিয়ে দেহৰ ওজন বৃদ্ধি কৰি মেদবহুলতাৰ সৃষটি কৰে আৰু মেদবহুলতাৰ বাবে ডায়েবেটিছ হ’ব পাৰে.

লোকবিশ্বাসঃ শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতাৰ বাবে ডায়েবেটিছ হয়।

 

সত্যঃ শৰীৰৰ ওজন বৃদ্ধি আৰু মেদবহুলতাই ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে। কিন্তু ক্ষীণ মানুহৰো ডায়েবেটিছ হ’ব পাৰে আৰু শকত মানুহৰো ডায়েবেটিছ নাথাকিব পাৰে। বংশগত কাৰণ, জীৱনশৈলী, দেহৰ বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়া আদিৰ সংমিশ্ৰণ হৈ ডায়েবেটিছ কৰে।

লোকবিশ্বাসঃ ডায়েবেটিছ হ’লে মই নিজে গম পাম

 

সত্যঃ ভাৰতবৰ্ষৰ ৩০ৰ পৰা ৭০ বছৰৰ ভিতৰৰ প্ৰায় ৪৪ লাখ নাগৰিকে নিজে ডায়েবেটিছত ভুগিছে বুলি গম নাপায়, যাৰ বাবে হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰোগ, অন্ধ, স্নায়ুৰোগ আদিত ভুগিবলগীয়া হয়। যথেষ্টসংখ্যক মানুহে নিজে ডায়েবেটিছত ভুগিছে বুলি গম নাপায়। টাইপ-২ ডায়েবেটিছৰ লক্ষণসমূহ খুব লাহে লাহে দেখা দিয়ে। সেইবাবে সেই লক্ষণসমূহ অনুভৱ কৰিবলৈ ব্যৰ্থ হ’ব পাৰে। সেইবাবে প্ৰত্যেকেই ডায়েবেটিছৰ লক্ষণসমূহৰ বাবে সজাগ হ’ব লাগে। বিশেষকৈ সঘনাই প্ৰস্ৰাৱ কৰা, খুব পিয়াহ অনুভৱ কৰা, বেছিকৈ ভাগৰ অনুভৱ কৰা, শৰীৰৰ ওজন হঠাৎ হ্ৰাস হোৱা, হাত-ভৰি জিনজিনাই থকা, চকুৰে ধুঁৱলী-কুঁৱলী দেখা আৰু কোনো ঘা শুকাওঁতে বেছি সময় লগা আদি লক্ষণ অনুভৱ হ’লে ততালিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰক্তত চেনিৰ মাত্ৰা পৰীক্ষা কৰাওক।

লোকবিশ্বাসঃ ডায়েবেটিছ এটা জটিল ৰোগ নহয়

 

সত্যঃ ডায়েবেটিছ এটা জটিল ৰোগ। ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ যদি খুব যত্ন আৰু বিভিন্ন পদক্ষেপ নলয়, তেন্তে এই ৰোগৰ জটিলতাসমূহে দেখা দিব। এই জটিলতাসমূহৰ পৰা অৱশেষত ৰোগীৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে। সেইবাবে ডায়েবেটিছত আক্ৰান্ত হোৱা ৰোগীসকলে নিজৰ ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো একান্ত প্ৰয়োজনীয়।

লোকবিশ্বাসঃ ডায়েবেটিছ সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পাৰি।

 

সত্যঃ ডায়েবেটিছ আৰোগ্য কৰিব নোৱাৰি। জীৱনশৈলীৰ পৰিৱৰ্তন, মুখেৰে খোৱা ডায়েবেটিছৰ ঔষধ আৰু কেতিয়াবা ইনছুলিন ব্যৱহাৰ কৰি এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিছুমান ক্ষেত্ৰত শৰীৰৰ ওজন হ্ৰাস কৰি, খুব সুষম আহাৰ আৰু দৈনিক শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰি ডায়েবেটিছৰ পৰা উপশম পাব পাৰি। এনেধৰণে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰিলে চিকিৎসকে কেতিয়াবা ডায়েবেটিছৰ ঔষধো বন্ধ কৰি দিয়ে। কিন্তু পূৰ্বৰ অৱস্থালৈ ঘূৰি যোৱাৰ সম্ভাৱনা খুব বেছি। সেইবাবে সদায় সতৰ্ক হৈ থকা উচিত।

 

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate