অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিবঃ

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিবঃ

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

 

ভাৰতবৰ্ষক গোটেই বিশ্বৰ ভিতৰতে ডায়েবেটিছৰ ৰাজধানী বুলি কোৱা হয়। কাৰণ আমাৰ দেশত আটাইতকৈ সৰহসংখ্যক ডায়েবেটিছ ৰোগী আছে। বিশ্ব স্বাস্য সংস্থাৰ মতে ভাৰতত ৬৩ নিযুত ডায়েবেটিছ ৰোগী আছে। এই সংখ্যা বৃদ্ধি হৈ ২০৩০ চনত ১০০ নিযুত হ’বগৈ বুলি বিশ্ব স্বাস্থ্য সংস্থাই আগজাননী দিছে। যোৱা ১৫ বছৰত আমাৰ দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰায় ১০০ শতাংশ বৃদ্ধি পাইছে। ২০১২ চনত প্ৰায় ১ নিযুত ভাৰতীয়ৰ ডায়েবেটিছৰ বাবে মৃত্যু হৈছে। আটাইতকৈ উদ্বেগজনক বিষয় হৈছে আন পশ্চিমীয়া দেশবোৰৰ তুলনাত আমাৰ দেশত যুৱ অৱস্থাতে ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে। ভাৰতীয় লোকসকল পশ্চিমীয়া দেশৰ লোকতকৈ ১০ বছৰ আগতে ডায়েবেটিছত আক্ৰান্ত হয়। পৰিয়ালৰ এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ডায়েবেটিছৰ চিকিৎসাত নিম্নবিত্ত পৰিয়ালৰ প্ৰায় ২৫ শতাংশ উপাৰ্জন খৰচ হয়, যাৰ বাবে আৰ্থিক সংকটে দেখা দিব পাৰে।

কিয় ভাৰতীয় লোক সহজে ডায়েবেটিছত আক্ৰান্ত হয়ঃ

 

  • বংশজনিত (জীন) কাৰণত ভাৰতীয় লোক ইউৰোপীয় লোকসকলতকৈ চাৰিগুণ বেছি ডায়েবেটিছত আক্ৰান্ত হয়।
  • সাংস্কৃতিক আৰু সামাজিক কাৰকসমূহেও ডায়েবেটিছত আক্ৰান্ত হোৱাত যথেষ্ট প্ৰভাৱ পেলায়। ভাৰতীয় খাদ্যত শ্বেতসাৰ (কাৰ্ব’হাইড্ৰেট), চৰ্বি আৰু চেনিৰ পৰিমাণ খুব বেছি। এনে খাদ্যৰ ফলত মেদবহুলতা আৰু মেদবহুলতাৰ ফলত ডায়েবেটিছত আক্ৰান্ত হয়।
  • জীৱনশৈলীৰ (লাইফষ্টাইল) পৰিৱৰ্তন ডায়েবেটিছৰ আন এটা কাৰক। শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, প্ৰচেচড ফুড, ফাষ্ট ফুড আৰু অত্যধিক চেনিযুক্ত শীতল পানীয় আদি ডায়েবেটিছৰ কিছুমান প্ৰধান কাৰক।

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিবঃ

ডায়েবেটিছৰ কিছুমান কাৰক যেনে বংশগত বা বয়স আদি পৰিৱৰ্তন কৰিব নোৱাৰি। কিন্তু কিছুমান পন্থা অৱলম্বন কৰি আমি ডায়েবেটিছ প্ৰতিৰোধ কৰিব পাৰো।

(১) দৈনিক খাদ্যৰ পৰা চেনি আৰু মিলত মসৃণ কৰা (ৰিফাইনড) শ্বেতসাৰৰ মাত্ৰা হ্ৰাস কৰক বা বৰ্জন কৰক। চেনিযুক্ত খাদ্য আৰু ৰিফাইনড কাৰ্ব’হাইড্ৰেটে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দ্ৰুত গতিত বৃদ্ধি কৰে। কেইটামান সচৰাচৰ ব্যৱহাৰ কৰি থকা ৰিফাইনড কাৰ্ব’হাইড্ৰেট হ’ল- বগা ভাত, ব্ৰেড, নুডলছ, পাস্তা, ময়দাৰে তৈয়াৰ কৰা খাদ্য-সামগ্ৰী, কৰ্নফ্লেক্স, কেক, বিস্কুট, চিপচ, চেনি, গুৰ, মৌজোল, গ্লুক’জ, ফলৰ ৰস (নেমুৰ বাহিৰে) আদি।

(২) দৈনিক ব্যায়াম কৰকঃ দৈনিক ব্যায়াম বা কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰমে শৰীৰত ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নিজৰ পছন্দ বা সুবিধা অনুসৰি কোনো ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম সপ্তাহত ৪ৰ পৰা ৫ দিন কৰিব। একো সুবিধা নাথাকিলে খৰকৈ ৩০ৰ পৰা ৪০ মিনিট খোজকাঢ়ক।

(৩) দৈনিক খুব পানী খাওকঃ চেনিযুক্ত পানীয় বা ফলৰ ৰসৰ সলনি পানী খাওক। দিনে মাত্ৰ দুবাৰকৈ চেনিযুক্ত পানীয় গ্ৰহণ কৰিলে ডায়েবেটিছৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পায়। পানীয়ে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে।

(৪) দেহৰ ওজন কমাওকঃ বৰ্ধিত দেহৰ ওজন আৰু পেটত থকা চৰ্বিয়ে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে। সেইবাবে দেহৰ ওজন হ্ৰাস কৰি স্বাভাৱিক মাত্ৰালৈ অনাটো একান্ত প্ৰয়োজনীয়।

(৫) ধূমপান বৰ্জন কৰকঃ প্ৰায় এক নিযুত মানুহৰ মাজত কৰা এটা সমীক্ষাত প্ৰমাণিত হৈছে যে ধূমপানে ডায়েবেটিছৰ সম্ভাৱনা ৪৪ শতাংশ বৃদ্ধি কৰে। যিসকল ব্যক্তিয়ে দিনটোত ২০টাতকৈ অধিক চিগাৰেট সেৱন কৰে, তেনে ব্যক্তিৰ সম্ভাৱনা ৬১ শতাংশ বৃদ্ধি পায়। সেইবাবে ধূমপান বৰ্জনে ডায়েবেটিছ প্ৰতিৰোধ কৰে।

(৬) শ্বেতসাৰ জাতীয় খাদ্যৰ পৰিমাণ হ্ৰাস কৰকঃ বিভিন্ন সমীক্ষাত দেখা গৈছে যে খাদ্যত শ্বেতসাৰ জাতীয় খাদ্য হ্ৰাস কৰিলে ৰক্তত চেনিৰ মাত্ৰা কমি থাকে আৰু ৰক্তত ইনছুলিনৰ মাত্ৰাও হ্ৰাস পায়। কম পৰিমাণৰ শ্বেতসাৰ জাতীয় খাদ্যই ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে।

(৭) অনবৰতে বহি নাথাকিবঃ বিভিন্ন বৈজ্ঞানিক সমীক্ষাত দেখা গৈছে যে দিনটোত যিমানেই বেছি সময় বহি কটাব, ডায়েবেটিছৰ সম্ভাৱনা সিমানেই বৃদ্ধি পাব। যিহেতু বেছিভাগ মানুহেই আজিকালি চকীত বহি কাম কৰিব লাগে, গতিকে ই এটা অভ্যাসত পৰিণত হৈছে। বহি কাম কৰিলেও প্ৰত্যেক ঘণ্টাৰ মূৰত চকীৰ পৰা উঠিব আৰু অলপ খোজকাঢ়িব।

(৮) আঁহজাতীয় খাদ্য (ফাইবাৰ)ৰ পৰিমাণ বৃদ্ধি কৰকঃ দিনটোৰ প্ৰত্যেক সাঁজতে আঁহজাতীয় খাদ্য গ্ৰহণ কৰক। আঁহজাতীয় খাদ্যই ৰক্তত চেনি আৰু ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। অধিক পৰিমাণৰ ফাইবাৰ থকা খাদ্যসমূহ হ’ল- অ’টছ, মিঠা আলু, কাবুলীচানা, ৰাজমা, দাইল, ব্ৰকলী, গাজৰ, বীট, আপেল, নাচপতি, পপকৰ্ন, আটা, ডালিয়া, বাৰ্লি আদি।

(৯) খাদ্যৰ পৰিমাণ কমাই দিয়কঃ বিশেষকৈ যদি শৰীৰৰ ওজন বেছি, তেন্তে খাদ্যৰ অংশ কমাওক। গুৰু ভোজনে ৰক্তত চেনি আৰু ইনছুলিনৰ মাত্ৰা বৃদ্ধি কৰে। এটা দুবছৰ ধৰি চলা সমীক্ষাত দেখা গৈছে খাদ্যৰ অংশ বা পৰিমাণ কমালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। সদায় খোৱা কাঁহী বা ডিছৰ সলনি তাতোকৈ সৰু কাঁহী বা ডিছ ব্যৱহাৰ কৰক।

(১০) ভিটামিন ডিঃ ৰক্তত উচ্চ মাত্ৰাৰ ভিটামিন ‘ডি’য়ে ডায়েবেটিছ প্ৰতিৰোধ কৰে। সেইবাবে ভিটামিন ‘ডি’ সমৃদ্ধ খাদ্য গ্ৰহণ কৰক। ভিটামিন ‘ডি’ৰ কেপচুলো ব্যৱহাৰ কৰিব পাৰি।

সজাগতাঃ ওপৰত উল্লেখ কৰা উপায়সমূহ পালন কৰি ডায়েবেটিছ প্ৰতিৰোধ কৰক আৰু এটা সুস্থ জীৱন যাপন কৰক।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate