অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছৰ বাবে অপকাৰী খাদ্য :

চেনি মিহলোৱা পানীয় -

ডায়েবেটিছ ৰোগীৰ কাৰণে আটাইতকৈ বেয়া খাদ্য হৈছে চেনি মিশ্ৰণ কৰা পানীয়। ক’কোকোলা, লিমকা, ফান্টা, পেপছি আদি শীতল পানীয় আদিৰ আজিকালি আমাৰ মাজত যথেষ্ট চাহিদা বৃদ্ধি পাইছে।

বিশেষকৈ যুৱজন্মৰ মাজত এইবিলাক খুব জনপ্ৰিয়। এনেবোৰ শীতল পানীয়ত বহুত পৰিমাণে চেনি থাকে। তাৰ উপৰি এনে পানীয়ত খুব বেছি পৰিমাণে ফ্ৰুক্টজ থাকে, যি ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

এনে শীতল পানীয়ত থকা বেছি পৰিমাণৰ ফ্ৰুক্টছে পেটৰ চৰ্বি বৃদ্ধি কৰে আৰু লগতে কলেষ্টেৰল আৰু ট্ৰাইগ্লিছাৰাইডও বৃদ্ধি কৰে।

ফ্ৰুক্টছে শৰীৰে ইনছুলিন ভালকৈ ব্যৱহাৰ কৰাত বাধ্য দিয়ে(ইনছুলিন ৰেজিচেষ্টল)।

ময়দাৰে তৈয়াৰী খাদ্য বস্তু -

ময়দাৰে তৈয়াৰী খাদ্য যেনে- লুচি, ৰুটী, পৰাথা, পিজ্জা, পাস্তা, নুডলছ, বেকাৰীত তৈয়াৰ কৰা বিস্কুট, কেক বা আন আন খাদ্যত আঁহজাতীয়(ফাইবাৰ)ৰ পৰিমাণ খুব কম থাকে।

সেই খাদ্য খোৱাৰ খুব কম সময়ৰ ভিতৰতে ৰক্তত চেনিৰ পৰিমাণ বহু মাত্ৰাত বৃদ্ধি পায়। এনে ধৰণৰ খাদ্যই ৰক্তত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰত প্ৰদাহ(ইনফ্লেমেচন) সৃষ্টি কৰে।

বগা ভাততো(মিলত তৈয়াৰ কৰা) ফাইবাৰ খুব কম পৰিমাণে থাকে। বগা ভাত খালেও চেনিৰ মাত্ৰা বৃদ্ধি পায়।

সেইবাবে ডায়েবেটিছ ৰোগীয়ে ময়দাৰে তৈয়াৰ কৰা খাদ্যৰ সলনি আটা ব্যৱহাৰ কৰা আৱশ্যক। বগা ভাতৰ সলনি উখোৱা চাউলৰ ভাত বা ব্ৰাউন ৰাইচ খোৱা উচিত।

মিঠা দৈ -

ডায়েবেটিছ ৰোগীৰ বাবে দৈ এটা উৎকৃষ্ট খাদ্য। কিন্তু মিঠা দৈত যথেষ্ট পৰিমাণে চেনি থাকে, যি ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি কৰে।

আজিকালি ফলৰ স্বাদ থকা দৈও বজাৰত বিক্ৰী হয়। এনে দৈ ডায়েবেটিছৰ ৰোগীয়ে খাব নালাগে। মিঠা নোহোৱা দৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

শুকান ফল -

ফলমূলত যথেষ্ট ভিটামিন আৰু খনিজ দ্ৰব্য থাকে। ফলত চেনিও থাকে। ফল শুকোৱাৰ বাবে পানীৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত চেনিৰ পৰিমাণ বেছি ঘনীভূত হয়।

উদাহৰণস্বৰূপে কেঁচা আঙুৰ শুকুৱাই তৈয়াৰ কৰা খিচমিচত চেনিৰ পৰিমাণ কেঁচা আঙুৰতকৈ-তিনিগুণ বেছি থাকে। সেইবাবে ডায়েবেটিছ ৰোগীয়ে শুকান ফল খাব নালাগে।

কম পৰিমাণৰ চেনি আৰু বেছিকৈ আঁহ থকা উচিত। খিচমিচ, খেজুৰ, খুবানী(এপ্ৰিকট) আদি খাব নালাগে।

ফলৰ ৰস(ফ্ৰুইট জুইছ)-

ফলৰ ৰস এটা স্বাস্থ্যকৰ পানীয় বুলি সফকলোৱে জানে। আজিকালি বজাৰত আকৰ্ষণীয় পেকেট বা টিনত বিভিন্ন ফলৰ ৰস বিক্ৰী হয়।

কিছুমান ফলৰ ৰসত চেনি মিহলোৱা নাই বুলি আৰু কিছুমানত চেনি দিয়া বুলি লিখা থাকে। চেনি নিদিয়া প্ৰকৃত ফলৰ ৰস(ৰিয়েল জুইছ) আৰু চেনি যোগ কৰা(এডেড ছুগাৰ) ফলৰ ৰসে ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি কৰে।

তাৰ উপৰি এনে ফলৰ ৰসত অধিক পৰিমাণে ফ্ৰুক্টছ থকা বাবে ইনছুলিন ৰেজিছটেন্স বৃদ্ধি কৰে। দেহৰ ওজন বৃদ্ধি কৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

ট্ৰেন্স ফেট -

ট্ৰেন্স ফেট(চৰ্বি) সাধাৰণতে দুই প্ৰকাৰৰ। প্ৰাকৃতিকভাৱৰ উৎপন্ন হোৱা ট্ৰেন্স ফেট গাখীৰ, মাংস আদিত কম পৰিমাণে পোৱা যায়।

কৃত্ৰিমভাৱেও ভেজিটেবল অইলৰ পৰা ট্ৰেন্স ফেটসমূহ হৈছে মাখন, ঘিউ, মাৰজাৰিন আদি খাদ্য। সাধাৰণতে বেকাৰীত তৈ্যাৰ কৰা খাদ্যসমূহত ট্ৰেন্স ফেট ব্যৱহাৰ কৰা হয়।

যথেষ্ট ফুড তৈয়াৰ কৰোঁতেও ইয়াক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে। ট্ৰেন্স ফেটে শৰীৰত হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

যিহেতু ডায়েবেটিছ ৰোগীৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি, এনে ৰোগীয়ে ট্ৰেন্স ফেট দি তৈয়াৰ কৰা খাদ্য খালে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব।

মৌজোল -

প্ৰত্যেক ডায়েবেটিছ ৰোগীয়ে চেনি ডায়েবেটিছৰ বাবে অপকাৰী বুলি জানে। চেনিৰ দৰে মৌজোলেও ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি কৰে। সেইবাবে ডায়েবেটিছ ৰোগীয়ে মৌজোল বা আন যিকোনো ছিৰাপ জাতীয় খাদ্য খাব নালাগে।

সজাগতা -

ডায়েবেতিছ ৰোগীয়ে কি কি খাব নালাগে সেই বিষয়ে সবিশেষ জনাটো যথেষ্ট কষ্টকৰ। প্ৰত্যেক ডায়েবেটিছ ৰোগীয়ে-

*ট্ৰেন্স ফেট ব্যৱহাৰ কৰা খাদ্য,

*চেনি মিহলোৱা পানীয়,

*ময়দাৰে তৈয়াৰী খাদ্য,

*মিলত কৰা বগা ভাত,

*ফলৰ ৰস,

*শুকান ফল আদি খাব নালাগে।

যিবোৰ খাদ্যই ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি কৰে, তেনেবোৰ খাদ্য গ্ৰহণ নকৰিলে ডাতেবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হ’ব আৰু এই ৰোগী পৰা উদ্ভৱ হ’ব পৰা ভয়ংকৰ জটিলতাসমূহৰ পৰা হাত সাৰিব।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate