অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েৰীয়াৰ চিকিৎসাত অ’ আৰ এছ আৰু ঝিংক

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে প্ৰত্যেক বছৰে বিশ্বৰ লাখ লাখ শিশু সংক্ৰমণজনিত ডায়েৰীয়াত আক্ৰান্ত হয় আৰু ইয়াৰ ভিতৰৰে পাঁচ বছৰ বয়সৰ তলৰ প্ৰায় ৭ লাখ ৬০ হাজাৰ শিশুৱেই ডায়েৰীয়াত প্ৰাণ হেৰুৱায় । ডায়েৰীয়াৰ প্ৰধান সমস্যা হৈছে- শৰীৰৰ পৰা হঠাতে ওলাই যোৱা পানীভাগৰ কাৰণে শিশুটিৰ কোমল শৰীৰত প্ৰায় নিৰ্জল অৱস্থা এটাৰ সৃষ্টি হোৱা- যাক আমি ‘ডিহাইড্ৰেশ্বন’ বুলি কওঁ । শিশুটিয়ে ঘনাই ঘনাই পনীয়া শৌচ কৰাৰ লগে লগে সঠিক মাত্ৰাত সঠিক ৰুপত অ’ আৰ এছ ব্যৱহাৰ কৰি শিশুটিক ‘ডিহাইড্ৰেশ্বন’ৰ পৰা বচাই ৰখা সম্ভৱ । ডায়েৰীয়াত ব্যৱহাৰ কৰা এই অ’ আৰ এছক ‘জীৱন-দায়িনী’ ঔষধ বোলা হয় । এইটো কথা ঠিক যে কেৱল অ’ আৰ এছ ব্যৱহাৰ কৰিয়েই কেইবা লাখো শিশুৰ জীৱন ৰক্ষা সম্ভৱ হৈছে । ডায়েৰীয়াৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ তথা ইয়াৰ উপযুক্ত চিকিৎসাবিধি সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে আমাৰ দেশৰ শিশু ৰোগ বিশেষজ্ঞসকলৰ সৰ্বভাৰতীয় সংস্থা চমুকৈ আই এ পি (IAP-Indian Academy of Pediatrics) য়ে আজি বহু বছৰ ধৰি বিভিন্ন কাম-কাজ কৰি আহিছে । এটা মহৎ উদ্দেশ্য আগত ৰাখিয়েই শিশু ৰোগ বিশেষজ্ঞসকলৰ এই সৰ্বভাৰতীয় সংস্থাটোৱে ২৯ তাৰিখৰ দিনটো “অ” আৰ এছ দিৱস” হিচাপে পালন কৰি আহিছে ।  তদুপৰি ২৯ জুলাই আগৰ বা পিছৰ সপ্তাহটোত শিশু ৰোগ বিশেষজ্ঞসকলৰ সুবিধা অনুসৰি “অ” আৰ এছ সপ্তাহ” পালনৰো দিহা কৰা হৈছে । “অ” আৰ এছ দিৱস” আৰু “অ” আৰ এছ সপ্তাহ” পালন কৰাটো প্ৰত্যেক ৰাজ্যৰ শিশু ৰোগ বিশেষজ্ঞসকলৰ সামূহিক দায়িত্ব । বাৰিষাৰ (জুন /জুলাই) সময়ছোৱাত ডায়েৰীয়াৰ আচম্বিত প্ৰাদুৰ্ভাৱ ঘটে আৰু এইখিনি সময়তে বহু কণমানি শিশু একেলগে ডায়েৰীয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তাও বৃদ্ধি পায় । সেই হেতু জুলাই মাহতে অ’ আৰ এছ দিৱস আৰু সপ্তাহ পালন কৰিবলৈ অভিজ্ঞ চিকিৎসকসকলে পৰামৰ্শ আহবঢ়াই গৈছে ।

ডায়েৰীয়া কিয় আৰু কেনেকৈ হয় -

কণমানি শিশুসকল বিশেষকৈ ভাইৰাছজনিত ডায়েৰীয়াত ভোগে । ভাইৰাছৰ ভিতৰত ৰ’টা ভাইৰাছ উল্লেখনীয় । কিছুমান বেক্টেৰিয়াও ডায়েৰীয়া কৰিব পাৰে ।ডায়েৰীয়াৰ বীজাণু ৰোগীৰ শৌচ-বমিৰ লগত দেহৰ বাহিৰ হয় আৰু পিছত খোৱা বস্তু, পানীৰ লগত মিহলি হৈ অইন নিৰোগী শিশুৰ দেহত প্ৰৱেশ কৰি নতুন সংক্ৰমণ ঘটায় । ডায়েৰীয়াৰ প্ৰকোপ আৰু সংক্ৰমণৰ হাৰ বৃদ্ধি কৰাত কেতবোৰ কাৰকে প্ৰত্যক্ষভাৱে আৰু আন কেতবোৰ কাৰকে আওপকীয়াকৈ সহায় কৰে । ডায়েৰীয়াৰ বীজাণুসমূহ অপৰিষ্কাৰ খোৱাপানী বা দূষিত খোৱা বস্তুৰ জৰিয়তে সোঁচৰে । এইটো এটা জনা কথা যে জন্মৰে পৰা যিবিলাক শিশু স্বাস্থ্যৱান সিহঁতক সহজে বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে । কিন্তু যিবিলাক শিশুৰ জন্মৰ ওজন কম, যিবিলাক শিশু সঠিক সময়ৰ আগতেই ভূমিষ্ঠ হয় সিহঁতৰ মাজত ডায়েৰীয়াৰ আশংকা বেছি হোৱাটো স্বাভাৱিক । অলপতে সৰু আইত আক্ৰান্ত হোৱা আৰু আগৰে পৰা পুষ্টিহীনতাত ভোগা শিশুসকলৰ মাজত ডায়েৰীয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হয় । ঠিক তেনেদৰে জন্মৰে পৰা মাতৃদুগ্ধ্বৰ পৰা বঞ্চিত শিশুসকলৰ মাজতো সংক্ৰমণৰ হাৰ বেছি হোৱা দেখা যায় । নিম্নমানৰ শৌচালয় আৰু অবিজ্ঞানসন্মত শৌচাগাৰ আদিৰ কথাও এইখিনিতে উনুকিয়াই থ’ব পাৰি । স্বাস্থ্য ৰক্ষাৰ বিধিসমূহ মানি নচলা পৰিয়ালৰ শিশুসকলক সঘনে পেটৰ অসুখত ভোগা দেখা যায় । ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চললৈ ফুৰিবলৈ গ’লেও সেই ঠাইৰ দূষিত পানী আৰু আহাৰৰ পৰা ৰোগৰ বীজাণু গাত লাগি আহিব পাৰে । স্বাস্থ্য গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে মনত ৰখা ভাল ।

অ’ আৰ এছে আমাক কেনেকৈ সহায় কৰে -

অ’ আৰ এছ হৈছে ডায়েৰীয়াৰ মূল ঔষধ । ডায়েৰীয়াত আক্ৰান্ত শিশুৰ ক্ষুদ্ৰান্তৰ বেৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী আৰু পানীত দ্ৰৱণীয় ছ’ডিয়াম, পটেছিয়াম আদি দৰকাৰী মৌল দেহৰ পৰা ওলাই যায় । সংক্ৰমণৰ সময়ত ক্ষুদ্ৰান্তৰ বেৰৰ পৰা পানী আৰু ছ’ডিয়াম অহৰহ ওলাই থাকে যদিও সেই একে সময়তে গ্লুক’জ আৰু এমাইন’ এচিড আদিৰ শোষণ স্বাভাৱিক গতিত চলি থাকিব পাৰে । গ্লু’ক’জৰ অণুবোৰ যেতিয়া অন্ত্ৰৰ বেৰৰ কোষত প্ৰৱেশ কৰে, তেতিয়া সিহঁতে ছ’ডিয়ামৰ অনুবোৰো টানি লৈ যায় । আমাৰ দেহৰ কাৰণে অতি আৱশ্যকীয় মৌল ছ’ডিয়ামে আকৌ পানীৰ শোষণত সহায় কৰে । আমি ব্যৱহাৰ কৰা ‘অ’ আৰ এছ হৈছে গ্লুক’জ, ছ’ডিয়াম ক্ল’ৰাইড, পটেছিয়াম ক্ল’ৰাইড আৰু ট্ৰাই- ছ’ডিয়াম ছাইট্ৰেটৰ এটা বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা মিশ্ৰণ । অ’ আৰ এছ দুটা আকাৰৰ পেকেটত পোৱা যায় । সৰু পেকেট একোটা ২০০ মিলিলিটাৰ পানীত আৰু ডাঙৰ আকাৰৰ পেকেটটো এক লিটাৰ পানীত মিহলাব লাগে । ব্যৱহাৰ কৰা পানীটুপি বিশুদ্ধ হোৱা উচিত । পানীৰ লগত ভালদৰে মিহলি হোৱাৰ পাছত এই মিশ্ৰণটো এটা অতি ফলপ্ৰসু, কম-খৰচী, জীৱন- ৰক্ষাকাৰী ঔষধলৈ পৰিণত হয় । ডায়েৰীয়াই কৰা ক্ষয়-ক্ষতিসমূহ অ’ আৰ এছে অতি সোনকালে পূৰণ কৰি শৰীৰটোক ডিহাইড্ৰেশ্বনৰ পৰা ৰক্ষা কৰে ।

অ’ আৰ এছ কেনেকৈ খুৱাব -

সকলোৱে এটা কথা মনত ৰখাৰ প্ৰয়োজন যে এটি শিশুৱে পনীয়া শৌচ কৰাৰ লগে লগেই প্ৰত্যেক বাৰেই অ’ আৰ এছ খুৱাব লাগে আৰু এবাৰ প্ৰস্তুত কৰা অ’ আৰ এছ মিশ্ৰণটো ২৪ ঘণ্টালৈকে ব্যৱহাৰ কৰিব পাৰি । শিশুটিৰ বয়স আৰু ওজন অনুপাতে অ’ আৰ এছৰ পৰিমাণ কম-বেছি হ’ব পাৰে । দুই বছৰ বয়সৰ তলৰ শিশু এটিক প্ৰত্যেকবাৰ পনীয়া শৌচ কৰাৰ পাছত ৫০ ৰ পৰা ১০০ মিলিমিটাৰ অ’ আৰ এছ দিব লাগে । দুবছৰৰ ওপৰৰ শিশুক ১০০ ৰ পৰা ২০০ মিলিলিটাৰ অ’ আৰ এছ দিব লাগে । সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা মজলীয়া কাপ এটাৰ আয়তন ২০০ মিলিলিটাৰ । বয়স অনুপাতে আধা কাপ, একাপ, ডেৰকাপ জোখ ঠিক কৰি ল’লে সুবিধা হয় । অ’ আৰ এছৰ লগত গাখীৰ, চেনি, চুৰুহা, ফলৰ ৰস আৰু শীতল পানীয় আদি মিলাব নালাগে । অ’ আৰ এছ মিশ্ৰণটো চাহ-চামুচ এখনেৰে লাহে লাহেকৈ অলপ অলপকৈ খুৱাব লাগে । অ’ আৰ এছ দি থাকোঁতে শিশুটিয়ে যদি বমি কৰি দিয়ে, তেতিয়া দহ মিনিট সময় ৰৈ পিছত আকৌ লাহে লাহে অ’ আৰ এছ দিয়া উচিত ।

অ’ আৰ এছ পেকেটৰ বিকল্প কি -

ফাৰ্মাচীৰ পৰা কিনি অনা অ’ আৰ এছৰ পেকেট যদি শেষ হয়, তেনেহ’লে ঘৰতে জৰুৰীকালীনভাৱে অ’ আৰ এছ মিশ্ৰণ প্ৰস্তুত কৰাৰ ব্যৱস্থাও আছে । অ’ আৰ এছ মিশ্ৰণৰ প্ৰধান উপাদান হৈছে- পানী, গ্লুক’জ আৰু ছ’ডিয়াম । এক লিটাৰ বিশুদ্ধ খোৱাপানী পৰিষ্কাৰ বাচন এটাত লৈ তাতে চাহ-চামুচ এখনেৰে আধা চামুচ নিমখ আৰু ছয় চামুচ চেনি দি চামুচেৰে লৰাই লৰাই ঘৰুৱাভাৱে অ’ আৰ এছ মিশ্ৰণ প্ৰস্তুত কৰি ল’ব পাৰি । এই ঘৰুৱা মিশ্ৰণটোৰ পৰাও আমি শৰীৰৰ কাৰণে উপকাৰী গ্লুক’জ , পানী আৰু ছ’ডিয়াম পাওঁ ।

ডায়েৰীয়া হৈ থাকোঁতে কি কি আহাৰ খুৱাব -

ঘনাই ঘনাই পনীয়া শৌচ হোৱাৰ কাৰণে এটি শিশুৰ শৰীৰ পৰা ভালেখিনি পুষ্টিদায়ক উপাদানো ওলাই যায় । প্ৰায়ে দেখা যায়- ডায়েৰীয়া বন্ধ কৰিবৰ কাৰণে বহু পিতৃ-মাতৃয়ে শিশুটিৰ স্বাভাৱিক খোৱা-বোৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে । ফলত ৰোগাক্ৰান্ত শিশুটি আৰু অধিক দুৰ্বলহে হৈ পৰে । দৰাচলতে ৰোগাক্ৰান্ত শিশুসকলক সহজে হজম কৰিব পৰা সুষম আহাৰ পৰ্যাপ্ত পৰিমাণে খাবলৈ দিয়া উচিত । গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাৰ আহাৰত থকা পুষ্টিদায়ক উপাদানসমূহে ৰোগাক্ৰান্ত পাকস্থলী, অন্ত্ৰৰ বেৰবোৰ সোনকালে মেৰামতি কৰাত সহায় কৰে আৰু বেৰৰ কোষবোৰ সজীৱ কৰি ৰাখে ।

  • ডায়েৰীয়া হৈ থাকোঁতে শিশুটিৰ স্বাভাৱিক খোৱা-বোৱা কেতিয়াও বন্ধ কৰিব নালাগে ।
  • মাকৰ গাখীৰ খাই থকা শিশু এটিৰ ডায়েৰীয়া হ’লে অ’ আৰ এছ দিয়াৰ লগে লগে শিশুটি যাতে মাতৃদুগ্ধৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত ।
  • ঘৰতে ৰন্ধা উচ্চ শক্তি ঘণীভূত খাদ্য ব্যৱহাৰ কৰিলে ৰোগাক্ৰান্ত শিশুসকল সোনকালে আৰোগ্য হয় । তেল দি ৰন্ধা খিচিৰি, পকা কল ফেনেকি তাতে গাখীৰ বা দৈ দি প্ৰস্তুত কৰা জলপান, আলু পিটিকা, সিজোৱা দাইল আদিৰ পৰা সুফল পোৱা যায় । এনে খাদ্য অলপ অলপকৈ ঘনাই ঘনাই খুৱাব লাগে ।

ডায়েৰীয়া হ’লে কুমলীয়া ডাব-নাৰিকলৰ পানী, নেমুৰ চৰ্বত দিলেও সুফল পোৱা যায় । কিছুমান শিশুৱে গাখীৰ আৰু চেনি মিহলোৱা ভাত খাই ভাল পায় । চেনিৰ পৰিৱৰ্তে ভাতৰ লগত গুড় দিব পাৰিলে ভাল । পিঠাগুড়িৰ পৰা সহজে প্ৰস্তুত কৰিব পৰা লুথুৰী-পিঠাও ডায়েৰীয়া হ’লে খুৱাব পাৰি ।

ডায়েৰীয়াত ঝিংক কিয় ব্যৱহাৰ হয় -

ডায়েৰীয়াত আক্ৰান্ত শিশুসকলৰ মূল ঔষধ অ’ আৰ এছৰ লগত ঝিংকৰ চিৰাপ দিয়াটো অত্যন্ত জৰুৰী । ঝিংকৰ টেবলেট বা বড়িও পোৱা যায় । ঝিংকে শিশুটিক অতি সোনকালে ডায়েৰীয়াৰ পৰা উদ্ধাৰ কৰে । ঝিংক ব্যৱহাৰ কৰিলে শৰীৰৰ পৰা ওলোৱা পনীয়া শৌচৰ পৰিমাণো কমি যায় । ঝিংক আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী মৌল । ঝিংকে আমাৰ দেহৰ শৰীৰ-সুৰক্ষা তন্ত্ৰও মজবুত কৰে । গতিকে ক’ব পাৰি যে ঝিংক ব্যৱহাৰ কৰিলে ডায়েৰীয়াৰ প্ৰকোপ কমে, ডায়েৰীয়াৰ দ্ৰুত উপশম হয় আৰু শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত হয় ।

ডায়েৰীয়াৰ প্ৰতিৰোধ সম্ভৱনে ?

ডায়েৰীয়াৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ কাৰণে শেষত কেইটিমান জৰুৰী কথা ক’ব বিচাৰিছোঁ ।

  • আমি নিতৌ ব্যৱহাৰ কৰা পানীটুপি বিশুদ্ধ হ’ব লাগে । খোৱাপানী সদায় ফিল্টাৰ কৰি, উতলাই লোৱাৰ পিছত ঠাণ্ডা কৰি খোৱা উচিত ।
  • ৰান্ধনী ঘৰত ব্যৱহাৰ কৰা পানীখিনিও চাফা আৰু বীজাণুমুক্ত হ’ব লাগে । ফল-মূল ভালকৈ ধুই খাব লাগে । এটা কথা সদায় মনত ৰখা ভাল যে বীজাণুযুক্ত দূষিত পানীৰ পৰাই আমাৰ ভালেসংখ্যক মানুহৰ পেটৰ অসুখ হয় ।
  • স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিসমূহ মানি চলিলে আমাক ডায়েৰীয়াই সহজতে আক্ৰমণ কৰিব নোৱাৰে । মুকলি ঠাইত মল-মূত্ৰ ত্যাগ কৰিলে আমাৰ চাৰিওফালে থকা জলভাগ দূষিত হোৱাৰ সম্ভাৱনা থাকে । সেয়েহে সদায় বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা শৌচালয় ব্যৱহাৰ কৰা উচিত । খাদ্যবস্তু প্ৰস্তুত কৰাৰ আগেয়ে, খাদ্য গ্ৰহণ কৰাৰ আগেয়ে হাত-মুখ পৰিষ্কাৰ পানীৰে চাবোন ব্যৱহাৰ কৰি ধুই-মেলি চাফা কৰি ল’ব লাগে । ঠিক তেনেদৰে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত-ভৰি চাফা কৰি লোৱাটো জ্ঞানীৰ কাম । পিতৃ-মাতৃসকলে কণমানি শিশুসকলক এই সৰু সৰু কথাবোৰ সৰুৰে পৰা শিকোৱা উচিত।
  • শিশুসকলৰ কাৰণে খাদ্য প্ৰস্তুত কৰোঁতে সদায় সাৱধান হোৱা দৰকাৰী । ৰান্ধি থোৱা আহাৰ, জলপান আদি ধূলি, মাখি, পঁইতাচোৰা আদিৰ পৰা সুৰক্ষিত কৰি ৰখা উচিত ।
  • মাতৃ দুগ্ধৰ পৰা প্ৰাকৃতিকভাৱে বিভিন্ন ৰোগ প্ৰতিৰোধী শক্তি সন্তানসকলে লাভ কৰে । প্ৰায়ে দেখা যায় যে মাতৃদুগ্ধৰ পৰা বঞ্চিত শিশুসকলৰ মাজত ডায়েৰীয়া, নিউমোনিয়া আদি ৰোগৰ হাৰ সৰ্বাধিক । সেয়েহে জন্মৰ পিছৰ প্ৰথম ছমাহ- প্ৰতিটো শিশুৱে যাতে কেৱল মাকৰ গাখীৰ খাবলৈ পায়, তাৰ প্ৰতি দৃষ্টি ৰখা উচিত ।
  • ভাইৰাছজনিত ডায়েৰীয়াই কণমানি শিশুসকলক বেছিকৈ আক্ৰমণ কৰা দেখা যায় । ৰ’টা ভাইৰাছৰ বিপক্ষে প্ৰতিষেধক ছিটা আছে । প্ৰতিটো শিশুকে কেঁচুৱা অৱস্থাত এই ছিটা দিব পাৰিলে ভাল ।

এই আটাইবোৰ পৰামৰ্শ মানি চলিলেহে আমি ডায়েৰীয়াৰ দৰে অপকাৰী ৰোগ-ব্যাধিৰ পৰা আমাৰ কণমানি শিশুসকলক সুৰক্ষিত কৰি ৰাখিব পাৰিম ।

লেখক :- ডা: পলাশ ৰঞ্জন গগৈ

উৎস :- আমাৰ অসম পূৰ্বাচল

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate