অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিম্বকোষৰ টিউমাৰ বা চিষ্ট:

ডিম্বকোষৰ টিউমাৰ বা চিষ্ট কি-

 

স্ত্ৰী দেহৰ অন্তৰ্জননেন্দ্ৰিয়ৰ মূল অংশবিলাকৰ ভিতৰত ওভেৰি বা ডিম্বকোষেই হ’ল মুখ্য প্ৰজনন অংগ। মহিলাৰ তলপেটৰ দুফালে দুটা ডিম্বকোষ থাকে। ইয়াৰ প্ৰতিটোৰ স্বাভাৱিক দীঘ ৩.৭৫ চেন্টিমিটাৰ আৰু প্ৰস্থ ২ চেন্টিমিটাৰ। স্থূলতা অৰ্থাৎ ১.২৫ চেন্টিমিটাৰ ডাঠ। ইয়াৰ গাত যেতিয়া টেমুনা বান্ধে ইয়াৰ আকৃতি ডাঙৰ হৈ আহে, লগে লগে ওজনো বৃদ্ধি হয়। টেমুনাক বিজ্ঞান শাস্ত্ৰত টিউমাৰ বুলি কোৱা হয়। শৰীৰৰ যিকোনো এটা অংগতে টিউমাৰ হ’ব পাৰে আৰু হোৱা মানেই প্ৰথম লক্ষণটো হ’ল ফুলি উঠা। ইয়াৰ লগে লগে অন্যান্য লক্ষণসমূহ, যেনে- বিষ বেদনা হোৱা, ফাটি যোৱা, ৰক্তস্ৰাৱ হোৱা, ঘা লগা, কৰ্কট ৰোগৰ দৰে বিকৃত লক্ষণলৈ ৰূপান্তৰিত হোৱা আদি উপসৰ্গসমূহো দেখা দিব পাৰে, আকৌ কেতিয়াবা কোনো অস্বাভাৱিক বা বিকৃত লক্ষণ দৃষ্টিগোচৰ নোহোৱাকৈয়ে অনিষ্টবিহীনভাৱে সুস্থিৰ হৈ থাকিব পাৰে। তলপেটৰ সোঁমাজতে থকা জৰায়ুৰ সন্মুখত আৰু পিঠি ফালত দুটা আন প্ৰধান অংগ, প্ৰস্ৰাৱস্থলী আৰু মলাশয়ত অৱস্থান হোৱা বাবেই ডিম্বাশয় দুটাৰ যিকোনো এটাতেই ডাঙৰ টিউমাৰে আক্ৰান্ত কৰিলে তাৰ পাৰ্শ্বহেঁচাত শৌচ বা প্ৰস্ৰাৱৰ ক্ৰিয়াতো আহুকালে দেখা দিব পাৰে।

ডিম্বকোষৰ টিউমাৰ সাধাৰণতে দুই প্ৰকাৰৰ- Benign অৰ্থাৎ অনিষ্টবিহীন টিউমাৰ, Malignanant অৰ্থাৎ অনিষ্টকাৰী-কৰ্কটগ্ৰস্ত টিউমাৰ। ওভাৰিৰ টিউমাৰসমূহৰ ভিতৰত ৭৫ শতাংশ কিন্তু অনিষ্টবিহীন টিউমাৰ। এই টিউমাৰৰ গাটো পাতল ছালৰ দৰে আৱৰণেৰে ঢাক খাই থাকে আৰু ভিতৰখন অনেক বেৰৰে ভাগ কৰি থোৱা খোটালিত বিভক্ত। এই খোটালিসমূহ নিউচিনযুক্ত গ্লাইক’প্ৰ’টিন আৰু পলিচেকেৰাইড মিহলি এবিধ ঘন ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। সাধাৰণতে ৰসখিনি স্বচ্ছ আৰু এলবুমিন গ্লুবুলিন নামৰ দুবিধ প্ৰ’টিন পদাৰ্থৰে সমৃদ্ধ। টিউমাৰসমূহৰ আকৃতি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। এটা হাঁহকণীৰপৰা আৰম্ভ কৰি ডাঙৰ লাও-কোমোৰা এটাৰ আকৃতিৰ লেখীয়াও হ’ব পাৰে। আচৰিত হ’ব লাগে আমি চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰিবলৈ পোৱা এগৰাকী মহিলাৰ ওভেৰিন টিউমাৰ এটাৰ ওজন পোৱা হৈছিল ৪২ কেজি। এইবিধ টিউমাৰৰ পৰিসংখ্যা হিচাপ হ’ল সকলো প্ৰকাৰ ওভেৰিন টিউমাৰৰ ভিতৰত ২০-৩০ শতাংশ আৰু কৰ্কট টিউমাৰলৈ ৰূপান্তৰিত হ’ব পৰা টিউমাৰ হ’ল ৫ শতাংশ। এই ধৰণৰ বৃহদকায় ওভেৰি চিষ্ট বা টিউমাৰক কোৱা হয় ‘মিউচিনাচ চিষ্ট এডেনোমা’ আৰু এবিধ প্ৰায় একে ধৰণৰ এডেনোমা বা চিষ্টিক টিউমাৰ হোৱা দেখা পোৱা যায়, সেইবিধক কোৱা হয় ‘চিৰাচ চিষ্ট এডেনোমা’। কিন্তু এইবিধ টিউমাৰৰ আকৃতি সাধাৰণতে সৰু হয় আৰু একতৰপীয়া কিউবিকেল এপিথেলিয়ামেৰে আবৃত আৱৰণখন ডাঠ হয়। টিউমাৰবিধ দুভাগ কৰি কাটি চালে ভিতৰত থকা খোটালিবোৰ দৃষ্টিগোচৰ হয়। খোটালিবোৰৰ ভিতৰখনত কিছুমান শাৰী শাৰী ফুলৰ আকৃতিৰ দৰে কোষপুঞ্জ ৯থুপ খাই থকা দেখা যায়ু আৰু খোটালিৰ এপিথেলিয়াম আবৃত আৱৰণখনো অত্যধিক গতিত ওপৰা-উপৰি কোষ বৃদ্ধি হৈ দীঘলীয়া আঙুলিৰ দৰে আকৃতি ধাৰণ কৰে। ইয়াকে Intracystics Papillary Growth বুলি কোৱা হয়। সকলোবিধ ওভেৰিৰ টিউমাৰৰ ভিতৰত ইয়াৰ হাৰ ৩০ শতাংশ। অৱশ্যে দুয়োটা ওভেৰিতে একেলগে ইয়াক দেখা পোৱা যায়। কৰ্কট টিউমাৰলৈ পৰিৱৰ্তন ঘটা হাৰ ৩০ শতাংশ। তৃতীয়বিধ অভেৰিয়ান টিউমাৰৰ নাম হ’ল ডাৰমইড চিষ্ট। ইয়াৰ সৃষ্টি হয় বীজকোষ বা সমূহৰপৰা অৰ্থাৎ ভ্ৰূণ অৱস্থাত, যি আৱৰণৰ মাজত অংগকোষসমূহ বৃদ্ধি হয় সেই আৱৰণ দুখন হ’ল- এক্টোডাৰ্ম আৰু এণ্ডোডাৰ্ম আৱৰণ। এই ধৰণৰ চিষ্টৰ বাহ্যিক আৱৰণখন কাটি চালেই প্ৰায়েই ভিতৰত তেলেতীয়া পদাৰ্থৰ উপৰি চুলি-দাঁত আদিৰ অস্তিত্বও দেখা পোৱা যায়। ওভেৰিয়ান টিউমাৰৰ ভিতৰত ১৫-২০ শতাংশ ডাৰমইড টিউমাৰ হয়। কৰ্কট ৰোগৰ লক্ষণলৈ ৰূপান্তৰিত হোৱা ডাৰমইড টিউমাৰৰ হাৰ ১-২ শতাংশ। এই টিউমাৰৰ সৃষ্টি মহিলাৰ প্ৰজনন কালছোৱাত বেছি হোৱা দেখা যায়। সেয়ে গৰ্ভাৱস্থাতে এই টিউমাৰে ওভেৰি দুটাক আক্ৰান্ত কৰিব পাৰে। ইয়াৰ আকৃতি কিন্তু খুব এটা ডাঙৰ নহয় আৰু ওজনো কম হয়। সেয়েহে গৰ্ভাৱস্থাত এইবিধ টিউমাৰে গৰ্ভৱতী মহিলাগৰাকীক কোনো ধৰণে আহুকাল দিয়া দেখা নাযায়।

অনিষ্টবিহীন টিউমাৰৰ লক্ষণসমূহ:

 

  • বহু সময়ত মহিলাগৰাকীয়ে তলপেটত যে এটা টেমুনাৰ সৃষ্টি হৈছে আ কিবা এটা গোটা বস্তু বাঢ়ি আহিছে তাৰ অস্তিত্ব ধৰিবই নোৱাৰে।
  • সচৰাচৰ মহিলাৰ স্বাস্থ্য পৰীক্ষাত নতুবা অইন ৰোগৰ অস্তিত্ব বিচাৰ কৰিবলৈ যাওঁতে চিকিৎসকে তলপেটত ওভেৰিৰ টেমুনাৰ উপস্থিতি বিচাৰি পায় এই মুহূৰ্তৰপৰাহে মহিলাগৰাকীও সতৰ্ক হৈ পৰা দেখা যায়।
  • সাধাৰণতে ওভেৰিয়ান টিউমাৰৰ আকৃতি ডাঙৰ হৈ গৈ ওজন বৃদ্ধি হ’লে তলপেটত গধুৰ ভাব, কঁকাল খামুচি ধৰা, পিঠিৰ মাংসপেশী টানি ধৰা আদি উপসৰ্গই গা কৰি উঠিব পাৰে।
  • ৰোগীৰ অমনোযোগিতা, অজ্ঞতা আৰু সাধাৰণ জ্ঞানৰ অভাৱ থাকিলে তলপেটত ভিতৰত বাঢ়ি অহা টিউমাৰে বৃহৎ আকাৰৰ টিউমাৰে ওপৰ পেটত হেঁচা প্ৰয়োগ কৰি ৰোগীৰ বুকুৰ ধৰফৰণি, উশাহত কষ্ট আৰু শৌচ-প্ৰস্ৰাৱ কৰাত আহুকালে দেখা দিব পাৰে।
  • বৃহৎ আকাৰৰ টিউমাৰে সাধাৰণতে তলপেটত থকা শকত ৰক্তবাহী সিৰা(Vein & Lymphatics)বোৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। এই হেঁচাৰ ফলত তেজ সঞ্চালন বাধাগ্ৰস্ত হয়, ফলত দুয়োখন ভৰি ফুলি যাব পাৰে।
  • পেটৰ ভিতৰত ডাঙৰ আকৃতিৰ ওভেৰিয়ান টিউমাৰ নুগুচোৱাকৈ বহুদিনলৈ থাকি গ’লে মহিলাগৰাকীৰ সঘনাই বমি, কোষ্ঠ কাঠিন্য, টেঙাপানীৰ উদগীৰণ, ভোক নলগা, খাব নোৱৰা আদি সমস্যাই আমনি কৰি থাকিব। অৱশেষত এই সমস্যাসমূহে মহিলাগৰাকীক কাবু কৰি ৰক্তহীনতা, পুষ্টিহীনতা আৰু নিশকতীয়া কৰি পেলায়। দেখাত মানুহগৰাকী কংকালসাৰলেখীয়া (Cachectic Look)যেন লাগিব।
  • হঠাতে তলপেটটো ওখহি অহা গম পোৱা মহিলাই কেতিয়াবা অজ্ঞতাৰ বাবে নিজকে গৰ্ভৱতী হোৱা বুলি ভাবি চিকিৎসকৰ ওচৰ চপা দেখা যায়।
  • ওভেৰিয়ান টিউমাৰৰ বাবে হ’ব পৰা পেটৰ বিষ: যদিহে ওভেৰিয়ান টিউমাৰ বি চিষ্ট ঠাইতে মোচৰ খাই বা পাক খাই নাযায় বা ভিতৰৰ কোষত বিজতৰীয়া পৰিৱৰ্তনে দেখা নিদিয়ে, তেনেহ’লে এই অনিষ্টবিহীন টিউমাৰবিধৰপৰা কোনো বিষ বেদনাৰ সৃষ্টি হোৱা দেখা নাযায়। কিন্তু কেনেবাকৈ যদি এই টিউমাৰ বা চিষ্টটোৰ ঠালিডালত মোচৰ খাই যায়, তেনেহ’লে লগে লগে তলপেটৰ উৎকট বিষৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে টিউমাৰৰ আকৃতি সৰু হ’লে ঠাৰিডাল তেনেই চুটি হ’লে এনে হোৱা দেখা নাযায়। সাধাৰণতে দীঘলীয়া ঠাৰিৰ ক্ষেত্ৰতহে মোচৰ বা পাক খোৱাৰ সম্ভাৱনা বেছি থাকে। আকৌ টিউমাৰৰ ভিতৰতে বিজতৰীয়া পৰিৱৰ্তনে ৰক্তক্ষৰণ কৰিলে তেজ জমা হৈ এনে বিষ হ’ব পাৰে। এই দুয়োবিধ আপদীয়া সমস্যাৰ সন্মুখীন হ’লেই ততাতৈয়াকৈ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে আৰু অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰদ্বাৰা শল্য চিকিৎসাৰ সহায়ত পেট ফালি টিউমাৰ গুচাই পেলোৱাৰ বাহিৰে বিকল্প আন ব্যৱস্থা নাই।
  • সচৰাচৰ মহিলাসকলক তলপেট ফুলা(Swelling) দেখুৱাবলৈ স্ত্ৰীৰোগৰ চিকিৎসকৰ ওচৰত হাজিৰ হোৱা কাৰণসমূহৰ ভিতৰত তিনিবিধ মুখ্য কাৰণ হ’ল- ক)গৰ্ভাৱস্থা, খ)জৰায়ুৰ ফ্ৰাইব্ৰয়েডৰ টিউমাৰ, গ)ওভেৰি চিষ্ট বা টিউমাৰ।
  • গৰ্ভাৱস্থা থাকিলে ঋতুস্ৰাৱ বন্ধ হৈ থাকিব।
  • ফ্ৰাইব্ৰয়েডৰ ক্ষেত্ৰত সাধাৰণতে ঋতুস্ৰাৱ বেছি হয়।
  • ওভেৰিৰ চিষ্ট অনিষ্টবিহীন টিউমাৰৰ ক্ষেত্ৰত সাধাৰণতে ঋতুস্ৰাৱৰ খেলি-মেলি হোৱা দেখা নাযায়।

ৰোগ নিৰ্ণয়: ওভেৰিয়ান টিউমাৰ হোৱা বুলি নিশ্চিত হৈ থাকিবৰ বাবে তলৰ পৰীক্ষাসমূহ কৰাটো বাঞ্ছনীয়।

ক)টিউমাৰ হোৱা বুলি সন্দেহ হোৱা মহিলাক এনাস্থেছিয়াৰ প্ৰভাৱত অজ্ঞান কৰি অপাৰেচন কক্ষলৈ নি আভ্যন্তৰীণ জননেন্দ্ৰিয়ৰ পৰীক্ষা অৱশ্যেই কৰি চোৱা দৰকাৰ। এই ধৰণৰ পৰীক্ষাক চিকিৎসা বিজ্ঞানৰ প্ৰণালীত EUA অৰ্থাৎ Examination Under Anaesthesia বুলি কোৱা হয়।

খ)সাধাৰণভাৱে পেটৰ এক্সৰে কৰোৱা।

গ)তলপেটৰ আলট্ৰাছাউণ্ড ছ’নগ্ৰাফী কৰোৱা।

ঘ)C.T. স্কেন নতুবা MRI পৰীক্ষা।

চিকিৎসা:

 

সকলো ক্ষেত্ৰতে পেট ফালি কৰি শল্য চিকিৎসাৰদ্বাৰা টিউমাৰ বা চিষ্ট গুচাই পেলোৱাই হ’ল ইয়াৰ প্ৰকৃত নিৰাময় ব্যৱস্থা।

শল্য চিকিৎসা:

 

কুমাৰী ছোৱালী আৰু মহিলাৰ প্ৰজনন কালত হোৱা ওভেৰিয়ান চিষ্ট বা টিউমাৰ শল্য চিকিৎসা অৰ্থাৎ অস্ত্ৰোপচাৰৰদ্বাৰা গুচাই পেলাব লাগে। ইয়াকে কৰিবলৈ যাওঁতে যিমান পৰিমাণে সম্ভৱ হয় ওভেৰিৰ সুস্থ আৰু সক্ৰিয় টিচু সংৰক্ষণ কৰি ৰুগ্ন চিষ্ট বা টিউমাৰ অংশ গুচাই পেলাব লাগে। ইয়াকে কোৱা হয় সংৰক্ষিত শল্য চিকিৎসা। এনে ধৰণে কৰা অপাৰেচনৰ ক্ষেত্ৰত ছোৱালী বা মহিলাগৰাকীৰ প্ৰজনন ক্ষমতা কিছু পৰিমাণে হ’লেও অটুট থাকি যায়। এনেদৰে কৰাটো অসম্ভৱ হ’লে যিটো ফালৰ ওভেৰি সুস্থ দেখা যায়, তাক সংৰক্ষণ কৰি ৰুগ্ন বা টিউমাৰৰে আক্ৰান্ত হোৱা সমস্ত ওভেৰিটোকে ছেদন কৰি উলিয়াই পেলোৱা হয়। ইয়াক Overiotomy বোলা হয়(ওভেৰিয়ান টিউমাৰত ভোগা প্ৰতিগৰাকী মহিলাৰ দুয়োটা ওভেৰি একেলগে টিউমাৰগ্ৰস্ত নহ’বও পাৰে)। মহিলাগৰাকীৰ বয়স ৪০ বছৰ বা তাৰ ঊৰ্দ্ধত হ’লে অৰ্থাৎ ৰজো:নিবৃতি কালত সোঁ-বাওঁ যিটো ফালৰে ওভেৰিয়ান টিউমাৰ বা চিষ্ট নহওক লাগিলে জৰায়ু প্ৰমুখ্যে দুয়োফালৰ দুয়োটা ডিম্বকোষ, দুয়োডাল ডিম্বনলী ছেদন কৰি পেলোৱা উচিত। এইবিধ অস্ত্ৰোপচাৰৰ নাম ‘টোটেল এৱডমিনেল হিষ্টেৰেক্টমী উইথ ছেলপিংগ’ অ’ফোৰোষ্টমী’(Total Obdominal Hysterctomy with Salyoingo oophorectomy)।

এই দুয়োবিধ অস্ত্ৰোপচাৰৰ অন্তত ৰুগ্ন ওভেৰি বা টিউমাৰৰ টিচু এগৰাকী অভিজ্ঞ পেথ’ল’জিষ্টৰ সহায়ত অণুবীক্ষণ যন্ত্ৰৰ পৰীক্ষা কৰাব লাগে। যাক বায়’পসী কৰা বোলা হয়। এনে কৰিলে টিউমাৰবিধৰ আক্ৰান্ত টিচু প্ৰকৃততে অনিষ্টবিহীন হৈয়ে আছিল নে কৰ্কট ৰোগৰ সংক্ৰমণলৈ পৰিৱৰ্তিত(Malignancey) হৈছিল। সেই দিশত নিশ্চিত হ’ব পৰা যায়।

 

লেখক:ডা: দীনেশ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate