অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থেইলেৰীয়া সংক্ৰমণ :

 

বৰ্তমান যুগত গাখীৰ আৰু মাংসৰ চাহিদা বৃদ্ধিৰ লগে লগে কৃষক ৰাইজৰ মাজত অধিক উৎপাদনৰ ভাবধাৰাও বাঢ়ি আহিছে । সেয়েহে সাধাৰণ কৃষক ৰাইজৰ ধাউতিও বহি:ৰাজ্যৰ যেনে বিহাৰ, ঝাৰখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আদিৰ অধিক উৎপাদনক্ষম উন্নত জাতৰ দিশে বাঢ়িছে । অসমত বৰ্ণসংকৰ গাহৰি, ছাগলীৰ লগতে বৃদ্ধি পাইছে কৃত্ৰিম গো প্ৰজনন প্ৰক্ৰিয়াও ।

বিশেষ মন কৰিবলগীয়া কথাটো হ’ল, উন্নতমানৰ জীৱ-জন্তুৰ লগতে অসমলৈ অবাঞ্জনীয়ভাৱে বাহিৰা ৰাজ্যত হোৱা কিছু ৰোগ আহিব ধৰিছে । বিভিন্ন ধৰণৰ ৰোগত ভিতৰত বৰ্তমান সময়ত অসমত এককোষী প্ৰাণীৰ দ্বাৰা হোৱা ৰোগে ব্যাপকভাৱে থিতাপি লৈছে । ইয়াৰ ভিতৰত ‘থেইলেৰিয়া’ নামৰ এককোষী প্ৰাণীবিধ অন্যতম । এইবিধ প্ৰাণীয়ে বৰ্তমান যোৰহাট জিলাকে ধৰি অসমৰ বিভিন্ন অঞ্চলত বিস্তৰভাৱে ক্ষতি সাধন কৰিছে ।

অসমৰ পৰিৱেশত এইবিধ ৰোগ আগতে পৰিলক্ষিত হোৱা নাছিল । কিন্তু ইতিমধ্যে যোৰহাট জিলাৰ কিছু অঞ্চলত ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ পিছত তেজৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীস্থিত উত্তৰ-পূৰ্বাঞ্চল ৰোগ নিৰ্ণয় প্ৰয়োগশালালৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ সহায়ত ৰুগীয়া জীৱ-জন্তুবোৰ থেইলেৰিয়াৰ দ্বাৰা আক্ৰান্ত বুলি নিশ্চিত কৰিব পৰা গৈছে । এই ৰোগৰ ক্ৰমবৰ্ধমান ভয়াৱহতাৰ গুৰুত্ব উপলব্ধি কৰি গুৱাহাটীস্থিত পশু-চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰজীৱী বিজ্ঞান বিভাগে এক কৰ্মশালাৰ আয়োজন কৰিছে ।

কৃষকস্কলৰ সুবিধাৰ অৰ্থে থেইলেৰিঅ’ছিছ ৰোগৰ বিষয়ে কিছু আভাস তলত দিয়া হ’ল -

থেইলেৰিঅ’ছিছ ৰোগবিধ এককোষী জীৱ থেইলেৰিয়া এনুলেটা বাবে প্ৰয়োজনীয় এইসমূহ কণিকাক ধ্বংস কৰে । ৰোগবিধ চিকৰাৰ লেলাউটিৰ দ্বাৰা এটা জন্তুৰ পৰা আন জন্তুলৈ সংক্ৰমিত হয় ।

এই ৰোগ বিশেষকৈ মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হ’ব পাৰে । কিয়নো এই সময়ত চিকৰাৰ সংখ্যা বাঢ়ে । তদুপৰি, অসমৰ ভৌগালিক অৱস্থিতি, সেমেকা আৰু গৰম জলবায়ু আদিয়েও এই ক্ষেত্ৰত অৰিহনা যোগায় ।

এই ৰোগৰ লক্ষণসমূহ হ’ল-

১) আৰম্ভণিতে আক্ৰান্ত জন্তুটোৰ অতিপাত জ্বৰ উঠে আৰু কোনো প্ৰতিজৈৱিক ঔষধ প্ৰয়োগ কৰিলেও এই জ্বৰ নকমে ।

২) খাবলৈ ইচ্ছা প্ৰকাশ নকৰে আৰু মূৰটো পেটৰ ফালে বেঁকা কৰি শুই থাকে ।

৩) চকু, মুখ আৰু নাকৰ ৰন্ধ্ৰইদি পানী নিৰ্গত হয় ।

৪) উশাহ-নিশাহ লওঁতে কষ্টত ভোগে ।

৫) আক্ৰান্ত জন্তু ৰক্তহীনতাত ভোগে ।

৬)   এই ৰোগৰ বিশেষ লক্ষণটো হ’ল যে ডিঙিত দুয়োফালে বাহ্যিক ভাৱে থকা লসিকা গ্ৰন্থিসমূহ ফুলি উঠে ।

৭) গাখীৰতী গাইৰ গাখীৰ দিয়াৰ পৰিমাণ হঠাতে কমি যায় আৰু গাভিনী গাইয়ে পোৱালি হেৰুৱাবলগীয়া হয় ।

৮) ৰোগৰ শেষ অৱস্থাত জন্তুটোৰ পায়খানা আঠালতীয়া আৰু ক’লা ৰঙৰ হয় । কিন্তু এই ৰোগত প্ৰস্ৰাৱ ফিকা চাহৰ দৰে দেখাত নহয় । এইটো লক্ষণে অন্য এক ৰোগৰ লগত পাৰ্থক্য আনে ।

৯) কিছু গৰুৰ হঠাতে পেট ফুলে আৰু মৃত্যুমুখত পৰে ।

এই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গোপালসকলে কিছুমান সাৱধানতা অৱলম্বন কৰিব পাৰে। সেইসমূহ হ’ল-

১) ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰথমেই আমি বেমাৰৰ উৎসক ধ্বংস কৰিব লাগিব । বেমাৰ বিয়পোৱা চিকৰাক ধ্বংস কৰাই হ’ব কৃষক ৰাইজৰ বেমাৰৰ বিপক্ষে প্ৰথম পদক্ষেপ । ইয়াৰ বাবে উচিতভাৱে কীটনাশক ঔষধ প্ৰয়োগ কৰাটো প্ৰয়োজন ।

২) অন্য এক প্ৰয়োজনীয় পদক্ষেপ হ’ল কৃষক ৰাইজৰ বেমাৰৰ প্ৰতি সজাগতা বৃদ্ধি ।

৩) জীৱ-জন্তুবোৰৰ নিয়মিতভাৱে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় । লগতে প্ৰয়োজন সাপেক্ষে গোহালিলৈ নতুন গৰু আনিলে প্ৰথমে গৰুটোক এমাহমানৰ বাবে মুখ্য গোহালিৰ সংস্পৰ্শলৈ আনিব নালাগে ।

৪) যিসমূহ জন্তুৱে পৰিবহণৰ চাপ পায়, সেইসমূহ জন্তুক ভালদৰে দায়িত্ব ল’ব লাগে । গৰ্ভৱতী গাই, পোৱালি দিয়া গাই, গাখীৰতী গাইৰো ভালদৰে যতন ল’ব লাগে ।

৫) প্ৰয়োজন সাপেক্ষে গো পালকসকলে পশু চিকিৎসকৰ সহায় ল’ব লাগে । উচিত চিকিৎসা, উচিত ঔষধে বেমাৰ নিৰাময় কৰাত সহায় কৰে ।

প্ৰট’জৱাজনিত ৰোগেই হওক বা পৰজীৱীজনিত ৰোগেই হওক, উচিত সাৱধানতা আৰু সচেতনতাই জীৱ-জন্তুসমূহক এইসমূহ ৰোগৰ পৰা মুক্ত কৰি ৰাখে ।

বৰ্তমানে থিতাপি লোৱা এইবিধ ৰোগক অসমৰ পৰা নাইকিয়া কৰিবলৈ হ’লে পশু চিকিৎসকৰ লগতে কৃষক ৰাইজৰ চিকিৎসকৰ চিকিৎসাৰ প্ৰতি সঁহাৰি অতিকে প্ৰয়োজনীয় ।

লেখক – ডা: চন্দ্ৰকুমাৰ সিংহ, লেখিকা-ডা: উপাসনা বৰুৱা

উৎস – দৈনিক জনমভূমি

 

শেহতীয়া উন্নীতকৰণ: : 7/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate