অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দন্তক্ষয়

দন্তক্ষয়

 

দন্তক্ষয় বা ডেণ্টেল কেৰিজ দাঁতৰ কঠিন ক’লা অংশ, যেনে— এনামেল বা ডেণ্টিন বা চিমেণ্টামত হোৱা এবিধ ৰোগ। এই ৰোগ সংক্ৰামক আৰু কিছুমান বেমাৰ সংক্ৰমিত কৰিব পৰা সূক্ষ্ম জীৱাণু বা বেক্টেৰিয়াৰ পৰা হয়। ডেণ্টেল কেৰিজ হ’লে দাঁতৰ কঠিন অংশৰ অজৈৱিক পদার্থসমূহ গলি যায়। ফলস্বৰূপে দাঁতৰ পৃষ্ঠত কিছুমান সৰু সৰু গাঁত বা ছিদ্ৰৰ সৃষ্টি হয়, যাক দন্ত চিকিৎসা বিজ্ঞানত কেভিটি বোলা হয়।

আৰম্ভণিতে এই ৰোগৰ কোনো লক্ষণ দেখা নাযায়। অৱশ্যে দাঁতৰ কোনো অংশৰ বৰণ সলনি হৈ খহটা চূণৰ নিচিনা বগা, মুগা বা ক’লা বৰণৰ হ’ব পাৰে। কিন্তু পিছলৈ দন্ত ক্ষয় ৰোগত ভোগা ৰোগীয়ে দাঁতত এক প্রকাৰৰ সিৰসিৰণি অনুভৱ কৰে। মিঠা, টেঙা, গৰম, ঠাণ্ডা বস্তু খালে সিৰসিৰণি বেছি হয়। দন্ত ক্ষয়ৰ দ্বাৰা সৃষ্টি হোৱা গাঁতবোৰত খাদ্যাংশ সোমাই ৰয় আৰু ৰোগীয়ে অস্বস্তি অনুভৱ কৰে। সময়ৰ লগে লগে দাঁতত সৃষ্টি হোৱা গাঁত বা ফুটাবোৰ ডাঙৰ হৈ পৰে আৰু দাঁতৰ স্নায়ু সম্বলিত কোমল মজ্জা অংশ চোৱেগৈ। এনে অৱস্থাত গাঁতবোৰত খাদ্যাংশ সোমালে বা কিবা লাগিলে ই সহ্য কৰিব নোৱৰা ধৰণৰ বিষ আৰম্ভ হয়। কেতিয়াবা দন্ত ক্ষয়ৰ দ্বাৰা আক্রান্ত হোৱা দাঁত ভাঙি যোৱাও দেখা যায়।

দন্ত ক্ষয় ৰোগৰ আৰম্ভণিতে চিকিৎসকৰ ওচৰ চাপিলে ৰোগ চিনাক্ত কৰি তৎকালে চিকিৎসা আৰম্ভ কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত হ’লে আক্রান্ত হোৱা দাঁতৰ অংশ নির্দিষ্ট যন্ত্ৰ-পাতিৰ সহায়ত আঁতৰ কৰি উপযুক্ত চিমেণ্ট বা ফিলিং মেটেৰিয়েলৰ সহায়ত ফিল-আপ বা ভৰাই দিব পাৰি। যদি দন্ত ক্ষয় ৰোগে দাঁতৰ জীৱিত স্নায়ু সম্বলিত মজ্জা অংশ আক্রান্ত কৰে, তেতিয়া আৰ চি টি বা ৰুট কেনাল ট্রিটমেন্ট নামৰ এক বিশেষ চিকিৎসা পদ্ধতিৰে বিষ নিৰাময় কৰি, দাঁতটো নসৰোৱাকৈ পুনৰ কাৰ্যক্ষম কৰি তুলিব পাৰি।

দন্ত চিকিৎসা বিজ্ঞানৰ যিটো বিভাগত সৌন্দর্য সম্পৰ্কীয় এই আসোঁৱাহবোৰৰ চিকিৎসা কৰা হয়, সেই বিভাগক এস্থেটিক বা কছমেটিক ডেণ্টিষ্ট্ৰী বোলা হয়। চিকিৎসা বিজ্ঞানৰ অগ্রগতি তথা নিতৌ নতুন সামগ্ৰী, আহিলা আৰু পদ্ধতিৰ আৱিষ্কাৰে এই আসোঁৱাহসমূহ দূৰ কৰাত অৰিহণা যোগাইছে। লাইট কিউৰ ফিলিং পদ্ধতিৰ দ্বাৰা কম্পজিট ৰেজিন নামৰ এবিধ দাঁতৰ ৰঙৰ লগত মিলা ফিলিং মেটেৰিয়েলৰ সহায়ত আজিকালি দন্ত ক্ষয়ৰ দ্বাৰা আক্রান্ত দাঁত, ভগা-ছিগা দাঁত বা দাঁতৰ মাজত থকা ফাঁক আদি সুন্দৰভাৱে দাঁতৰ সঠিক আকাৰ দি বনাই ল’ব পাৰি। সন্মুখৰ দাঁত ভগা হ’লে, দাঁতৰ আকাৰ যদি ব্যক্তিজনৰ শৰীৰ তথা মুখৰ আকৃতি অনুপাতে জোখৰ বা সামঞ্জস্য থকা নহয় বা দন্ত ক্ষয় ৰোগৰ দ্বাৰা আক্রান্ত হ’লে দাঁতটোৰ কিমান অংশ আক্রান্ত হৈছে আদিৰ ওপৰত নিৰ্ভৰ কৰি, তেনেকুৱা দাঁত reshaping, recontouring, filling, Veneering, capping বা Full crown-ৰ দ্বাৰা প্রয়োজনীয় আকাৰ বা ৰং দি সুন্দৰভাৱে বনাই আকর্ষণীয় কৰি তুলিব পাৰি।

লিখক: ডাঃ ৰক্তবী কটকী, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate