টিটেনাছ বা ধনুষ্টংকাৰ এবিধ ভয়ংকৰ ৰোগ বুলি সকলোৱে জানে।এই ৰোগ ইমান ভয়াৱহ যে এবাৰ ৰোগে দেখা দিলে সহজতে আৰোগ্য হোৱা টান।এই ৰোগটোনো কি আৰু অলপ সাৱধানতা অৱলম্বন কৰিলে কেনেকৈ ইয়াৰ পৰা ৰক্ষা পাব পাৰি,তাক থুলমুলকৈ এই প্ৰৱন্ধটোত আলোচনা কৰা হৈছে।
‘ক্লষ্টিডিয়াম টিচেনি’(Clostidium Tetani)নামৰ বীজাণুৰ দ্বাৰা এই ৰোগ হয়।ৰোগৰ বীজাণুবোৰ দেখাত এফালে মুৰ থকা সৰু মাখিৰ দৰে।বতাহ নোহোৱাকৈ এই বীজাণুবোৰ জীয়াই থাকিব পাৰে।আনকি বৰষুণ,অত্যধিক তাপ বা শীত,ৰাসায়নিক পদাৰ্থবোৰেও ইয়াক সহজে ধ্বংস কৰিব নোৱাৰে।বীজাণুবোৰ শুকান অৱস্থাত বছৰৰ পিছত বছৰ ধৰি জীয়াই থাকিব পাৰে।আনকি মানুহৰ অন্ত্ৰস্থলীত (Intestine)এই বীজাণুবোৰে একো অনিষ্ট নকৰাকৈ জীয়াই থাকিব পাৰে।আলিবাটৰ জাবৰ,কৃষিভুমিত সিঁচৰিত হৈ থকা গজাল,লোহা,টিনৰ টুকুৰাই শৰীৰৰ কোনো অংশত আঘাত কৰাৰ ফলত ঘা হ’লে এই বীজাণুবোৰ শৰীৰত সোমাবলৈ সুযোগ পায়।
ধনুষ্টংকাৰ বীজাণু শৰীৰত প্ৰথমে প্ৰৱেশ কৰা অংশডোখৰৰ পৰা এবিধ বিষাক্ত ৰস (Exotoxin )বাহিৰ হয়।বীজাণুৱে উৎপত্তি কৰা বিষাক্ত ৰস সেই ঠাইৰ পৰা অতি সোনকালে কৰ্মক্ষম স্নায়ুজৰী আঁহবোৰত (Motor Nerve Cells)সোমাই পৰে আৰু তাৰ পৰা সংশ্লিষ্ট মাংসপেশীবোৰলৈ বিয়পি পৰে।এই বিষাক্ত ৰস মেৰুমজ্জা আৰু মগজুৰ ভিতৰলৈ সোমাই স্নায়ুকোষবোৰ ধ্বংস কৰি অধিক ভয়াৱহ হৈ ৰোগৰ সৃষ্টি কৰে।
এই ৰোগৰ ‘উমনি কাল’(Incubation Period)প্ৰায় তিনিদিনৰ পৰা দহদিনলৈ ।অৱশ্যে কেতিয়াবা কেইবাসপ্তাহলৈ হ’ব পাৰে।বীজাণু শৰীৰত প্ৰৱেশ কৰাৰ দহদিনৰ ভিতৰত লক্ষণবোৰে দেখা দিলে শতকৰা ৪০ ভাগ,১১ দিনৰ পৰা ২১ দিনৰ ভিতৰত দেখা দিলে শতকৰা ৬৫ ভাগ,৩ সপ্তাহৰ পিছত দেখা দিলে শতকৰা ৮৫ ভাগ আৰোগ্য হোৱাৰ আশা থাকে।কিন্তু আগতে প্ৰতিষেধক বেজি লোৱা নাথাকিলে বা ত্ৎক্ষণাত চিকিৎসা নকৰিলে শতকৰা ৯৫ জন ৰোগীৰ মৃত্যু হোৱা দেখা যায়।
প্ৰকৃত লক্ষণবোৰ দেখা দিয়াৰ আগতে কিছুমান মানসিক আৰু স্নায়বিক লক্ষণে দেখা দিয়ে।এই লক্ষণবোৰ হ’ল যেনে-ৰাতি হঠাতে টোপনি ভাঙি ভয় খোৱা,অলপ ঢলং পলং লগা,ডিঙিৰ মাংসপেশীৰবোৰ টানি ধৰা,মুখৰ কাষেদি পানী ওলোৱা,জিভাখন কঁপি থকা,খোৱা বস্তু গিলোতে কষ্ট অনুভৱ কৰা ইত্যাদি ।এই লক্ষণবোৰ দেখা দিয়াৰ তিনি-চাৰি দিনৰ ভিতৰতে মুখৰ মাংসপেশীবোৰ (Masseter Muscles) টান হৈ পৰে।মুখখন মেলোতে বৰ কষ্ট হয়।সেয়েহে এই ৰোগক ‘দাঁত সৰাহি ‘বা ‘লক-জ’ (Lockjaw)বোলা হয়।লাহে লাহে ডিঙি আৰু বুকুৰ মাংসপেশী টান হৈ আহে আৰু লগতে অত্যধিক বিষ হৈ খোৱাত কষ্ট হয়।জ্বৰ উঠে,ঘাম ওলায় আৰু উশাহ লোৱাত কষ্ট হয়।মুৰটো পিছলৈ হালি পৰি টান হৈ থাকে।পেট আৰু পিঠিৰ মাংসপেশীবোৰ টান আৰু কোঁচ খাই থাকে।মাজে মাজে মুৰ্ছা গৈ অচেতন হয়।গোটেই গাটো ধেনুভিৰীয়া হোৱা কাৰণে ইয়াক ‘ধনুষ্টংকাৰ ৰোগ’বুলি কয়।ৰোগীৰ কোঠালিত অলপ পোহৰ,শব্দ হ’লে বা ৰোগীক স্পৰ্শ কৰিলেও ৰোগী আতংকিত হয়।মাংসপেশীবোৰ অধিক সংকুচিত হৈ উশাহ-নিশাহত বাধা জন্মায় আৰু শেষত ৰোগীয়ে মৃত্যুবৰণ কৰে।
ৰোগৰ ভয়াৱহতালৈ চাই ৰোগীক চিকিৎসাৰ বাবে ত্ৎক্ষণাত হস্পিতালত ভৰ্তি কৰাব লাগে।ৰোগী থকা কোঠালী হাই-উৰুমি নোহোৱা,অন্ধকাৰ হ’ব লাগে।চিকিৎসক ,পৰিচাৰিকা আৰু আলপৈচান ধৰা লোকৰ বাহিৰে আন মানুহক প্ৰৱেশ কৰিবলৈ দিব নালাগে।
আমি মনত ৰাখিব লাগে যে ধনুষ্টংকাৰৰ বিষাক্ত ৰস শৰীৰত প্ৰৱেশ কৰিব দিয়াতকৈ,সেই অৱস্থাটো নিবাৰণ কৰাহে উচিত।কাৰণ ৰোগে শৰীৰৰ স্নায়ুজৰীবোৰত থিতাপি ল’লে ৰোগীৰ মৃত্যু প্ৰায় নিশ্চিত হয়।গতিকে এই ৰোগ নহ’বলৈ শৈশৱতে প্ৰতিষেধক বেজি লোৱা দৰকাৰ।শৈশৱতে এনে প্ৰতিষেধক ব্যৱস্থা লোৱা নাথাকিলে মামৰে ধৰা গজাল,টিন আদিয়ে ফুটিলে বা কাটিলে যিকোনো লোকেই ধনুষ্টংকাৰৰ প্ৰতিষেধক বেজি ২৪ ঘণ্টাৰ ভিতৰত ল’ব লাগে।ইয়াক ‘ধনুষ্টংকাৰ নিবাৰক চিৰাম’(Anti Tetanus Serum )বোলা হয়।লগতে প্ৰতিৰোধক শক্তিৰ বাবে ‘টিটেনাছ টক্সয়ড’(Tetanus Toxoid)ছয় সপ্তাহ অন্তৰত লোৱা উচিত।মনত ৰখা উচিত “Prevention is Better than cure.”.
লেখক:ডা: ধ্ৰুৱজ্যোতি দাস (স্বাস্থ্য আৰু দীৰ্ঘজীৱন )
শেহতীয়া উন্নীতকৰণ: : 1/19/2024