অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধৱলকুষ্ঠঃ

ধৱলকুষ্ঠঃ

 

ধৱলৰ অৰ্থ শ্বেত বা বগা দাগ আৰু কুষ্ঠ মানে আয়ুৰ্বেদৰ ভাষাত ছালৰ ৰোগ। সহজ অৰ্থত ছালৰ বগা দাগ বুলি ক’ব পাৰি। যিকোনো ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে। হয়তো শৰীৰৰ যি ঠাইত বগা দাগ পৰিছে, সেই ঠাইত কিছুদিন আগতে কাটিছিল, পোৰা গৈছিল, ঘা হৈছিল বা যিকোনো আঘাত পাই ছাল গৈছিল। এটা সময়ত ছালৰ সেই কটা-ছিঙা ঘা সকলো শুকাই গ’ল অথচ ছালৰ স্বাভাৱিক বৰণ ঘূৰি নাহিল আৰু সেই আঘাতপ্ৰাপ্ত ঠাইৰ বগা দাগ বগা হৈয়ে থাকিল। কেতিয়াবা শৰীৰৰ যিকোনো অংশৰ ছালৰ বৰণ হঠাৎ ৰঙচুৱা হোৱা দেখা যায়। পাছত সেই ৰঙচুৱা ঠাই বগা হৈ উঠে আৰু ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। এইদৰে বিভিন্ন সূত্ৰে শৰীৰত এই ৰোগ দেখা দিব পাৰে।

এই ৰোগৰ উৎপত্তিৰ বহুতো কাৰণ আছে। যেনে- বংশগত প্ৰভাৱ, উদ্বিগ্নতাজনিত ৰোগ, বহুমূত্ৰ, থায়ৰয়েড গ্ৰন্থিৰ ৰোগ, স্নায়ুজনিত কাৰক, ছালত অনিষ্টকৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ আদি।

ধৱলকুষ্ঠ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত দৃঢ় মনোবল অটুট ৰাখিব লাগে। প্ৰাচীনতম যোগ চিকিৎসা পদ্ধতিৰ কেইটামান বিশেষ আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যান, যৌগিক ক্ৰিয়া অভ্যাসৰ দ্বাৰা এই ৰোগ নিৰাময় হয়।

পুৱাঃ

ভ্ৰমণ প্ৰাণায়াম- ৩০ মিনিট, শৱাসন- ২ মিনিট, বিপৰীতকৰণী মুদ্ৰা- ৩ মিনিট, অগ্নিসাৰ ধৌতি নং ১- ১০ বাৰ, সহজ প্ৰাণায়াম নং ১, ৩, ৮ প্ৰত্যেকটো ২ মিনিটকৈ, ওঁম প্ৰাণায়াম- ৩ মিনিট, শৱাসন- ২ মিনিট।

গধূলিঃ

সৰ্বাংগাসন- ৩-৫ মিনিট, হলাসন- ২ বাৰ, মৎস্যাসন- ২ মিনিট, অৰ্ধমৎস্যেন্দ্ৰাসন- ৬ বাৰ, সহজ প্ৰাণায়াম নং ৩, ৬ প্ৰত্যেকটো ২ মিনিটকৈ, ওঁম প্ৰাণায়াম- ৩ মিনিট, শৱাসন- ২ মিনিট, সহজ বস্তিক্ৰিয়া- সপ্তাহত এদিন, বমন ধৌতি- সপ্তাহত এদিন।

আমিষ খাদ্যৰ লগতে গুৰুপাকী অধিক মছলাযুক্ত খাদ্য বৰ্জন কৰিব লাগে। সেউজীয়া শাক-পাচলি কিছুমানৰ লগতে ঢেঁকীয়া শাক, পদিনা শাক, কলডিল আদিয়ে ছালৰ ৰং অহাত যথেষ্ট সহায় কৰে।

(উৎসঃ অসমীয়া খবৰ, নন্দিতা দাস)।

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate