অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাকেৰ তেজ ওলোৱা

নাকেৰ তেজ ওলোৱা

 

নাকেৰে তেজ ওলোৱাক চিকিৎসা শাস্ত্ৰত “EPISTAXIS” বোলা হয়। ই কোনো ৰোগৰ লক্ষণ বুলিহে ধৰা হয়। ইয়াৰ কাৰণবোৰ এনেধৰণৰ –

  • জন্মগতভাৱে হোৱা নাকৰ ৰোগ।
  • দুর্ঘটনা–

(ক) দুর্ঘটনাবশতঃ নাকৰ হাড় ভগা।

(খ) নাকৰ কোনো অস্ত্ৰোপচাৰৰ পাছত।

(গ) নাকত কোনো বস্তু সোমালে।

  • নাকৰ ৰোগ, যেনে- Acute Rhinitis, ফাংগাচৰ সংক্রমণ, কিছুমান টিউমাৰ, যেনে— Haemangioma, papilloma, carcinoma, নাকৰ মাজৰ Septum—খনৰ বিসংগতি, DNS (Deviated nasal Septum), চাইনুচাইটিছ আদি।

দেহৰ অন্য ৰোগৰ কাৰণ হিচাপেও নাকৰ পৰা তেজ ওলাব পাৰে।

  • উচ্চ ৰক্তচাপ।
  • বৃক্ক (Kidney)আৰু লিভাৰৰ অসুখ হ’লে।
  • হৃদৰোগ, যেনে- Mitral Stenosis।
  • বীজাণুৰ পৰা হোৱা ৰোগ, যেনে— টাইফয়েড, ডিপথেৰিয়া আদি।
  • তেজৰ ৰোগ Haemophilia, Leukaemia (তেজৰ কেন্‌ছাৰ)।

চিকিৎসা

ৰোগৰ কাৰণ নির্ণয় কৰি চিকিৎসা কৰিব লাগে।

তাৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰা দৰকাৰ।

  • ৰোগীক বিছনাত শুৱাই দিব লাগে। মূৰৰ অংশ ওখ কৰি নাকত কাপোৰেৰে বৰফ লগাব লাগে।
  • নাক পৰিষ্কাৰ কৰি সোপা দিব লাগে (Nasal Pack)।
  • তেজ তেতিয়াও বন্ধ নহ’লে ‘ভিটামিন কে’ৰ বেজি, কেলচিয়াম আদি দিয়া হয়।
  • তেতিয়াও তেজ নৰ’লে ই এন টি বিশেষজ্ঞক দেখুৱাব লাগে।
  • কেতিয়াবা তেজ বেছি গ’লে Blood Transfusion কৰিব লগা হ’ব পাৰে।

তেজ ওলাই নথকা অৱস্থাত বিভিন্ন পৰীক্ষা কৰি ৰোগৰ কাৰণ নির্ণয় কৰিব লাগে।

  • DNS থাকিলে অস্ত্ৰোপচাৰ।
  • টিউমাৰ থাকিলে অস্ত্ৰোপচাৰ। Biopsy কৰা পাছত কেন্‌ছাৰ বুলি ধৰা পৰিলে Chemotherapy আৰু Radiotherapy দিয়া হয়।
  • নাকৰ ভিতৰৰ Littles Area- ৰ পৰা তেজ ওলালে Electrocoagulation কৰা হয়। মুঠতে নাকেৰে তেজ ওলালে ইয়াৰ কাৰণ নির্ণয় কৰি চিকিৎসা কৰা দৰকাৰ। নাক-কাণ-ডিঙি (ENT) বিশেষজ্ঞই দিয়া পৰামৰ্শমতে চিকিৎসা কৰিলে আৰোগ্য হ’ব।

লিখক: ডা: দুৰ্লভ বৰুৱা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate