বিভিন্ন ধূলিকণা, ধোৱা, জন্তুৰ নোম, গোন্ধ আদিৰ সংস্পৰ্শলৈ আহিলে কিছুমান লোকৰ নাকৰ এলাৰ্জী হয়। ইয়াৰ ফলত নাকৰ ভিতৰত খজুৱতি,নাকেৰে পানী বোৱা, চকুৰ খজুৱতি, গলৰ ভিতৰত খচখচনি আদি বিভিন্ন সমস্যাই দেখা দিয়ে। কিছুলোকৰ আকৌ বতৰৰ লগত এই ৰোগ হোৱা দেখা যায়।।
১। কপালভাটি প্ৰাণায়াম নিয়মিত অভ্যাস কৰিলে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
২। অৰ্জুন চূৰ্ণ উতলাই চাহৰ দৰে কিছুদিন নিয়মিত খালেও ৰোগ নিয়ন্ত্ৰণ হয়।
৩। ডালচেনিৰ গুড়ি আধা চামুচ, কলীয়া তুলসীৰ পাত ১০/১২ টা, অলপ আদা আৰু অলপ গুড় আধা গিলাচ পানীত ১০/১৫ মিনিট উতলাই চেকি লৈ গৰমে গৰমে চাহৰ দৰে ৰাতি শোৱাৰ আগত কিছুদিন খালে নাকৰ এলাৰ্জীৰ লগতে বিভিন্ন ফ্লুজনিত ৰোগ নিৰাময় হয়।।
লেখক :- হেমন্ত গোস্বামী
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 3/27/2020