অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিপা ভাইৰাছ আৰু ইয়াৰ সংক্ৰমণ

নিপা ভাইৰাছ আৰু ইয়াৰ সংক্ৰমণ

 

বৰ্তমান সময়ত এবিধ বিশেষ ভাইৰাছৰ নাম সঘনাই শুনা গৈছে । সময়ে সময়ে ই পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰাদুৰ্ভাৱ হৈ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এই ভাইৰাছবিধ হৈছে নিপা ভাইৰাছ  (Nipan Virus) ।

১৯৯৯ চনত মালয়েছিয়া আৰু ছিংগাপুৰত গাহৰি পালকসকলৰ মাজত এনকেফেলাইটিছ আৰু শ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল । সেই সময়মতে নিপা ভাইৰাছ প্ৰথম পৃথকীকৰণ আৰু চিনাক্তকৰণ কৰা হৈছিল । মালয়েছিয়াৰ উপদ্বীপৰ (Malayasia Peninsula) ছুংগাই নিপাহ (Sungai Nipah) নামৰ গাঁৱৰ গাহৰিপালকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল । গাওঁখনৰ নাম অনুসৰি নিপা নামেৰে ভাইৰাছবিধৰ নামকৰণ কৰা হৈছিল ।

বিভিন্ন সময়ত বিভিন্ন ঠাইত নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল । ১৯৯৯ চনত হোৱা সংক্ৰমণত ৩০০ জন লোক আক্ৰান্ত হৈছিল আৰু ১০০ জনৰো অধিক মৃত্যু হৈছিল । ২০০১ চনত পশ্চিম বংগৰ শিলিগুৰিত ৬৬ জন আক্ৰান্ত ব্যক্তিৰ ভিতৰত ৪৫ জনৰ মৃত্যু হৈছিল । ২০০৭ চনৰ এপ্ৰিল মাহত পশ্চিম বংগৰ নাদিয়াত ৫ জন ৰোগীৰ মৃত্যু হৈছিল । ২০১১ চনত বাংলাদেশত ৫৬ জন আক্ৰান্ত লোকৰ ৫০ জনেই মৃত্যুবৰণ কৰিছিল । বৰ্তমান কেৰালা ৰাজ্যত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱে সকলোকে চিন্তাত পেলাইছে । এতিয়ালৈকে ১০ জনৰ মৃত্যু হৈছে । কোঝিকোড় (Kozhikode) আৰু মালাপুৰাম (Malappuram) জিলাত ভাইৰাছৰ সংক্ৰমণ সীমাবদ্ধ আছে । কোঝিকড় মেডিকেল কলেজত ১৭ জন ৰোগীৰ চিকিৎসা চলি আছে । নতুন নতুন ঠাইলৈ ইয়াৰ সংক্ৰমৰ আশংকা কৰা হৈছে ।

নিপা ভাইৰাছ এবিধ আৰ এন এ(RNA) ভাইৰাছ । ইয়াৰ পৰিয়ালৰ পেৰামিক্সভিৰিডি (Paramyxoviridae) আৰু জেনাচ (genus) হেনিপা ভাইৰাছ (Henipavirus) । ইয়াৰ হৈছে এবিধ বাদুলী (Fruit bat or Flying Fox) । এই বাদুলীবিধৰ পৰিয়াল টৰপডিডি (Pteropodidae) আৰু জেনাছ (genus) টৰপাছ (Pterorus), বাদুলীৰ প্ৰস্ৰাৱ, মল, লালটি আৰু অন্যান্য ৰসত নিপা ভাইৰাছ থাকে । বাদুলীৰ নি:সৰণে দূষিত কৰা ফল-মূলৰ পৰাও সংক্ৰমণ হ’ব পাৰে । খেজুৰ গছৰ ৰস (raw date palm sap) আৰু নাৰিকল গছৰ ৰস (coconut/ plam tree sap) বাদুলীৰ প্ৰস্ৰাৱ-লালটি আদি ৰসৰ দ্বাৰা দূষিত হোৱাৰ সম্ভাৱনা বেছি । এইবোৰ গ্ৰহণ কৰিলে ভাইৰাছৰ সংক্ৰমণ হয় । বাদুলীৰ পৰা সংক্ৰমণ হৈ গাহৰি, ছাগলী, কুকুৰ, ঘোঁৰা, ভেৰা আদি লৈ পোনে পোনে যাব পাৰে । জন্তুবোৰৰ মাজত ইটোৰ পৰা সিটোলৈ ভাইৰাছ বিয়পিব পাৰে । বাদুলী আৰু সংক্ৰমিত জন্তুৰ পৰা মানুহলৈ ভাইৰাছ বিয়পে । এজন সংক্ৰমিত মানুহৰ পৰা আন এজনলৈ এই ৰোগ বিস্তাৰ হয় । খেজুৰ বা নাৰিকল গছত বগাই যাওঁতে গছৰ ছালত বাদুলীৰ নি:সৰিত ৰস, প্ৰস্ৰাৱ, লালটি আদিৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণ হয় । প্ৰথমবাৰৰ কাৰণে যেতিয়া মালয়েছিয়াত এই ৰোগ ধৰা পৰিছিল, সেই সময়ত সেই অঞ্চলত বৃহৎ হাৰত গছ কটা হৈছিল, অৰণ্য বিনাশ কৰা হৈছিল । গাহৰিৰ ফাৰ্মবিলাকত থকা ফল গছবোৰৰ প্ৰতি অৰণ্যৰ বাদুলীবোৰ আকৃষ্ট হৈছিল । এই বাদুলীবোৰৰ মল আৰু প্ৰস্ৰাৱৰ সংস্পৰ্শত অহাৰ ফলত গাহৰিবোৰৰ সংক্ৰমণ হৈছিল ।

তদুপৰি কাপোৰ, সা-সঁজুলি, বুট, যান-বাহনৰ দ্বাৰাও এই ভাইৰাছ বিয়পিব পাৰে ।

ই এবিধ zonnotic  ৰোগ । ভাইৰাছবিধে আক্ৰমণ কৰাৰ পৰা শৰীৰত লক্ষণসমূহ দেখা দিবলৈ ৫-১৪ দিন আলগে । লক্ষণসমূহ হ’ল- জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, বমি, ডিঙি ঠৰঙা লগা, ফটোফবিয়া, শ্বাস-প্ৰশ্বাসৰ কষ্ট, কঁপনি আদি হয় । লক্ষণসমূহ ৩-১৪ দিনমাহ থাকে । লাহে লাহে অৱস্থান বিভ্ৰান্তি (disorientation), মানসিক বিভ্ৰান্তি(mental confusion) হৈ সংজ্ঞাহীন (Coma) হৈ মৃত্যুৰ মুখত পৰে । সাধাৰণতে ৫-৭ দিনৰ ভিতৰত সংজ্ঞাহীন হয় ।

মগজুৰ চেৰেবেলাম আৰু চেৰেব্ৰামৰ কৰটিক’ ছাবকৰটিকেল অংশ আক্ৰান্ত হয় আৰু দেহত ইয়াৰ প্ৰভাৱ পৰে । পৰীক্ষাগাৰত এলিছা (Elisa-Ig M আৰু Lgc) আৰু PCR (Sample serum, CSF, Thrat Swab)   পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰিব পাৰি । পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজি (National Institute of Veriology) ত এই পৰীক্ষা কৰা হয় ।

অধিক ৰিস্ক () থকা ব্যক্তিসকল হ’ল- গাহৰিৰ লগত সম্পৰ্ক থকা লোক, বাদুলীৰ সংস্পৰ্শলৈ অহা খেতিয়কসকল, বাদুলীয়ে কামোৰা ফল খালে আৰু সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহা লোক । এই ৰোগৰ কোনো নিৰ্দিষ্ট আৰু ফলদায়ক চিকিৎসা নাই । লক্ষণ অনুসৰি Symptomatic আৰু Supporitive treatment  দিয়া হয় ।

মালয়েছিয়া আৰু ছিংগাপুৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হওঁতে, সংক্ৰমিত গাহৰিৰ পৰা মানুহলৈ বিয়পিছিল । বাদুলীৰ পৰা গাহৰিলৈ সংক্ৰমণ হৈছিল । কিন্তু ভাৰতবৰ্ষ আৰু বাংলাদেশৰ ক্ষেত্ৰত এই ৰোগ মানুহৰ পৰা মানুহলৈ প্ৰধানকৈ বিয়পিছিল । বাদুলীৰ সংস্পৰ্শতো কিছু সংক্ৰমণ ঘটিছিল ।

এই ভাইৰাছৰ সংক্ৰমণ ৰোহ কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল সাৱধানতা । ল’ব লগা সাৱধানতাসমূহ হ’ল-

১) গাহৰিৰ সংস্পৰ্শৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে ।

২) চৰাই আৰু জন্তুৱে কামোৰা ফল-মূল খাব নালাগে ।

৩) ভালকৈ হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগে ।

৪) ব্যক্তিগত স্বাস্থ্য বিধি (Personal Hygiene) মানি চলিব লাগে ।

৫) ৰাজহুৱা স্থানত আৰু ৰোগী পৰিচৰ্যা কৰিলে গ্ল’ভছ আৰু মাস্ক (N95 Mask) ব্যৱহাৰ কৰিব লাগে ।

এই ৰোগ হ’লে মৃত্যুৰ হাৰ ৭৪.৫ % । কিছু সতৰ্কতা অৱলম্বন কৰিলে আমি এইবিধ মাৰাত্মক ভাইৰাছৰ পৰা মুক্ত হ’ব পাৰি । ইয়াৰ বাবে জনসাধাৰণৰ মাজত প্ৰবল সজাগতাৰ প্ৰয়োজন ।

লেখিকা :- ডা: মিৰান্দা দত্ত

উৎস- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate