অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নীৰৱ ঘাতক উপসৰ্গবিহীন স্বাস্থ্য সমস্যা :

 

সাধাৰণতে উপসৰ্গবোৰৰ জৰিয়তে শৰীৰত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ বাহ্যিক প্রকাশ ঘটে। অর্থাৎ ৰোগৰ উপস্থিতিৰ বিষয়ে এজন ব্যক্তি সেই মুহুৰ্তত অৱগত হয়— যেতিয়া নেকি বিভিন্ন ধৰণৰ উপসৰ্গই মানুহজনৰ দেহ মন আগুৰি ধৰে। পাছে চিন্তনীয় দিশটো হৈছে যে উপসৰ্গবিহীনভাৱেও নানা ৰোগে শৰীৰত সংগোপনে থিতাপি ল’ব পাৰে। আনহাতে সময় বা পৰিস্থিতি সাপেক্ষে উপসৰ্গবোৰে এনে ৰূপত উদ্ভাসিত হয় যে সংশ্লিষ্ট ব্যক্তিজন যে সঁচাকৈয়েই ৰুগ্ন সেইবিষয়ে সকলোৰে মনত সন্দেহৰ অৱকাশ ৰৈ যায়।

ক্লান্তিবোধ, মনৰ উগুল-থুগুল ভাৱৰ বুৰবুৰনিৰ অত্যাচাৰৰ বাবে আমি কেতিয়াও চিকিৎসকৰ কাষ নেচাপো। পাছে এনে ধৰণৰ সমস্যা নানা ৰোগৰ উপস্থিতিৰ সূচক হ’ব পাৰে। অপুষ্টিৰ (Malnutrition) প্রসঙ্গটি এইখিনিতে উত্থাপিত হয়। ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহ বিশেষভাৱে নাৰী আৰু শিশু এইটি অৱস্থাৰ ভুক্তভোগী। আনুষঙ্গিকভাৱে নাৰীসকলৰ গৰিষ্ঠসংখ্যকেই ৰক্তহীনতাত আক্রান্ত হয়।

সামান্য পৰিশ্রম কৰিলেই আক্রান্ত ব্যক্তিগৰাকীয়ে ভাগৰুৱা অনুভৱ কৰে। শাৰীৰিক শক্তি টুটি যোৱা বুলি ৰোগীয়ে অভিযোগ কৰিব পাৰে। প্রয়োজনীয় মাত্ৰাত খাদ্যপ্রাণ কেলছিয়াম বা অন্যান্য মৌলিক দ্রব্যৰ শৰীৰত অভাৱ ঘটিলে এনে অৱস্থাৰ সৃষ্টি হয়। সময় সাপেক্ষে ৰক্তচাপ কমি যাব পাৰে। এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে মূৰ আচন্দ্ৰাই ধৰে বা ঘূৰাব পাৰে। ফলত দৈহিক ভাৰসাম্যতা টুটিব পাৰে বা সম্পূর্ণভাৱে বিনষ্ট হ’ব পাৰে। ফলত মানুহজনে নিজৰ স্থিতি (Posttion) অটুট ৰাখিবলৈ অসমর্থ হয়। কাৰ্ব'হাইড্রেট আৰু গ্লুক’জৰ মাত্রা টুটে। ইয়াৰ ফলত নিম্ন ৰক্তচাপৰ সৃষ্টি হয়। এইখনিতে প্রাসঙ্গিকভাৱে উত্থাপিত এটি প্রশ্ন হৈছে যে ৰক্তচাপ কিমান টুটিলে নিম্ন ৰক্তচাপত (Hypotension) আক্রান্ত হোৱা বুলিব পাৰে। বিশেষভাৱে নাৰীৰ ক্ষেত্ৰত দেখা যায় যে স্বাভাৱিকতেই বহুতৰে ৰক্তচাপ কমেই থাকে। স্বাভাৱিক জীৱন যাত্রা এইসকল নাৰীয়ে অটুট ৰাখিবলৈ সমর্থ হয়। অৱশ্যে পুৰুষৰ ক্ষেত্ৰতো একেষাৰ কথাই প্রযোজ্য। চিকিৎসা বিজ্ঞানৰ সংজ্ঞা অনুযায়ী কোনো ব্যক্তিৰ ৰক্তচাপ ৮০/৫০ মিঃ মিঃ পাৰাস্তম্ভতকৈ কমি গ’লে নিন্ন ৰক্তচাপত আক্রান্ত হোৱা বুলি ধৰা হয়।

তদুপৰি অন্যান্য কেতবোৰ দৈহিক চিহ্নৰ (Physical Signs) প্ৰতি আমি যথাযথ গুৰুত্ব আৰোপ নকৰো যদিও এইবোৰে অপুষ্টিৰ উপৰিও অন্যান্য বিভিন্ন ৰোগৰ উপস্থিতিৰ ইঙ্গিত বহন কৰে। নাৰীৰ ক্ষেত্ৰত মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হোৱা বা দৈহিক ওজন হ্রাসৰ বিষয়ে এইখিনিতে উল্লেখিব পাৰি। এই দুয়োটা উপসৰ্গই অপুষ্টিৰ বাদেও থায়ৰইডৰ ৰোগ বা জৰায়ুৰ ৰোগৰ ইঙ্গিত বহন কৰে। অৱশ্যে এনিমিয়া বা ৰক্তহীনতাও এনে ধৰণৰ উপসৰ্গৰ কাৰক হ’ব পাৰে। তদুপৰি আজিকালি বৰ্দ্ধিত নিৰিখত দেখা দিয়া বহুমূত্র ৰোগৰ হেতুকেও এনে উপসর্গ দেখা দিয়ে।

বহুমূত্র ৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰতত ইমানেই বাঢ়িছে যে আমাৰ দেশখনক বিশ্বৰ 'বহুমূত্র ৰোগৰ ৰাজধানী’ বুলি আখ্যা দিয়া হয়। সমগ্ৰ দেশখনতে থকা বহুমূত্র ৰোগীৰ সংখ্যা আজিৰ তাৰিখত ৭০ নিযুতৰো অধিক।

বহুমূত্র ৰোগৰ বহি:প্রকাশ তিনিধৰণে ঘটিব পাৰে -

(১) উপসর্গবিহীন ধৰণৰ

(২) সতকাই দেখা দিয়া (Classical) উপসৰ্গবোৰ, যিবোৰ আৰম্ভণিতে Poly শীৰ্ষক ইংৰাজী শব্দাংশ থাকে।

এইকেইটা হৈছে-

(১) Polyurea  (প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি)

(২) Polyphagia (বেছিকৈ ভোক লগা) আৰু

(৩) Polydipsia (অত্যধিক তৃষ্ণাতুৰ অনুভুতি)।

বহুমূত্র ৰোগৰ তৃতীয় ধৰণৰ উপসৰ্গসমষ্টি জটিলতাবোৰৰ বাহ্যিক প্রকাশস্বৰূপ হয়। এনে ধৰণৰ জটিলতাবোৰ কিডনী, কলিজা বা স্নায়ুকে ধৰি নানা অংগজনিত হয়। এতিয়া এই নিৱন্ধটিৰ আলোচনাৰ বিষয়বস্তুৰ (অর্থাৎ উপসর্গবিহীন ৰোগ) অংশ হিচাপে প্রশ্ন উঠিব পাৰে যে উপসর্গ নেথাকিলে কোনো ব্যক্তিয়েই চিকিৎসকৰ ওচৰ চপাৰ প্রশ্ন নুঠে আৰু এনে পৰিস্থিতিত ৰোগ ধৰা পৰিব কিদৰে ? অন্য কোনো পৰিস্থিতিত ব্যক্তিগৰাকীয়ে চিকিৎসকৰ পৰামর্শ অনুযায়ী ‘চুগাৰ’ পৰীক্ষা কৰিলে ৰোগবিধ ধৰা পৰে।

কলিজাৰ এনে কেতবোৰ ৰোগ আছে, যিবোৰৰ নেকি নীৰৱেই শৰীৰত তীব্রতা বৃদ্ধি হৈ এটা সময়ত গুৰুতৰ পৰিসৰত বাহ্যিক প্রকাশ ঘটিব পাৰে। ইয়াৰে ভিতৰত অন্যতম মাৰাত্মক ৰোগবিধ হৈছে হার্ট এটেক। এজন ব্যক্তিৰ হার্ট এটেক যি কোনো সময়, স্থান বা পৰিৱেশতে হ’ব পাৰে। যি কোনো ব্যক্তি যি কোনো সময়তে ইয়াৰ ভুক্তভোগী হ’ব পাৰে। হার্ট এটেক হ’লে ৰোগীৰ বুকুৰ সন্মুখৰ পিনে (বাঁওফালে) প্রচণ্ড বিষ অনুভূত হয়। আনুষঙ্গিকভাৱে থাকে দুর্বলতা, ঘাম নিঃসৰণ, ওকালি অহা, বমি আৰু দুঃশ্চিন্তা। ৰোগীৰ বুকুখনত চেপি দিয়া ধৰণে বা গধুৰ বোজা কঢ়িওৱা (Sensation of tightness or heaviness) বিষ অনুভূত হয়—যিটোৱে নেকি হার্ট এটেকৰ বিষয়ে নিশ্চিতি প্রদান কৰে। পাছে এনে কিছুমান ব্যক্তি আছে, যিসকল হার্ট এটেকত আক্রান্ত হ’লেও কোনো ধৰণৰ উপসর্গত নোভোগে। এনে ধৰণৰ Silent heart attack বোলে। চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই অৱস্থাটিক Silent AMT (Acute myocardial Infarction) বোলে।

আমি সকলোৱেই জীৱনত এবাৰৰ বাবে হ’লেও পেটৰ বিষত আক্রান্ত হওঁ। বদহজম, ডায়েৰিয়া, কোষ্ঠকাঠিন্যতা আদি উপসৰ্গৰ আনুষঙ্গিক বৈশিষ্ট্য হ’ব পাৰে পেটৰ বিষ। এনে ক্ষেত্ৰত বিশেষ চিন্তনীয় একো নেথাকে। পাছে উদ্বেগজনক বিষয়টি হয়গৈ যেতিয়া নেকি পেটৰ আভ্যন্তৰত ঘটা কোনো গুৰুতৰ ৰোগৰ উপসর্গ হিচাপে পেটৰ বিষত কোনো এগৰাকী ব্যক্তি আক্রান্ত হয়। মাজে সময়ে এনেধৰণে ভিন্ন তীব্রতাযুক্ত পেটৰ বিষৰ সৃষ্টি হ’লে অৱহেলা কৰাটো অনুচিত। অনতিপলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পেটৰ বিষৰ কাৰকবোৰৰ বিষয়ে চমুকৈ এই নিৱন্ধত উল্লেখ কৰিলোহঁক—

পাকস্থলীৰ ঘা (Ulcer)-

বিভিন্ন কাৰণবশতঃ ব্যক্তি বিশেষে বিষনাশক দৰৱ (এছ পিৰিন বা NSAID শ্রেণীভুক্ত) নিয়মীয়াভাৱে সেৱন কৰিবলগীয়া হ’লে পাকস্থলীত ঘা হ’ব পাৰে। এই ধৰণৰ ঘাৰ উপস্থিতিত এইছ পাইলৰি (H.pylori) বীজাণুৰ দ্রুত বংশবৃদ্ধি ঘটে। ভালেমান বছৰলৈকে এনে ধৰণৰ বীজাণু সুপ্ত অৱস্থাত থাকে। এই বেক্টেৰিয়াৰ বাবে পেটৰ বিষ হ'লে PP শ্রেণীভুক্ত দৰৱৰ লগতে প্রতিজৈৱিক দৰৱৰ ক’ৰ্চ’ এমাহলৈকে চিকিৎসকৰ পৰামর্শ অনুযায়ী খাবলগীয়া হয়।

জি ই আৰ ডি (G.E.R.D)-

অনিয়মীয়াভাৱে খাদ্য গ্রহণ কৰিলে বা খোৱা-বোৱাত বিসঙ্গতি ঘটিলে (জ্বলা-ভজা বা পোৰা বস্তু বেছিকৈ খালে) বুকুখন জ্বলা-পোৰা কৰিব পাৰে বা মুখেদি টেঙাপানী নিৰ্গত হয়। পাকস্থলীত মাত্ৰাধিক এচিড বা অম্লৰ সৃষ্টি হোৱা বাবেই এই অৱস্থাত ৰোগীয়ে ভোগে । খাদ্যনলী আৰু পাকস্থলীৰ মাজত অৱস্থিত কপাটে (Sphincter) ভালদৰে কাম কৰিবলৈ অসমর্থ হ’লে এই ৰোগৰ সৃষ্টি হয়। দীঘলীয়া সময়ৰ বাবে এই ৰোগত ভুগি থাকিলে খাদ্যনলীত কর্কট ৰোগ হোৱাৰ শংকা বাঢ়ে। সেয়েহে উপৰোক্ত উপসৰ্গবোৰ সতকাই পৰিলক্ষিত হ’লেও সাধাৰণ পর্যায়ভুক্ত বুলি ভাবি অৱহেলা কৰা অনুচিত। অন্যথা বিষম পৰিণতিৰ সৃষ্টি হ’ব পাৰে।

দুগ্ধ আৰু দুগ্ধজাত দ্রব্যৰ প্ৰতি অসহশীলতা (Milk intocerance)-

ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ বাসিন্দাসকলৰ এক বুজন সংখ্যকেই বংশগত কাৰকৰ প্ৰভাৱত এই অৱস্থাটিৰ ভুক্তভোগী হয় যদিও নিচেই সাধাৰণ বা স্বাভাৱিক পৰিঘটনাৰ সামান্য বিচ্যুতি বুলি গণ্য কৰি বিষয়টি গাপ দি থয়। সামান্য বেছিকৈ গাখীৰ খালেই পেটচলা ৰোগবিধ প্রকৃততে উলাই কৰিবলগীয়া বিষয় নহয়। গাখীৰৰ বাদেও ঘেঁহু, বার্লি আদি খাদ্য খালে চিলিয়াক (Coeliac) ৰোগৰ সৃষ্টি হয়। আইচক্ৰীম, দৈ বা আলুৰ চিপচ এনে ৰোগৰ উপস্থিতিত খাব নেলাগে। গ্লুটেনযুক্ত আহাৰৰ এই ৰোগ সৃষ্টিত এক ভূমিকা আছে।

পৰিশেষত কওঁ যে কোনো উপসৰ্গৰ উপস্থিতি অবিহনে বা সামান্যতম উপসৰ্গৰ জৰিয়তেও কোনো গুৰুতৰ ৰোগে আত্মপ্রকাশ কৰে। গতিকেই প্ৰতিষেধকমূলক ব্যৱস্থা হৈছে ৰোগাৰোগ্যতকৈ শ্ৰেষ্ঠতৰ।

লিখক: ডা: মিহিৰ কুমাৰ গোস্বামী।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate