অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাহৰি যোৱাও যেতিয়া বেমাৰ হয় ! তাৰ প্ৰতিকাৰ আৰু স্মৃতি শক্তি বৃদ্ধিৰ উপায় !

পাহৰি যোৱাও যেতিয়া বেমাৰ হয় ! তাৰ প্ৰতিকাৰ আৰু স্মৃতি শক্তি বৃদ্ধিৰ উপায় !

বহু পুৰণি প্রিয় বন্ধুৰ সৈতে দেখা হল কিন্তু নামটো মনত পৰা নাই । আকৌ ড্রয়াৰৰ চাবি ক'ত ৰাখিলে পাহৰি গোটেই ঘৰ বিচাৰি তহিলং কৰা ইত্যাদি আমাৰ জীবনত প্ৰায়ে ঘটি থকা ঘটনা । কেতিয়াবা এই সৰু কথাবোৰই বৰ ডাঙৰ আকাৰ ধাৰণ কৰে । তেতিয়াই হয় বিপত্তি।

বয়সৰ লগে লগে স্মৃতিশক্তিৰ ক্ষমতা হ্রাস পোৱা স্বাভাবিক শাৰীৰিক বৈশিষ্ট্য। সাধাৰণতে ৪০ বছৰ বয়সৰ পিছৰ পৰা এজন মানুহৰ মস্তিষ্কৰ কার্যক্ষমতা ক্রমান্বয়ে হ্রাস পোৱা আৰম্ভ হয় । বহুতেই ইয়াক বেমাৰ বুলি ভুল কৰে । সকলোক্ষেত্ৰত ই ৰোগ নহয়। মাজে মধ্যে পাহৰি যোৱা মানেই স্মৃতিশক্তিৰ কঠিন সমস্যা নহয় । বয়সৰ ছাপ নহলেও কি কি কাৰণে পাহৰি যোৱাৰ সমস্যা বা স্মৃতিভ্রংশ হব পাৰে, তাত এবাৰ চকু ফুৰাই চাও আহক ।

* পাৰিবাৰিক সমস্যাৰ আধিক্য

* মূৰত আঘাতপ্ৰাপ্ত হলে

* থাইৰয়ডৰ সমস্যা

* ডায়াবেটিকচ

* হাই কলেষ্টৰল

* ক্লান্তি

*বিষন্নতা

* নিঃসঙ্গতা

পাহৰাৰ বিভিন্নতা:

বিভিন্ন ধৰণৰ পাহৰি যোৱাৰ সমস্যা দেখা যায়

* সাম্প্রতিক ঘটনা পাহৰা আৰু চেষ্টা কৰিও মনত কৰিব নোৱাৰা০ কথা কোৱাৰ সময়ত বহুল ব্যবহৃত শব্দ মনত পেলাব নোৱাৰা

* পৰিচিত পথ ভুল হৈ যোৱা

* কোনো বস্তু যি ঠাইত ৰাখিব লাগে তাত নাৰাখি সম্পূর্ণ অন্য ঠাইত ৰাখা

* কামৰ প্ল্যান কৰিব নোৱাৰা অথবা প্ল্যান অনুযায়ী কাম কৰিব নোৱাৰা০ সামাজিক অনুষ্ঠানত যোৱাৰ অনিচ্ছা

* নজনা ঠাই সম্পর্কে অহেতুক আশংকা

* নিয়মিত অভ্যাসমূলক কামৰ পৰা নিজকে বিৰত ৰখাৰ প্রবণতা

* ব্যক্তিত্বৰ নেগেটিভ পৰিবৰ্তন ইত্যাদি।

পাহৰাটো যেতিয়া বেমাৰ -

ভুলবশত: পাহৰা বা এক দুবাৰ হলে চিন্তাৰ কোনো কাৰণ নাই । কিন্তু বাৰে বাৰে হৈ থাকিলে অবশ্যই সেয়া দুশ্চিন্তাৰ কাৰণ হব পাৰে । যিকোনো ধৰনৰ পাহৰি যোৱাৰ মেডিকেল নাম অ্যামনেজিয়া। ইয়াৰ আকৌ বহু ভাগ আছে।

অ্যালজাইমার্স : এই ৰোগ হলে সাধাৰণতে মস্তিষ্কৰ হিপোক্যাম্পাচ অংশ ক্ষতিগ্রস্থ হয়। ষাঠিৰ উৰ্ধ্ব ব্যক্তিৰ সাধাৰণতে এই ৰোগ হয়। কিন্তু ৮০ বছৰৰ উর্ধ্বত এই ৰোগৰ সম্ভাবনা সকলোতকৈ বেছি । বংশগত কাৰণে ৬০ বছৰ বয়সৰ আগতেও এই ৰোগ হব পাৰে । থাইৰয়ড নিঃসৰণ হ্রাস পালেও এই ৰোগ দেখা দিব পাৰে । লক্ষণ হিচাবে দেখা যায় কথা কওঁতে সমস্যা হোৱা , হাত ভৰিৰ দ্বাৰা সাধাৰণ কাম কাজ কৰিব নোৱাৰা, এইমাত্র যি কৰিলে বা কলে সেইটো পাহৰি যোৱা , ঘৰৰ পৰা ওলাই কলৈ যাব মনত পেলাব নোৱাৰা ইত্যাদি।

ডিমেনচিয়া : এই ৰোগত বয়স বাঢ়ি অহাৰ লগে লগে মস্তিষ্কৰ কোষ বা নিউৰণবোৰ শুকাই যাব ধৰে। ফলত স্মৃতিভ্রংশ হয়। ডিমেনচিয়াৰ বিশেষত্ব হল পাহৰি যোৱাৰ লগে লগে ব্যক্তিত্বৰ পৰিবৰ্তন ঘটে। কাৰণ মস্তিষ্কৰ সন্মুখৰ অংশই ব্যক্তিত্ব গঠনত সহায় কৰে । ডিমেনচিয়া ৰোগত এই অংশ ক্ষতিগ্রস্থ হয় ফলত ব্যক্তিত্বৰ পৰিবৰ্তন হয়। সাধাৰণতে ৮০ বছৰৰ পিছত ডিমেনচিয়া হয়। কিন্তু বহ ক্ষেত্ৰত নিজৰ অজানিতেই মস্তিস্কৰ সৰু সৰু স্ট্রোক হোৱাৰ ফলত কোষ শুকাই গৈ থাকে। তেনেক্ষেত্ৰত ৮০’ৰ আগতেও ডিমেনচিয়া হব পাৰে ।

প্ৰতিকাৰ -

*মস্তিষ্কৰ নিউৰোচেল সক্রিয় ৰখাৰ চেষ্টা কৰিব লাগে।
*শৰীৰ সচল ৰাখিব লাগে ফলত মস্তিষ্কত ৰক্ত সঞ্চালন ঘটি থাকে।
*মূৰত আঘাত পোৱাৰ পৰা সতর্ক থাকিব লাগে
*ৰক্তচাপ , ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিব লাগে
* চর্বি কম খোৱা অতি গুৰুত্বপূৰ্ণ
* ধূমপান সর্বাগ্রে বর্জনীয়
* কিতাপ পঢ়াৰ অভ্যাস ডিমেনচিয়া প্ৰতিৰোধত সাহায্য কৰে

মনত ৰখাৰ মেজিক -

প্রিয় পাঠক আকৌ নাভাবিব যে কোনো মেজিক শিকাই দিছো।কিন্তু বৈজ্ঞানিকভাবে মস্তিষ্কৰ গঠন বিশ্লেষণ কৰি এটি পন্থা আবিষ্কৃত হৈছে । যাৰ নাম নেমোনিক্স। নাম, তাৰিখ , তালিকা সকলোবোৰ মনত ৰাখাৰ এইটো এক অনন্য পদ্ধতি। কিন্তু ইয়াৰ বাবে তুষাৰ বুদ্ধিমান হোৱাৰ প্ৰয়োজন নাই । ইয়াৰ প্রাথমিক ব্যবহাৰ বুজিব পাৰিলেই আপুনি অনুভব কৰিব কিয় এইটোক মেজিক বোলা হৈছে । নেমোনিক্স বহুধৰণৰ হয় কিন্তু তাৰ মাজত সকলোতকৈ জনপ্রিয় পন্থা হৈছে কল্পনা তথা অনুষঙ্গ। এই পদ্ধতিত আপুনি যদি কাৰোবাৰ নাম মনত ৰাখিব পৰা নাই তেনেহলে সেই নামৰ লগত মিল ৰাখি যিকোনো পৰিচিত বস্তুৰ ছবি আঁকি লওক আপোনাৰ কল্পনাত। এবাৰ যদি কল্পনাৰ জাল গুঠি লব পাৰে তেন্তে কাৰো নাম পাহৰি যোৱা চান্স নাথাকে বুলিলেও হয়।

আৰু এটা পদ্ধতি হৈছে ৰোমান ৰূম পদ্ধতি। এই পদ্ধতিৰে আপুনি যি মনত ৰাখিব বিচাৰে তাৰ সৈতে পৰিচিত এটি প্ৰেক্ষাপটত কল্পনা কৰি লওক । ধৰা হল আপুনি কিবা কামত ওলাই যাব, গৈ কাগজ আৰু পেন্সিল কইনাৰ কথা । চিন্তা কৰক, এটি শিশুৱে কাগজ ফালি টুকুৰা টুকুৰ কৰিছে আৰু পেন্সিলেৰে আক বাক কৰি বেৰত আঁৰি বেৰৰ অৱস্থা নাইকিয়া কৰিছে । দেখিব সহজতেই মনত ৰাখিব পাৰিছে ।

আৰু কৰণীয় -

* মস্তিষ্ক সজাগ ৰাখক। বাতৰি কাকত পঢ়ক, সামাজিক অনুষ্ঠানলৈ যাওক, সকলোৰে লগত মিলা মিছা কৰক
* নিয়মিত অনুশীলন (exercises) কৰক
* ওজন নিয়ন্ত্ৰণত ৰাখক
*ৰক্তচাপ আৰু কলেষ্টেৰলৰ নিয়মিত পৰীক্ষা কৰা ভাল।
* কেঁচা নিমখ খাব নালাগে
*ৰাতি গোটেই দিনটোৰ ঘটনা মনত পেলাব চেষ্টা কৰক
* কবিতা পঢ়ক, গান শুনক, চিনেমা চাওক
* মন খুলি হাহক। হাঁহিব পাৰিলে আপোনাৰ মন পাতল হৈ থাকিব।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate