অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাৰ্কিনচন ৰোগঃ

পাৰ্কিনচন ৰোগঃ

পাৰ্কিনচন ৰোগ হ’ল মগজুৰ প্ৰেৰক পদ্ধতিৰ বিসংগতি। ইয়াৰ কাৰণ হ’ল ড’পামিন উত্পাদনকাৰী মগজু কোষৰ অভাৱ। লক্ষণসমূহ হ’ল শৰীৰৰ কম্পন অথবা হাত-ভৰি, অধোহনু, অস্থি, মুখমণ্ডল আদিৰ কম্পন, জঠৰতা অথবা হাত-ভৰি, মধ্যদেহ আদিৰ কাঠিন্য, মন্থৰ গতি, সন্তুলনৰ বিসংগতি, সমন্বয় আদি। এই লক্ষণসমূহ বৃদ্ধি হ’লে ৰোগীয়ে খোজ কঢ়া, কথা কোৱা, সৰু-সৰা কামবোৰো কৰাৰ অসুবিধা আদি হ’ব পাৰে। এই ৰোগ ধীৰ গতিৰে অগ্ৰগতি হয়। আৰম্ভণিতে লক্ষণসমূহ অস্পষ্ট হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত লক্ষণসমূহ লাহে লাহে বৃদ্ধি হয়। কিছুমান ক্ষেত্ৰত লক্ষণ ত্বৰান্বিত হয়। অন্যান্য লক্ষণসমূহ হ’ল হতাশা আৰু অন্যান্য আৱেগিক পৰিৱৰ্তন, খাদ্য গিলাত অসুবিধা, খাদ্য চোবোৱাত অসুবিধা, কথা কোৱাত অসুবিধা, প্ৰস্ৰাৱ কৰাত অসুবিধা, কোষ্ঠকাঠিন্য, চৰ্ম ৰোগ আৰু টোপনিত ব্যাঘাত।

এই ৰোগ চিনাক্ত কৰিবলৈ তেজ বা অন্যান্য নিৰ্ণায়ক পৰীক্ষা উপলব্ধ হোৱা নাই। সেইবাবে ৰোগ নিৰ্ণয়ৰ বাবে ৰোগৰ ইতিহাস, শাৰীৰিক পৰীক্ষা, স্নায়ুৰ পৰীক্ষা আদিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া। অৱশ্যে আন ৰোগ আছে নেকি নিৰ্ণয় কৰিবলৈ মগজুৰ স্কেন আৰু কেতবোৰ লেব’ৰেটৰী পৰীক্ষা কৰাবলগীয়া হ’ব পাৰে।

পাৰ্কিনচন ৰোগৰ কাৰকবোৰ স্পষ্ট নহয় যদিও কিছু তথ্য জানিব পৰা গৈছে। এই ৰোগ এশ বছৰৰো পুৰণি, তথাপি নিৰ্দিষ্ট কাৰক চিনাক্ত হোৱা নাই। শৰীৰৰ চলন নিয়ন্ত্ৰিত হয় মগজুৰ বেছেল গেংলিয়াত থকা কোষবোৰ সন্তুলিত পৰিমাণৰ ড’পামিন আৰু এচিটাইকলিন প্ৰয়োজন হয়। এই দুবিধ দ্ৰব্য স্নায়ুৰ সংকেতৰ বাবে প্ৰয়োজনীয়। পাৰ্কিনচন ৰোগত ড’পামিন প্ৰস্তুতকাৰী কোষবোৰ ধ্বংসপ্ৰাপ্ত হয়। ড’পামিনৰ স্বল্পতাই ড’পামিন, এচিটাইকলিন আদি সংকেতবহনকাৰী দ্ৰব্যবোৰে সন্তুলনৰ বিসংগতিৰ সৃষ্টি কৰে। ড’পামিন হ’ল ৰাসায়নিক সংকেত বহনকাৰী দ্ৰব্য, যিয়ে মগজুৰ ছাবষ্টেনছিয়া নাইগ্ৰা আৰু তাৰ ওচৰৰ ৰিলেষ্টেচন কৰ্পাচ ট্ৰয়েটাম সংকেত বিঘ্নিত কৰে। ফলত মসৃণ উদ্দেশ্যসাধক মাংসপেশীৰ ক্ৰিয়াকলাপত বিজুতি ঘটায়। গতিকে ৰোগীৰ মাংসপেশীৰ স্বাভাৱিক নিয়ন্ত্ৰণ বিঘ্নিত হয়। অধ্যয়নৰ পৰা দেখা গৈছে যে ড’পামিন ৮০ শতাংশ বা ততোধিক পৰিমাণে হ্ৰাস কৰে।

এইপৰ্যন্ত পাৰকিনচন ৰোগৰ নিৰ্দিষ্ট ফলপ্ৰসূ নিৰাময়ক ঔষধ উপলব্ধ হোৱা নাই। তথাপি লক্ষণসমূহৰ উপশমৰ বাবে কেতবোৰ ঔষধ ব্যৱহাৰ কৰা হয়। ৰোগীক লেভ’ড’পা আৰু কাৰ্বিড’পা সংমিশ্ৰণ কৰি চিকিত্সা কৰা হয়। কাৰ্বিড’পাই মগজুৰ কোষ নোপোৱা পৰ্যন্ত লেভ’ড’পা ড’পামিনালৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে। মগজুৰ কোষে লেভ’ড’পা ব্যৱহাৰ কৰি ড’পামিন তৈয়াৰ কৰি ব্যৱহাৰ কৰে। অৱশ্যে লেভ’ড’পাই চাৰিভাগৰ তিনি অংশকহে উপশম দিব পাৰে। এণ্টিকলিনাৰ্জিৰ ঔষধে কম্পন আৰু জঠৰতা হ্ৰাস কৰিব পাৰে। ব্ৰম’ক্ৰিপ্টিন, প্ৰামিপেক্সল, ৰ’পিনিট্ৰল ঔষধে ড’পামিনসদৃশ ক্ৰিয়া কৰি ৰোগীক উপশম দিব পাৰে।

এমাণ্টাডাইন নামৰ ভাইৰাছৰোধী ঔষধে লক্ষণসমূহ হ্ৰাস কৰিব পাৰে।

ঔষধে উপশম নিদিলে শল্য চিকিত্সা কৰিবলগীয়া হয়। এইক্ষেত্ৰত মগজুত ইলেকট্ৰোত প্ৰোথিত কৰি পাল্ছ জেনেৰেটৰ নামৰ বৈদ্যুতিক উদ্দীপনৰ সৃষ্টি কৰা হয়। এই ব্যৱস্থাই লেব’ড’পা আদি ঔষধৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। এই ব্যৱস্থাই কম্পন, মন্থৰতা, গতিভংগী আদি লক্ষণৰ উপশম ঘটাব পাৰে। বিশেষভাৱে প্ৰশিক্ষিত চিকিত্সকেহে এই চিকিত্সা কৰিব পাৰে।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উত্সঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate