অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাৰ্কিনছন ৰোগ :

আপোনাৰ ঘৰলৈ মানুহ এজন ফুৰিবলৈ আহিছে। মানুহজনক ৰোগ-ব্যাধি নথকা সুস্থ লোক যেনেই দেখিছে। পিছে তেওঁলৈ বুলি চাহকাপ আগবঢ়াই দিওঁতে দেখিলে যে তেওঁৰ হাতখন কঁপি আছে আৰু এহাতেৰে তেওঁ কাপটো তুলি ল’ব পৰা নাই। তেওঁক সোধাত ক’লে- তেওঁৰ পাৰ্কিনছনছ ডিজিছ হৈ আছে। এতিয়া এইবিধ ৰোগৰ বিষয়ে নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে। স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগৰ ভিতৰত অন্যতম হ’লপাৰ্কিনছনৰ ৰোগ বা পাৰ্কিনছনছ ডিজিছ। জেমছ পাৰ্কিনছনে এইবিধ ৰোগৰ প্ৰথম বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়োৱাৰ বাবে তেওঁৰ নামেৰেই এই ৰোগবিধ নামকৰণ কৰা হৈছিল।

পাৰ্কিনছনছ ৰোগ এবিধ স্নায়ৱিক ৰোগ। এই ৰোগত শাৰীৰিক আৰু মানসিক ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি হয় আৰু লগতে মাংসপেশীসমূহ পৰ্যায়ক্ৰমে জঠৰ হ’বলৈ ধৰে। সাধাৰণতে এই ৰোগ প্ৰথমে শৰীৰৰ যিকোনো এফালে আৰম্ভ হোৱাৰ পিছত লাহে লাহে গোটেই শৰীৰত বিয়পি পৰা দেখা যায়।

লক্ষণসমূহ -

পাৰ্কিনছনত আক্ৰান্তব্যক্তিৰ শাৰীৰিক লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়। এনে ৰোগীৰ শৰীৰত কঁপনি উঠি থাকে। দেহৰ বিভিন্ন অংশত কঁপনি উঠি থাকে যদিও স্থিতাৱস্থাত এই কম্পন হাত, ভৰি, ডিঙি আদিত দেখা যায়। ৰোগীৰ মাংসপেশীসমূহ লাহে লাহে জঠৰ হৈ পৰে আৰু ফলত শৰীৰৰ চলন শক্তি বা গতিশীলতা হ্ৰাস পায়। হাত-ভৰিৰ সঞ্চালনৰ জড়তা তথা কাৰ্যক্ষমহীনতা এই ৰোগৰ প্ৰধান লক্ষণ। পাৰ্কিনছনছ ডিজিছৰ ৰোগীৰ শৰীৰটো ভাৰসাম্যহীন হ’বলৈ ধৰে। ৰোগীয়ে বেছি সময় থিয় হৈ অথবা বহি থাকিব নোৱাৰে। এনে ৰোগীয়ে খোজ কাঢ়োতে চুটি চুটি খোজ দিবলগীয়া হয়। তদুপৰি ৰোগীৰ কোষ্ঠকাঠিন্য আৰু টোপনিৰ সমস্যাই গা কৰি উঠে।

কেনেকৈ হয় এই ৰোগ -

আলফা ছাইনুক্লেইন নামৰ এবিধ প্ৰ’টিন মানুহৰ মগজুত বিশেষকৈ অ’লফেক্টবী বালব, হাইপোথেলামাছ আৰু চাবষ্টেনচিয়া নিগ্ৰাত পৰ্যাপ্ত পৰিমাণে থাকে। এই প্ৰ’টিনবিধ যদি কিবা কাৰণত বেছিকৈ নি:সৰিত হয়, তেন্তে ই মগজুৰ কোষবোৰত জমা হৈ লাহে লাহে কোষবোৰ ধ্বংস কৰিবলৈ ধৰে, ফলত মগজুৰ চাবষ্টেনচিয়া নিগ্ৰাত ডোপামাইন নামৰ নিউৰো ট্ৰেন্সমিটাৰৰ পৰিমাণ হ্ৰাস হ’বলৈ ধৰে। ইয়াৰ ফলতে স্থিৰেৰে থাকিবলগা মাংসপেশীত কঁপনি হয় আৰু পেশশ্বোৰ ক্ৰমে দুৰ্বল হৈ আহে।

তদুপৰি, এই ৰোগ সৃষ্টিত আন বহু কাৰকে অৰিহণা যোগায়। শাক-পাচলি আৰু খাদ্যত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যৰ যোগেদি ডোপামাইন থকা মগজুৰ কোষবোৰ লাহে লাহে বিনষ্ট হৈ পৰে। পৰৱৰ্তী সময়ত পাৰ্কিনছন ৰোগ হ’ব পাৰে। যদি মগজুৰ বেছাল গেংলিয়ন নামৰ ঠাই চাৰিডোখৰৰ যিকোনো এডোখৰত ষ্ট্ৰোকৰদ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ’লে ৰোগী পাৰ্কিনছন ৰোগত আক্ৰান্ত হ’ব পাৰে (পোষ্ট ষ্ট্ৰোক পাৰ্কিনছনিজম)। মগজুত আঘাত পালেও এই ৰোগ হ’ব পাৰে। কিছুমান বিশেষ ঔষধ সেৱনৰ ফলতো এই ৰোগ হ’ব পাৰে। কিছুমান বিশেষ ঔষধ সেৱনৰ ফলতো এই ৰোগ হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে কয়।

বৃত্তিগত কাৰক -

কাৰ্বন মনোক্সাইডৰ সংস্পৰ্শতো এই ৰোগ হ’ব পাৰে। গতিকে কল-কাৰখানাত কাম কৰা লোকসকল সাৱধান হ’ব লাগে। সাধাৰণতে মেংগানিজ খনিত কাম কৰা বনুৱাসকল এই ৰোগৰ চিকাৰ হ’ব পাৰে। যিসকল লোকে ৱেলডিঙৰ কাম কৰে, তেওঁলোকক অতি সহজে এই ৰোগবিধে আক্ৰমণ কৰিব পাৰে। লোহা গলালে যি ধোঁৱা ওলায়, সেই ধোৱা শ্বাসৰদ্বাৰা শৰীৰত প্ৰৱেশ কৰিলে ডোপামাইন আক্ৰান্ত হয়। প্ৰফেচনেল বক্সিং খেলুৱৈসকলে সঘনাই মূৰত আঘাত পালেও পাৰ্কিনছন ৰোগৰ চিকাৰ হ’ব পাৰে।

কাৰ কাৰ এই ৰোগ হ’ব পাৰে -

এই স্নায়ৱিক ৰোগবিধ যিকোনো বয়সতে হ’ব পাৰে যদিও পঞ্চাশোৰ্দ্ধ ব্যক্তিৰ পাৰ্কিনছন ৰোগ হোৱাৰ আশংকা অধিক। অৱশ্যে পঞ্চাশ বছৰৰ তলত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। পাৰ্কিনছনছ ৰোগ পুৰুষ-মহিলা উভয়ৰে হয় যদিও আক্ৰান্ত ৰোগী মহিলাতকৈ পুৰুষৰ সংখ্যা বেছি। এই ৰোগবিধ বংশগতও হ’ব পাৰে। পৰিয়ালত যদি এই ৰোগত আক্ৰান্ত লোক থাকে, তেন্তে আন সদস্যসকল আক্ৰান্ত হোৱাৰ আশংকা ২০ৰ পৰা ২৫ শতাংশ থাকে।

মানসিক অৱস্থা -

সাধাৰণতে পাৰ্কিনছনছ ৰোগ আক্ৰান্ত ব্যক্তিৰ ৬০ শতাংশইহে মানসিক ভাৰসাম্য হেৰুওৱা দেখা যায়। মনত সদায় সন্দেহৰ ভাব জাগ্ৰত হৈ থাকে আৰু আচৰণ ক্ৰুটি আৰম্ভ হয়। পৰৱৰ্তী পৰ্যায়ত স্মৃতিশক্তি হ্ৰাস পায় আৰু বিচাৰ কৰিব পৰা ক্ষমতা লোপ পাবলৈ ধৰে।

নিৰাময় হয়নে -

পাৰ্কিনছনছ ডিজিছ কেতিয়াও সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি। মাত্ৰ ৰোগবিধক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। সেয়েহে এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। প্ৰাথমিক পৰ্যায়ত চিকিৎসা কৰিলে যথেষ্ট সুফল পোৱা যায়। ৰোগীয়ে নিয়মিত ঔষধ খাব লাগে। আজিকালি বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্ৰোপচাৰৰ সহায়ত শৰীৰৰ কম্পন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

ফিজিঅ’থেৰাপীৰ প্ৰভাৱ -

এই ৰোগত ৮আক্ৰান্ত ব্যক্তিয়ে ফিজিঅ’থেৰাপীৰ সহায়ত বহু পৰিমাণে উপশম লাভ কৰিব পাৰে। ফিজিঅ’থেৰাপীৰ প্ৰভাৱ অপৰিসীম। ঔষধ খোৱাৰ উপৰি নিতৌ ব্যায়াম কৰিব লাগে। অৱশ্যে এইক্ষেত্ৰত অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ ল’ব লাগে।

পাৰ্কিনছনছ ডিজিছত আক্ৰান্ত ৰোগীৰ মূলত: দেহভংগীমাত বিসংগতিয়ে দেখা দিয়ে। কিছুমান সন্ধি আৰু পেশীৰ জঠৰতা আৰু বিসংগতি লক্ষণীয় হয়। ব্যায়ামৰ যোগেদি প্ৰকৃত ভংগী বাহাল ৰখাৰ ব্যৱস্থা কৰা হয়। এনে ৰোগীৰ চলন ভংগী আৰু চলন শক্তিত ব্যাঘাত জন্মে। ৰোগীয়ে Hell-teo চলন ভংগীৰ বিষয়ে পাহৰি থাকি বিসংগতিপূৰ্ণভাৱে খোজ দিবলৈ আৰম্ভ কৰে। ফিজিঅ’থেৰাপিষ্টে ৰোগীক প্ৰকৃত ভংগী আৰু গতি মিলাই চলা-ফুৰা কৰাৰ প্ৰশিক্ষণ দিয়ে। দেহৰ কঁপনিৰ বাবে বহু সৰু সৰু কাম ৰোগীয়ে কৰিব নোৱৰা হয়। বিভিন্ন পেশীৰ বাবে বেলেগ বেলেগ ব্যায়ামৰ জৰিয়তে কম্পন ৰোধ কৰাৰ প্ৰচেষ্টা ফিজিঅ’থেৰাপীৰ যোগেদি কৰা হয়। শাৰীৰিক বাধা বিসংগতিসমূহৰ উপৰি ৰোগী বহুক্ষেত্ৰত খুব খঙাল বা নিৰুৎসাহিত হৈ পৰা দেখা যায়। ৰোগীৰ মানসিক অৱস্থালৈ লক্ষ্য কৰি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁক উৎসাহিত কৰি ৰখাৰ কামো ফিজিঅ’থেৰাপিষ্টে কৰে। অৱশ্যে এইক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ আন সদস্যসকলৰ সহযোগ নিতান্তই প্ৰয়োজন। তদুপৰি, এটা প্ৰধান বিষয় হ’ল- ৰোগীৰ শাৰীৰিক ভাৰসাম্য সঠিককৈ ৰখাৰ বাবে ব্যায়াম শিকোৱা।

এই ৰোগৰ চিকিৎসা সদায় দীঘলীয়া। গতিকে সময়ৰ অজুহাতত নিৰুৎসাহিত হোৱাৰ কোনো কাৰণ নাই। চিকিৎসাৰ সুফল খুব লাহে লাহে ৰোগীয়ে লাভ কৰে। এটা কথা মন কৰিবলগীয়া যে ৰোগীয়ে লাভ কৰে। এটা কথা মন কৰিবলগীয়া যে ৰোগীয়ে ইচ্ছাকৃতভাৱে কোনো কাম নকৰাকৈ থকা নাই। তেওঁ হয়তো অশেষ চেষ্টা কৰিও কোনো এটা সাধাৰণ কামো কৰিব নোৱাৰিব পাৰে, গতিকে কোনো ক্ষেত্ৰতে তেওঁক নিৰুৎসাহিত নকৰিব। এই ৰোগ সম্বন্ধে মানুহৰ সজাগতাৰ খুব অভাৱ। পৰিয়ালৰ যিজন সদস্য ইয়াৰ বিষয়ে জ্ঞাত, তেওঁ এই সম্বন্ধে বাকীসকলক জনাই দিব লাগে। ফিজিঅ’থেৰাপী চিকিৎসা চলি থাকোতে হঠাৎ চিকিৎসা বন্ধ কৰি দিব নালাগে। কিবা বিশেষ কাৰণত তেনে কৰিবলগা হ’লে ঘৰৰ কোনো এজন সক্ৰিয় সদস্যই চিকিৎসকৰপৰা নিত্যন্তই প্ৰয়োজনীয় ব্যায়াম কিছু শিকি লৈ নিয়মিত ৰোগীজনক কৰিবলৈ দিব লাগে। এই ৰোগত আক্ৰান্ত ব্যক্তিক পৰাপক্ষত জুই, পানী আদিৰ ওচৰত থাকিব দিব নালাগে। শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি কিবা দুৰ্ঘটনাত পতিত হ’ব পাৰে। আংশিকভাৱে আক্ৰান্ত ৰোগীকো বাইক, গাড়ী আদি চলোৱাত বাধা দিয়া ভাল। কিন্তু তেওঁ যাতে মানসিক চাপত নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। ৰোগীৰ প্ৰয়োজনীয় দৰবো পৰিয়ালৰ সদস্যই সময়মতে যোগান ধৰিব লাগে। ৰোগীয়ে নিজে এই কাম কেতিয়াও নিয়মিত নকৰে।

লেখক: ডা: প্ৰণৱ চক্ৰৱৰ্তী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate