অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিত্ত প্ৰকোপ

পিত্ত প্ৰকোপ

কাৰণ:

 

শৰীৰত যদি বাত আগৰে পৰাই কুপিত হৈ থাকে, তেনেহ’লে পিত্তৰ প্ৰকোপ অতি দ্ৰুতগতিত হঠাতে অধিক মাত্ৰাত বাঢ়িব পাৰে। বাত অৰ্থাৎ বায়ু আৰু পিত্ত অথাৎ অগ্নি- দুয়োবিধেই অতি গভীৰভাৱে সম্পৰ্কিত। এটাই আনটোক খুব বেছি সহায় কৰে।

যদি বতাহ নিজৰ স্বাভাৱিক গতিৰে বলি থাকে, তেনেহ’লে সেই বতাহ সকলোৰে বাবে মংগলজনক। কিন্তু এই বতাহে যদি ধুমুহাৰ ৰূপ লয়, অথাৎ স্বাভাৱিক গতিতকৈ অধিক গতিত বলিবলৈ লয়, তেনেহ’লে ই হয়গৈ বিনাশকাৰী। সেয়ে যদি কোনো ব্যক্তি বায়ুৰ প্ৰকোপত পীড়িত হৈ আছে, তেওঁ পিত্ত(অগ্নি) কুপিত কৰিব পৰা কাৰণবিলাকৰ পৰা বিশেষ সাৱধানে আঁতৰি থাকিব লাগে। পিত্ত তলত উল্লেখ কৰা কাৰণবিলাকৰ পৰা কুপিত হয়।

  • বেছিকৈ তেলত ভজা জলকীয়া-মছলা দিয়া খাদ্য দ্ৰব্য অতি মাত্ৰাত সেৱল কৰা।
  • মদ, ধপাত, মাংস, কণী আদি সেৱন।
  • এবাৰ পেট পূৰাই খোৱাৰ পিছতে সেই খাদ্য হজম হোৱাৰ আগতে যদি পুনৰ ভুৰি ভোজন কৰে।
  • পানী কমকৈ খায়।
  • উদ্বেগপূৰ্ণ জীৱন কটায়।
  • কোষ্ঠবদ্ধতাৰ চিকাৰ হৈ থাকে।
  • ব্যায়াম বা শাৰীৰিক শ্ৰম কমকৈ কৰে।
  • অমাশয়ত পিত্ত সঞ্চিত হোৱা আদি।

পিত্ত প্ৰকোপৰ লক্ষণ:

 

আমাৰ শৰীৰটো এটা সমমাত্ৰাৰ তাপে স্বাভাৱিকভাৱে গৰম কৰি ৰাখে। সেই কাম পিত্তৰ(অগ্নি) কাৰণেই হয়। সেই উত্তাপে শৰীৰৰ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ কাম কৰে। তেতিয়া সমগ্ৰ শৰীৰৰ উত্তাপ বৃদ্ধি পায়। ইয়াৰ ফলত পেটত অম্লতা বৃদ্ধি পায়। অম্লতা বাঢ়িলে তলৰ লক্ষণবিলাক প্ৰকাশ পায়।

  • ডিঙি, বুকু আৰু পেট জ্বলা-পোৰা কৰে।
  • বমিৰ ভাব হয় বা বমি হয়।
  • ভীষণ মূৰৰ বিষ হয়।
  • পেচাবৰ ৰং হালধীয়া হয়।
  • টেঙা বা জ্বলা-পোৰা উগাৰ আহে।
  • জিভাত ঘা হয়।
  • ভোক কমকৈ লাগে।
  • পেট গধুৰ গধুৰ লাগে।
  • ডিঙিৰ ভিতৰখন টানি ধৰা যেন ভাব হয়।
  • চকু জ্বলা-পোৰা কৰা আদি লক্ষণ প্ৰকাশ পায়।

অম্লতা নিবাৰণৰ উপায়:

 

অম্লতা আৰম্ভ হ’লেই প্ৰথমতে পিত্ত কুপিত হোৱা খাদ্য আদি পৰিহাৰ কৰি চলিব লাগে। পিত্ত বৃদ্ধি কৰা দ্ৰব্যও কম কৰিব লাগে। লগতে তলত উল্লেখ কৰা উপায়বিলাক পালন কৰিব-

  • দিনটোত অতি কমেও ৮-১০ গিলাচ ঠাণ্ডা পানী খোৱাটো জৰুৰী।
  • নেমুৰ পানী চেনি মিহলাই চৰবৎ প্ৰস্তুত কৰি খাব লাগে।
  • পুৱা চাহ খোৱাৰ অভ্যাস আছে যদি কেতিয়াও খালী পেটত নেখাব। প্ৰথমে বিস্কুট বা ব্ৰেডৰ টুকুৰা খাই লৈহে চাহ খাব।
  • ঠাণ্ডা মিঠা গাখীৰ খাব।
  • আহাৰ সদায় চোবাই চোবাই খাব। এবাৰ আহাৰ খোৱাৰ চাৰি ঘন্টাৰ পিছতহে পুনৰ আহাৰ খাব।
  • বেছি তেলত ভজা মছলা দিয়া খাদ্য নেখাব।
  • ক্ৰোধ আৰু ঈৰ্ষা নকৰিব।
  • সদায় সুখী হৈ থাকিবলৈ যত্ন কৰক।
  • ৰাতি শোৱাৰ প্ৰায় দুঘন্টাৰ আগতে আহাৰ খাব। শোৱাৰ আগে আগে মিঠা গাখীৰ এগিলাচ খাব।
  • যিমান দূৰ সম্ভৱ হয়, গৰম আৰু জলা-মছলা দিয়া খাদ্য নোখোৱাকৈ থাকিব।

অম্ল পিত্তৰ প্ৰাকৃতিক চিকিৎসা:

 

পুৱা খালী পেটত থাকোতেই গজকৰণী ক্ৰিয়া কৰিব। ইয়াৰ কাৰণে এক লিটাৰ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই কাগাসনত বহি পানী খুব সোনকালে খাই লওক। পুৱা এক লিটাৰ পানী খাব, যাতে পানী খোৱাৰ পিছত পেটটো সম্পূৰ্ণ গধুৰ লাগে। এতিয়া বাওঁহাতখন পিছফালে কঁকালত থৈ ৪৫° ডিগ্ৰীলৈকে হাউলি লওক আৰু সোঁ হাতৰ তৰ্জনী বা মধ্য আঙুলি ডিঙিলৈকে ভৰাই বমি কৰিবলৈ যত্ন কৰক। যেতিয়ালৈকে পেটৰ পৰা সকলো পানী ওলাই নেযায়, তেতিয়ালৈকে এই কাম কৰক। এই ক্ৰিয়াৰ দ্বাৰা পেটটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰে। আৰু হাইপাৰ এচিডিটিৰ পৰা মুক্ত হ’ব পাৰি। এই প্ৰক্ৰিয়া সপ্তাহত দুই এবাৰ নিশ্চয় কৰিব।

লব লগা সাৱধানতা:

 

  • মূল আহাৰ কৰাৰ দুই-তিনি ঘন্টা সময়লৈ এনে ধৰণৰ ব্যায়াম নকৰিব। যিমান দূৰ সম্ভৱ পুৱা খালী পেটত কুঞ্জল(গজকৰণী) কৰিব।
  • আহাৰ খোৱাৰ পিছত ‘বজ্ৰাসন’ নিশ্চয় কৰক।

বিশেষ:

 

কিছুমান লোকে ভাবে যে এচিডিটি হ’লে কেতিয়াও নেমু খাব নেলাগে। কিন্তু নেমু স্বাদত টেঙা হ’লেও ই আন্ত্ৰিক ৰোগত ই অন্ত্ৰত ক্ষাৰীয় তত্ত্বৰ কাম কৰে। এই ধৰণৰ প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা আমি হাইপাৰ এচিডিটি বা অম্লপিত্তৰ চিকিৎসা সহজতে কৰিব পাৰো।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate