অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰুষৰ বন্ধ্যাত্ব

বন্ধ্যাত্ব কিয় হয়, ইয়াৰ কাৰণ পৰীক্ষা কৰি চাবলৈ যাওঁতে এক প্ৰণালীবদ্ধ আৰু বিস্তাৰিত কাৰ্যক্ৰমণিকাৰ মাজেৰে পুৰুষ আৰু স্ত্ৰী উভয়কে পৰীক্ষা কৰি চাব লাগিব।

আৰম্ভণি কেতিয়াৰপৰা, ক’ৰপৰা আৰু কিমান দিনলৈ পৰীক্ষা চলাব লাগে? বিবাহৰ পিছত এহাল সুস্থ দম্পতিৰ স্বাভাৱিক যৌনমিলন চলি থকাৰ পিছতো যদিহে-

(ক) ২৫ বছৰ বা তাৰ তলৰ মহিলা গৰাকীৰ দুবছৰলৈকে গৰ্ভধাৰণ নহয়।

(খ) ২৫ ৰ পৰা ৩৫ বছৰৰ মহিলাগৰাকীয়ে এবছৰৰ পিছতো গৰ্ভধাৰণ নকৰে।

(গ) ৩৫ বছৰৰ ওপৰৰ মহিলাগৰাকীয়ে ছমাহৰ পিছতো গৰ্ভধাৰণ নকৰে, তেনে শ্ৰেনীৰ মহিলাসকলৰ ক্ষেত্ৰত ততাতৈয়াকৈ পৰীক্ষাসমূহ আৰম্ভ কৰাব লাগে। আকৌ এনেবোৰ কাৰণ পৰীক্ষা কৰিবলৈ যাওঁতেই যদি মহিলাগৰাকীৰ হৃদপিণ্ডৰ জটিল ৰোগ, বৃক্কৰ প্ৰৱল স্ংক্ৰমণ(Servere nephritis), প্ৰৱল ৰক্তচাপ(মেলিগনেণ্ট হাইপাৰ টেনচন), চম্ভালি ল’ব নোৱাৰা বিধৰ মধুমেহ ৰোগ(Uncontrolled Diabetis) ধৰা পৰে তেনেহ’লে সেইসকল মহিলাক গৰ্ভধাৰণৰ পৰা বিৰত থাকিবলৈ উপদেশ দিব লাগে। কিয়নো গৰ্ভাৱস্থাই এইসকল মহিলাৰ জীৱন বিপদস্ংকুল কৰি তুলিব পাৰে। কেতিয়াবা আকৌ অন্য এক ঘটনাও ঘটা দেখা যায়। এক তৃতীয়াংশ বন্ধ্যা মহিলাৰ ক্ষেত্ৰত পৰীক্ষাসমূহ কৰিবলৈ আৰম্ভ কৰাৰ কিছুদিন পিছতেই স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাপৰাৰ বাবেই হওক নতুবা মনৰ বিভ্ৰম আঁতৰিয়েই হওক, হঠাতে দম্পতী গৰ্ভাৱস্থাৰ গৰাকী হৈ উঠে। ওপৰত বন্ধ্যাত্বৰ পৰীক্ষাৰ ক্ষেত্ৰত যিটো প্ৰণালীবদ্ধ আৰু বিস্তাৰিত কাৰ্যক্ৰমণিকাৰ কথা কোৱা হৈছিল তাক এবছৰকালৰ ভিতৰতে সমাপ্ত কৰিব লাগে আৰু প্ৰয়োজনীয় চিকিৎসাৰ বাবে চুড়ান্ত সিদ্ধান্ত ল’ব লাগে। ইয়াকেই যুক্তিস্ংগত সময়সীমাৰ ভিতৰত কৰা পৰীক্ষা বুলি ধৰা হয়। এই সকলোখিনি কথা স্বামী-স্ত্ৰীহালক মুকলিভাৱে বুজাই দিয়া উচিত। বহু দিনৰ লেহেমীয়া গতিত পৰীক্ষা-নিৰীক্ষা চলাই থাকি স্বামী-স্ত্ৰীৰ লগত চিকিৎসকে মুকলিভাৱে কোনো কথা আলোচনা নকৰাকৈ থাকিলে সিয়ে দম্পতীহালৰ জীৱনলৈ মানসিক অস্থিৰতা আনে আৰু পৰীক্ষাতো ফলপ্ৰসু কৃতকাৰ্যতা লাভ কৰা নহয়। বৰঞ্চ দ্বিতীয়বাৰৰ বাবে আকৌ এগৰাকী অভিজ্ঞ বিশেষজ্ঞৰ লগত বিভিন্ন প্ৰকাৰে আলপ- আলোচনা আৰু পৰীক্ষা-নিৰীক্ষা কৰি দৰৱ-পতি লোৱাৰ পিছত অনেক দম্পতিৰে ঘৰ সংসাৰ সন্তানেৰে জীৱন্ত হৈ উঠে।

পুৰুষৰ বাবে পৰীক্ষা

(ক) বিষয়স্ংগত আৰু ব্যক্তিগত স্বাভাৱৰ বুৰঞ্জী

(খ) শাৰীৰিক বুৰঞ্জী

(গ) বৈবাহিক জীৱনৰ বুৰঞ্জী

(ঘ) পুৰণা অসুখ-বিসুখৰ বুৰঞ্জী প্ৰমুখ্যে যৌনৰোগৰ বুৰঞ্জী, সম্পূৰ্ণ শাৰীৰিক পৰীক্ষা ইত্যাদি।

পুৰুষ যৌনাংগৰ পৰীক্ষা উপযুক্ত প্ৰণালীবদ্ধভাৱে কৰিবলৈ হ’লে শল্য চিকিৎসকৰ সহায় ল’ব লাগে। পুৰুষৰ প্ৰজনন ক্ষমতা চোৱাৰ বাবে বীৰ্য পৰীক্ষা আটাইতকৈ দৰকাৰী। সকলো পৰীক্ষা ভালদৰে পাবলৈ এই পৰীক্ষা বীৰ্যস্খলনৰ দুঘণ্টাৰ ভিতৰতে হোৱা উচিত। বীৰ্য পৰীক্ষাৰ উপৰি অন্যান্য সচৰাচৰ কৰিবলগীয়া পৰীক্ষাসমূহ হ’ল তেজত যৌন ৰোগৰ বীজাণু পৰীক্ষা(VDRL), তেজত চেনিৰ পৰীক্ষা, গ্ৰুপ পৰীক্ষা, হিমগ্ল’বিনৰ মাত্ৰাৰ পৰীক্ষা কৰা, ৰক্তকোষৰ হিচাপ নিৰ্দ্ধাৰণ কৰা পৰীক্ষা,ESR পৰীক্ষা, প্ৰসাৱ পৰীক্ষা, বুকুৰ এক্স-ৰে পৰীক্ষা আদিয়েই প্ৰধান। বিশেষ বিশেষ পৰীক্ষাসমূহৰ ভিতৰত প্ৰষ্টেটগ্ৰন্থিৰ ৰস পৰীক্ষা, এণ্ডোক্ৰাইন গ্ৰন্থিৰ বিশেষ পৰীক্ষা, PBI আৰু BMR টেষ্ট। সৰ্বশেষত বীৰ্য পৰীক্ষাত শুক্ৰকীটৰ অভাৱ দেখা গ’লে অণ্ডকোষ (testis)বায়প্‌সী পৰীক্ষা অৱশ্যেই কৰণীয়। পুৰুষৰ স্বাভাৱিক উত্পাদন শক্তিৰ(Fertility) মাত্ৰা হ’ল প্ৰতি মি.লি. বীৰ্যত অন্তত: ২০ মিলিয়ন স্বাভাৱিক প্ৰকৃতিৰ শুক্ৰকীট থাকিব লাগিব আৰু প্ৰগতিশীল গতিশীলতা ৪০ শতাংশ শুক্ৰকীটৰ গাত থাকিব লাগিব। অৱশ্যে জানিবলগীয়া কথাটো হ’ল যে প্ৰতি মি.লি. বীৰ্যত ১০ মিলিয়ন স্বাভাৱিক প্ৰকাৰৰ শুক্ৰকীট থকা অৱস্থাতো গৰ্ভাৱস্থা লাভ কৰা অৱস্থা পাইছে।

ত্ৰুটিপূৰ্ণ শুক্ৰকীটৰ বৈজ্ঞানিক স্ংজ্ঞা

এস্পাৰ্‌মিয়া: বীৰ্য সৃষ্টিত অপৰাগ, অলিগ’স্পাৰ্‌ময়া: প্ৰতি মি.লি. বীৰ্যত ২০ মিলিয়নৰ কম শুক্ৰকীট থাকিলে, এজুস্পাৰ্‌মিয়া: বীৰ্যত যেতিয়া এটা শুক্ৰকিটো নাথাকে, এস্থেনোস্পাৰ্‌মিয়া: শুক্ৰকীটৰ গাত যেতিয়া সক্ৰিয়তাৰ অভাৱে দেখা দিয়ে, নেক্ৰোস্পাৰ্‌মিয়া: শুক্ৰকীটবোৰ যেতিয়া মৃত বা গতিশীলতা নাথাকে, টেৰাটোস্পাৰ্‌মিয়া: বীৰ্যত যেতিয়া বিকৃত আকৃতি বা গঠনৰ শুক্ৰকীট দেখা যায়।

শুক্ৰানু উৎপাদনৰ ত্ৰুতি বা বিঘিনিক defective spermatogenesis বুলি কোৱা হয় সেয়েহে টেষ্টিচ পৰীক্ষা কৰোতে অণ্ডকোষৰ মোনাৰ ভিতৰত আছেনে পেটৰ ভিতৰত লুকাই আছে তাক পৰীক্ষা কৰিব লাগে। থাকিলে অণ্ডকোষৰ শিৰা ফুলা বেমাৰ থাকিলে বা ‘ভেৰিকেচিল’ থাকিলে ৰোগসমূহে আলিগা স্পাৰ্মিয়া কৰে অৰ্থাৎ শুক্ৰানু সৃষ্টিত ব্যাঘাত জন্মাৱ পাৰে। মাম্পছ বা পোৰেটিডাইটিছ আৰু আৰ্কাইটিছ ৰোগত দীৰ্ঘদীন ভুগিছিল নেকি? বাল্যকালতেই হওক বা যৌৱন কালতেই হওক কিবা কাৰনত অণ্ডকোষত কিবা আঘাত লাগিছিল নেকি? এনে ধৰণৰ আঘাতৰ পৰাও শুক্ৰানু সৃষ্টিত ব্যাঘাত হয়। বীৰ্যত শুক্ৰানু বা শুক্ৰকীটৰ উপস্থিতি নথকাৰ কাৰনবোৰৰ ভিতৰত শুক্ৰবাহী নলীৰ জন্মগত ত্ৰুটি বা তাৰ অনুপস্থিতি, তাৰ অৱৰোধ (Block)ইত্যাদিয়েই প্ৰধান। টেষ্টিচ বা অণ্ডকোষৰ কোনো গুৰুতৰ ৰোগ, যেনে- প্ৰাইমেৰি টেষ্টকুলাৰ ডিচঅৰ্ডাৰ আৰু প্ৰাইমাৰী হাইপ’গোণাডিজম হ’ব পাৰে। এনে হোৱাৰ কাৰণ টেষ্টোটেৰোণ সৃষ্টিকাৰী Leyding cell  বিকৃত ক্ৰিয়াৰ পৰা হয়। টেষ্টিচৰ দুটি প্ৰধান কামৰ ভিতৰত এটা হৈছে ‘টেষ্টোটেৰণ’ নামৰ প্ৰধান পুংহৰমোন (এণ্ডোজেন) উত্পাদন আৰু আনটো হৈছে চেমিনিফেৰাচ টিউবুলবোৰৰ ভিতৰত শুক্ৰানু উত্পাদন কৰা। ‘মে’ল হইঅপাৰগোণাডিজম’ বোলোতে অণ্ডকোষৰ ভিতৰত যিকোনো এটা বা উভয় ক্ৰিয়া কমি যোৱাকে বুজোৱা হয়। আনবিধ হাইপ’গোণাডিজম হ’ল চেকেণ্ডাৰী শ্ৰেণীৰ: য’ত হাইপ’থেলামাছ বা পিটুটিয়ৰী গ্ৰন্থিৰ কোনো ৰোগৰ বাবে গোণাডোট্ৰফিক হৰমোন(FSH আৰু LH)ক্ষৰণত বিঘিনি ঘটে। আকৌ জিনৰ খেলিমেলিৰ বাবেও ত্ৰুটিযুক্ত শুক্ৰকীটৰ সৃষ্টি হ’ব পাৰে। জিন জড়িত আসোঁৱাহ সন্দেহ হ’লে ক্ৰ’ম’জ’ম বিশ্লেষণৰ দ্বাৰা ঠাৱৰ কৰিব পাৰি। চেকেণ্ডাৰী হাইপ’গোণাডিজম জনিত বন্ধ্যাত্বৰ ৰোগ নিৰ্ণয় কৰা বেছ জটিল আৰ্থাৎ হাইপ থেলেমিক-পিটুটিয়াৰি-গোণাডেল axis ৰ অস্বাভৱিকতা নিৰ্ণয়ৰ বাবে MRI বা CT Scanঅৰ সহায়েৰে লাওখোলা বা Skullৰ ছবি আৰু পিটুটিয়াৰী গ্ৰন্থীয় যাৱতীয় হৰমন পৰীক্ষা কৰা দৰকাৰ। অভিজ্ঞ এণ্ডক্ৰাইনলজীৰ বিশেষজ্ঞই ইয়াৰ বাবে উপযুক্ত দিহা দিব পাৰে।

ডা0 দীনেশ শৰ্মা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate