বহুতো লোকৰ পেট উখহে, গেছ জমা হয় আৰু আনুষংগিক কেতবোৰ সমস্যাই জ্বলা-কলা কৰে, যাৰ মূলতে খাদ্য গ্ৰহণত অসাৱধানতা তথা নিয়ন্ত্ৰণহীনতা বুলি ঠাৱৰ কৰিব পাৰি। অধিকসংখ্যক লোকে জানে যে মূলাম, ব্ৰকলি, উৰহী জাতীয় পাচলি, পিঁয়াজ আদি খালে গেছ উৎপন্ন হয়।
কিন্তু বেছিভাগ লোকে সন্দেহ নকৰে। যদিও ফল-মূল, ছ’ডা আৰু গাখীৰ সেৱন কৰিলেও বহুতৰ গেছ উৎপাদন হয়। ফলমূলত ফ্ৰুক্ট’জ নামৰ চেনি জাতীয় পদাৰ্থ থকাৰ বিপৰীতে গাখীৰত থকা লেক্ট’জ নামৰ দ্ৰব্যও গেছৰ সাধাৰণ কাৰক। এইবিলাকে পেট উখহা, তথা পেটচলা ৰোগৰ জন্ম দিয়ে।
বহুতো লোকে লেক্ট’জ জীণ নিয়াব নোৱাৰে বাবে গাখীৰ খালে তেওঁলোকে অজীৰ্ণতাত ভুগি গেছৰ কবলত পৰে। ফ্ৰুক্ট’জ অসহিষ্ণুতা এবিধ সাধাৰণ বিসংগতি যদিও এই বিকাৰে কম পৰিমাণে আমনি দিয়ে।
বিশেষগৰ পৰামৰ্শ অনুসৰি ৰোগীয়ে খোৱা খাদ্যবোৰৰ নাম লেখি বেমাৰৰ লগত সেইবোৰৰ সম্পৰ্কৰ বিষয়ে চিকিৎসকক ভালদৰে অৱগত কৰিব লাগে। চিকিৎসকে অকল লক্ষণৰ ওপৰতে নিৰ্ভৰ নকৰি কেতবোৰ পৰীক্ষাৰ সহায় লয়। ফলত লেক্ট’জ অথবা ফ্ৰুক্ট’জৰ অসহিষ্ণুতাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰি বেমাৰ চিনাক্ত কৰিব পাৰে।
ফিলাডেলফিয়াত স্বতন্ত্ৰভাৱে গৱেষণা কৰা মুগ্ধা গোড়ে এই বিকাৰৰ বিষয়ে অধ্যয়ন কৰি ছশ পঞ্চাশ জনতকৈ অধিক ৰোগীৰ বিভিন্ন অৱস্থাৰ জৰীপ চলাই অন্ত্ৰৰ বিকাৰ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এই অধ্যয়নকালত অধিক সংখ্যক ৰোগীয়ে দৰব সেৱনৰ পিছতো কোনো ধৰণৰ সকাহ নালাগে।
অৱশ্যে এইটো এক অতি সাধাৰণ আন্ত্ৰিক বিকাৰ যাক চিনাক্ত কৰাটো মুঠেই সহজ নহয়। কিয়নো বহুতো ৰোগীৰ ক্ষেত্ৰত ইয়াৰ লক্ষণবোৰ সঘনে পৰিৱৰ্তন ঘটিব পাৰে। এসপ্তাহ কোষ্ঠ কাঠিন্যত ভুগিব পাৰে আৰু তাৰ পিছতে পেটচলা বিকাৰ হ’ব পাৰে। গৌড়ে আঙুলিয়াই দিয়া মতে মানুহ ভেদে এই ঘটনাক্ৰমৰ পৰিৱৰ্তন হ’ব পাৰে।
এই বিশেষ ধৰণৰ আন্ত্ৰিক বিকাৰৰ সঠিক কাৰণ বিশেষজ্ঞসকলে ঠাৱৰ কৰিব পৰা নাই। কিন্তু সন্দেহ কৰা মতে এই বিসংগতি সুচল কৰে মানসিক চাপ, হৰমোন তথা মগজুত স্নায়ু সংকেতৰ ব্যাঘাতে।
বহুতো মানুহে এই বিশেষ আন্ত্ৰিক বিকাৰত মৃদু অৱস্থাত ভুগিলে চিকিৎসকৰ ওচৰ নাচাপে। গোড়ো কোৱামতে এইটো প্ৰকৃত ৰোগ হয় নে নহয় সেই বিষয়ে বহুতো মতভেদ আছে। তেওঁৰ মতে এইটো মলাশয়ৰ পক্ষাঘাতগ্ৰস্ত বিকাৰ। কোনো কাৰণত কেতবোৰ লোকৰ মলাশয়ে অস্থিৰ ভাৱে আচৰণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত এই ৰোগৰ উৎপত্তি হয়। উপযুক্ত দৰব সেৱনৰ জৰিয়তে মলাশয়ৰ বিসংগতিৰ ফলত উদ্ভৱ হোৱা পেশী সংকোচন নিৰাময় হয়।
বিষ, পেটচলা ৰোগৰ প্ৰতিৰোধী তথা গেছ বিৰোধী দৰব সমগ্ৰ দেশতে পোৱা যায়। এইবিলাকৰ ভিতৰত চিকিৎসকে দিয়া দুটা ঔষসধ হ’ল লট্ৰ’নেক্স আৰু জেল’নৰ্ম। কিন্তু অধ্যয়নৰ জৰিয়তে মুগ্ধা গোড়ে ঠাৱৰ কৰা মতে এই দৰববোৰে গেছ তথা পেট উখহা ৰোগীৰ কেৱল এক তৃতীয়াংশৰ ক্ষেত্ৰতহে সফলতা প্ৰদান কৰে।
বহুতো ৰোগীয়ে খাদ্য গ্ৰহণ কৰাৰ পিছত যদিহে কোষ্ঠকাঠিন্যত ভোগে, তেওঁলোকে অধিক আঁহযুক্ত খাদ্য খোৱাত মনোযোগ দিয়া উচিত। তেওঁলোকে কফি, উৰহী জাতীয় খাদ্য খোৱাটো বন্ধ কৰিব লাগে।
কিছুমান লোকে বছৰ জুৰি এই বিকাৰয় ভোগে। কিছুমানে বহুতো কৰ্মদিন হেৰুৱাবলগীয়া হয়। বহুতো লোকে বিসংগতিৰ কবলত পৰি নানা যন্ত্ৰণা ভোগ কৰেগ। গোড়েৰ মতে দৰবৰ কোম্পানীবোৰে মানুহৰ ব্যৱহাৰ উপযোগী দৰব উদ্ভাৱনত মনোযোগ দিয়া উচিত।
চৰম অৱস্থাত গেছ অথবা পেট উখহা অৱস্থাই মলাশয়ৰ কৰ্কট ৰোগ অথবা পেটৰ যন্ত্ৰণাদায়ক বিকাৰৰ সংকেত দিব পাৰে। কিন্তু এই সকলো অৱস্থাৰ সন্মুখীন হোৱা ৰোগীয়ে সাধাৰণতে ওজন হেৰুওৱাব পাৰে, শৌচৰ লগত তেজ পৰিব পাৰে আৰু ৰক্তহীনতাত ভুগিব পাৰে বুলি ৰাধিকা শ্ৰীনিবাসনে জানিবলৈ দিয়ে। শ্ৰীনিবাসন এগৰাকী দৰব বিজ্ঞানৰ স্নাতকোত্তৰ উপাধিধাৰী লোক। তেওঁ ফিলাডেলফিয়াৰ পেনছিলভেনিয়া বিশ্ববিদ্যালত কৰ্মৰত আৰু পেটৰ বিকাৰ সম্বন্ধে নানান ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ অভিজ্ঞতাৰে পৰিপুষ্ট চিকিৎসক।
লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/8/2023