অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্লুৰাইটিচৰ বিষয়ে জানক

প্লুৰাইটিচৰ আন নাম হ’ল প্লুৰেচি৷ প্লুৰা অৰ্থাত হাওঁফাওঁৰ আৱৰণীৰ‘ ইনফ্লেমেচন’ হোৱা অৱস্থাক প্লুৰাইটিচ বোলা হয়৷ ইনফ্লেমেচনত সদায় চাৰি বিধ ক্ৰিয়া পৰিলক্ষিত হয় – ৰঙা পৰা, ফুলি উঠা, উত্তাপ হোৱা, বিষ হোৱা৷ আৰু কেতিয়াবা ইনফ্লেমেচনত আক্ৰান্ত হোৱা কোষবিলাকৰ নিয়মীয়া ক্ৰিয়াও বাধা প্ৰাপ্ত হয়৷ প্লুৰাৰ দুটা লেয়াৰ বা তৰপ থাকে – বাহিৰৰ ‘পেৰাইটেল’ আৰু ভিতৰৰ ‘ভিচাৰেল’৷ এই দুই তৰপৰ মাজত সামান্য (২০মিলিলিটাৰ পৰ্য্যন্ত) জুলীয়া পদাৰ্থ থাকে যাৰ ফলত মস্ৰৃণভাবে নিশ্বাসৰ লগত প্লুৰা লৰচৰ কৰি থাকে৷ কিছুমান অসুখত প্লুৰাৰ এই জুলীয়া পদাৰ্থৰ প্ৰকৃতি সলনি হয় আৰু তাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ চিনাক্তকৰণ কৰা হয়৷ হৃদযন্ত্ৰ, কিডনি আৰু লিভাৰৰ অসুখত প্লুৰাত জমা হোৱা পানীয়খিনিৰ প্ৰকৃতি শৰীৰৰ স্বাভাবিক ৰাসায়নিক পদাৰ্থৰ দৰে হয় আৰু ইয়াক ট্ৰানজুডেট ( Transudate) বুলে৷ আনহাতে টিউমাৰ বা বিভিন্ন সংক্ৰমণৰ ফলত জমা হোৱা পানীয়ত (Pleural Fluid) প্ৰটিন আৰু এল ডি এইচ অধিক, গ্লুক’জ কম দেখা যায়। যাক এস্কোডেট (Exudate ) বোলা হয়৷

প্লুৰাইটিচ বা প্লুৰেচি দুইধৰণৰ হব পাৰে ৷ শুষ্ক (Dry ) নহলে আৰ্দ্ৰ (Wet )৷প্লুৰাত জুলীয়া পদাৰ্থ জমা হোৱা অৱস্থাক প্লুৰেল ইফিউচন (Pleural Effusion ) বোলে৷ আনহাতে তেজ জমা হলে কোৱা হয় হিম’থোৰাস্ক (Haemothorax)৷ বায়ু জমা হ’লে নিউম’থোৰাস্ক (Pneumothorax) বুলি কোৱা হয়৷

প্লুৰাইটিচ এটি নিৰ্দিষ্ট ৰোগ নহয়৷ যি দৰে ‘জণ্ডিচ’ বা ‘জ্বৰ’ এবিধ ৰোগ নহয়, সেইদৰে প্লুৰাইটিচ হ’ল এবিধ অন্যান্য অসুখৰ লক্ষণ বা এটি শাৰীৰিক অৱস্থাহে৷ নানান কাৰণত প্লুৰাইটিচ হব পাৰে৷ প্লুৰেচি সংক্ৰামক নহয়৷

প্লুৰাইটিচ উৎপন্ন হোৱাৰ আটাইতকৈ কমন (বা বেচিকৈ হোৱাৰ) কাৰণ হ’ল ভাইৰাচৰ সংক্ৰমণ৷ সাধাৰণতে বিষহাৰী দৰবৰ প্ৰয়োগত এটা সময়ৰ পিছত ইয়াৰ স্বাভাবিকভাবেই উপশম ঘটে৷

প্লুৰাইটিচ কৰা আন কাৰকসমূহ

সংক্ৰমণ – বেক্টেৰিয়া (যেনে নিউমোনিয়া, টিবি), পেৰাচাইট, ফাংগাচ

অট’ ইমিউন ৰোগ যেনে চিষ্টেমিক লুপাচ এৰিথ্ৰমেটাচ, ঔষধৰ(ফেনিটইন, হাইড্ৰালেজিন, প্ৰকেন) পাৰ্শ্বক্ৰিয়াত হোৱা লুপাচ, ৰিউমেটইড আৰ্থাইটিচ

হাওঁফাওঁৰ কৰ্কট ৰোগ, লিম্ফোমা, বক্ষ বা স্তনৰ কেঞ্চাৰ

নিউমোথোৰাস্ক

পাল্মনেৰী এম্বলিজম

বক্ষৰ দূৰ্ঘটনাজনিত আঘাট

হৃদযন্ত্ৰৰ অপাৰেচন বিশেষকৈ ক’ৰনৰী বাইপাচ চাৰ্জাৰী

এঅ’ৰ্টিক ডিচেকচন

ফেমেলিয়েল মেডিটেৰিয়ান ফিভাৰ নামৰ বংশগত ৰোগ

ইনফ্লেমেটৰী বাৱেল ডিজিজ

এচবেচট’চিচ

বিষাক্ত ৰাসায়নিক যেনে এমোনিয়াৰ প্ৰতিক্ৰিয়াত

উচ্চ ৰক্তচাপ, হাৰ্ট ফেইলাৰ আৰু হৃদযন্ত্ৰৰ কিছুমান ৰোগত

পেনক্ৰিয়াটাইটিচ

লিভাৰ আৰু কিডনিৰ কিছুমান ৰোগত

ইডিঅ’পেথিক – কেতিয়াবা প্লুৰাইটিচৰ কোনো কাৰণ ধৰা নপৰে

প্লুৰাইটিচৰ লক্ষণসমূহ

বুকুৰ বিষ

সাধাৰণতে বুকুৰ এফালে বিষ হয়৷ তীব্ৰ খোঁচ মাৰি ধৰা বা হেঁচি ধৰা ধৰণৰ বিষ এটা দীঘলীয়াকৈ হঠাতে আৰম্ভ হয়৷ বক্ষৰ বাওঁফালে বিষ হলে হৃদযন্ত্ৰৰ অসুখ বা হাৰ্ট এটেক বুলিয়েই ধাৰণা হব পাৰে৷ বুকুৰ বিষৰ সাধাৰণতে নিশ্বাসৰ প্ৰক্ৰিয়াৰ লগত সম্বন্ধ থাকে৷ কেতিয়াবা লৰচৰ কৰিলেও বিষ অনুভব হব পাৰে৷হাঁহিলে, কাঁহিলে, হাঁচিয়ালে বিষ বেচি হয়৷ কেতিয়াবা বিষটো বাহুলৈকেও বিয়পিব পাৰে৷ বক্ষৰ এডোখৰ নিৰ্দিষ্ট ঠাইত চুলে বিষটো গম পোৱা হব পাৰে৷ কেতিয়াবা বিষৰ তীব্ৰতা কমিলে তাৰ ঠাই পাতল লেকেতা বিষ এটাই লব পাৰে৷ হাওঁফাওঁৰ কোনো বিষ অনুভব হোৱা স্নায়ু (নাৰ্ভ) নাথাকে, কিন্তু প্লুৰাত তেনে বিষানুভূতিৰ অনেক স্নায়ু থাকে৷

আনুসংগিক

উশাহ লোৱাত কষ্ট, জ্বৰ, কাঁহ-চৰ্দি, আভোক,বমি বা ওকালি, গাঁঠিৰ বিষ, ভাগৰুৱা অনুভব কৰা,শৰীৰৰ ওজন হ্ৰাস আদি৷

চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষা-নিৰীক্ষাসমূহ

সাধাৰণতে স্থেথস্ক’পেৰে পৰীক্ষা কৰোতে বহু ৰোগীৰ প্লুৰেল ৰাব (Pleural Rub) ধৰা পৰে৷ ই হ’ল ৰোগাক্ৰান্ত অংশত শুনা এক অস্বাভাবিক শব্দ, যাৰ উৎপত্তি প্লুৰাৰ দুটা তৰপত ঘৰ্ষণৰ ফলত হয়৷ আনহাতে প্লুৰাত পানী জমা হলে বক্ষৰ সেই অংশত টুকুৰিয়ালে শিলৰ ওপৰত টুকুৰিয়া যেন লাগিব আৰু শ্বাস-প্ৰশ্বাসৰ শব্দ সেই অংশত নুশুনিব৷

বুকুৰ এস্কৰে

পোনকৈ চাইড কৰি আৰু প্ৰয়োজন হ’লে শুৱাই ল’বলগীয়া হ’ব পাৰে৷

ই চি জি

হৃদৰোগ বুলি সন্দেহ হ’লে কৰা হয়৷

ৰক্ত পৰীক্ষা

যি কোনো সংক্ৰমণৰ প্ৰতিফলত তেজত পৰে। সেয়ে ই আৱশ্যকীয়৷

আলট্ৰাচাউণ্ড, চি টি ,এম আৰ আই স্কেন ৰোগীৰ প্ৰয়োজন অনুসৰি৷

প্লুৰেল ফ্লুইডৰ পৰীক্ষা

প্ৰয়োজন অনুসৰি

ৰোগৰ কাৰণ অনুসন্ধানৰ হেতু কৰা হয়৷ তাত এ.ডি.এ.(Adenosine De Aminase)ৰ পৰিমাণ পৰীক্ষা কৰি টিউবাৰকুলাৰ প্লুৰেচি চিনাক্ত কৰা হয়৷

প্লুৰেল বায়স্পি

কেতিয়াবা ৰোগৰ কাৰণ চিনাক্ত কৰিবৰ বাবে কৰা হয়৷

মন্টোস্ক টেষ্ট

সন্দেহজনক টি বি চিনাক্তকৰণৰ হেতু এই পৰীক্ষা কিছুমান ৰোগীক কৰা হয় ৷

চিকিৎসা বিধান

পোনতেই ৰোগীৰ বিষ কমোৱাৰ ব্যৱস্থা কৰিব লাগিব নন-ষ্টেৰইডেল এনালজেচিক যেনে ইন্ডোমেথাচিন, আইব্ৰুপ্ৰফেন, কিটপ্ৰফেন, পেৰাচিটমল, এচপিৰিন আৰু ডাইক্লফেনেক৷ পাকস্থলীৰ আলচাৰ থকা ৰোগীৰ ক্ষেত্ৰত এনে দৰবৰ ব্যৱহাৰত অতি সতৰ্কতাৰ প্ৰয়োজন৷ কিছুমানক বিষ কমাবলৈ ডাইক্লফেনেক বেজী দিনে ২৷৩বাৰকৈ দিবলগীয়া হয়৷ আন কিছুমানক ক’ডেইন জাতীয় অস্কিক’ডন নামৰ ঔষধ দিবলগীয়া হয়৷

ইয়াৰ পিছত ৰোগৰ মূল কাৰণ অনুসৰি চিকিৎসা প্ৰদান কৰাটো আৱশ্যকীয়৷

আনুসংগিক ব্যৱস্থাসমূহ হ’ল

উপযুক্ত বিশ্ৰাম, সুসম খাদ্য, গধূৰ বস্তু ডঙাটো বাৰণ কৰা, গৰম পানীৰ সেঁক লোৱা আৰু প্ৰাণায়াম কৰা৷

প্লুৰেল ইফিউজন বেচি হোৱা ৰোগীৰ বক্ষৰ পৰা সেই পানীয় পদাৰ্থ ওলিয়াই ৰোগীক সকাহ দিয়া যায়৷আকৌ কিছুমান ৰোগীৰ প্লুৰাৰ দুটা তৰপৰ মাজত দৰবো ভৰাবলগীয়া হয় ( Pleurodosis )৷

এজন প্লুৰাইটিচৰ ৰোগী আৰোগ্য হবলৈ কিমান দিন লাগিব সেয়া নিৰ্ভৰ কৰিব ৰোগৰ উৎপত্তিৰ মূল কাৰণৰ ওপৰত৷ ধূম্ৰপান আৰু মদ্যপান কৰা ৰোগীৰ অসুখ আৰোগ্য হওতে পলম হয়৷

প্লুৰেচিত ভোগা কেইজনমান বিশ্বৰ বিখ্যাত লোকৰ নাম তলত উল্লেখ কৰিলোঁ:

  • মহাত্মা গান্ধীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত বিলাতত থাকোতে ৰোগাক্ৰান্ত হৈছিল৷
  • প্ৰখ্যাত কবি ৱিলিয়াম ৱৰ্ডচৱৰ্থৰ ১৮৮৫ চনত প্লুৰেচিত মৃত্যু হৈছিল৷
  • পোনপ্ৰথম চাৰিটা অলিম্পিক পদক বিজেতা এলভিন ক্ৰেনজিলেইনৰ ৫১বছৰ বয়সত ১৯০০চনত প্লুৰেচিত মৃত্যু হৈছিল৷
  • প্ৰখ্যাত বিটলচ্ গোটৰ ড্ৰামবাদক ৰিং ষ্টাৰৰ ১৯৫৩ চনত প্লুৰেচি হৈছিল৷
লিখক: ডা০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate