অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰ’ষ্টেট গ্ৰন্থিৰ সমস্যা

প্ৰ’ষ্টেট গ্ৰন্থিৰ সমস্যা

 

প্ৰ’ষ্টেট(Prostate)বা পৌৰষ গ্ৰন্থি হ’ল এটা অতি গুৰুত্বপূৰ্ণ পুৰুষ জননেন্দ্ৰিয়(Male Genital Organ)।ই তল পেটত মূত্ৰাশয়(Urinary Bladder)ৰ তলত অৱস্থিত এটা গ্ৰন্থি।ইয়াৰ আকাৰ এটা তামোলৰ সমান আৰু ই মূত্ৰনলী(Urethra)ক আগুৰি থাকে।মূত্ৰাশয় আৰু মূত্ৰনলীৰ সংযোগস্থলত আঙুঠিৰ আকৃতিৰ প্ৰ’ষ্টেট গ্ৰন্থিটোক এখন পাতল টান আৱৰণে আবৃত কৰি ৰাখে।সাধাৰণতে গ্ৰন্থিটো ৪ ছেণ্টিমিটাৰ দীঘল, ২ ছেণ্টিমিটাৰ বহল আৰু ৩ ছেণ্টিমিটাৰ ব্যাসৰ হয়।অনেচ্ছিক মাংসপেশী, গ্ৰন্থি আৰু নলিকাৰে এই পৌৰুষ গ্ৰন্থিটো গঠিত।প্ৰজনন ক্ৰিয়াৰ লগত ইয়াৰ বিশেষ সম্বন্ধ আছে।মূত্ৰ আৰু বীৰ্য মূত্ৰনলীৰে বাহিৰলৈ অহাটো এই গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে।পুৰুষৰ স্ত্ৰী সহবাসৰ শেষত  বীৰ্যস্থলীৰ পৰা শুক্ৰকীটবোৰ বীৰ্যৰ সৈতে ওলাই আহি প্ৰ’ষ্টেট গ্ৰন্থিৰ দ্বাৰা নি:সৃত ৰসৰ সৈতে মিহলি হৈ পুৰুষাংগৰে বাহিৰলৈ ওলাই আহে।প্ৰ’ষ্টেট গ্ৰন্থিৰ ৰসবোৰে শুক্ৰকীটবোৰক ভহাই লৈ নাহিলে শুক্ৰকীটবোৰ অকামিলা হৈ থাকে,ওলাই আহিব নোৱাৰে।

বয়স বাঢ়ি অহাৰ লগে লগে প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰো লাহে লাহে বৃদ্ধি পাবলৈ ধৰে।প্ৰ’ষ্টেট গ্ৰন্থিৰ এই স্বাভাৱিক বৃদ্ধিক ‘বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া’ বা বি পি এইচ(Benign Prostatic Hyperplasia-BPH)বোলা হয়।প্ৰ’ষ্টেট গ্ৰন্থি কৰ্কটীয় কাৰণতো(Melignant)বৃদ্ধি হ’ব পাৰে।এনেধৰণৰ বৃদ্ধি চিকিৎসকে কিছুমান পৰীক্ষাৰ দ্বাৰা নিশ্চিত হৈ বিশেষ চিকিৎসাৰ দিহা কৰিব পাৰে।

পুৰুষৰ গুহ্যদ্বাৰৰ পৰা অণ্ডকোষৰ তললৈ, য’ত চিলাই মৰাৰ দৰে এটা জোৰাৰ নিচিনা লাইন আছে, সেই ঠাইখিনিক ‘পেৰিনিয়াম’(Perineum)বোলে।প্ৰ’ষ্টেট গ্ৰন্থিৰ বৃদ্ধি এই পেৰিনিয়ামৰ ফালৰ পৰা আৰম্ভ হয়, মূত্ৰাশয়ৰ ফালৰ পৰা নহয়।প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ ক্ৰমাৎ বৃদ্ধি হৈ, গ্ৰন্থিটো এটা সুমথিৰা টেঙাৰ সমান বা তাতকৈও বেছি ডাঙৰ হ’ব পাৰে।গ্ৰন্থিটো ডাঙৰ হোৱাৰ ফলত ইয়াৰ মাজেদি অহা মূত্ৰনলীৰ ওপৰত হেঁচা পৰে।বেছি ডাঙৰ হৈ পৰিলে মূত্ৰাশয়লৈ থকা মূত্ৰানলীৰ ভিতৰৰ পৰিসৰ ঠেক হৈ পৰে আৰু প্ৰস্ৰাৱ মূত্ৰাশয়ত জমা হ’বলৈ ধৰে।প্ৰস্ৰাৱ বাঢ়ি থকাৰ ফলত প্ৰস্ৰাৱবোৰ ধৰি ৰাখিবলৈ মূত্ৰাশয়ৰ চাৰিওফালৰ বেৰবোৰ কঠিন হ’বলৈ ধৰে।আনহাতে মূত্ৰনলীৰ পৰিসৰ ঠেক হৈ থকাৰ বাবে প্ৰস্ৰাৱ যাব নোৱৰি বিপৰীতফালে খুন্দা মাৰি থাকে।ফলত মূত্ৰাশয় আৰু বৃক্কত জোৰ পৰে।

প্ৰ’ষ্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যাটোক তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে।প্ৰথম পৰ্যায়ত বৰ বেছি অসুবিধা অনুভৱ নহয়।এই পৰ্যায়ৰ সাধাৰণতে হোৱা প্ৰস্ৰাৱতকৈ দিনটোত এবাৰ বা দুবাৰহে বেছিকৈ প্ৰস্ৰাৱ কৰিবলগীয়া হয়।কিছুমানে প্ৰস্ৰাৱত জ্বলা-পোৰা অনুভৱ কৰে।কিছুমানৰ আকৌ প্ৰস্ৰাৱ কৰিবলৈ গৈ ৰৈ থাকিবলগীয়া হয়,অলপ পৰৰ পিছতহে প্ৰস্ৰাৱ নিৰ্গত হয়।তুলনামূলক ভাৱে ৰাতি প্ৰস্ৰাৱ বেছিকৈ হয়।

প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায় পোৱালৈ বহুদিন পাৰ হৈ যায়।বহু সময়ত সমস্যাটোত কেইবাবছৰো ভুগি থকাৰ পিছতহে দ্বিতীয় পৰ্যায় আহি পৰে।দ্বিতীয় পৰ্যায়ৰ সমস্যাবোৰ প্ৰথম পৰ্যায়ৰ দৰে প্ৰায় একে যদিও সমস্যাবোৰৰ প্ৰকোপ বৃদ্ধি পায় আৰু ইয়াৰ ফলত ৰোগীৰ কষ্টও বৃদ্ধি পায়।এই পৰ্যায়ত ৰোগীৰ প্ৰস্বাৱ কৰাৰ ইচ্ছা বাঢ়ে।ৰাতি ছয়-সাত বাৰ মান প্ৰস্ৰাৱ কৰিবলগীয়া হয়।মূত্ৰাশয়ত যথেষ্ট পৰিমাণৰ প্ৰস্ৰাৱ জমা হয় থাকে বাবে মূত্ৰাশয় ফুলে আৰু বিষায়।এই বিষ অলপ ঘনাই হয়।

তৃতীয় পৰ্যায়ত প্ৰ’ষ্টেট চাৰিওফালৰ পৰা বাঢ়ি যাবলৈ ধৰে আৰু গ্ৰন্থিটোৱে মূত্ৰনলীত চেপি ধৰে।ফলত মূত্ৰাশয় সম্পূৰ্ণৰুপে প্ৰস্ৰাৱেৰে ভৰি থাকে।এনে পৰিস্থিতিত প্ৰস্ৰাৱ একেবাৰেই ওলাই নাহে।অথবা বৰ কষ্টৰে টোপ টোপকৈ পৰি থাকে।ইয়াৰ পৰিপ্ৰেক্ষিতত কেথেটাৰ(Catheter)ৰ সহায়ত ৰোগীৰ প্ৰস্ৰাৱ নিৰ্গমনৰ ব্যৱস্থা কৰিবলগীয়া হয়।

প্ৰ’ষ্টেট গ্ৰন্থিৰ সমস্যা সঠিকভাৱে চিনাক্ত কৰাৰ বাবে ‘ইউৰোফ্লোমিটাৰ’(Uroflowmeter)নামৰ এটা যন্ত্ৰৰ সহায় লোৱা হয়।এই যন্ত্ৰৰ সহায়ত নিৰ্গমণ হোৱা মূত্ৰৰ আয়তন, নিৰ্গমণৰ গতিবেগ আৰু সময়ৰ বিষয়ে জানিব পৰা যায়।

মুত্ৰৰ স্বাভাৱিক প্ৰৱাহত কিবা বাধা থাকিলে,ইউৰোফ্লোমিটাৰৰ পৰা লাভ কৰা তথ্যক ইউৰোফ্লোমেট্ৰি (Uroflowmetry)বোলে।ৰোগীৰ উপসৰ্গৰ ইতিহাস আৰু বহু সময়ত ইউৰোফ্লোমেট্ৰিৰ ফলাফল জানি লোৱাৰ পিছত বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ ‘ডিজিটেল ৰেক্টেল এগজামিনেচন ‘বা ডি.আৰ.ই.(Digitali rectal examination-DRE) কৰি প্ৰ’ষ্টেটৰ সমস্যা সন্দৰ্ভত সবিশেষ সম্ভেদ লাভ কৰে।

প্ৰস্ৰাৱ নিৰ্গমনৰ পিছত ৰোগীৰ মুত্ৰাশয় ভালদৰে খালী হয় নে নহয়,সেৱা জানিবৰ বাবে ৰোগীৰ মুত্ৰাশয়ৰ স্কেন কৰা হয়।এই প্ৰক্ৰিয়াত ৰোগীয়ে প্ৰস্ৰাৱ কৰাৰ পুৰ্বে আৰু প্ৰস্ৰাৱ কৰাৰ পিছত ৰোগীৰ তলপেটত এটা স্কেনাৰ প্ৰ’ব লগাই মুত্ৰাশয়ত জমা হৈ থকা মুত্ৰৰ পৰিমাণ লক্ষ্য কৰা হয়।প্ৰস্ৰাৱ কৰাৰ পিছতো মুত্ৰাশয়ত প্ৰস্ৰাৱ জমা হৈ থকাটোৱে প্ৰ’ষ্টেটৰ সমস্যা হোৱাৰ ইংগিত বহন কৰে।

উল্লিখিত পৰীক্ষাবোৰৰ উপৰি বহু সময়ত কেতবোৰ তেজৰ পৰীক্ষা কৰাৰো প্ৰয়োজন হয়।তেজৰ পৰীক্ষা কৰাৰো প্ৰয়োজন হয়।তেজৰ পৰীক্ষাবোৰৰ ভিতৰত ক্ৰিয়েটিনিন আৰু প্ৰ’ষ্টেট স্পেচিফিক এণ্টিজেন বা পি. এছ. এ.(Prostate specific antigen-PSA)পৰীক্ষা দুটা প্ৰধান।

বিপিএইচ বা প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি হোৱা সমস্যা নিৰাময়ৰ বাবে কেতবোৰ ঔষধৰ বিধান আছে।বিশেষকৈ হোমিওপেথিত এই সমস্যাৰ মোকাবিলা কৰাৰ বাবে অতি উপযোগী দৰব আছে,চিকিৎসকৰ পৰামৰ্শনুসৰি এনে ঔষধ সেৱন কৰিব পৰা যায়।অস্ত্ৰোপচাৰৰ জৰিয়তেও বি. পি. এইচ. নিৰাময় কৰিব পৰা যায়।ৰোগৰ প্ৰকৃতি,পৰ্যায় আদি দিশলৈ লক্ষ্য কৰি চিকিৎসকে অস্ত্ৰোপচাৰ কৰোৱাৰ পৰামৰ্শ দিলে,এইক্ষেত্ৰত হোঁহকা পিচলা নকৰাই মংগল।

বি. পি. এইচ. ৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ‘ট্ৰান্সইউৰেথ্ৰেল ৰিছেকচন অব দি প্ৰ’ষ্টেট বা টি. ইউ. আৰ. পি. (Transurethral resection of the prostate- TURP)পদ্ধতি বিশেষভাৱে উপযোগী হিচাপে পৰিগণিত হৈছে।দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক আগেয়ে আমেৰিকাৰ মুত্ৰৰোগ বিশেষজ্ঞ (Urologist)সকলে বিশ্বত প্ৰথমটি ইউ আৰ পি পদ্ধতিৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল।সম্প্ৰতি সমগ্ৰ বিশ্বৰ অধিকাংশ প্ৰ’ষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰ এই পদ্ধতিৰে কৰা হয়।

কেতবোৰ ব্যায়ামৰ নিয়মিত অনুশীলনৰ জৰিয়তে প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰি।বিশেষকৈ ‘সিদ্ধাসন’আৰু ‘নৌলিক্ৰিয়া’নামৰ যোগ ব্যায়াম দুটা এইক্ষেত্ৰত বিশেষভাৱে ফলপ্ৰসু।অৱশ্যে ব্যায়াম কৰাটো প্ৰতিৰোধক ব্যৱস্থাহে।প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰিলে,চিকিৎসকৰ ওচৰ চপাৰ বিকল্প নাই।প্ৰ’ষ্টেট গ্ৰন্থি ফুলি যোৱাৰ পিছত ব্যায়াম নকৰাই ভাল।প্ৰস্ৰাৱ কৰিব লাগিলেও প্ৰস্ৰাৱ নকৰাকৈ থকা উচিত নহয়।তেনে কৰিলে মুত্ৰাশয়ত অধিক সময় প্ৰস্ৰাৱ জমা হৈ থকাৰ ফলত মুত্ৰাশয়ৰ বেৰবোৰ কঠিন হ’বলৈ ধৰে আৰু প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধিৰ অনুকুল পৰিৱেশ সৃষ্টি হয়।এসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে তেওঁৰ প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নিয়মিতভাৱে স্বমুত্ৰৰে পেৰিনিয়াম অংশত মালিচ কৰিছিল বুলি জনা যায়।

লেখক:অমল ভাগৱতী (স্বাস্থ্য আৰু দীৰ্ঘজীৱন )

 

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate