অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাৰ্মাক’জেনমিক্স

ফাৰ্মাক’জেনমিক্স

ফাৰ্মাক’জেনমিক্স কি-

 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ সফলতাই চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰখনত সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।তাৰেই ফলস্বৰুপে  শেহতীয়াভাৱে চিকিৎসাবিজ্ঞান জগতখনত এটা নতুন অধ্যায়ৰ সুচনা হৈছে,সেয়া হৈছ-‘ফাৰ্মাক’জেনমিক্স’(Pharmacogenomics )নামৰ এটা পদ্ধতি।এই পদ্ধতিত জিনীয় বিজ্ঞান (Genomics)আৰু ঔষধি বিজ্ঞানৰ (Pharmacology) সংযোজন ঘটোৱা হৈছে।এই পদ্ধতিৰ মুল লক্ষ্য হৈছে,নিৰাপদ ,কাৰ্যকৰী আৰু ব্যক্তিসাপেক্ষে উপযোগী হোৱাকৈ চিকিৎসা সেৱা প্ৰদান কৰে।এই পদ্ধতিত এজন ব্যক্তিৰ জিনীয় সজ্জাৰ তথ্য সংগ্ৰহ কৰা হয় আৰু ব্যক্তিজনৰ বাবে কোনবিধ ঔষধ কিমান পৰিমাণে প্ৰয়োজন হ’ব তাক নিৰ্ণয় কৰা হয়।সহজ অৰ্থত ক’বলৈ গ’লে কথাটো এনেধৰণৰ হ’ব –আমি সকলোৱে জানো যে এজন ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য তেওঁৰ সন্তানলৈকো প্ৰৱাহিত হয়।এয়া সম্ভৱ হয় জিনৰ যোগেদি।ঠিক তেনেদৰ এটা সন্তান ল’ৰা হ’বনে ছোৱালী হ’ব ,বগা হ’বনে ক’লা হ’ব ,ওখ হ’বনে চাপৰ হ’ব –এই সকলো কথাৰ সৈতে জিনৰ সম্পৰ্ক থকা কথাটো বিজ্ঞানীসকলৰদ্বাৰা প্ৰমাণিত।শেহতীয়াভাৱে বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে ,এজন ব্যক্তিৰ শৰীৰত এবিধ ঔষধৰ কেনেধৰণৰ প্ৰভাৱ পৰিব সেই কথাৰ লগতো জিনৰ এটা সম্পৰ্ক আছে।সেইবাবে এটা নিৰ্দিষ্ট ঔষধে এজন ব্যক্তিক কোনো ৰোগৰ পৰা উপশম কৰিব পাৰিলেও আন এজনৰ বাবে সেই একেবিধ ঔষধ ফলপ্ৰসু নহব’ও পাৰে বা কোনো কোনো ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়া ঘটি অৱস্থা আৰু স্ংকটজনক কৰি তুলিবও পাৰে।আশা কৰা হৈছে ,অদুৰ ভৱিষ্যতে চিকিৎসকসকলে এজন ব্যক্তিৰ জিনীয় সজ্জাৰ ওপৰত নিৰ্ভৰ কৰি সঠিক ঔষধ প্ৰদান কৰি ৰোগীজনক সোনকালে আৰোগ্য কৰি তুলিব পাৰিব।

পৰম্পৰাগত চিকিৎসা পদ্ধতিত কিছু সীমাবদ্ধতা আছে-

 

উদাহৰণস্বৰুপে এজন ব্যক্তিৰ শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণ বিভিন্ন ধৰণৰ হ’ব পাৰে।কিন্তু প্ৰকৃত কাৰণ নজনাকৈয়ে প্ৰাৰম্ভিক লক্ষণবোৰৰ ওপৰত নিৰ্ভৰ কৰি তাৎক্ষণিক উপশমৰ ববে সকলোকে নিৰ্দিষ্ট ধৰণৰ ঔষধ প্ৰদান কৰিব লগীয়াত পৰে।পাছত পৰীক্ষা-নিৰীক্ষাৰ যোগেদি যদি প্ৰকৃত উৎস ধৰা পেলাব পৰা যায় তেতিয়াহ’লে প্ৰকৃত চিকিৎসা প্ৰদান কৰিবলৈ সমৰ্থ হয়।নহ’লে প্ৰকৃত ঔষধ উপযুক্ত পৰিমাণে দিব নোৱাৰালৈকে ঔষধৰ সালসলনি কৰি থাকোব লগীয়াত পৰে,ফলত ৰোগীজনৰ সময়ৰ অপচয় হোৱাৰ লগতে আৰ্থিকভাৱে জুৰুলা হ’বলগীয়া হয়।ফাৰ্মাক’জেনমিক্সৰ বিকাশে এনেধৰণৰ আসোঁৱাহবোৰ নিৰ্মুল কৰি ফলপ্ৰসু চিকিৎসা প্ৰদান কৰাত সহায় কৰিব।চিকিৎসকজনে যদি ৰোগীজনৰ জিনীয়সজ্জাৰ কথা সঠিক সময়ত জানিব পাৰে তেন্তে তেওঁ ৰোগীজনৰ ক্ষেত্ৰত কোনবিধ ঔষধ কিমান পৰিমাণে উপযুক্ত হ’ব সেই কথা সহজে জানিব পাৰিব আৰু আৰম্ভণিৰপৰাই ৰোগীজনে সঠিক চিকিৎসা লাভ কৰিব পাৰিব। উদাহৰণস্বৰুপে ধৰি লোৱা হ’ল বিষণ্ণতাত (Depression)আক্ৰান্ত কেইজনমান ব্যক্তি চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ আহিল।বিশেষজ্ঞজনে তেওঁলোকৰ লক্ষণবোৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা প্ৰদান কৰিলে।তাৰে দুজনমান ৰোগীৰ বাবে চিকিৎসকজনে প্ৰদান কৰা ঔষধে সঠিক কাম কৰিলে অথচ আনকেইজনৰ বিশেষ কামত নাহিল।চিকিৎসকজনে ঔষধৰ সাল-সলনি কৰি পুনৰ সেই ৰোগীকেইজনক প্ৰদান কৰিলে যদিও ফলাফল পুৰ্বৰ দৰে হ’ল।গতিকে পুনৰ নতুন ঔষধ ব্যৱহাৰ কৰিবলৈ দিবলগীয়া হ’ল।এটা কথা আমি সকলোৱে জানো যে যিকোনো ঔষধে সঠিকভাৱে কাম কৰিবলৈ এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়।এতিয়া ভাবি চাওকচোন ,যিকেইজন সঠিক সময়ত সঠিক চিকিৎসা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ অৱস্থা কোনটো পৰ্যায় পাবগৈ পাৰে।এইটো কোনো কাল্পনিক অৱস্থাৰ বৰ্ণনা নহয়।এয়া বাস্তৱত ঘটি থকা ঘটনা।ইয়াৰ বাবে আমি চিকিৎসকজনকো জগৰীয়া কৰিব নোৱাৰোঁ ।কিয়নো তেওঁ ৰোগীজনৰ জিনীয়সজ্জাৰ বিষয়ে জ্ঞাত নহয়।

অন্য এটা উদাহৰণ দি কথাটো আৰু অলপ বোধগম্য কৰাৰ প্ৰয়াস কৰিছোঁ।চিকিৎসকসকলে স্তনৰ কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে ‘Trastuzumab’(Herception) নামৰ এবিধ ঔষধ ব্যৱহাৰ কৰে।কিন্তু বৰ্তমান পৰীক্ষা-নিৰীক্ষাৰ  যোগেদি এটা কথা জানিব পৰা গৈছে যে ,এই থেৰাপি সেইসকল মহিলাৰ ক্ষেত্ৰতহে ফলপ্ৰসু হয় ,যাৰ HERL নামৰ প্ৰ’টিনবিধ সঠিক মাত্ৰাত উৎপন্ন কৰাত সহায় কৰা এটা নিৰ্দিষ্ট জিনীয় সজ্জা আছে।গতিকে এই থেৰাপি আনসকল মহিলাৰ ক্ষেত্ৰত ফলপ্ৰসু নহ’বও পাৰে।ফাৰ্মাক’জেনমিক্সৰ ব্যৱহাৰৰদ্বাৰা এই অৱস্থাৰ পুৰ্বাভাস পোৱাত সহায়ক হ’ব ।আমেৰিকা যুক্তৰাষ্ট্ৰত ঔষধৰ নিৰাপদ ব্যৱহাৰ নিৰীক্ষণ কৰা খাদ্য আৰু ঔষধ প্ৰশাসনে [US Food and Drug Administration (FDA)] দুই –এবিধ কেম’থেৰাপি ঔষধৰ ক্ষেত্ৰতো আগতীয়াকৈ জিনীয় সজ্জাৰ আভাস লোৱা কথাটো বিবেচনা কৰিছে।ইয়াৰ ফলত ৰোগীজনে প্ৰথমবাৰতে সঠিক চিকিৎসা লাভ কৰিব পাৰিব আৰু গুৰুতৰ ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ  (Side effect) পৰাও হাত সাৰি থকিব পাৰিব।

ফাৰ্মাক’জেনমিক্সৰ ইতিহাস বৰ বেছি পুৰণি নহয়।এই নামটো দিছিল ১৯৫৯ চনত (কোনো কোনোৰ মতে ১৯৫৭ চনত) Vogel নামৰ এজন জাৰ্মান বিশেষজ্ঞই।ইয়াৰ ব্যৱহাৰিক দিশত প্ৰায়োগৰ বিস্তৃত পৰীক্ষা-নিৰীক্ষা ১৯৯০ চনমানৰপৰাহে আৰম্ভ হয়।বৰ্তমান ইয়াৰ কাম পুৰ্ণগতিত চলি আছে।আমি পঢ়িবলৈ পোৱা মতে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে বৰ্তমানলৈকে ডেৰশ বিধমান ঔষধৰ লগত ফাৰ্মাক’জেনমিক্সৰ তথ্য সংলগ্ন কৰাৰ অনুমতি প্ৰদান কৰিছে।এই তথ্যবোৰৰ ভিতৰত আছে ঔষধৰ পৰিমাণ আৰু কোনো কোনো নিৰ্দিষ্ট জিনীয় সজ্জা থকা লোকৰ ক্ষেত্ৰত ইয়াৰ পৰা হ’ব পৰা সম্ভাব্য পাৰ্শ্বক্ৰিয়া সম্বলিত তথ্য।এই তথ্যৰ সহায়ত চিকিৎসকজনে প্ৰতিজন ব্যক্তিৰ বাবে ফলপ্ৰসু হোৱাকৈ চিকিৎসা প্ৰদান কৰিব পাৰিব আৰু তেতিয়া ওপৰত উল্লেখ কৰা মানসিক ৰোগাক্ৰান্ত ব্যক্তিজনৰ দৰে সমস্যাৰ উদ্ভৱ নহ’ব।মানসিক ৰোগটোৰ কথা কেৱল উদাহৰণস্বৰুপে কোৱা গৈছিল।বৰ্তমান যি ধৰণেৰে ইয়াৰ বিকাশৰ কাম চলিবলৈ ধৰিছে তাৰ পৰা আশা কৰা হৈছে যে অতি শীঘ্ৰেই হৃদয়জনিত ৰোগ,কৰ্কট ৰোগ,এজমা ,এইডছ আদি বহুতো ধৰণৰ ৰোগৰ উপযুক্ত চিকিৎসাৰ নন দিশ উন্মোচন হ’ব

স্ংক্ষিপ্তভাৱে ক’বলৈ গ’লে,ফাৰ্মাক’জেনমিক্সৰ যোগেদি এনে ধৰণৰ পৰিৱৰ্তনেই মুলত: আশা কৰা হৈছে-

 

(ক)অধিক কাৰ্যক্ষম আৰু সঠিক ঔষধৰ আৱিষ্কাৰ সম্ভৱ হ’ব।

(খ)পাৰ্শ্বক্ৰিয়াৰ দৰে ঘটনা একেবাৰে সীমিত কৰি তোলাৰ উপৰিও ক্ষিপ্ৰতাৰে ৰোগৰ পৰা উপশম হোৱাটো সম্ভৱ হ’ব।

(গ)বয়স,ওজন আৰু ৰোগীজনৰ যকৃৎ ,কিডনিৰ মেটাবলিজিমৰ (বিপাক)ওপৰত ভিত্তি কৰি বৰ্তমান অৱস্থাত এজন চিকিৎসকে চিকিৎসা প্ৰদান কৰে।সেয়ে মাজে –সময়ে কোনো ঔষধৰ পাৰ্শ্বক্ৰিয়া ঘটা নতুবা কোনো এবিধ ঔষধ একেধৰণৰ ৰেগেৰে আক্ৰান্ত এজনৰ ক্ষেত্ৰত ফলপ্ৰসু অথচ আন এজনৰ বাবে ফলপ্ৰসু নোহোৱা দেখা যায়।কিয়নো সকলোৰে দেহত ঔষধবিধ সৰল অৱস্থালৈ  মেটাবলাইজড নহ’বও পাৰে।কিন্তু যদি ৰোগীজনৰ জিনীয় সজ্জাৰ ওপৰত ভিত্তি কৰি ঔষধ প্ৰদান কৰা হয় ,তেন্তে এতিয়া দেখা পোৱা অসুবিধাবোৰ নিৰ্মুল হোৱাৰ আশা কৰিব পাৰি।

(ঘ) এই ব্যৱস্থা ৰোগীৰ আৰ্থিক ব্যয় কম কৰাতো সহায়ক হ’ব,কিয়নো-

১।ঔষধৰ পাৰ্শ্বক্ৰিয়া নাথাকিব ।

২। ঔষধৰ পৰীক্ষণ কাল চমু হ’ব।

৩। ৰোগ প্ৰাৰম্ভিক অৱস্থাতে নিৰ্ণয় হ’ব।

(ঙ)ঔষধ এবিধ উদ্ভাৱন কৰাৰ পাছত কম সময়ৰ ভিতৰতে ইয়াৰ যাৱতীয় অনুমোদন লাভ কৰিব পাৰিব।

গতিকে ফাৰ্মাক’জেনমিক্স ব্যৱস্থাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ পোছাক এযোৰ প্ৰয়োজন অনুসাৰে নিৰ্বাচন কৰি লোৱাৰ দৰে নিজৰ ৰোগটোৰ নিৰাময়ৰ ব্যৱস্থাও নিজৰ প্ৰয়োজন অনুসাৰে কৰি ল’ব পাৰিব।

লেখক:ড০দিব্যজ্যোতি ওজা,প্ৰান্তিক



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate