আমাৰ শৰীৰৰ অত্যাৱশ্যকীয় গ্ৰন্থি লিভাৰত চৰ্বি জমা হ’লে লিভাৰটোক ফেটী লিভাৰ ৰোগ বুলি কোৱা হয়। যেতিয়া লিভাৰটোৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বি লিভাৰত জমা হয়, তেতিয়া লিভাৰৰ কোষবিলাক ধ্বংস হ’বলৈ আৰম্ভ কৰে। ফলত আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ আৰম্ভ হয়। সময়মতে উপযুক্ত চিকিৎসা কৰিলে ফেটী লিভাৰ ভাল হয়। ফেটী লিভাৰ মুখ্যতঃ দুই প্ৰকাৰৰ। এবিধ এলক’হলিক ফেটী লিভাৰ আৰু আনবিধ নন-এলক’হলিক ফেটী লিভাৰ।
এলক’হলিক ফেটী লিভাৰ হোৱাৰ একমাত্ৰ কাৰণ হ’ল নিয়মিতভাৱে অতিমাত্ৰা মদ্যপান কৰা। নন-এলক’হলিক ফেটী লিভাৰ হোৱাৰ মূল কাৰণবোৰ হ’ল- মেদবহুলতা, শ্ৰমহীনতা, অত্যধিক শৰ্কৰা আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ অভ্যাস, দেহৰ ওজন বৃদ্ধি, টাইপ-২ ডায়েবেটিছ, দেহত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি, উচ্চ ৰক্তচাপ আৰু পুষ্টিহীনতা ইত্যাদি। কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও নন-এলক’হলিক ফেটী লিভাৰ হ’ব পাৰে। কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক নন-এলক’হলিক ফেটী লিভাৰত আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।
প্ৰথম অৱস্থাত ফেটী লিভাৰে কোনো লক্ষণ নেদেখুৱায়। দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাটো ধৰা পৰে। পিছলৈ ফেটী লিভাৰত দেখা দিয়া লক্ষণ হ’ল- ভোক নলগা, বমি ভাব হোৱ, কোনো কামত মন নবহা, ভাগৰ অনুভৱ হোৱা, শৰীৰৰ দুৰ্বলতা, ওজন হ্ৰাস, পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ অনুভৱ হোৱা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলত ছাল ডাঠ ক’লা ৰঙৰ হোৱা ইত্যাদি। পিছলৈ এলাৰ্জী, ছালৰ ৰোগ আৰু পাচন প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি লক্ষণ দেখা দিয়ে।
ফেটী লিভাৰ থিৰাং কৰিবলৈ তেজৰ লিভাৰ ফাংচন টেষ্ট কৰা হয়। এই পৰীক্ষাসমূহৰ ভিতৰত এ এল টি, এ এছ টি, এ এল পি, বিলিৰুবিন আৰু এলবুমিনৰ পৰীক্ষা আটাইতকৈ প্ৰয়োজনীয়।
এইবোৰৰ পৰিমাণ বাঢ়ে। আল্ট্ৰাছন’গ্ৰাফী আৰু চিটি স্কেনৰদ্বাৰা ফেটী লিভাৰ খাটাং কৰা হয়। এইবোৰৰ সহায়ত লিভাৰত কিমান পৰিমাণৰ চৰ্বি জমা হৈছে, তাক সঠিককৈ নিৰ্ণয় কৰিব পাৰি। কেতিয়াবা লিভাৰৰ বায়’পসীও কৰিবলগীয়া হ’ব পাৰে।
এলকহ’লিক ফেটী লিভাৰৰ চিকিৎসাৰ প্ৰধান চৰ্ত হৈছে মদ্যপানৰপৰা বিৰত থকা। মদ্যপান বন্ধ কৰিলে লিভাৰৰ স্বাস্থ্য পুনৰ ভাললৈ আহিব আৰু যিসকলে ইতিমধ্যে চিৰ’ছিছত ভুগিছে, তেওঁলোকৰ জীৱনৰ আয়ুসো বাঢ়িব।
মদ্যপান বন্ধ কৰিবলৈ ‘ডিএডিকচন কেন্দ্ৰ’ৰ সহায় লোৱাৰ উপৰি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধো খাব পাৰে। ধূমপান ত্যাগ, দেহৰ ওজন হ্ৰাস কৰা, নিয়মিত ব্যায়াম কৰা আৰু পুষ্টিহীনতা দূৰ কৰাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু মিনাৰেলছ আদি খাব লাগে।
নন-এলকহ’লিক ফেটী লিভাৰৰ ৰোগীৰ এই ৰোগ সৃষ্টি কৰা কাৰক মেদবহুলতা, দেহৰ ওজন বৃদ্ধি, টাইপ-২ ডায়েবেটিছচ, ট্ৰইগ্লিচাৰাইড আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি, উচ্চ ৰক্তচাপ আৰু পুষ্টিহীনতাৰ চিকিৎসা কৰিলেই নন-এলক’হলিক ফেটী লিভাৰ ভাল হয়।
নন-এলক’হলিক ফেটী লিভাৰত ভোগা বেছিসংখ্যক ৰোগীয়েই পুষ্টিহীনতাত ভোগে। সেয়েহে এনে ৰোগীয়ে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু মিনাৰেলছ আদি খাব লাগে। ওমেগা-থ্ৰী কেপছুলো খাব পাৰে।
ফেটী লিভাৰৰ ৰোগীয়ে ফল-মূল আৰু সেউজীয়া শাক-পাচলি আদি নিয়মিতভাৱে খাব লাগে। প্ৰ’টিন সমৃদ্ধ খাদ্য দৈনিক খাব লাগে। প্ৰ’টিন পাউডাৰো খাব পাৰে। ভিটামিন ‘ই’যুক্ত খাদ্য প্ৰচুৰ খাব লাগে। ওমেগা-থ্ৰীয়ে ফেটী লিভাৰ আৰোগ্য হোৱাত সহায় কৰে।
মাছত প্ৰচুৰ পৰিমাণে ওমেগা-থ্ৰী থাকে। সেয়েহে মাছ খাব লাগে। কফিয়ে লিভাৰৰ ক্ষতি হোৱাটো প্ৰতিৰোধ কৰে। দৈনিক কমেও দুকাপ গাখীৰ আৰু চেনি নিদিয়া কফি খাব লাগে। গ্ৰীণ টীয়ে দেহত চৰ্বি জমা হোৱা হ্ৰাস কৰে। সেয়েহে গ্ৰীণ টী চেনি আৰু গাখীৰ নিমিহলোৱাকৈ খাব লাগে।
ফেটী লিভাৰ থকা ব্যক্তিয়ে সুৰা বৰ্জন কৰিব লাগে। তেলত বেছিকৈ ভজা খাদ্য, অধিক মছলাযুক্ত আৰু চৰ্বিযুক্ত খাদ্য, অধিক চেনি আৰু চেনি মিহলোৱা খাদ্য, শীতল পানীয়, জাংক ফুড, বেছি চৰ্বিযুক্ত মাংস(যেনে- ছাগলী, ব্ৰয়লাৰ, গাহৰিৰ মাংস) আদি খাব নালাগে। জধে-মধে ঔষধ সেৱন কৰিব নালাগে।
সময়মতে উপযুক্ত চিকিৎসা নকৰিলে ফেটী লিভাৰৰপৰা পিছলৈ হেপাটাইটিছ হোৱা দেখা যায়। ক্ৰনিক হেপাটাইটিছ হৈ শেষলৈ ই লিভাৰ চিৰ’ছিছ আৰু লিভাৰৰ কৰ্কট ৰোগ কৰিব পাৰে। ৰোগীৰ পেটত পানী জমা হোৱা(এছাইটিছ), পৰ্টেল হাইপাৰটেনচন আদি হয়। তদুপৰি লিভাৰ ফেইলৰ হোৱা বাবে মানুহৰ মৃত্যু হয়। লিভাৰ ফেইলৰ হোৱা ৰোগীক বচাবলৈ লিভাৰ সংৰোপণ কৰিবলগীয়া হয়।
ফেটী লিভাৰ হোৱা প্ৰতিৰোধ কৰিবলৈ অত্যধিক আৰু দৈনিক মদ্যপান পৰিহাৰ কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ অবিহনে লিভাৰৰ ক্ষতি কৰিব পৰা কোনো ঔষধ সেৱন কৰিব নালাগে। ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ কম চৰ্বিযুক্ত সুষম আহাৰ গ্ৰহণ কৰিব লাগে। এখন নিৰ্দিষ্ট দৈনিক ৰুটিন মানি খাদ্য গ্ৰহণ কৰিব লাগে।
প্ৰচুৰ পৰিমাণে ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে। বিশুদ্ধ পানী প্ৰচুৰ পৰিমাণে খাব লাগে। অধিক মছলাযুক্ত আৰু চৰ্বিজাতীয় খাদ্য, অধিক তেল দি ভজা খাদ্য, টিনত সংৰক্ষণ কৰা খাদ্য, জাংক ফুড আৰু শীতল পানীয় আদি পৰিহাৰ কৰিব লাগে। দেহৰ ওজন হ্ৰাস কৰি নিয়ন্ত্ৰ্ণত ৰাখিবলৈ দৈনিক শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামৰ অভ্যাস কৰিব লাগে।
লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 6/28/2020