অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেটী লিভাৰ কাৰক আৰু লক্ষণসমুহ :

যকৃত (লিভাৰ) আমাৰ শৰীৰৰ এটা খুব গুৰুত্বপুৰ্ণ অংগ। এজন ব্যক্তিৰ স্বাস্থ্য বা এজন ব্যক্তিৰ আয়ুস যকৃতৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। আমি যি খাওঁ সেই সকলো খাদ্য হজম হোৱাৰ পিছত যকৃতলৈ যায় আৰু যকৃতে সেইবোৰ পৰিস্ৰাৱণ (ফিল্টাৰ) কৰি দুষিত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে।

ফেটী লিভাৰ কি?

আমাৰ যকৃতত কিছু পৰিমাণৰ চৰ্বি থাকে। কিন্তু যেতিয়া চৰ্বিৰ পৰিমাণ ৫ ৰ পৰা ১০ শতাংশ বৃদ্ধি পায়, তেনে অৱস্থাকে ফেটী লিভাৰ বা ফেটী লিভাৰ ৰোগ বুলি কোৱা হয়। ফেটী লিভাৰ ৰোগ দুই প্ৰকাৰৰ।(১)এলক’হলিক লিভাৰ ডিজিজ (এ এলডি)আৰু (২)নন এলক’হলিক ফেটী লিভাৰ ডিজিজ (এনএএফএলডি)

(১)এলক’হলিক লিভাৰ ডিজিজ: অত্যধিক সুৰাপান কৰিলে এলক’হলিক ফেটী লিভাৰ ডিজিজ হ’ব পাৰে। কম সময়ত খুব বেছি সুৰাপান কৰিলেও এই ৰোগে দেখা দিব পাৰে। আন কিছুমান কাৰণতো এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যেনে-(১) হেপাটাইটিছ বি আৰু চি (২) মেদবহুলতা বা দেহৰ ওজন বৃদ্ধি।

(২) নন এলক’হলিক ফেটী লিভাৰ ডিজিজ: সুৰাপান নকৰিলেও এই ৰোগ হ’ব পাৰে। এই ৰোগৰে এটা প্ৰকাৰ হৈছে নন এলক’হলিক ষ্টেট’হেপাটাইটিছ ,য’ত যকৃতৰ প্ৰদাহ আৰম্ভ হয় আৰু অৱশেষত যকৃতৰ ছিৰ’ছিছ আৰু লিভাৰ ফেইলাৰ হয়। নন এলক’হলিক ষ্টেট’হেপাটাইটিছ এটা ভয়ংকৰ ৰোগ। কিছুমান ব্যক্তিৰ যকৃতত কিয় চৰ্বি জমা হয় বা কিছুমান ব্যক্তিৰ ফেটী লিভাৰৰ পৰা কিয় ছিৰ’ছিছ হয় সেই বিষয়ে বিশেষজ্ঞসকলে সবিশেষ এতিয়াও জানিব পৰা নাই।

নন এলক’হলিক ফেটী লিভাৰ ডিজিজৰ সম্ভাৱনা কাৰ বেছি-(১) দেহৰ ওজন বৃদ্ধি বা মেদবহুলতা (২) ডায়েবেটিছ (৩) ৰক্তত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি হ’লে (৪)কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি হ’লে (৫) কিছুমান কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা ঔষধ। এই ৰোগৰ আন কেতবোৰ কাৰণ হৈছে (১) ভাইৰেল হেপাতাইটিছ (২) দ্ৰুত গতিত শৰীৰৰ ওজন হ্ৰাস হ’লে (৩) হেপাটাইটিছ বি আৰু চি (৪) উচ্চ ৰক্তচাপ।

ফেটী লিভাৰ ডিজিজৰ লক্ষণসমুহ -

প্ৰথম অৱস্থাত কোনো ধৰণৰ লক্ষণে দেখা নিদিয়ে। লাহে লাহে দিন বাঢ়ি যোৱাৰ লগে লগে তলত উল্লেখ কৰা লক্ষণসমুহে দেখা দিয়ে। (১) ভাগৰ লাগি থকা (২) দেহৰ ওজন হ্ৰাস পোৱা (৩) ভোক নলগা (৪) দুৰ্বল লগা (৫) বমি ভাব অহা (৬) কামত মনোযোগ দিব নোৱৰা (৭) বিভ্ৰান্ত হোৱা। তদুপৰি যকৃতৰ আকাৰ বাঢ়ি যাব আৰু পেটৰ সোঁফালে কামিহাড়ৰ তলত বিষ অনুভৱ কৰা। ডিঙি আৰু কাষলতিৰ তলৰ ছালত ক’লা ৰঙৰ চকলা দেখা যাব।

ছিৰ’ছিছ: অত্যধিক সুৰাপানৰ পৰা হোৱা ফেটী লিভাৰ বা এলক’হলিক ফেটী লিভাৰ ডিজিজৰ আটাইতকৈ ভয়ংকৰ জটিলতা হৈছে ছিৰ’ছিছ। সুৰাপান নকৰাকৈ হোৱা ফেটী লিভাৰ বা নন এলক’হলিক ফেটী লিভাৰ ডিজিজৰ প্ৰায় ২০ শতাংশ লোকে ছিৰ’ছিছত ভুগিব পাৰে। আটাইতকৈ গুৰুত্বপুৰ্ণ কথা হ’ল এবাৰ যকৃতত ছিৰ’ছিছ হ’লে যকৃতক আকৌ আগৰ স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি বা আৰোগ্য কৰিব নোৱাৰি। ছিৰ’ছিছৰ লক্ষণসমুহ হ’ল- (১) পেটত পানী জমা হোৱা (২) দেহৰ মাংসপেশীবোৰ শুকাই যোৱা (৩)দেহৰ ভিতৰত ৰক্তক্ষয় হোৱা (৪) চকু আৰু ছাল হালধীয়া পৰা (জণ্ডিচ)(৫) লিভাৰ বিকল হোৱা (লিভাৰ ফেইলাৰ)।

ফেটী লিভাৰ ডিজিজ আৰু আমাৰ দেশ -

(১) ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় দহ লাখ ছিৰ’ছিছ ৰোগ ধৰা পৰে।

(২) প্ৰতি ৫ জনৰ ভিতৰত এজন ব্যক্তিয়ে ফেটী লিভাৰত ভুগিব পাৰে।

(৩) আটাইতকৈ চিন্তনীয় বিষয় হৈছে আমাৰ দেশৰ প্ৰায় ৩০ শতাংশ লোক ফেটী লিভাৰত ভোগে।

(৪)আমাৰ দেশত ৪৫ শতাংশ লোক নন এলক’হলিক ফেটী লিভাৰ ডিজিজত ভোগে। ইয়াৰ প্ৰধান কাৰণ হ’ল দেহৰ ওজন বৃদ্ধি বা মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ।

(৫) যিহেতু বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত আটাইতকৈ বেছি ডায়েবেটিছ ৰোগী আছে সেইবাবে নন এলক’হলিক লিভাৰ ডিজিজৰ সংখ্যাও আমাৰ দেশত যথেষ্ট বেছি। কাৰণ দুয়োটা ৰোগে সহঅৱস্থান কৰে।

(৬) পাশ্চাত্যৰ দেশসমুহৰ তুলনাত আমাৰ দেশত ফেটী লিভাৰ ডিজিজ কম বয়সতে হ’ব পাৰে। আমাৰ দেশত প্ৰথম সুৰাপান কৰাৰ বয়স গড় অনুযায়ী ১৬ বছৰ।

(৭) জীৱনশৈলীৰ (লাইফষ্টাইল) পৰিৱৰ্তনৰ লগে লগে আমাৰ দেশত মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেইবাবে কেইবছৰমান পিছত নন এলক’হলিক ফেটী লিভাৰ ডিজিজৰ ৰোগীৰ সংখ্যা এলক’হলিক ফেটী লিভাৰ ডিজিজৰ ৰোগীতকৈ বৃদ্ধি পাব।

লেখক: ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate