অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত কালৰ নানা ৰোগ আৰু প্ৰতিকাৰ

বসন্ত কালৰ নানা ৰোগ আৰু প্ৰতিকাৰ

বসন্ত ঋতুৰ সময়ত প্ৰকৃতিয়ে ইয়াৰ সমস্ত ৰং আৰু সুগন্ধি ছটিয়াই দিয়ে৷ বছৰটোৰ এই সৰ্বাংগসুন্দৰ সময়ছোৱাতে গছ লতা, পশু-পক্ষীৰ বংশ বিস্তাৰৰ প্ৰচেষ্টা পূৰ্ণগতিত চলে৷

কিন্তু প্ৰকৃতিৰ এই সুন্দৰ সময়ছোৱাত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অধিক প্ৰয়োজন হৈ পৰে৷ কাৰণ এই সময়তে বিভিন্ন জীৱাণুৰ দ্বাৰা আমি আক্ৰান্ত হ‘ব পাৰো৷

এই লেখাৰ জৰিয়তে বসন্ত কালত সাধাৰণতে হোৱা বিভিন্ন ৰোগ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে এক আভাস দিবলৈ যত্ন কৰা হৈছে৷

বসন্তকালৰ এই সময়ছোৱাত বায়ুমণ্ডলত বেক্টেৰীয়া,ভাইৰাছ আৰু ভেঁকুৰৰ বিচৰণৰ ফলত বিভিন্ন ধৰণৰ ছালৰ ৰোগ হব পাৰে৷ ইয়াৰ ভিতৰত Tinea নামৰ ভেঁকুৰৰ পৰা খৰ হ‘ব পাৰে৷ লেতেৰা কাপোৰ নাইবা তিতা কাপোৰ নাইবা ইজনে আনজনৰ কাপোৰ পিন্ধাৰ ফলত বিয়পিব পাৰে৷ ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণৰ সৰু সৰু ফোঁহা হয় আৰু খুব খজুৱায়৷ ঘৰুৱা বিধি হিচাবে নহৰু কেইফুটমান খুন্দি খৰ হোৱা ঠাইত লগালে খৰ সহজে ভাল হয়৷ নতুবা কেঁচা হালধি পিহি দিনে তিনিবাৰকৈ লগালেও সুফল পোৱা যায়৷

১০২° ফা:ৰ পৰা ১০৪° ফা: পৰ্য্যন্ত জ্বৰৰ লগত সমগ্ৰ শৰীৰতেই সৰু সৰু ঢৌৰ দৰে ফোঁহা উঠিলে ইয়াক আমি সৰু আই বুলি কওঁ৷ কিছুদিনৰ পিছত এইবোৰ আপোনা আপুনি পকি ফুটি শুকাই যায়৷পৰিস্কাৰ পৰিচ্ছন্নতাই ইয়াক বিয়পাৰ পৰা ৰোধ কৰিব পাৰে৷

শুকান শেৱালী ফুল গুড়ি কৰি মৌৰ লগত খালে সুফল পোৱা যায়৷ বসন্ত কালত দেখা দিয়া ৰোগৰ ভিতৰত অন্যতম হ’ল কাঁহ৷ ষ্ট্ৰেপ্টোকোক্কাছ, ষ্টেফাইলোকোক্কাছ  আদি জীৱানুৰ দ্বাৰা কাঁহ বিয়পে৷ ধূম্ৰপান কৰা লোকৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাধান্য বেছি৷

একাপ গৰম পানীত ৫ চামুচ কেঁচা হালধিৰ ৰস মিহলাই  অলপ খালে কাঁহৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি৷ ধূম্ৰপান কৰা লোকে মৰাণ আদা চোবাই খালে শুকান কাঁহৰ পৰা সাময়িক ভাৱে আৰোগ্য লাভ কৰিব পাৰি৷

বছৰৰ এইছোৱা সময়ত বহুতৰ হাঁপানী ৰোগে আমনি কৰে৷ শ্বাসযন্ত্ৰৰ কোনো অংশত বীজানুৰ দ্বাৰা আক্ৰমণ, এলাৰ্জী নাইবা বংশগত কাৰণত হ’ব পাৰে৷

বতাহত থকা ধূলি বালি, পৰাগ ৰেণু ইত্যাদিৰ দ্বাৰা এই ৰোগ সহজে বিয়পে৷ হাঁপানী হ’লে ৰোগীৰ উশাহ-নিশাহ লোৱাত কষ্ট হয় আৰু বুকুত শব্দ হয়৷ নেমুৰ লগত মৰাণ আদা খুন্দি খালে এই ৰোগৰ পৰা বহুত আৰাম পোৱা যায়৷

বতৰৰ পৰি‍‍ৱৰ্তন হোৱাৰ লগে লগে বহুতৰে পানীলগা বেমাৰ হ’ব পাৰে৷ ঠান্ডা লাগিলে, বৰষুণত তিতিলে নাইবা উশাহত ধূলি-মাকতি সোমালে এই ৰোগ হ’ব পাৰে৷ নাকেৰে পানী ওলোৱা, জ্বৰ, হাঁচি, গাৰ বিষ ইত্যাদি এই ৰোগৰ লক্ষণ৷

ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ এটা সুস্বাদু বিধি হ’ল পাৰ চৰাইৰ মাংস জালুক দি খোৱা৷ মৌ জোলৰ লগত কেইটামান লং পিহি খালেও এই ৰোগৰ পৰা আৰাম পোৱা যায়৷

এইবোৰেই সাধাৰণতে বসন্ত কালত হোৱা বিভিন্ন ধৰণৰ ৰোগ যিবোৰত আপুনি সাধাৰণ ঘৰুৱা চিকিৎসাৰ দ্বাৰা বহু পৰিমাণে আৰোগ্য লাভ কৰিব পাৰে৷

লেখক: ডা° ছুহেল আলম

উৎস: সাহিত্য.অৰ্গ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate